ৰূপা
অনুবাদ: পংকজ কুমাৰ নেওগ
মূল: হুমায়ূন আহমেদ
: দাদা, ইণ্টেৰেষ্টিং গল্প এটা শুনিব নেকি?
মই মানুহজনৰ প্ৰশ্নটো শুনি আচৰিত হ’লোঁ। অলপ আগতে মানুহজনৰ সৈতে দুই–এটা কথা পাতিছোঁহে মাত্ৰ, সাধাৰণ দুটামান কথা। মই ট্ৰেইনখনৰ বাবে অপেক্ষা কৰি আছোঁ নেকি, তেওঁ প্ৰশ্ন কৰিছিল। মই উত্তৰ দিলোঁ – “হয়” আৰু ভদ্ৰতাৰ খাতিৰত তেওঁকো প্ৰশ্ন কৰিলোঁ – “আপুনি ক’লৈ যায়?” মানুহজনে হাঁহি এটা মাৰি উত্তৰ দিলে – “মই ক’লৈকো নাযাওঁ। শ্ৰীমতীক ৰিচিভ কৰিবলৈহে আহিছোঁ। চিটাগঙৰ পৰা আহি আছে। ট্ৰেইনখন দুঘণ্টা লেট। ঘৰলৈ উভতি যাবলৈ মন যোৱা নাই। ঘৰ গৈ পাওঁ মানে আকৌ আহিবৰে হ’ব। সেয়েহে ভাবিলোঁ, ষ্টেছনতে যেনে তেনে সময়খিনি পাৰ কৰোঁ।”
মানুহজনৰ সৈতে এইখিনিহে কথা–বতৰা হৈছিল। এইখিনি আলাপৰ সূত্ৰ ধৰিয়েই কোনোবাই যদি ‘দাদা, গল্প এটা শুনিব নেকি’ বুলি মোক প্ৰশ্ন কৰে, মই আচৰিত নহৈ আৰু কি হ’ম
অপৰিচিত মানুহৰ পৰা গল্প শুনাৰ কোনো আগ্ৰহ মোৰ নাই আৰু দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা মই জানো, ইণ্টেৰেষ্টিং বুলি আৰম্ভ কৰা কোনো কাহিনীয়েই অৱশেষত মুঠেই ইণ্টেৰেষ্টিং নহয়গৈ।
মই একো উত্তৰ নিদি মনে মনে থাকিলোঁ। মানুহজন যদি বুদ্ধিমান, মই মনে মনে থকাৰ অৰ্থ নিশ্চয় বুজি পাব। আৰু, যদি বুদ্ধিমান নহয়, মই তেওঁৰ গল্প শুনাৰ পৰা নিস্তাৰ নাপাওঁ।
দেখা গ’ল যে মানুহজন মুঠেই বুদ্ধিমান নহয়।
পকেটৰ পৰা পাণ থোৱা টেমাটো উলিয়াই পাণবোৰ এফালৰ পৰা সজাই লৈ তেওঁ এইবাৰ গল্পটো আৰম্ভ সঁচাকৈয়ে কৰি দিলে।
: আপুনি নিশ্চয় বিৰক্তিৰে মোৰ কথাবোৰ শুনিব লগা হৈছে, নহয়নে?
এজন অচিনাকি লোক হঠাতে আহি এইদৰে কথা–বতৰা পাতিবলৈ আৰম্ভ কৰাটো নিশ্চয় বিৰক্তিৰে কথা!
কিন্তু, সমস্যাটো কি জানে? আজি মোৰ বাবে এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত মোৰ এই মজাৰ কাহিনীটো কোনোবা নহয় কোনোবা এজনক ক’বলৈ বৰ মন গৈছে। যদি অনুমতি দিয়ে, গল্পটো আৰম্ভ কৰিব পাৰোঁনে?
: কৰক!
: আপুনি পাণ খায় নেকি?
: নাই, নাখাওঁ।
: এখন খাই চাওকচোন! মিঠাপাণ। ভাল লাগিব।
: আপুনি আপোনাৰ এই বিশেষ দিনটোত গল্পৰ লগতে সকলোকে পাণো খুৱায় নেকি?
মানুহজনে হাঁহি এটা মাৰিলে। বেছ আন্তৰিকতাৰেই তেওঁ হাঁহিলে। ভদ্ৰলোকজনৰ বয়স দুকুৰিৰ ওচৰা–ওচৰি হ’ব। বেছ সুশ্ৰী চেহেৰা–পাতি।
ধকধকীয়া বগা পায়জামা–পাঞ্জাৱিৰে তেওঁক ধুনীয়া লাগিছে। পত্নী আহিব বুলি তেওঁ বেছ সাজি–কাছি অহা যেনেই মোৰ ভাব হ’ল।
: প্ৰায় বিছ বছৰৰ আগৰ কথা। মই তেতিয়া ঢাকা বিশ্ববিদ্যালয়ত অনাৰ্চ কৰি আছোঁ, পদাৰ্থবিদ্যাত।
এইখিনি ঠাই অলপ আন্ধাৰ বাবে আপুনি হয়তো মোক ভালকৈ দেখা নাই। কিন্তু, লাইট থাকিলে আপুনি বুজি পালেহেঁতেন যে মই মানুহজন ধুনীয়াৰ শাৰীতে পৰোঁ।
কুৰি বছৰৰ আগেয়ে মই দেখিবলৈ ৰাজপুত্ৰৰ দৰেই আছিলোঁ। ছাত্ৰমহলত মোৰ নাম আছিল – ‘দ্য প্ৰিন্স’।
আপুনি কথা এটা মন কৰিছে নাই, নাজানো। ৰূপহ পুৰুষৰ প্ৰতি ছোৱালীবোৰ কেতিয়াও আকৃষ্ট নহয়।
পুৰুষৰ সকলো কথা তেওঁলোকৰ চকুত পৰে, কিন্তু ৰূপলৈ বৰ এটা লক্ষ্য নকৰে।
বিশ্ববিদ্যালয়ত ছাত্ৰ হৈ থাকোঁতে কোনো ছোৱালীয়ে মোৰ সৈতে বন্ধুত্ব বা প্ৰেম কৰিবলৈ অহা নাছিল আৰু মই নিজেও আগবঢ়া নাছিলোঁ।
অৱশ্যে, অইন এটা সমস্যাও আছিল। মই হ’লোঁ খোনা। কথা কওঁতে কথা লাগি ধৰে।
: ক’তা, আপোনাক দেখোন খোনাৰ দৰে লগা নাই। সুন্দৰকৈ কথাবোৰ কৈ গৈছে।
: পৰৱৰ্তী সময়ত মোৰ এই বেমাৰ ভাল হ’ল। বহুতো চিকিৎসা কৰালোঁ। মাৰ্বল মুখত লৈ কথা পতাৰ পৰা হোমিওপেথিক ঔষধ, পীৰ চাহাবৰ তাবিজ একোৱেই বাদ দিয়া নাছিলোঁ।
যি নহওক, আকৌ গল্পটোলৈকে উভতি যাওঁ।
মোৰ চাবচিডিয়াৰি বিষয় আছিল মেথছ্ আৰু কেমিষ্ট্ৰী।
কেমিষ্ট্ৰীৰ ক্লাচলৈ গৈ প্ৰথমদিনাই এজনী ছোৱালীৰ ওপৰত মোৰ চকু পৰে।
মোৰ উশাহ–নিশাহ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হ’ল।
ছোৱালীজনীৰ কি সুন্দৰ চেহেৰা! দীৰ্ঘ পল্লৱ, ছায়াময় চকু! চকুযুৰিয়ে যেন সকলো সময়তে হাঁহি আছে।
দাদা, আপুনি কেতিয়াবা প্ৰেমত পৰিছেনে?
: ওহোঁ, নাই পৰা।
: তেনেহলে সেইখিনি সময়ত মোৰ মানসিক অৱস্থা কি হৈছিল, আপুনি নুবুজিব। প্ৰথম দিনাই ছোৱালীজনীক দেখি মই একেবাৰে লবেজান হৈ পৰিলোঁ। গোটেই ৰাতি টোপনি নাহিল। প্ৰচণ্ড পিয়াহত ক্ষণে ক্ষণে মোৰ ডিঙি শুকাই যায়। কেৱল পানী খাওঁ আৰু হোষ্টেলৰ কোঠাত ইফালৰ পৰা সিফাললৈ পায়চাৰি কৰোঁ।
সপ্তাহত আমাৰ মাত্ৰ দুটাহে চাবচিডিয়াৰি ক্লাচ আছিল। খং আৰু দুখত কান্দিবলৈয়ে মন যায়। সপ্তাহৰ আটাইকেইদিন এটাকৈ কেমিষ্ট্ৰীৰ চাবচিডিয়াৰি ক্লাচ থকাহেঁতেন কিনো ক্ষতি আছিল?
সপ্তাহত দুটাকৈ ক্লাচ মানে ৫০ মিনিটকৈ মুঠ ১০০ মিনিট। এই ১০০ মিনিট চকুৰ পলকতে শেষ হৈ যায়।
তদুপৰি, ছোৱালীজনীয়ে খুব ক্লাচ ফাঁকি মাৰে। কেতিয়াবা একেলেথাৰিয়ে দুটা ক্লাচ ফাঁকি মৰাও দেখিছোঁ।
তেনে সময়ত মোৰ এনে ভাব হয়, যেন কলেজ বিল্ডিঙৰ ছাদৰ পৰা তললৈ জঁপিয়াই সকলো দুখ–যন্ত্ৰণাৰ অৱসানেই পেলাওঁ।
সি যে কি ভয়াবহ কষ্ট, আপুনি বুজি নাপাব। আপুনি যে কেতিয়াও প্ৰেমত পৰা নাই!
: ছোৱালীজনীৰ নামটো নক’লে যে! নামটো কি আছিল?
: তাইৰ নাম আছিল ৰূপা। অৱশ্যে, সেই সময়ত মই তাইৰ নামটো জনা নাছিলোঁ। কোন ডিপাৰ্টমেণ্টৰ ছাত্ৰী তাকো নাজানিছিলোঁ। মাত্ৰ এইখিনিয়েই জানিছিলোঁ যে তাইৰো চাবচিডিয়েৰী হিচাপে কেমিষ্ট্ৰী বিষয়টো আছিল আৰু তাই ক’লা ৰঙৰ মৰিছন মাইনৰ গাড়ী এখনত ক্লাচলৈ আহিছিল।
গাড়ীৰ নম্বৰটো আছিল ভি–৮৭৮১।
: আপুনি তাইৰ বিষয়ে একো খা–খবৰ লোৱা নাছিলনে?
: নাই, লোৱা নাছিলোঁ। মোৰ সকলো সময়তে ভয় এটা আছিল যে খা–খবৰ ল’বলৈ গলেই হয়তো গম পাম যে তাই বিবাহিতা বা কাৰোবাৰ সৈতে এনগেজড হৈ আছে।
ঘটনা এটাৰ কথা ক’লে আপুনি মোৰ মনৰ অৱস্থাটো বুজিব পাৰিব। মানে, এদিন ছোৱালীজনীক মই ল’ৰা এটাৰ সৈতে কথা পাতি থকা দেখিলোঁ। সেই দৃশ্যটো দেখিয়েই মোৰ শৰীৰ কঁপিবলৈ ধৰিলে। ভাব হ’ল, অজ্ঞান হৈ মই পৰি যাম। সকলোবোৰ ক্লাচ বাদ দি হোষ্টেললৈ উভতি আহিলোঁ আৰু তাৰ কিছুসময়ৰ পিছতে কঁপি কঁপি মোৰ জ্বৰেই উঠিল।
: হোঁ, বৰ আচৰিত কথা!
: এৰা, আচৰিত হ’বলগীয়া কথাই।
দুবছৰ এইদৰে পাৰ হ’ল। পঢ়া–শুনা ধোঁৱাচাঙত উঠিল। তাৰ পিছত এদিন অসীম সাহসেৰে কাম এটা কৰি পেলালোঁ। মানে, সেই মৰিছ মাইনৰ গাড়ীখনৰ ড্ৰাইভাৰজনৰ পৰা ঘৰৰ ঠিকনাটো ল’লোঁ আৰু ছোৱালীজনীলৈ এখন সম্বোধনহীন চিঠি লিখিলোঁ।
কি লিখিছিলোঁ এতিয়া মনত নাই। কিন্তু, বিষয়বস্তু এইটোৱেই আছিল যে মই তাইক বিয়া কৰাব খোজোঁ আৰু এই প্ৰস্তাৱত তাই সন্মতি দিব লাগিব। যদি তাই ৰাজী নহয়, তেনেহ’লে সিহঁতৰ ঘৰৰ সন্মুখত মই নাখাই–নবৈ পৰি থাকিম যাক বাতৰি কাকতৰ ভাষাত কোৱা হয় ‘আমৰণ অনশন’।
মোৰ গল্পটো ইণ্টেৰিষ্টিং যেন লাগিছেনে?
: ও, লাগিছে। তাৰ পাছত কি হ’ল, কওক! চিঠিখন ডাকত পঠিয়ালেনে?
: ওহো, মই নিজে গৈ সিহঁতৰ ঘৰৰ দাৰোৱানজনৰ হাতত দিলোঁ আৰু ক’লোঁ এই ঘৰত যে ইউনিভাৰ্চিটিত পঢ়া বাইদেউ এগৰাকী আছে, তেওঁক দিবা!
দাৰোৱানজনে ভাল ল’ৰাৰ দৰে চিঠিখন লৈ ভিতৰলৈ গ’ল আৰু অলপ পৰৰ পাছত ওলাই আহি মোক ক’লে – “বাইদেৱে আপোনাক চিনি নাপাওঁ বুলি কৈছে।”
মই উত্তৰ দিলোঁ – “এৰা, ঠিকেই কৈছে। তেওঁ মোক চিনি নাপায়। কিন্তু, তেওঁক মই চিনি পাওঁ। এয়াই যথেষ্ট।”
এইবুলি কৈ মই তেওঁলোকৰ ঘৰৰ পদূলিৰ বাহিৰতে থিয় হৈ থাকিলোঁ।
নিশ্চয় বুজিছে যে মই এটা পগলাৰ দৰে কাম কৰিছিলোঁ।
সেই সময়ত মোৰ মূৰটো নষ্ট হৈ গৈছিল। ভাবিব পৰা শক্তি মোৰ নাইকিয়া হৈ গৈছিল।
যি নহওক, ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে কোনো অঘটন নঘটাকৈ এইদৰে তেওঁলোকৰ পদূলিতে ৰৈ থাকিলোঁ।
মাজে মাজে লক্ষ্য কৰোঁ, ওপৰমহলাৰ খিৰিকীৰ পৰা কিছুমান কৌতূহলী দৃষ্টি।
আবেলি ৪ বজাত ঘৰটোৰ পৰা এজন লোক ওলাই আহি মোক ধমক দিলেহি – “হেৰা ডেকা ল’ৰা, পগলামিৰ এটা সীমা আছে। যোৱা, ঘৰলৈ যোৱা।”
মই তেওঁতকৈয়ো ডাঙৰ মাত উলিয়াই ক’লোঁ – “নাই, নাযাওঁ।”
: পুলিছক খবৰ দিছোঁ। তোমাক এতিয়াই ধৰি নিবহি।
: দিয়ক, পুলিচক খবৰ দিয়ক! মোৰ একো সমস্যা নাই।
: ইউ ৰাস্কেল, ফতুৱামি কৰিবলৈ ঠাই নাপালা আৰু?
: গালি কিয় দিছে? মইতো আপোনাক একো বেয়াকৈ কোৱা নাই।
ভদ্ৰলোক খঙতে টিঙিৰি তুলা হৈ ঘৰলৈ উভতি গ’ল।
ইয়াৰ অলপ পিছতে বৰষুণ দিবলৈ ধৰিলে। সেয়া আছিল নেৰা–নেপেৰা বৰষুণ।
নিৰ্বিকাৰ হৈ তেনেকৈয়ে বৰষুণত তিতি থাকিলোঁ। লাহে লাহে জ্বৰ উঠি আহিল।
গোটেই দিনটো ৰ’দত সিদ্ধ হৈ এইবাৰ বৰষুণত তিতি মোৰ ঠাণ্ডা লাগিল।
তেতিয়ালৈকে মোৰ বেপৰোৱা ভাব এটা আহিছে – যি হয়, হ’ব।
ভোক আৰু ক্লান্তিত শৰীৰ অৱসন্ন। মাজে মাজে ভাব হৈছিল, যেন মূৰ ঘূৰাই তাতে বাগৰি পৰিম।
ইতিমধ্যে বাটৰ বাটৰুৱাই মোক কৌতূহলী দৃষ্টিৰে চাবলৈ ধৰিছে।
কেইজনমানে মোক প্ৰশ্নও কৰিলে কিয় মই বৰষুণত ভিজি তেনেকৈ ৰৈ আছোঁ।
মই সকলোকে মাথোঁ এটাই উত্তৰ দিলোঁ – ‘মোক লৈ মূৰ নঘমাব! মই এজন পগলা মানুহ’।
ছোৱালীজনীৰ ঘৰৰ মানুহে বোধকৰোঁ মোৰ কাহিনী কিছু লোকক জনালে।
তিনিখনমান গাড়ী সিহঁতৰ ঘৰলৈ অহা দেখিলোঁ।
আৰোহীবোৰে মোক খঙেৰে এবাৰ দৃষ্টিপাত কৰি সিহঁতৰ ঘৰলৈ সোমাইছিল।
ৰাতি ৯ বাজিল। নীৰৱিচ্ছিন্ন বৃষ্টি। জ্বৰত মোৰ শৰীৰ দহিব ধৰিছে।
থিয় হৈ থাকিব নোৱাৰি এটা সময়ত মাটিতে লেপেটা খাই বহিলোঁ।
দাৰোৱানজনে আহি মোৰ কাণে কাণে কৈ গ’ল – “চাহেবে পুলিচ আনিব খুজিছে। কিন্তু, ডাঙৰ বাইদেউ অলপো ৰাজি নহয়।
আপোনাৰ অৱস্থা দেখি বাইদেৱে খুব কান্দিছে। আপুনি তেনেকৈয়ে বহি থাকক।”
মই বহি থাকিলোঁ। ৰাতি ১১ বাজিল। হঠাতে, ঘৰৰ বাৰাণ্ডাৰ লাইট জ্বলি উঠিল।
ড্ৰয়িং ৰূমৰ দুৱাৰ খুলি ছোৱালীজনী বাহিৰলৈ ওলাই আহিল। পিছে পিছে ঘৰৰ বাকীবোৰ মানুহ।
তেওঁলোক কোনো বাৰাণ্ডাৰ পৰা নামি নাহিল। কেৱল ছোৱালীজনী মোৰ সন্মুখলৈ আগবাঢ়ি আহি অতি কোমল কণ্ঠেৰে ক’লে – “কিয় এইবোৰ পগলামি কৰিছে?”
মই হতভম্ব হৈ ছোৱালীজনীৰ মুখলৈ চাই ৰ’লোঁ। উৱা, এইজনী দেখোন সেইজনী ছোৱালী নহয়! এইজনী বেলেগ ছোৱালী!
এইক মই কোনোদিনে দেখা নাই। মৰিছ মাইনৰৰ গাড়ীৰ ড্ৰাইভাৰে মোক ভুল ঠিকনা দিলে। হয়তো ইচ্ছা কৰিয়েই দিছে।
ছোৱালীগৰাকীয়ে কোমল মাতেৰে মোক আকৌ ক’লে – “আহক, ভিতৰলৈ আহক! টেবুলত আহাৰ দিয়া হৈছে, আহক!”
মই উঠি থিয় হ’লোঁ। ক’বলৈ চেষ্টা কৰিলোঁ – মোক যেন বেয়া নাপায়, মোৰ এটা ডাঙৰ ভুল হৈ গ’ল! মই মনে বিচৰা ছোৱালীজনী আপুনি নহয়, অইন কোনোবাহে।
কিন্তু, ছোৱালীগৰাকীৰ মমতাসিক্ত চকুযুৰিলৈ চাই মই সেইখিনি কথা ক’ব নোৱাৰিলোঁ।
ইমান মমতাভৰা চাৱনিৰে কোনো নাৰীয়ে মোলৈ কেতিয়াও চোৱা নাছিল।
জ্বৰৰ ভৰত মই ভালকৈ খোজ দিব পৰা নাছিলোঁ।
ছোৱালীজনীয়ে ক’লে, আপোনাৰ বোধহয় গা খুব বেয়া।
ঘৰৰ বাকীবোৰে বাৰাণ্ডাৰ পৰাই মোলৈ ঘোপাদৃষ্টিৰে চাই আছিল।
সেই কঠিন দৃষ্টি উপেক্ষা কৰিও ছোৱালীজনীয়ে মোলৈ তাইৰ হাত এখন আগবঢ়াই দিয়ে।
যি গভীৰ ভালপোৱাৰে হাতখন আগবঢ়াই দিলে, সেই ভালপোৱা উপেক্ষা কৰাৰ ক্ষমতা ঈশ্বৰে মানুহক দিয়া নাই।
আজি ইমান বছৰ মই তেওঁৰেই হাতখন ধৰি আছোঁ।
মাজে মাজে কিবা এটা অস্থিৰতা অনুভৱ কৰোঁ।
ভ্ৰান্তিৰ এই গল্পটো শ্ৰীমতীক ক’বলৈ মন যায়। কিন্তু, ক’ব নোৱাৰোঁ।
আজি আমাৰ বিবাহবাৰ্ষিকী।
প্ৰত্যেক বিবাহবাৰ্ষিকীৰ দিনা আপোনাৰ দৰে কোনোবা এজনক বিচাৰি উলিয়াও আৰু মোৰ এই কাহিনী শুনাওঁ কাৰণ মই জানো, এই কাহিনী কেতিয়াও মোৰ শ্ৰীমতীৰ কাণত গৈ নপৰে।
আচ্ছা দাদা, আজিলৈ উঠোঁ, তেনেহলে। মোৰ ট্ৰেইনখনো আহি পালে।
ভদ্ৰলোক উঠি থিয় হ’ল।
দূৰৈত ট্ৰেইনৰ লাইট দেখা গৈছে। ৰেল লাইনত ঘৰঘৰ শব্দ আৰু এয়া ট্ৰেইনখন পালেহি।