ডাৱৰ বিস্ফোৰণৰ বিষয়ে থোৰতে জানো, আহক!
লেখক- প্ৰদীপ বৈশ্য
ডাৱৰ বিস্ফোৰণ সম্বন্ধে জনাৰ আগেয়ে ডাৱৰ আৰু বৰষুণৰ উৎপত্তিৰ বিষয়ে জানিলে ভাল হ’ব।
ডাৱৰ কি আৰু বৰষুণ কেনেকৈ হয়?
যেতিয়া পৃথিৱীৰ উপৰিভাগৰ জলভাগ সূৰ্যৰ প্ৰখৰ তাপত গৰম হয়, তেতিয়া যথেষ্ট পৰিমাণৰ পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ যায়। এই জলীয় বাষ্পবোৰ কাষৰ বায়ুতকৈ পাতল হোৱা কাৰণে ওপৰলৈ উৰি গৈ বতাহৰ লগত অহা ধূলিকণা, বালিকণা আদিৰ সৈতে মিহলি হয়। ওপৰৰ বায়ুমণ্ডল চেঁচা বাবে এই জলীয় বাষ্পবোৰ ঘনীভূত হৈ পানীৰ কণিকাৰূপে মণিব পৰা হয় আৰু এয়েই হৈছে ডাৱৰ। পানীৰ এই কণিকাবোৰেই ক্ৰমাৎ ডাঙৰ হ’লে মাধ্যাকৰ্ষণ শক্তিৰ বাবে পৃথিৱীত পানীৰ টোপালৰূপে পৰেহি আৰু এয়েই হ’ল বৰষুণ।
ডাৱৰ বিস্ফোৰণ কি?
ডাৱৰ বিস্ফোৰণ হ’ল এটা প্ৰাকৃতিক পৰিঘটনা য’ত এটা সৰু ভৌগোলিক ক্ষেত্ৰৰ ভিতৰত খুব কম সময়ৰ (যেনে ১ ঘণ্টা বা তাতোকৈ কম) ভিতৰত হোৱা প্ৰচুৰ বৃষ্টিপাতক বুজায়। ডাৱৰ বিস্ফোৰণৰ সময়ত হোৱা বৰষুণৰ পৰিমাণ ঘণ্টাত প্ৰায় ১০০ মিলিমিটাৰ ( ১০ ছেমি) বা তাতোকৈ বেছি হ’ব পাৰে। বৰষুণৰ সময়ত ধুমুহা, গাজনি ঢেৰেকণিৰ লগতে শিলাবৃষ্টিও হ’ব পাৰে। ডাৱৰ বিস্ফোৰণে আগুৰি ল’ব পৰা ভৌগৌলিক ক্ষেত্ৰখনৰ ব্যাসাৰ্দ্ধ ১০ কিঃমিঃৰ পৰা ৫০ কিঃমিঃ পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে এনে পৰিঘটনা পাহাৰীয়া অঞ্চলত বেছিকৈ হয় আৰু ফলত এনে ঠাইত প্ৰচুৰ ক্ষতিসাধন হয়। ইয়াৰ কাৰণ হ’ল, পাহাৰীয়া শিলাময় মাটিৰ পানী ধাৰণ ক্ষমতা কম আৰু ফলত এঢলীয়া অংশৰ পৰা হঠাতে নামি অহা প্ৰবল শক্তিৰ জলধাৰাই নামনিৰ জলাশয়সমূহৰ স্তৰ হঠাৎ বঢ়াই তোলে বা সমতল অঞ্চল বুৰাই পেলাই অতি কম সময়ৰ ভিতৰতে ব্যাপক ক্ষতিসাধন কৰে।
ডাৱৰ বিস্ফোৰণ এটা অনিয়মিত পৰিঘটনা। ডাৱৰ বিস্ফোৰণৰ সময়ত ডাৱৰবোৰে ধাৰণ কৰা পানীৰ টোপালবোৰ যথেষ্ট ডাঙৰ। এই পৰিঘটনা এটা পানীৰে পৰিপূৰ্ণ ডাঙৰ বেলুন হঠাতে ফাটি গ’লে হ’ব পৰা জল বিস্ফোৰণ সদৃশ ঘটনাৰ লগত তুলনা কৰিব পাৰি আৰু এনে ধাৰণাৰ পৰাই ‘ডাৱৰ বিস্ফোৰণ’ নামৰ নতুন শব্দটো আহি পৰা বুলি ভাবিব পাৰি!
বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ মাজৰ পাৰ্থক্য কি?
ওপৰত উল্লেখ কৰা মতেই বৰষুণ হ’ল ডাৱৰৰ পৰা ঘনীভূত হৈ পৰা পানীৰ টোপাল। আনহাতে, ডাৱৰ বিস্ফোৰণে খুব সময়ৰ ভিতৰত হোৱা ধুমুহা, গাজনি ঢেৰেকণিৰে হোৱা প্ৰবল বৃষ্টিপাতক বুজায়। ইয়াৰ লগতে শিলাবৃষ্টিও হ’ব পাৰে।
সহজ ভাষাত ক’বলৈ গ’লে, বাথৰুমত গা ধোওঁতে শ্বাৱাৰৰ পানীখিনি এটা নিদিষ্ট গতিৰে জিৰজিৰকৈ পৰে। এয়া, ধৰি লওক, বৰষুণ। আনহাতে, আপোনাৰ শোৱা কোঠাৰ চিলিঙত এটা পানীৰে পৰিপূৰ্ণ বৃহৎ বেলুন যদি হঠাতে ফুটাই দিয়া যায়, তেনেহ’লে বেলুনটোৰ পৰা হঠাৎ ওলাই অহা পানীয়ে আপোনাৰ আচবাবসমূহ সমূহ নষ্ট কৰি পেলাব। ভাবি লওক, এয়া ডাৱৰ বিস্ফোৰণ সদৃশ এক ঘটনা।
ডাৱৰ বিস্ফোৰণ কিয় হয়?
পৃথিৱীৰ উপৰিভাগৰ জলপৃষ্ঠ বা ভূমিপৃষ্ঠৰ পৰা যেতিয়া সেমেকা জলীয় বাষ্প ওপৰলৈ উৰি যায়, তেতিয়া বায়ুমণ্ডলৰ ট্ৰপস্ফেয়াৰত এক ঘন ডাৱৰৰ তৰপৰ (প্ৰায় ৫০০–১৬, ০০০ মিটাৰ, ২০০০–৫২, ০০০ ফুট উচ্চতাত) সৃষ্টি কৰে। এই ঘন ডাৱৰৰ এই তৰপটো দেখাত বগা উল বা কপাহৰ দৰে আৰু ইয়াৰ আকাৰ গম্বুজ বা কাঠফুলাৰ ওপৰৰ অংশটোৰ দৰে। এই ডাঠ ডাৱৰৰ তৰপটোক কুমুলোনিম্বাচ ডাৱৰ (cumulonimbus clouds) বোলা হয় আৰু ইয়াক এটা পাৱাৰহাউচৰ লগত তুলনা কৰা হয় কিয়নো এই ধৰণৰ ডাৱৰৰ প্ৰবল শিলাবৃষ্টি, বজ্ৰপাত আদিৰ দৰে ধ্বংসাত্মক কাৰ্য সংঘটিত কৰিবৰ বাবে প্ৰচুৰ শক্তি সঞ্চয় থাকে। আটাইতকৈ নিম্ন স্তৰৰ ওপৰৰ অংশটোত জলীয় বাষ্পবোৰ ঘনীভূত হৈ বৰফৰ স্ফতিকৰ ৰূপত থাকে আৰু এইবোৰে অধিক পৰিমাণৰ পানী জমা কৰি ৰাখিব পাৰে। ডাঠ ডাৱৰৰ তৰপটোৰ একেবাৰে তলৰ অংশটো অতিশয় ডাঠ। গতিকে এনে ডাৱৰেই শিলবৰষুণ আৰু বজ্ৰপাতৰ সূচনা কৰাৰ লগতে ডাৱৰ বিস্ফোৰণৰ দৰে ধ্বাংসাত্মক পৰিঘটনাৰ সৃষ্টি কৰিব পাৰে।
এই ঘন ডাৱৰ যি ঠাইত বিভীষিকাৰ সৃষ্টি কৰে, তাৰ উপৰিভাগত হ’ব পাৰে নতুবা নদ–নদী আৰু সাগৰৰ দৰে জলপৃষ্ঠৰ উপৰিভাগত সৃষ্টি হৈ ওচৰৰ স্থলভাগলৈ গতি কৰিব পাৰে।
ভাৰতবৰ্ষৰ কোনবোৰ ঠাইত ডাৱৰ বিস্ফোৰণ বেছিকৈ হয়?
হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জন্মু কাশ্মীৰৰ দৰে পাহাৰীয়া ঠাইসমূহত মৌচুমী বায়ুৰ প্ৰভাৱত ডাৱৰ বিস্ফোৰণৰ পৰিঘটনা বেছিকৈ হয়। মূলত: পাহাৰীয়া অঞ্চলসমূহত হোৱা এই পৰিঘটনাৰ কাৰণ বতৰ বিজ্ঞানীসকলে এইদৰে বিশ্লেষণ কৰিছে যে, পানীৰ টোপালেৰে ভৰা মৌচুমী ডাৱৰ কেতিয়াবা সমতলেৰে প্ৰৱাহিত হয় আৰু উৰ্দ্ধমুখী গৰম বায়ুৰ সোঁতে এই মেঘবোৰক বৰষুণ দিয়াত বাধা দিয়ে। ফলত ডাৱৰত থকা পানীৰ টোপালবোৰ বহুগুণে ডাঙৰ হৈ কাষৰীয়া পৰ্বত বা পাহাৰৰ ওপৰত অৱস্থান কৰে। ইয়াৰ মূল কাৰক হ’ল কম পৰিমাণৰ বায়ুৰ চাপ। ফলত পাহাৰীয়া অঞ্চলটো প্ৰবল বৃষ্টিপাতৰ মুখামুখি হয়।
২০০২ চনত উত্তৰাঞ্চলৰ চাৰিখন গাঁৱত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণত ২৮জন লোক নিহত হৈছিল।
একেদৰে যোৱা ৮ জুলাই তাৰিখে জন্মু কাশ্মীৰৰ পৱিত্ৰ অমৰনাথ গুহাৰ ঠিক সমীপতে হোৱা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ(সন্ধিয়া প্ৰায় ৫.৩০ বজাত)ফলত পৰ্বতৰ পৰা নামি অহা পানীৰ তীব্ৰ ঢলে উপত্যকাটোত তম্বুৰ সহায়ত শিবিৰ পাতি থকা তীৰ্থযাত্ৰী সকলৰ কমেও ১৩ জনৰ মৃত্যু হৈছিল আৰু কেইবাজনো নিখোজ হৈছিল।