মই সৰ্পই কৈছোঁ
লেখক- ডাঃ সুৰজিত গিৰি
আজি মোৰ দিৱস। আমাক যুগ যুগ ধৰি ভুলকৈ উপস্থাপন কৰা হৈছে। সেই বাবে মোৰ বিষয়ে ৰাইজে ভালদৰে জানক বুলিয়েই গোটেই বিশ্বতে আজিৰ দিনটো(১৬ জুলাই) বিশ্ব সৰ্প দিৱস হিচাপে পালন কৰা হয়।
আপোনালোকে জানেনে, গোটেই বিশ্বতে ৩৫০০০ প্ৰজাতিৰ সাপ আছে। আপোনালোকে জানি আচৰিত হ’ব যে গোটেই বিশ্বত মাত্ৰ ২০০ প্ৰজাতিৰ সাপহে বিষাক্ত। তথাপিও কিন্তু আমাক দেখিলেই ৰাইজে দহ জাপ মাৰে। আমিও আপোনালোকক দেখিলে পলাই প্ৰত্ৰং দিওঁ। যুগ যুগ ধৰি আপোনালোকৰ সমাজত প্ৰচলিত হৈ থকা বিভিন্ন অন্ধবিশ্বাসবোৰৰ কাৰণে আপোনালোকে আমাক দেখিলেই মাৰিবলৈ খেদি আহে আৰু কেতিয়াবা আকৌ আপোনালোকে আমাক পূজাও কৰে।
আপোনালোকৰ ভুল নাই। সৰুৰে পৰা আমাৰ বিষয়ে আপোনালোকক অহেতুক ভয় খুওৱা হৈছে। বিভিন্ন আখ্যান পৌৰাখ্যান, চিনেমা, টিভি ধাৰাবাহিক আদিত আমাক ভুলকৈ উপস্থাপন কৰা হৈছে। সেয়েহে, ডাক্তৰ গিৰিৰ এই লেখাটিৰ দ্বাৰা আপোনালোকক আজি আমাৰ দিৱসৰ দিনটোতেই মানৱ সমাজত যুগ যুগ ধৰি প্ৰচলিত কিছুমান অন্ধ বিশ্বাসবোৰ জনাবলৈ আগ বাঢ়ি আহিছোঁ।
১)সাপ মানেই কাল নহয়। বাকী প্ৰাণীৰ দৰে আমাৰ হাত, ভৰি নাই। এতিয়া, আপুনি ভাবকচোন আপোনাৰ হাত ভৰি নাথাকিলে কেনে আলাই আথানি হ’ব। দেহাটোৰেই বগাই যাব লাগে। আমাতকৈ ডাঙৰ প্ৰাণীৰ ভৰিৰ তলত পৰিলে আমাৰ প্ৰাণ বায়ু ওলাই যায়। আজিকালি আকৌ ৰাস্তা পাৰ হওঁতে গাড়ীৰ চেপাত আমাৰ বহু সাপৰ মৃত্যুও হৈছে। আপোনাক কোনোবাই আক্ৰমণ কৰিলে আপুনি যেনেকৈ আক্ৰমণকাৰীক চৰ বা গোৰ মাৰি নিজক ৰক্ষা কৰিবলৈ হাত বা ভৰি আছে, তেনেকৈ আমি নিজকে ৰক্ষা কৰিব নোৱাৰোঁ। আপোনালোক আৰু পৃথিৱীৰ সকলো জীৱৰ দৰে আমাৰো মৰিবলৈ ভয় লাগে। যিহেতু নিজকে ৰক্ষা কৰিবলৈ আমাৰ কোনো হাত ভৰি আদি নাই, সেই বাবে আমাক আক্ৰমণ কৰাজনক হিচাপে দংশন কৰিবলৈ ভগৱানে গঢ় দিছে। অৰ্থাৎ, প্ৰত্যাক্ৰমণতহে মানুহ জাতিটোক আমি দংশন কৰোঁ। সকলো সৰ্প বিষাক্ত নহয়। অসমত পোৱা প্ৰায় ১০০টা প্ৰজাতিৰ ভিতৰত মাত্ৰ ৬ বিধ সাপহে বিষাক্ত। এই ৬ বিধ সাপ ভালকৈ চিনি পাওক আৰু এওঁলোকৰ পৰা দূৰৈত থাকক। ডাঃ গিৰিৰ তথ্য মতে মাত্ৰ ১৯% ব্যক্তিকহে বিষাক্ত সাপে দংশন কৰে। অৰ্থাৎ, আমি কাল নহয়। যুগ যুগ ধৰি আমাক ভুলকৈ আপোনালোকৰ আগত উপস্থাপন কৰা হৈছে। ডাঃ গিৰিৰ তথ্যমতে আমাৰ সাপবোৰ যিমানেই বিষাক্ত নহওক কিয়, ইয়াৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে।
২)‘নাগিন’ চিনেমাখনত আমাক উপস্থাপন কৰাৰ দৰে আমি প্ৰতিশোধ ল’ব নোৱাৰোঁ। আমাৰ কাৰোবাৰ লগৰীক আপুনি মাৰিলে, আপোনাক বিচাৰি বিচাৰি মাইকী সাপডালে আপোনাক দংশন কৰিছে আৰু লগৰীক হত্যা কৰাৰ পোতক লৈছে। মনত ৰাখিব, বাকী প্ৰাণীৰ দৰে আমাৰ কোনো স্মৃতি শক্তি নাই। অৰ্থাৎ, স্মৃতি শক্তি ধৰি ৰাখিব পৰা মগজুৰ সেই বিশেষ অংশ আমাৰ পুৰঠ নহয়। বেলেগ প্ৰাণীৰ দৰে আমি আনকি আমাৰ সন্তানবোৰকো চিনি নাপাওঁ। জন্মৰ লগে লগে আমাৰ সন্তানবোৰ দিহিঙে দিপাঙে যায়গৈ। জন্মৰ লগে লগে সিহঁতি একো একোজন চিকাৰী হ’ব লাগিব। নহ’লে, সিহঁতি কাৰোবাৰ চিকাৰ হৈ মৃত্যুবৰণ কৰে। মাত্ৰ সংগমৰ সময়তহে আমি একেলগ হওঁ। তাৰ পাছত আনকি মোৰ লগৰীকো মই চিনি নাপাওঁ। যদি আমি আমাৰ সন্তানকে চিনি নাপাওঁ, স্ত্ৰীকে চিনি নাপাওঁ, তেনেহলে মোৰ লগৰীক মৰা মানুহজনক কেনেকৈ চিনি পাম? কথাটো অলপ ভাবকচোন!
৩) গাখীৰ আমাৰ প্ৰিয় নহয়। আমি স্তন্যপায়ী জীৱ নহয়। গাখীৰ আমি হজম কৰিব নোৱাৰোঁ। আমি গাখীৰ খালে হজম কৰিব নোৱাৰি পেটৰ বিভিন্ন বেমাৰ হৈ আমাৰ বহু সাপ মৃত্যু মুখতো পৰিছে। তেনে হ’লে আপুনি ইণ্টাৰনেটত দেখা ফেঁটী সাপে গাখীৰ খোৱা দৃশ্যটো মিছা নেকি? মিছা নহয়। সাপ ধৰি ভেল্কী বাজি দেখুৱা মানুহবোৰে আমাক ধৰি বাকচ এটাত ভৰাই দিয়ে আৰু ১০–১৫ দিনলৈকে একো খাদ্য আদি খাবলৈ নিদিয়ে। যিদিনাখন তেওঁলোকে ভিডিঅ’টো বনায়, সেই দিনাখন আমাৰ সন্মুখত গাখীৰৰ বাতি এটা থৈ দিয়ে। বেচেৰা আমাৰ লগৰজনে ভোক আৰু পিয়াহত আতুৰ হৈ সন্মুখত যিয়ে পায় তাকে খায়। অৰ্থাৎ, আমাৰ লগৰজনে গাখীৰক পানীয় বুলিহে খায়। সেই সময়ত আমাৰ লগৰজনৰ সন্মুখত বিয়েৰ থ’লেও খাব। ১৫ দিন ভোকত আৰু পিয়াহত থকা মানুহ এজনক আপুনি যি খাব দিয়ে, সিতো খাবই, নহয় জানো?
ঠিক তেনেদৰে গোৱাল সাপে গৰুৰ স্তন চুপি গাখীৰ খোৱা কথাটোও সম্পূৰ্ণৰূপে মিছা। যেনেকৈ আজি জন্ম হোৱা নৱজাতকক মাকৰ স্তনৰ পৰা গাখীৰ চুপিবলৈ ট্ৰেইনিং দিয়া হয়, তেনেকৈ আমাৰ সন্তানকো গাখীৰ চুপিবলৈ ট্ৰেইনিং দিব লাগে। আমি তেনেকুৱা কোনো ট্ৰেইনিং নিদিওঁ। আপোনালোকে কোনোবাই দিয়ে যদি নাজানো। লগতে গাখীৰ চুপিবলৈ মানুহৰ নিচিনাকৈ আমাৰ তালু আৰু জিভা থাকিব লাগিব। মানুহ বা অন্য স্তন্যপায়ী প্ৰাণীৰ নিচিনাকৈ আমাৰ তেনে তালু নাই আৰু আমাৰ জিভাখনো সৰু আৰু ফটা। ফটা জিভাৰে আমি কেনেদৰে গাখীৰ চুপিম, আপোনালোকেই কওকচোন!
৪)আমি সংগীতৰ তালে তালে নাচোঁ বোলা কথাটো গোকাটা মিছা। বাকী জীৱৰ দৰে আমাৰ কোনো বৰ্হি কৰ্ণ নাই। তেনেহ’লে সাপ ধৰা মানুহবোৰে বীণ বজালে আমাৰ লগৰ ফেঁটী সাপবোৰ বীণৰ তালে তালে নচা বা নাগিন চিনেমাত দেখুৱাৰ দৰে সাপডালে নচা দৃশ্যবোৰ মিছা নেকি?
সকলো প্ৰাণীৰে যেনেকৈ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেৰেবেলাম বোলা মগজু থাকে, আমাৰো আছে। আমাৰ ফেঁটী সাপৰ এই মগজুটো অত্যন্ত সক্ৰিয়। সেই বাবে ফেঁটী সাপৰ সন্মুখত যিকোনো বস্তু লৰচৰ হৈ থাকিলে, ফেঁটী সাপে সেই লৰচৰ কৰা বস্তুটো অনুসৰণ কৰি মূৰটো তেনেদৰেই লৰচৰ কৰে। বীণাখন স্থিৰ কৰি থ’লে সাপডালো স্থিৰ হৈ থাকে। অৰ্থাৎ আমি গীতৰ তালে তালে নানাচোঁ। সাপ ধৰা মানুহবোৰে বা নাগিন চিনেমাত আপোনালোকক ভেল্কী বাজীবোৰহে দেখুৱাইছিল।
৫)কিছুমান সাপৰ বিহ নেজত থাকে।
সম্পূৰ্ণ মিছা। বিষাক্ত সাপৰ বিহ, সাপৰ মুখত থকা বিহগ্ৰন্থিতহে থাকে। দংশনৰ সময়ত বিহগ্ৰন্থিৰ সংকোচন হৈ মুখত থকা বিহ দাঁতলৈ আহে আৰু বিহদাঁত কেইটাৰে কামুৰি দি আমি বিহ এৰি দিওঁ। আমাৰ নেজত বিহদাঁত বা বিহগ্ৰন্থি থকাৰ কোনো অৱকাশেই নাই।
৬)বহু মূৰ থকা সাপ
সকলো জীৱৰ যেনেদৰে মাত্ৰ এটা মূৰ থাকে, আমাৰো এটাই মূৰ থাকে। কোনোবা সাপৰ যদি একাধিক মূৰ দেখিছে, তেনেহলে সেইটো এটা জন্মগত বিসংগতি। এনেকুৱা বিসংগতিৰ সাপবোৰ বেছি দিনলৈ জীয়াই নাথাকে।
৭)উৰণীয়া সাপ।
পৃথিৱীত কোনো উৰণীয়া সাপ নাই। আমাৰ লগৰ লাহী সাপ কিছুমান ওখ গছৰ পাতে পাতে বগাঁৱতে তলৰপৰা উৰি যোৱা নিচিনা লাগে।
৮) এডাল সাপ মাৰিলে পিছদিনা সেই একে ঠাইলৈ ৬–৭ ডাল সাপ প্ৰতিশোধ ল’বলৈ আহে।
আচলতে তেনে কথা নহয়। যিডাল সাপ মানুহজনে মাৰিছিল, সেইডাল হয়তো মাইকী সাপ আছিল। যেতিয়া মানুহজনে মৰিয়াই মৰিয়াই সাপডাল মাৰিছিল, সাপডালৰ দেহৰ পৰা সেই পৰিৱেশৰ বায়ুমণ্ডলত পুৰুষ সাপক আকৰ্ষিত কৰিব পৰা হৰ্মন নি: সৰিত হৈছিল। সেই হৰমনৰ গোন্ধৰ প্ৰতি আকৰ্ষিত হৈ তাৰ উৎস বিচাৰিয়েই ওচৰে পাজৰে থকা পুৰুষ সাপবোৰৰ সেই স্থানলৈ আগমন হয়। কিন্তু সাপে প্ৰতিশোধ ল’ব আহিছে বুলি আপোনালোকে ভাবে। আপোনালোকৰ গাতো দোষ নাই। আমাৰ নাগিন চিনেমাত কথাবোৰ তেনেকৈয়ে প্ৰক্ষেপ কৰা হৈছিল। মনত ৰাখিব, আপোনালোকৰ দৰে পুৰঠ মগজু আমাৰ নাই। কাৰোবাক দেখাৰ পাছত, আপোনালোকৰ দৰে আমি মগজুত সেই স্মৃতি ধৰি ৰাখিব নোৱাৰোঁ। আমাৰ কোনো স্মৃতি শক্তি নাই।
৯)নাগমনি।
চিনেমা, টিভি আদিত সঘনে দেখিবলৈ পোৱা নাগমনি পাবলৈ হাবাথুৰি খোৱা, নাগমনি পালে শক্তিশালী হোৱা, ধন–ঐশ্বয্যৰ আগমন হোৱা আদি কথাবোৰ সম্পূৰ্ণ ভিত্তিহীন। কোনো সাপৰ মূৰত তেনে মণি নাই।
১০)কিছুমান সাপে চকু ফুটাই দিয়ে।
হা! হা! ভাইন সাপৰ মূৰটো জোঙা বাবে বহুতে চকু ফুটাই বুলি কয়। কিন্তু, সেয়া সম্পূৰ্ণৰূপে মিছা। বাকীবোৰ সাপৰ দৰেই এই সাপেও দংশনহে কৰে, চকু ফুটাব নোৱাৰে। মাত্ৰ মূৰটো জোঙা হোৱা বাবে সমাজত এই সাপডালৰ বিষয়ে এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে।
মানৱ সমাজত সাপৰ ভূমিকা।
এযোৰ এন্দুৰে বছৰি ৪০০ এন্দুৰ জন্ম দিব পাৰে। এটা এন্দুৰে ১৫ কেজি ধান/শস্য ধ্বংস কৰিব পাৰে। ৪০০টা এন্দুৰে ৬০০০ কেজি ধান নষ্ট কৰিব পাৰে। ধৰা হওক, ৪০০টা এন্দুৰৰ ভিতৰত ১৭৫টা স্ত্ৰী আৰু ১৭৫টা পুৰুষ এন্দুৰ আছিল। আকৌ, সিহঁতৰ মিলন হৈ বছৰি ৭০, ০০০ এন্দুৰ হ’ব পাৰে। এই ৭০, ০০০ এন্দুৰে ১০লাখ ৫০ হেজাৰ ধান/শস্য নষ্ট কৰিব পাৰে।
কিন্তু, আমাৰ পৰিৱেশত থকা সাপবোৰে এই এন্দুৰবোৰ ভক্ষণ কৰি এন্দুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে বাবে আজি আমি মানৱ জাতিটোৱে পেটে ভাতে খাই জীয়াই আছোঁ। অৰ্থাৎ, সাপেহে মানৱ জাতিটোক জীয়াই ৰাখিছে।
এটা গৱেষণাৰ মতে পৰিবেশত সাপ নাথাকিলে এজন মানুহ মাত্ৰ ১৯ বছৰহে জীয়াই থাকিব পাৰে। অৰ্থাৎ সাপেহেহ আমাক জীয়াই ৰাখিছে!
কিন্তু, আমি সাপ দেখিলেই মাৰিবলৈ উদ্যত হওঁ। আমি বাৰু নিজকে জীৱ শ্ৰেষ্ট বুলি ক’ব পাৰিমনে?
উত্তৰ আপোনালোকলৈ থলোঁ।