লোকেল উৎপাত: অসমীয়া চলচ্চিত্ৰলৈ সঞ্জীৱনী সুধা

লেখক- প্ৰাণজিৎ বৰা

কেনী বসুমতাৰীৰলোকেল উৎপাতএচাটি মৃদু বতাহ যাৰ অপেক্ষা অসমীয়া চলচ্চিত্ৰই বহুদিনৰ পৰা কৰি আছিল। জুবিন গাৰ্গৰমিছন চাইনাআৰুকাঞ্চনজংঘাবা যতীন বৰাৰৰত্নাকৰৰ দৰেলোকেল উৎপাতেছবিঘৰত ধুমুহা তুলিব পৰা নাই কিন্তু এচাটি শীতল বতাহ হৈ দৰ্শকৰ মন শাত পেলাই গৈছে। 

লোকেল উৎপাতছবিঘৰত মুক্তি পাইছিল যোৱা মেমাহৰ ১৩ তাৰিখে। মুক্তিৰ লগে লগেই চলচ্চিত্ৰখনে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। একে সপ্তাহতে মুক্তি পোৱা হিন্দী চলচ্চিত্ৰজয়েশভাই জোৰদাৰআৰু ইংৰাজী চলচ্চিত্ৰডঃ ষ্ট্ৰেঞ্জতকৈ লোকেল উৎপাতে অসমত বেছি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। মুক্তিৰ প্ৰথম সপ্তাহতে চলচ্চিত্ৰখনে নিৰ্মাণৰ খৰচ ঘূৰাই পাবলৈ সক্ষম হৈছিল। মুক্তিৰ পাছৰ ত্ৰয়োদশ সপ্তাহতো চলচ্চিত্ৰখন ছবিঘৰত চলি আছে। সাম্প্ৰতিক অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত এয়া এক বিৰল প্ৰাপ্তি। 

লোকেল উৎপাতৰ বাণিজ্যিক সফলতা অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে অতি গুৰুত্বপূৰ্ণ। 

লোকেল উৎপাতকেনী বসুমতাৰী পৰিচালিত চতুৰ্থ চলচ্চিত্ৰ। ইয়াৰ আগতে তেওঁলোকেল কুংফু’, ‘লোকেল কুংফুআৰুচাছপেণ্ডেড ইন্সপেক্টৰ বড়োপৰিচালনা কৰিছিল। তিনিওখনলোকেল উৎপাতৰ দৰে একে ধাৰাৰেই চলচ্চিত্ৰ আছিল আৰু দৰ্শকক আমোদ দিবলৈয়ো সক্ষম হৈছিল কিন্তু বৃহৎ ব্যৱসায়িক সফলতা লাভ কৰিবৰ জোখাৰে যথেষ্ট সংখ্যক দৰ্শকক ছবিঘৰলৈ টানি আনিবলৈ সক্ষম হোৱা নাছিল।চাছপেণ্ডেড ইন্সপেক্টৰ বড়োৰ নিৰ্মাণৰ ব্যয় জোৰা মাৰিবৰ বাবে কেনী বসুমতাৰীয়ে মুম্বাইত থকা তেওঁৰ ফ্লেট পৰ্যন্ত বিক্ৰী কৰি দিব লগাত পৰিছিল।লোকেল উৎপাতৰ বাজেটৰ এক বুজন অংশৰ উৎস আছিল গণঅৰ্থযোগ (crowd funding) ইয়াৰ আগতেও কেনী বসুমতাৰীয়ে গণঅৰ্থযোগেৰেলোকেল কুংফুখন নিৰ্মাণ কৰিছিল। এখন সুন্দৰ বিনোদনধৰ্মী চলচ্চিত্ৰ আছিল যদিওবাহুবলীৰ লগত একেলগে মুক্তি দিয়াত চলচ্চিত্ৰখনে সন্তোষজনক ব্যৱসায় কৰিবলৈ

সক্ষম নহল। এতিয়া, ‘লোকেল উৎপাতৰ সফলতাৰ পাছত অন্য পৰিচালকেও এইটো মডেলত চলচ্চিত্ৰ একোখন নিৰ্মাণ কৰিবলৈ সাহস পাব। 

লোকেল উৎপাতৰ সফলতাৰ কাৰণ সম্পূৰ্ণ চিনেমেটিক। লগতে, পৰিকল্পিত প্ৰচাৰ।মিছন ছাইনাআৰুকাঞ্চনজংঘাৰ বহুটো চিনেমেটিক দুৰ্বলতা সত্ত্বেও জুবিন গাৰ্গৰ প্ৰতি থকা আবেগৰ বাবেই অসমীয়া ৰাইজে হিলদল ভাঙি আহি চলচ্চিত্ৰ দুখন উপভোগ কৰিছিল।ৰত্নাকৰও ক্ৰুতিবিহীন চলচ্চিত্ৰ নাছিল কিন্ত যতীন বৰাৰ জনপ্ৰিয়তাই ইয়াক বাণিজ্যিকভাৱে আটাইতকৈ সফল অসমীয়া চলচ্চিত্ৰ কৰি তুলিছিল। অন্যহাতে, যতীন বৰা আৰু জুবিন গাৰ্গ দুয়োজনেই প্ৰচাৰৰ সময়ত অসমীয়া আবেগ এটাও সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কেনী বসুমতাৰীয়েও অসমীয়া চলচ্চিত্ৰ জগতত নিজৰ এক পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হলেও জুবিন গাৰ্গ বা যতীন বৰাৰ দৰে জনপ্ৰিয়তা লাভৰ পৰা তেওঁ এতিয়াও বহু দূৰৈত। অন্যহাতে, প্ৰচাৰৰ ক্ষেত্ৰতো কোনো আবেগৰ সহায় নোহোৱাকৈ কেনী বসুমতাৰীয়েলোকেল উৎপাতক এখন হাস্যৰসাত্মক চলচ্চিত্ৰ হিচাপেহে দৰ্শকক বিলোৱাৰ চেষ্টা কৰিছিল আৰু চলচ্চিত্ৰখনে সফলতাও পাইছে হাস্যৰসৰ জোৰতহে। 

হাস্যৰস আৰু সমৰকলা কেনী বসুমতাৰীৰ চলচ্চিত্ৰৰ সাধাৰণ বৈশিষ্ট্য।লোকেল কুংফুৰ পৰাচাছপেণ্ডেড ইন্সপেক্টৰ বড়োলৈকে প্ৰতিখন চলচ্চিত্ৰতে তেওঁ হাস্যৰসৰ ব্যৱহাৰ ব্যাপকভাৱে কৰিছে।লোকেল উৎপাতও ইয়াৰ ব্যতিক্ৰম নহয়। বৰং, ‘লোকেল উৎপাতত তেওঁ এই ক্ষেত্ৰত অধিক পৰিপক্ব হৈ উঠিছে বুলি কব পাৰি। প্ৰথমে, তেওঁ হাস্যৰস আৰু সমৰকলাৰ সুষম মিশ্ৰণৰে অতি দক্ষতাৰে চিত্ৰনাট্যখনি প্ৰস্তুত কৰিছে আৰু একেই দক্ষতাৰে চিত্ৰনাট্যখনক পৰ্দাত তুলি ধৰিবলৈ সক্ষম হৈছে।  চলচ্চিত্ৰখনত এনে এটা চিকুৱেন্স নাই যত হাস্যৰস অহা নাই। গম্ভীৰ দৃশ্য, আবেগিক দৃশ্য, দুখৰ দৃশ্য, প্ৰেমৰ দৃশ্য, সকলোতে হাস্যৰস বিদ্যমান। আনকি, সমৰকলাৰ দৃশ্যতো পৰিচালকে বুদ্ধিদীপ্তভাৱে হাস্যৰসৰ ব্যৱহাৰ কৰিছে। তেওঁৰ চলচ্চিত্ৰকেইখনকএক্সনকমেডীৰ ধাৰাত ৰাখিব পাৰি। অসমীয়া চলচ্চিত্ৰ উদ্যোগত এই ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা কেনী বসুমতাৰীয়েই হয়তো প্ৰথম পৰিচালক। 

ধাৰাবাহিকভাৱে সফল চলচ্চিত্ৰ নিৰ্মাণ কৰি অহা পৰিচালকসকলৰ চলচ্চিত্ৰসমূহৰ এটা নিজস্ব শৈলী থাকে। ষ্টিভেন স্পিলবাৰ্গ, সঞ্জয় লীলা বাঞ্চালী, ৰামগোপাল বাৰ্মা বা মুনিন বৰুৱাৰ চলচ্চিত্ৰৰ যিকোনো এটা চিকুৱেন্স চায়ে কৈ দিব পৰা যায় এইখন কাৰ চলচ্চিত্ৰ।লোকেল কুংফুৰ পৰালোকেল উৎপাতলৈকে কেনী বসুমতাৰীয়েও এক নিজস্ব পৰিচালনা শৈলী সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এয়া কেনী বসুমতাৰীৰ এক অনন্য কৃতিত্ব। তেওঁৰ চলচ্চিত্ৰত অভিনয় আছে কিন্তু তাত নাটকীয়তা নাই, প্ৰেম আছে কিন্তু তাত ৰোমাঞ্চ নাই। সংলাপখিনিও সম্পূৰ্ণ কথিত ৰূপৰ যত পৰিচালকে চৰিত্ৰসমূহৰ ওঁঠত অসমীয়া, ইংৰাজী আৰু হিন্দী মিহলি সংলাপ দিবলৈ সাহস কৰিছে। কেমেৰাৰ ব্যৱহাৰ যথাযথ আৰু সম্পাদনাও মসৃণ। টপ এংগোল শ্বট বা শ্লোমোচনৰ অত্যধিক ব্যৱহাৰ নাই।লোকেল উৎপাতত চিত্ৰনাট্যই চাকৰিৰ সমস্যা, চৰকাৰী চাকৰিৰ দালালি, কিডনী মাফিয়া আদিৰ দৰে সমস্যাও টানি আনিছে কিন্তু পৰিচালকে সেয়া মনোৰঞ্জনৰ প্ৰলেপৰ সৈতে পৰ্দাত তুলি ধৰিবলৈ সক্ষম হৈছে। 

লোকেল উৎপাতত কেনী বসুমতাৰীয়ে সমসাময়িক অসমীয়া সমাজখনক বাস্তৱিক ৰূপত তুলি ধৰিব পাৰিছে। চলচ্চিুত্ৰখনত কোনো চৰিত্ৰই অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিধান কৰাৰ দৃশ্য নাই। ভায়েকৰ বিয়াৰ কথা পাতিবলৈ যোৱা ককায়েকে ভায়েকৰ ভাবী শহুৰৰ লগত একেলগে মদ্যপান কৰা, তেওঁলোকৰ পাকঘৰত ভাত ৰন্ধা আদি দৃশ্যও পৰিচালকে চলচ্চিত্ৰখনত সংযোজন কৰিছে। অন্যহাতে, চলচ্চিত্ৰখনত কেনী বসুমতাৰীয়ে মূল নাৰী চৰিত্ৰটোও শক্তিশালী ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে যি সমগ্ৰ ঘটনাৰাজিত নিজৰ প্ৰেমিকতকৈয়ো অধিক সক্ৰিয় ভূমিকা পালন কৰিছে। তেওঁ নিজৰ সুৰক্ষা নিজে কৰিছে, প্ৰেমিকৰ চাকৰিৰ বাবে দালালৰ লগত নিজে কথা পাতিছে, প্ৰেমিকৰ বাবে নিজৰ দেউতাকৰ পৰা টকা চুৰ কৰিছে আৰু প্ৰেমিকক গুণ্ডাৰ হাতত মাৰ খোৱাৰ পৰাও ৰক্ষা কৰিছে। মূলধাৰাৰ অসমীয়া চলচ্চিত্ৰত এনে বাস্তৱিক আৰু প্ৰগতিশীল উপস্থাপন এক সাহসিকতাৰ পৰিচয় বুলিবই পাৰি। 

লোকেল উৎপাতৰ এই যাত্ৰা কেৱল অসমৰ ছবিঘৰতে সীমাবদ্ধ হৈ থকা নাই। অসমৰ বাহিৰৰ কেইবাটাও ছবিঘৰত ইতিমধ্যে চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে আৰু দৰ্শকৰ সমাদৰ লাভ কৰিবলৈয়ো সক্ষম হৈছে। শেষতীয়া প্ৰতিবেদন অনুসৰি, হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা বিদ্যুত জাম্ৱালেলোকেল উৎপাতখন হিন্দীত পৰিৱেশন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। অসমীয়া চলচ্চিত্ৰৰ বাবে এয়া এক সুখবৰ। কেনী বসুমতাৰীয়ে চলচ্চিত্ৰখন অটিটি (OTT) প্লেটফৰ্মত মুক্তি দিয়াৰো পৰিকল্পনা কৰিছে। 

লোকেল উৎপাতৰ সফলতাই কেনী বসুমতাৰীক তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰখন সম্পূৰ্ণ স্বাধীনভাৱে নিৰ্মাণ কৰাৰ অৱকাশ দিব। ইতিমধ্যে তেওঁলোকেল কুংফনিৰ্মাণৰ কথা ঘোষণা কৰিছে। আশা কৰিব পাৰি যে আগন্তুক চলচ্চিত্ৰখনেও ছবিঘৰত ধুমুহাৰ সৃষ্টি কৰিব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!