মোৰ তুৰ্কী যাত্ৰা
লেখক- দেৱীকা বৰপূজাৰী
২০১৯ তে তুৰ্কীলৈ গৈছিলোঁ বান্ধৱী এজনীৰ লগত, নাম দীপা (সুৰাইয়া জাহান)। তুৰ্কীৰ ৰাজধানী আনকাৰা ( Ankara ) যদিও ট্যুৰিষ্ট আকৰ্ষণ কৰা ইয়াৰ প্ৰধান চহৰ হ’ল — ইস্তানবুল। ইয়াত এসপ্তাহ হোটেলত থাকি আমি দুজনী ঠিকমতে ফুৰি চাকি পাছতহে মোৰ ল’ৰাই চাকৰি কৰা ঠাই ইজমিৰলৈ আহিছিলোঁ। ইস্তানবুলৰ বিষয়ে পাছত লিখিম।
এইবছৰ ভবা নাছিলোঁ আকৌ তুৰ্কীলৈ আহিম বুলি। ছোৱালীজনীয়ে জোৰ দিলে বোলে, মই থাকোঁতেই এইবাৰ আয়াৰলেণ্ডলৈ আহাঁ। তাৰ পৰাই পাছত তুৰ্কীলৈ যাবা। সেই মতে আইৰিছ ভিছাৰ যোগাৰ হ’ল। কিন্তু, পাছত জনা গ’ল যে আইৰিছ ভিছাখনে বেলেগ দেশলৈ যাবলৈ নিদিয়ে, চিধাই মুম্বাইলৈকে ঘূৰি আহিব লাগিব। সেয়েহে, ল’ৰাটোৱে বেলেগে তুৰ্কী ভিছা বনাই আৰু টিকট কাটি ইয়ালৈকে মাতিলে।
চৈধ্য জুলাইৰ ৰাতিপুৱা চাৰে ছয় বজাৰ তাৰ্কিছ এয়াৰলাইন্সৰ বাবে ঘৰৰ পৰা মাজনিশা তিনি বজাতে বিমান বন্দৰলৈ বুলি ৰাওনা হলোঁ। ঘৰ বন্ধ কৰাহে কাম। কিন্তু, মোৰ ছয়টা মেকুৰীক ইমান দিনলৈ এৰি আহিবলগীয়া হোৱাতহে বৰ দুখ লাগিছিল। ভাগ্যে সন্তোষ নামৰ বিশ্বাসী বিহাৰী ল’ৰা এটা আছে যি মোৰ অনবৰতে খা খবৰ লৈ থাকে। সিয়েই ইহঁতকেইটাক এতিয়া চাব।
বৰ্ডিং, ইমিগ্ৰেশ্যন আদি সকলো হৈ গ’ল। যদিও বহুত ভীৰ আছিল তথাপি ইমান সোনকালে যে হ’ব, ভবা নাছিলোঁ। বোন্দাপৰ দি বহি থাকিলোঁ। ইফালে, ৰাতি দুই বজাতে শুই উঠা বাবে পেটেও বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিলে। শুলোঁনো কিমান সময়! চাৰে বাৰ বজাত শুই দুই বজাত উঠিবলগীয়া হ’লেই।
এয়াৰ হোষ্টেছ আৰু ক্ৰু সকলো তৰ্কিছ যদিও ইংৰাজী জানে। গতিকে সমস্যা নাই।
প্লেনত বহি খাপ পাতি আছোঁ, কেতিয়া বা খাবলৈ পাওঁ! লগতে, চকুও মুদ খাই আহিছে। প্ৰায় আঠ বজাৰ পাছতহে ব্ৰেকফাষ্টৰ ট্ৰেখন আহিল। তাৰ্কিছ ব্ৰেকফাষ্ট এনেয়ে লোভনীয়। গতিকে গৰম কফি একাপৰ লগত খাই বৰ তৃপ্তি পালোঁ।
তাৰ পাছত টোপনিতে কত কত যে ঘূৰি ফুৰিলোঁ, ঠিক নাই। প্ৰায় এঘাৰ বজাত আকৌ জুছ আৰু চীজ সেন্দুইছ এটা দিলে। পেট ভৰি আছিল। গতিকে জুছকে খাই সেন্দুইছটো থৈ দিলোঁ, ইস্তানবুলত ভোক লাগিলে খাম বুলি।
মুম্বাইৰ যাত্ৰীসকল বেছি ভাগেই ইস্তানবুলত নামি, ৭/৮ ঘণ্টা ৰৈ বিভিন্ন দেশলৈ যাব, কিয়নো তাৰ্কিছ এয়াৰলাইন্সৰ টিকটৰ মূল্য কিছু কম। তাৰ্কিছ সময়ৰ ১১.৪৫ ত আমাৰ বিশাল বয়িংখনে বিশ্বৰ ভিতৰৰ আন এক ব্যস্ত বিমান বন্দৰ ইস্তানবুলত অৱতৰণ কৰিলেহি। এই বিমান বন্দৰটো প্ৰায় ২৬.৫ মিলিয়ন বৰ্গৰ। ই এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ মাজৰ এক global hub হিচাপে জনাজাত। ই এতিয়াও সম্পূৰ্ণৰূপে গঢ় লৈ উঠা নাই। কিন্তু জুন, জুলাই, আগষ্ট মাহত ইয়ালৈ অহা পৰ্য্যটকৰ সংখ্যা কম নহয়।
মই মোৰ বয়বস্তু উলিয়াব নালাগে। কিন্তু, ইমিগ্ৰেশ্যন আদিৰ কামবোৰ আছে। এক বজাত ইজমিৰলৈ যোৱা ডমেষ্টিক ফ্লাইতখন ধৰিব লাগিব। লাগতিয়াল কামখিনি কৰি সেই লৈ অনা সেন্দুইছ আৰু মুম্বাইৰ পৰাই লৈ যোৱা এপল জুছটোকে খাবলৈ বহি ললোঁ। এইখিনিতে এটা কথা কৈ থওঁ– তুৰ্কীৰ লোকসকল এনেয়ে ভাল যদিও এয়াৰপৰ্টৰ মানুহবোৰ একেবাৰে সহায়ক নহয় আৰু ব্যৱহাৰো কিছু কঠুৱা। ভাষাৰ বিড়ম্বনা আছে বুজি পাওঁ। কিন্তু, ইংগিতেৰেই কৈ দিয়ে যে সহায় কৰিবলৈ তেওঁলোকে টান পায়। কিবা সুধিলে ন’ ইংলিছ বুলি কয়। সেয়া একো ডাঙৰ কথা নহয়। কিন্তু ইংৰাজী ক’ব পৰাবোৰেও মুখত হাঁহি এটা লৈ কথা নকয়।
ডমেষ্টিক টাৰ্মিনেললৈ বহুত দূৰ। ঘড়ী চাওঁ আৰু মোৰ ঘড়ীৰ সময় দেখি উচপ খাই উঠোঁ, ফ্লাইত মিছ কৰিম বুলি! যিমান পাৰোঁ বেগেৰে গৈ আচল ঠাই পালোঁগৈ আৰু এক বজাত ইজমিৰলৈ যাবলগীয়া বিমানখনত উঠিলোঁগৈ। অলপ সময়ৰ পাছতে টোপনিয়ে মোক হেঁচা মাৰি ধৰিলেহি। আচলতে, এইবাৰৰ এই যাত্ৰাৰ আয়োজন মই নভবাকৈ আৰু লৰালৰিকৈ হোৱাত মুম্বাইৰ পৰাই মোৰ বৰ ভাগৰ লাগি আহিছিল। এইখন ফ্লাইতত ইংৰাজী প্ৰায় নকয়েই। সেইবাবে, খোৱা বস্তু অনাৰ সময় হৈছে বুলি ঘোষণা কৰাতো মই একো বুজি পোৱা নাছিলোঁ। মোৰ ওচৰত বহা পুৰুষ সহযাত্ৰীজনেহে সুধিলে, আপুনি ভেজ নে নন ভেজ। মই ভেজ বুলি কোৱাত এয়াৰ হোষ্টেছক কৈ মোক ভেজ বাৰ্গাৰ আৰু কফি, জুছ আদি দিয়ালে। তেখেতক ধন্যবাদ জনাই মই খোৱা আৰম্ভ কৰিলোঁ।
ইস্তানবুলৰ পৰা ইজমিৰ মাথোঁ ৪৫ মিনিটৰ বাট বাবে সোনকালে আহি পালোঁহি। মুম্বাইৰ পৰা একো অসুবিধা নোহোৱাকৈ আহি এইবাৰহে মই কিছু বিপদত পৰিলোঁ কাৰণ বহু বিমান বন্দৰে আমাৰ দেশৰ দৰে বিনামূলীয়াকৈ ট্ৰলিখন ল’বলৈ নিদিয়ে। ইয়াতো সেই একেই। ইফালে, মোৰ হাতত এটাও তৰ্কিছ লিৰা, ডলাৰ বা ইউৰো নাই। ১৮ ডলাৰত এক লিৰা। উপায়হীন হৈ মই মোৰ গধুৰ চুটকেচ আৰু বেগটো টানি নি( হুইল আছে যদিও) এটা এঠাইত থৈ আহোঁ। আকৌ ইটো লৈ আহোঁ। সঁচায়ে, মোৰ চকুপানী ওলাব খুজিছিল। বেগ টনাৰ কষ্টত নহয়– কোনো এজনেও যে বয়সীয়া মইজনীক সহায় কৰিবলৈ অহা নাই– সেই বুলিহে! আমাৰ ভাৰতত হোৱা হ’লে কোনোবা নহয় কোনোবা আগবাঢ়ি আহিলহেঁতেন।
মোৰ ল’ৰা মানৱে ইফালে আগতেই কৈ থৈছিল যে ইজমিৰ এয়াৰপৰ্টতে কাৰোবাক কৈ ওৱাই ফাই সংযোগ কৰাই লৈ মোলৈ ফোন কৰিবা। সি হয়তো ইয়াৰ ভিতৰৰ মানুহবোৰৰ ব্যৱহাৰৰ বিষয়ে গমেই নাপায় কাৰণ তাত চাৰে তিনি বছৰ হোৱা তাৰ বাবে কাৰোবাক কিবা সুধিবলৈ দৰকাৰেই নহয়। ইফালে, আকৌ এক্সিট দুটা, এটা ডমেষ্টিক যাত্ৰীৰ বাবে আৰু আন এটা আন্তৰ্জাতিক। মানৱে আগতেই কৈ থোৱা মতেই নিৰ্দিষ্ট কেফেখনৰ ওচৰত ৰৈ আছোঁ। তাৰ কিন্তু দেখাদেখি নাই। কেফেৰ ল’ৰাটোৱে ইংৰাজী নাজানে। আগদিনা ৰাতি তিনি বজাৰ পৰা আহি কেতিয়া মানৱৰ ঘৰটো পাই বিছনাত পৰিব পাৰোঁ– তাকে ভাবি আছোঁ। ইফালে, সময় গৈ আছে। ক’ৰ পৰা যে সহায় আহে– আমি কেৱে নাজানো। হঠাতে প্লেনত মোৰ ওচৰত বহি অহা সেই ভদ্ৰলোকজনক দেখিলোঁ! উচপিচাই থকা মোক দেখি সুধিলে কি হৈছে বুলি ইংৰাজীত কোৱা বাবে সকাহ পাই মই মানৱক যে আহি পোৱাৰ খবৰটো দিব পৰা নাই আৰু সিয়ো যে আহি পোৱা নাই– সকলো কলোঁ। তেখেতে মোৰ পৰা মানৱৰ নম্বৰ লৈ তালৈ ফোন লগালে। লগে লগে ময়ো তাৰ মাত শুনিলোঁ, মানুহজনে ফোনটো স্পিকাৰত দি থৈছিল। মানৱে যি ক’লে সেয়াও আচৰিত। সি হেনো চিমপাৰ্ক নামৰ ৰেষ্টোৰা
খনৰ কথাহে কৈছিল, এই নামৰ কেফে আছে বুলি সি হেনো নাজানেই! যাহওক, সি আহি পালে। এই মানুহজন ইংলেণ্ডৰ। তুৰ্কীতে থাকে বাবে ইয়াৰ হাবভাব জানে। তেখেতে এইখিনি সহায় নকৰা হ’লে মই সেইখিনিতে কিমান দেৰি ৰৈ থাকিব লাগিলহেঁতেন– ঠিক নাই।
এয়াৰপৰ্টৰ পৰা মানৱ থকা ঠাইলৈ ডেৰ ঘণ্টাৰ বাট। ঘৰ পালোঁহি আমাৰ সময়ৰ গধূলি সাত বজাত। কাপোৰ কানি সলাই মুখ হাত ধুই মই বিছনাত যি পৰিলোঁ নিশা চাৰে এঘাৰ বজাত সাৰ পাই দেখিলোঁ ঘৰটো এন্ধাৰ আৰু মানৱো দেখোন ঘৰত নাই! মই ভাবিলোঁ, ৰাতিপুৱা হৈছে। সি চাগে মই শুই থকা দেখি মাত নলগোৱাকৈয়ে অফিচলৈ গ’ল। তথাপি, তালৈ ফোন কৰিলোঁ। সি কলে ‘সাৰ পালা নে? মই তলতে লগৰ এটাৰ লগত কফি খাই আছোঁ, ঘৰলৈ আহি আছোঁ’।
ইয়াত থকা টেবুল ঘড়ীটো চালো, বাৰ বাজিবৰ হ’ল। মানৱ আহিল, লগতে ৰাতিৰ সাজৰ বাবে খোৱা অৰ্ডাৰো দিলে। খাই বৈ আকৌ শুলোঁ।