বয়োজ্যেষ্ঠৰ সান্নিধ্যৰ সোৱাদ
লেখক- কৰবী দত্ত।
মই বয়োজ্যেষ্ঠসকলৰ সংগ ভাল পাওঁ। এই কথাটোৰ বাবে ঘনিষ্ঠ দুই–একে কেতিয়াবা কয়– তোমাৰতো বুঢ়া–বুঢ়ীবোৰেই বেছি লগ!
কথাটো অৱশ্যে মিছাও নহয়। সৰুতে ঘৰত থকা তিনিগৰাকী আবুৰ সৈতেই এনে সম্পৰ্কৰ আৰম্ভণি ঘটিছিল। সাধুকথা শুনাৰ পৰা তেওঁলোকৰ ভাগৰ অকণমান খুন্দা তামোল খোৱালৈকে, পিঠি খজুৱাই দিয়াৰ পৰা সাঁথৰ শিকাই দিবলৈ আব্দাৰ ধৰালৈকে, ধান সিজাই থকা সময়ত ধানৰ মাজত কঁঠালৰ গুটি ভৰাই সিজাই দিয়াৰ পৰা গৰমত বিচনীৰ বা দিয়ালৈকে– সকলো সময়তে মাৰ মাক আৰু আৰু শৈশৱতে জীৱনসংগী হেৰুওৱা মাৰ দুগৰাকী পেহীয়েক– এই তিনিগৰাকী আবুৱে সমৃদ্ধ কৰি ৰাখিছিল মোৰ শৈশৱ।
লগতে আছিল আতা। মঙলবৰীয়া আৰু শুকুৰবৰীয়া হাটলৈ গৈ কিমান যে কথা শিকিছিলোঁ! কোনটো পানীলাও নতুন গছৰ, ৰঙালাওটো মিঠা হ’বনে নহয়, বেঙেনাবোৰ কুমলীয়া নে বুঢ়া, একুৰি কাৱৈ কিনোতে ৰঙাবুকুৱাকেইটা বাছি উলিওৱা – এই সকলো কথাই আতাই শিকাইছিল। কোনবিধ ধানৰ কি নাম, কোনবিধ শস্যৰ গুটি কোনমাহত সিঁচিব লাগে, কোনবিধ শস্যৰ বীজ কেনেকৈ পাছৰ বছৰলৈ সংৰক্ষণ কৰিব লাগে, তিয়ঁহ–বাঙীৰ গুটিবোৰ কেনেকৈ মাটিৰ বেৰত লগাই থ’ব লাগে, কেঞা আঙুলিটোৰ সমান মাছৰ পোণাবোৰৰ মাজত কোনটো ৰৌমাছৰ কোনটো ভকুৱা মাছৰ তাক কেনেকৈ চিনি পাব পাৰি– এই সকলোবোৰেই শিকিছিলোঁ আতাৰ পৰা। তেতেলী গুটিৰে আখৰ লিখোৱা, ডাঙৰ ডাঙৰ অংক মুখে মুখে কৰিবলৈ শিকোৱা, আদি পঢ়াশলীয়া জ্ঞানৰ লগতে জীৱনৰ কত কি শিক্ষা যে তেওঁৰ পৰা পাইছিলোঁ!
সেই শৈশৱতে আৰম্ভ হৈ বিভিন্ন সময়ত মোতকৈ বয়সত ডাঙৰ ভালেমান লোকৰ সৈতে মোৰ বন্ধুত্ব আৰু ঘনিষ্ঠতা গঢ় লৈ উঠিছিল। ইয়াৰ আঁৰৰ কাৰণটো অৱশ্যে মই নিজেও নাজানো। পিছে, বয়োজ্যেষ্ঠসকলৰ সংগৰ প্ৰতি মই আজিও সমানেই আগ্ৰহী।
কলেজীয়া দিনৰে কথা। বোধহয় ৮৯ নে ৯০ চন আছিল সেয়া। পাণবজাৰৰ কিতাপৰ দোকানৰ এগৰাকী সৰবৰহী বিক্ৰেতা ৰজনী পাটগিৰি ডাঙৰীয়াৰ লগত চিনা–পৰিচয় হ’ল, কথা–বতৰা পাতিলোঁ। গম পালোঁ, তেখেত মোৰ দেউতাৰো পৰিচিত। পাণবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হোৱাৰ লগতে কিতাপ লিখা আৰু প্ৰচূৰ পৰিমাণে কিতাপ কিনাৰ সূত্ৰে পাটগিৰি ডাঙৰীয়াৰ সৈতে দেউতাৰো ঘনিষ্ঠতা আছে। তাৰ কিছুদিনৰ পাছত এদিন পুৱাতে পাটগিৰী ডাঙৰীয়া আমাৰ হৰবালা পথৰ ঘৰত হাজিৰ। তেওঁৰ হাতত কেইখনমান কিতাপ। কিতাপকেইখন নতুনকৈ বন্ধোৱা, তাত বেটুপাত নাই। পুৰণি ৰঙীন কেলেণ্ডাৰৰে বকলা লগোৱা কিতাপকেইখন কিতাপৰ দোকানৰ পেলনীয়া কিতাপ। তাকেই মেৰামতি কৰি পাটগিৰীদেৱে মোক উপহাৰ দিবলৈ আনিছিল। সেই কিতাপকেইখন আমাৰ ঘৰুৱা পুথিভঁৰালত আজিও আছে।
হৰবালা পথতে থকা বয়োজ্যেষ্ঠ দম্পতী প্ৰয়াত কুঞ্জবিহাৰী দাস আৰু তেখেতৰ পৰিবাৰক আমি আতা–আবু বুলি মাতিছিলোঁ। আজিৰ পৰা ৩৫ বছৰমানৰ আগৰ সেই দিনবোৰত একো কাম নাথাকিলেও মানুহৰ ঘৰলৈ ফুৰিবলৈ যোৱাটোত একো অস্বাভাৱিকতা নাছিল। সেইবাবে দেওবাৰে মই তেওঁলোকৰ ঘৰলৈ প্ৰায়ে যাবলৈ লৈছিলোঁ। আতাই মোৰ ঘড়ীৰ ফিতাডাল ব্ৰাছেৰে চাফা কৰি দিয়াৰ কথা, আবুৱে শ্বেখ ব্ৰাদাৰ্ছৰ বিস্কূটৰ সৈতে দিয়া চাহকাপৰ সোৱাদ আজিও মনত আছে। শেষ বয়সত আবু অসুস্থ হৈ বিছনাত পৰাৰ সময়ত আতাই লোৱা যত্নৰ কথা আজিও মনত পৰে। আতাই আবুৰ মূৰত তেল সানি, চুলি আচুৰি দি ক্ষীণ বেণীডাল গুঠি দিয়া, খোৱা হোৱাৰ পাছত গামোচাৰে মুখখন মচি দিয়া, তিৰবিৰাই থকা চকুহালেৰে আতালৈ চাই আবুৱে মৰা হাঁহিটো– এইবোৰলৈ মনত পৰিলে আজিও তেওঁলোক দুগৰাকীক পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিক–প্ৰেমিকাসকলৰ অন্যতম বুলি ভাব হয়।
নিয়োগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰমেশ মেধিৰ সৈতে চিনাকি ‘সাপ্তাহিক নীলাচল’ত কাম কৰাৰ সময়তে। সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱৰ অনুৰোধত কাকতত চমু অথচ আকৰ্ষণীয় লেখা লিখিবলৈ লোৱা মেধি ডাঙৰীয়াৰ আখৰ চিনি পোৱাটো ডিটিপি অপাৰেটৰসকলৰ বাবে সহজ নাছিল। ফলত সেইবোৰ কপি কৰি দিবলগীয়া হৈছিল মই। তেনেদৰেই, মেধি ডাঙৰীয়াৰ সৈতে মোৰ ঘনিষ্ঠতা হৈছিল। এদিন তেওঁ মোক সুধিছিল– তুমি কেতেকী ফুল দেখিছানে? মই নাই দেখা বুলি কোৱাত পাছৰ ব’হাগৰ গোসাঁই বিহুৰ দিনাই হাজোৰ ৰামদিয়াৰ ঘৰৰ পৰা কেনেবাকৈ কেতেকী ফুল এপাহ যোগাৰ কৰিছিল। ফুলপাহ দিবলৈ মই কাম কৰা অফিচটোলৈ গৈ মোক নাপাই বৰ বেজাৰ পাইছিল তেওঁ। মই সেইদিনা হস্পিটালত। অৱশেষত অফিচলৈ যোৱা বাটতে থকা মাহঁতৰ ঘৰত সোমাই মাৰ হাততে ফুলপাহ দি কৈছিল– এইপাহ বৰ হেঁপাহেৰে আনিছিলো কৰবীক দিবলৈ। পাৰিলে হস্পিটাললৈকে পঠিয়াই দিব!
পিছদিনা সন্ধিয়া এনাস্থেছিয়াৰ প্ৰভাৱ আঁতৰি সংজ্ঞা ঘূৰি অহাৰ পৰত হস্পিটালৰ কোঠাটো সুৱাসেৰে ভৰি পৰিছিল। তেতিয়াও সজীৱ হৈ থকা কেতেকীপাহ আলফুলে চুই চাইছিলোঁ। সেইদিনাই, ব’হাগৰ চাৰি তাৰিখে আমাৰ একমাত্ৰ সন্তান ৰূপস্নিগ্ধৰো জন্ম হৈছিল। পাতল হালধীয়া বৰণৰ, আধাফুলা কেতেকী ফুলপাহৰ সুৱাস আৰু ন–কেঁচুৱাৰ সুৱাসে সেইদিনা মনটো ভৰাই তুলিছিল মোৰ। সেই সুৱাস জীয়াই থাকোঁ মানে পাহৰিব নোৱাৰিম চাগে।
উলুবাৰীৰ হৰবালা ৰোডত আমাৰ ঘৰৰ নিচেই কাষতে ঠাণ্ডা দিনত খাকী ৰঙৰ হাফপেণ্ট পিন্ধি খেতি এডৰাত ব্যস্ত হৈ থকা মানুহজনক দেখুৱাই দেউতাই এদিন কৈছিল – “সেইজন চা, গৌৰীশংকৰ ভট্টাচাৰ্য। প্ৰাক্তন বিধায়ক, ডাঙৰ উকীল।”
আমি আচৰিত হৈছিলোঁ। ইমান ডাঙৰ মানুহ, সন্ধিয়ালৈকে মহৰ কামোৰ খাই খাই এনেকৈ খেতি কৰে! সন্ধিয়া পৰত খেতিৰ কাম সামৰি জি এছ ৰোডৰ ঘৰলৈ খৰখেদাকৈ খোজ লোৱা গৌৰীশংকৰ ভট্টাচাৰ্যই আমাক বিস্ময়াভিভূত কৰিছিল।
তাৰ মাত্ৰ কিছুবছৰ পাছতেই সেই বিস্ময়ে ৰূপ লৈছিল সহানুভূতিৰ।
চনটো আছিল বোধহয় ১৯৯৮। ‘সাপ্তাহিক নীলাচল’ৰ সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ নিৰ্দেশ মৰ্মে উলুবাৰীৰ বৰা চাৰ্ভিছ নিৱাসী গৌৰীশংকৰ ভট্টাচাৰ্যদেৱৰ ওচৰলৈ কাকতখনৰ বাবে লেখা বিচাৰি গৈ গম পাইছিলোঁ তেওঁৰ অসুস্থতাৰ কথা। চকুৰে নেদেখে, লিখিবলৈ অসুবিধা। মই ক’লো – আপুনি কৈ গ’লে মই লিখিব পাৰোঁ। তেওঁ মান্তি হ’ল। মই নিয়মীয়াকৈ জি এছ ৰোডত থকা তেওঁৰ বাসভৱনলৈ যাবলৈ ল’লোঁ। ‘সাপ্তাহিক নীলাচল’ত ভালেমান মূল্যবান প্ৰবন্ধ তেনেকৈ শ্ৰুতলিপি দিয়েই তেওঁ লিখোঁৱালে। । অৰ্থনীতিৰ ন’বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ বিষয়ে ‘অমৰ্ত্য সেনৰ অৰ্থনীতি’ বুলি এলানি প্ৰবন্ধ লিখি পাচলৈ গ্ৰন্থাকাৰে প্ৰকাশো কৰিলে। তেখেতৰ সান্নিধ্যলৈ অহা সময়খিনি মোৰ জীৱনৰ লেখত ল’বলগীয়া সময়। তেখেতৰ পৰা অসমৰ ৰাজনীতি তথা সামাজিক পৰিৱেশৰ বিষয়ে বিভিন্ন নজনা কথা জানিবলৈ পাই সঁচাকৈয়ে ধন্য হৈছিলোঁ।
তাৰো আগতে, ১৯৯৭ চনত কটন কলেজত অনুষ্ঠিত চেতনা দিৱসৰ এক সভাত লগ পাইছিলোঁ বিশিষ্ট সাংবাদিক প্ৰয়াত ফণী তালুকদাৰক। সেই সময়ত তেওঁৰ হাত কঁপিবলৈ আৰম্ভ কৰিছিল, বেছি সময় লিখি থাকিব নোৱাৰা হৈছিল। ‘Publication Division’ ৰ হৈ ৰচনা কৰা ‘Assam: The Land of Charm and Glory’ শীৰ্ষক কিতাপখনৰ কাম কৰিবলৈ তেখেতে মোৰ সহায় বিছাৰিছিল। এম এ ফাইনেল পৰীক্ষা দি ঘৰতে বহি থকা মোৰ হাতত তেতিয়া অফুৰন্ত সময়। সেইবাবেই ছাৰে প্ৰস্তাৱটো দিয়াৰ লগে লগে সন্মতি দিছিলোঁ। তালুকদাৰ ছাৰৰ কামটো কৰি থাকোঁতে তেওঁলোকৰ পৰিয়ালৰ প্ৰায় সকলোৰে লগত ঘনিষ্ঠতা হৈছিল। ছাৰৰ অকাল আৰু আকস্মিক বিয়োগৰ পাছত তেওঁৰ খুলশালিয়েক, গুৱাহাটীৰ ইতিহাস সম্পৰ্কীয় কেইবাখনো তথ্যসমৃদ্ধ গ্ৰন্থৰ প্ৰণেতা তথা ভালেমান প্ৰবন্ধৰ লেখক কুমুদেশ্বৰ হাজৰিকা ছাৰৰ লেখা কপি কৰি দিয়াৰ কামো বেছ কিছুদিন কৰিছিলোঁ।
মা–দেউতাৰ বাদে যিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা জীৱনৰ বাটত খোজ দিয়াৰ ক্ষেত্ৰত বহু কথা শিকিছিলোঁ সেইজন হৈছে বিশিষ্ট সাংবাদিক, দৈনিক জনমভূমি, দৈনিক অসমকে ধৰি কেইবাখনো কাকতৰ সম্পাদক প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰুৱা। আজি যদি কৰ’বাত দুই–একলম লিখিব পাৰিছোঁ, ৰাজহুৱা অথবা সামাজিক কিবা বিষয়ত মাত মাতিব পাৰিছোঁ তেন্তে সেয়া একমাত্ৰ প্ৰফুল্ল বৰুৱা ছাৰৰ দীৰ্ঘদিনীয়া সান্নিধ্যৰ ফলতেই পাৰিছোঁ বুলি মই নিৰ্দ্ধিধাই ক’ব পাৰো। প্ৰায় পোন্ধৰ বছৰীয়া সান্নিধ্যৰ কালছোৱাত বৰুৱা ছাৰ কেৱল মোৰ ওপৰৱালাই নাছিল, তেওঁ আছিল মোৰ পথ প্ৰদৰ্শক, অভিভাৱক আনকি অতি ঘনিষ্ঠ বন্ধুও। ছাৰৰ সৈতে ব্যক্তিগত সকলো সমস্যাৰ কথা আলোচনা কৰিব পাৰিছিলোঁ। আনকি দুবাৰমান অতি কৰুণ পৰিস্থিতিয়ে শোকবিহ্বল কৰি তোলা মোৰ মুখখন দেখিয়েই ছাৰে এবাৰ সুধিছিল– তোমাৰ কি হৈছে, মোক কোৱা। দেউতাৰ আগতো খুলি ক’ব নোৱাৰা সকলো কথা ছাৰক কৈ কান্দি পেলোৱাত ছাৰে মূৰত হাত থৈ দিয়া সান্ত্বনাৰ কথাইবা পাহৰিম কিদৰে? বৰুৱা ছাৰে প্ৰকাশ কৰা বয়োজ্যেষ্ঠসকলৰ বাবে প্ৰকাশিত প্ৰথমখন অসমীয়া আলোচনী ‘উদ্দীপন’ত সহকাৰী সম্পাদকৰূপে কাম কৰা সময়তো ভালেমান বয়োজ্যেষ্ঠ নাগৰিকৰ সান্নিধ্যলৈ আহিছিলোঁ। মই আজিও অনুভৱ কৰোঁ–সেই
সান্নিধ্যই মোক বহু কথা শিকাইছিল, বহু অনুপ্ৰেৰণা দিছিল।
ইতিপূৰ্বে যিকেইজন বয়োজ্যেষ্ঠ লোকৰ সান্নিধ্যলৈ আহিছিলোঁ তেওঁলোকৰ সৈতে গঢ়ি উঠা মধুৰ সম্পৰ্কই মোৰ হৃদয় আজিও ভৰাই ৰাখিছে। জীৱনৰ শেষৰ দিনকেইটা ‘গুড হেলথ হস্পিটাল’ত কটোৱা ফণী তালুকদাৰ ছাৰে মৃত্যুৰ কেইদিনমানৰ আগতে বহু সময়লৈ মোৰ হাতখনত ধৰি আছিল। সেই চেঁচা পৰশ আজিও অনুভৱ কৰো মই। কুমুদেশ্বৰ হাজৰিকা ছাৰ আৰু তেখেতৰ পৰিবাৰ উষা বাইদেউ কাহিনীবাই আঁতৰি গ’ল, কিন্তু বাইদেউৰ হাতৰ চাহ–জলপানৰ জুতি আজিও জিভাত লাগিয়েই থাকিল। একমাত্ৰ ল’ৰাটো চাবলৈকে হাজৰিকা ছাৰ যে অতি কষ্টেৰে টেম্প’ত উঠি আমাৰ ধীৰেণপাৰাৰ ঘৰলৈ আহিছিল, সেই কথাটোৱেই বা পাহৰিম কেনেকৈ? গৌৰীশংকৰ ভট্টাচাৰ্য্য ছাৰে যে মূৰত হাত ফুৰাই মোক আশীৰ্বাদ দিছিল, নিজৰ ভাগৰ চুপ খাবলৈ দিছিল, সেই কথাটোৱেওতো জীৱনৰ শেষ দিনলৈকে বুকু জুৰাই থাকিব। প্ৰফুল্ল বৰুৱা ছাৰে যে কেতিয়াবা কাৰোবাৰ সৈতে চিনাকি কৰি দিবলগীয়া হ’লে– “এইজনী মোৰ তৃতীয় ছোৱালী” বুলি কৈছিল সেই কথা জানো এই জীৱনত পাহৰিব পাৰিম? নগাঁৱৰ পৰা আহি কাহিলীপাৰাত কন্যাৰ ঘৰত থাকিবলৈ লোৱা শ্ৰীযুতা অঞ্জলি বৰাৰ সৈতে মোৰ আজিলৈকে চকুৰ চিনাকি হোৱাই নাই। কোনো কাকতত টেলিফোন নম্বৰটো পাই তেওঁ এদিন মোক ফোন কৰিছিল। দীঘলীয়া সেই কথোপকথনৰ পৰা জানিব
পাৰিছিলোঁ– অৱসৰপ্ৰাপ্ত এইগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ জীৱনৰ ভালেমান কথা। তাৰ পাছত ময়ো মাজে মাজে ফোনযোগে তেখেতৰ খবৰ লওঁ– “আই অ’!” বুলি তেওঁ মৰমেৰে মতা মাতষাৰিয়ে মোৰ মন ভৰাই তোলে।
এইদৰেই বয়োজ্যেষ্ঠসকলৰ সান্নিধ্যই মোক সমৃদ্ধ, পৰিতৃপ্ত কৰি থৈছে। কেৱল মোকেইনে? আমাৰ সময়ৰ আন বহুতৰে নিশ্চয় একেই অভিজ্ঞতা আছে।
পিছে, আমাৰ পিছৰ প্ৰজন্মবোৰ? ককাক–আইতাক বা আন বয়োজ্যেষ্ঠসকলৰ প্ৰতি তেওঁলোক আগ্ৰহীনে? বহুতেই ভাবে – নহয়। সময় বাগৰি যোৱাৰ লগে লগে বিভিন্ন পৰিৱৰ্তনে আমাক চুই গৈছে। এসময়ত একোটা সাধুৰ বাবে আইতাকৰ পাছে পাছে ফুৰা শিশুটোৱে এতিয়া ঘৰৰ টিভিটোত অথবা হাতৰ স্মাৰ্ট ফোনটোত অনায়াসে কাৰ্টুন চাব পাৰে। লুডু–কেৰম খেলাৰ সলনি নানা ধৰণৰ ভিডিঅ’ গেমে সিহঁতক আকৰ্ষণ কৰে। খুন্দা তামোল? বহুতেই হয়তো ক’ব–ছিঃ, তাকো খায়নে? দাঁতত দাগ লাগিব।
তথাপিও মোৰ ধাৰণা– বয়োজ্যেষ্ঠসকলৰ প্ৰতি শিশু বা চেমনীয়াহঁতৰ আগ্ৰহ নাইকিয়া হৈ যোৱা নাই। এইক্ষেত্ৰত মই এটা ব্যক্তিগত উদাহৰণেই দাঙি ধৰিব খুজিছোঁ। সাধাৰণ অৱস্থাত বিভিন্ন ধৰণে ব্যস্ত হৈ থকা মোৰ শাহুআই লকডাউনৰ সময়ত সম্পূৰ্ণৰূপে গৃহবন্দী হৈ থাকিবলগীয়া হ’ল। সেই সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ আমাৰ সন্তানে কথাটো মন কৰিলে। সি আইতাকৰ লগত লুডু, কেৰম খেলিবলৈ ল’লে। পিছে, আইতাকৰ সৈতে ব্যস্ত হৈ থকাৰ বাবে তাৰো সময় সীমিত। লাহে লাহে সি আইতাকক স্মাৰ্ট ফোনৰ ব্যৱহাৰ শিকাই দিলে। ৱাটছ এপ, ফেচবুক, ভিডিঅ’ কল, ইউ টিউবৰ জগতৰ লগত পৰিচয় কৰি দিলে। শাহুআয়ে কিবা নোৱাৰিলে, বুজি নাপালে নাতিয়েকৰ কাষ চাপে, সিয়ো আগ্ৰহেৰে শিকাই দিয়ে। আজি কিছুদিন আগতে হোষ্টেললৈ যাবলৈ দুদিনমান থাকোঁতে সি মোক কৈছে– আমাৰ লগে লগে আবুহঁতৰ দৰে মানুহখিনিকো নতুন নতুন ‘টেকন’ল’জী’ৰ সৈতে চিনাকি কৰাই দিব পাৰিলে তেওঁলোকৰ একঘেয়ামী, বিৰক্তি সকলো নাইকিয়া হ’ব। এইটো বৰ দৰকাৰী কথা।
হয়, সঁচাকৈয়ে এইটো বৰ দৰকাৰী কথা। বিজ্ঞান আৰু তথ্য–প্ৰযুক্তিৰ অগ্ৰগতিয়ে পৃথিৱীখন অভাৱনীয়ভাৱে সলনি কৰিছে। নৱপ্ৰজন্মৰ সৈতে আন্তৰিক ঘনিষ্ঠতা অটুট ৰখাৰ স্বাৰ্থতেই সেই সলনি হোৱা পৃথিৱীখনৰ সমানে আগবাঢ়ি যাবলৈ বয়োজ্যেষ্ঠসকলেও চেষ্টা কৰিবই লাগিব। এসময়ত আমি সাধু শুনি ভাল পাইছিলোঁ, আজিৰ শিশুৱে কাৰ্টুন চাইহে বেছি ভাল পায়। কোনো কথা নাই, বয়োজ্যেষ্ঠসকলে সিহঁতে ভালপোৱা ধৰণেই চলি সিহঁতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলকচোন! এদিন দেখিব, আপোনাৰ মনত খুন্দিয়াই থকা সাধুকেইটা, আপোনাৰ সোঁৱৰণিত ভাহি থকা শৈশৱৰ অভিজ্ঞতাখিনি শুনিবলৈও সিহঁত আগ্ৰহাম্বিত হৈছে। বয়োজ্যেষ্ঠসকল দুখোজ আগবাঢ়ি যাওক! শিশু, কিশোৰ, চেমনীয়াহঁতো নিশ্চয় দুখোজ পিছুৱাই আহিব। অৱশ্যে, বয়োজ্যেষ্ঠসকল যে ঘৰ এখনৰ, পৰিয়াল এটাৰ অপৰিহাৰ্য্য অংগ এই অনুভৱ, এই উপলব্ধিৰ গজালিটো মাক–দেউতাকসকলেহে সিহঁতৰ মনত সিঁচি দিব পাৰিব। তেতিয়া নিশ্চয় সেই সান্নিধ্যৰ সোৱাদ সিহঁতে ল’ব পাৰিব। এতিয়া আৰু ককা আৰু নাতিল’ৰা একেলগে বহি হাঁহি হাঁহি বালিঘৰ নাসাজে, কিন্তু একেলগে কাৰ্টুনতো চাব পাৰে!
অৱশ্যে কেৱল নাতি–নাতিনীহঁতৰ সৈতে এক সুসম্পৰ্ক থাকিলেই বয়োজ্যেষ্ঠসকল সুখে–শান্তিৰে থাকিব পাৰিব বুলি ভাবি ল’ব নোৱাৰি। যদিও আমাৰ অসমীয়া সমাজখনত বয়োজ্যেষ্ঠসকলক সাধাৰণতে সন্মানজনক স্থানতেই ৰখা হয়, তথাপিও শেহতীয়াকৈ ভালেমান পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ অযত্ন–অৱহেলা নিজেই দেখিছোঁ। পাঁচ–ছটা সন্তানৰ অসুখীয়া–অসহায় পিতৃ–মাতৃৰ শেষ বয়সৰ যাতনা আৰু তেওঁলোকে সন্মুখীন হোৱা অৱহেলা দেখি ভাব হৈছে–নিজ সন্তান হ’লেও পিতৃ–মাতৃয়ে সিহঁতৰ বাবে সৰ্বস্ব ত্যাগ কৰাটো উচিত নহয়। নিজৰ বেংকৰ এ–টি–এমখন, পেঞ্চনৰ টকা বা আন সঞ্চিত ধন, একালত নিজে কিনা বা উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিডোখৰ, একালত সজা ঘৰটো যে তেওঁৰেই, সেই কথা বৃদ্ধাৱস্থাতো পাহৰি যাব নালাগে। সন্তানৰ শিক্ষা–দীক্ষা দিয়াৰ পৰত, সিহঁতৰ বাবে ঘৰ একোটা সজাৰ পৰত নাইবা ধুমধামেৰে সিহঁতৰ বিয়া পতাৰ পৰত মাক–দেউতাকে বৃদ্ধাৱস্থাত হ’ব পৰা ধনৰ প্ৰয়োজনৰ কথা পাহৰি যোৱাটো অনুচিত বুলি মই ভাবোঁ।
আনহাতে, সন্তানৰ অৱহেলাৰ সন্মুখীন হোৱা নাইবা বৃদ্ধাৱস্থাত আদৰ–যতন নোপোৱা বয়োজ্যেষ্ঠসকলো নিজৰ অধিকাৰ সম্পৰ্কে সচেতন হোৱাৰ প্ৰয়োজন আছে। সকলোবোৰ বেংকৰে আজিকালি ‘Reverse Mortgage’ আঁচনি আছে। তদুপৰি, পিতৃ–মাতৃ তথা বয়োজ্যেষ্ঠসকলৰ বাবে ‘Maintenance and Welfare of Parents and Senior Citizens Act, 2007’ আইনখনো আমাৰ দেশত প্ৰযোজ্য। প্ৰয়োজনবোধ কৰিলে এই সকলোবোৰ বিষয় জানি, বুজি, শিকি লোৱা উচিত। এই ক্ষেত্ৰত বিভিন্ন সামাজিক সংস্থাৰো কৰণীয় নিশ্চয় আছে। মই ভাবোঁ, জীৱনৰ বিয়লি পৰত সন্তানৰ আদৰ–যতন অনুগ্ৰহ বুলি নাভাবি প্ৰাপ্য বুলিয়েই সকলো বয়োজ্যেষ্ঠই ধৰি লোৱা উচিত।
(শিলপুখুৰীৰ পঞ্চৱতীৰ প্ৰয়াত মুনীন বৰকটকী আৰু ৰেণুকা দেৱী বৰকটকীৰ বাসগৃহত অনুষ্ঠিত ‘আড্ডাঘৰ’ৰ শুকুৰবৰীয়া নিয়মীয়া আড্ডালৈ নিমন্ত্ৰণ পাইছিলোঁ শেৱালি চৌধুৰী বাইদেউৰ পৰা। বাইদেউৰ লগতে ‘আড্ডাঘৰ’ৰ সকলোটিলৈ আন্তৰিক ধন্যবাদ জনালোঁ। যোৱা ৫.৮.২০২২ তাৰিখৰ আড্ডাত ওপৰৰ কথাখিনিকেই কৈছিলোঁ। )