চিৰ চেনেহী মোৰ ভাষা জননী

লেখক- বিপ্লৱ বৰঠাকুৰ

অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ শিক্ষা ইংৰাজীত দিয়া হব বুলি শুনি সামাজিক মাধ্যমত হোৱা আলোচনাবোৰ দেখি দুটা কথা মনলৈ আহিছে 

) ডটাৰ ফ্ৰম ক্যালিফোৰ্নিয়া চিণ্ড্ৰম (Daughter from California syndrome) ) আলফোঞ্চ ডুডেৰ ( Alphonse Daudet) চুটি গল্পদি লাষ্ট লেছন’ ( the last lesson) 

ডটাৰ ফ্ৰৰ্ম ক্যালিফোৰ্নিয়া চিণ্ড্ৰম’ – ধৰা হওক এখন চিকিৎসালয়ত বহুদিনৰপৰা চিকিৎসা লৈ থকা আৰু বহুদিন পৰিয়ালৰ পৰা অকলশৰে এলাগী হৈ থকা মুমূৰ্ষু ৰোগী এজন আছে। ৰোগীজনৰ স্বাস্থ্যৰ আৰু উন্নতি হোৱাৰ আাশা নাই। সেইকাৰণে চিকিৎসকে আৰু অধিক নিৰাময়কাৰী চিকিৎসা ( curative treatment) নকৰি জীৱনৰ অন্তিম সময়ত বেদনা নিদানৰহে (Palliative care) ব্যৱস্থা কৰিবলৈ মনস্থ কৰিছে। ৰোগীজনৰ জীৱনৰ বিয়লি বেলা, অন্তিম সময় সমাগত। তেনেকুৱাতে হঠাৎ ৰোগীজনৰ দূৰণিত থকা কোনোবা জীয়েক এজনী আহি ওলালহি আৰু কন্দা কটা কৰি তাই এক নাটকীয় পৰিৱেশৰ সৃষ্টি কৰে। নাৰ্চ, চিকিৎসক সকলোকে প্ৰশ্নৰ পিছত প্ৰশ্ন কৰে আৰু চিকিৎসাৰ পূৰ্ণ প্ৰতিবেদন বিচাৰে। যেনেতেনে ৰোগীগৰাকীক সুস্থ কৰি তুলিবলৈ তেওঁ হেঁচা দিয়ে আৰু চিকিৎসা বিজ্ঞানত থকা সকলো বিধান প্ৰয়োগ কৰি হলেও ৰোগীগৰাকীক নিৰাময় কৰিবই লাগিব বুলি দাবি কৰে। তেনে কৰিলে ৰোগীগৰাকীয়ে অধিক কষ্টহে পাব কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নহয় আৰু ৰোগীৰ অহিতহে হব বুলি চিকিৎসকে কোৱাৰ লগে লগে চিকিৎসক আৰু চিকিৎসালয়ৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হব বুলি তেওঁ ধমকহে দিয়ে! 

এনেকুৱা আত্মীয়ৰ বাবে আমেৰিকাৰ স্বাস্থ্য খণ্ডৰ কৰ্মীসকলে এই বাক্যাংশটি ব্যৱহাৰ কৰে। আত্মীয়জনৰ এই আচৰণৰ মূলতে হৈছে এক দোষী ভাব আৰু মানি লব নোখোজা ভাব। হঠাৎ মনত এটা প্ৰচণ্ড দোষভাবে ক্ৰিয়া কৰে যে আগতেই ৰোগীজনৰ বাবে তেখেতে বহুত কিবা কিবি কৰিব লগা আছিল কিন্ত নকৰিলে। এই দোষবোধক জোৰ কৰি নিজৰ পৰা ঠেলি আঁতৰাই বেলেগ কাৰোবাৰ ওপৰত জাপি দিয়াৰে এটা চেষ্টা কৰে, নিজকে প্ৰবোধ দিবলৈ চেষ্টা কৰে যে তেওঁৰ নিজৰ গাত সিমান এটা দোষ নাই, চিকিৎসক আৰু চিকিৎসাৰ গাফিলতিৰ বাবেহে ৰোগীৰ স্বাস্থ্যৰ ইমান বেয়া অৱস্থা হৈছে। 

অসমীয়া ভাষাৰ চৰ্চা নকৰা, অসমীয়াত আখৰ এটাও নিলিখা, মোবাইলত অসমীয়া কি বৰ্ড নথকা, অসমীয়াত ইংৰাজী আৰু হিন্দী শব্দ সুমুৱাই নতুন ভাষা এটাৰ সৃষ্টি কৰা, অসমীয়া আলোচনী এখন নপঢ়া, অসমীয়া প্ৰচাৰ মাধ্যমৰ বাতৰি পঢ়োতাই ভুল ভুল উচ্চাৰণেৰে বাতৰি পঢ়িলেও আৰু বঙলা আৰু হিন্দী শব্দৰ উচ্চাৰণেৰে খিচিৰি পকাই বিজ্ঞাপন দি থাকিলেও নীৰৱে শুনি থকা আৰু লৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালত পঢ়া মানুহবিলাকে হঠাৎে যেন সাৰ পাই উঠিছে, চিন্তিত হৈ পৰিছে, ভাষা ৰক্ষা কৰিবই লাগিব বুলি সোচ্চাৰ হৈ পৰিছে, চৰকাৰকে দোষাৰোপ কৰিছে। হঠাৎ যেন সকলো ডটাৰ ফ্ৰম ক্যালিফোৰ্নিয়া হৈ পৰিছে।  

১৮৭০৭১ৰ ফ্ৰেংকোপ্ৰুচিয়ান (ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰুচিয়া অঞ্চল) যুদ্ধৰ পটভূমিত সমসাময়িকভাৱে লিখা গল্পটোত ১৯ শতিকাৰ বিখ্যাত ফৰাচী গল্পকাৰ ডুডেই প্ৰুচিয়ান অৰ্থাৎ জাৰ্মান সৈন্যই দখল কৰা ফ্ৰান্সৰ এখন ঠাইৰ এখন স্থানীয় বিদ্যালয়ত হোৱা পাঠদানৰ বৰ্ণনা কৰিছে। জাৰ্মানীৰ দখললৈ যোৱা অঞ্চল যেনে আলছাছ আৰু লৰেইন জিলা দুখনত ফৰাচীৰ সলনি জাৰ্মান ভাষা প্ৰৱৰ্তন কৰিবলৈ ইতিমধ্য বাৰ্লিনৰ পৰা আদেশ আহিছে। সেইদিনা সেই বিদ্যালয়খনত ফৰাচী ভাষাত শেষ পাঠদানটি হব। 

ফ্ৰেঞ্জ নামৰ এটা এলেহুৱা লৰাই সেইদিনা বিদ্যালয়লৈ গৈছিল, সি মিষ্টাৰ হেমেল নামৰ ফৰাচী শিকোৱা শিক্ষকজন আৰু পঢ়াশুনা কৰা কামটো, দুয়োটাই ভাল নেপাইছিল। সেইদিনাও সি দেৰিকৈ গৈ পাইছিল, ব্যাকৰণৰ পাঠ এটা পঢ়োৱাৰ কথা আছিল মিষ্টাৰ হেমেলে, সি সেইবোৰ একদমেই ভাল নেপায়, সেইদিনাৰ নিছিনা ধুনীয়া ৰাতিপুৱা এটাত সি ধুনীয়া কাঠনীবোৰ নহলে ঘাহনীবোৰতহে ঘূৰি ফুৰিবলৈহে ভাল পালেহেতেন, আৰু নহলে কাঠ ফলা মিলটোৰ পিচফালে প্ৰুচিয়ান সৈন্যবোৰে কুছকাৱাজ কৰি থকা চাই থাকিলেহেতেন, কিন্ত সি অনিচ্ছা হলেও বিদ্যালয়লৈ গল সেইদিনা। সেইদিনা শেষ শ্পাঠদান বুলি গাৱৰ মানুহবিলাকো শ্ৰেণী কোঠাত আহি বহিছিল, মিষ্টাৰ হেমেলক দিৰ্ঘদিনীয়া সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হব। মিষ্টাৰ হেমেলে নিজৰ উৎকৃষ্ট দেওবৰীয়া সাজযোৰ পিন্ধি আহিছিল, তেও অলপ আবেগিক হৈছিল, ফৰাচী ভাষাটো কিমান শুৱলা ভাষা সেই কথা কৈছিল, গাৱৰ মানুহবিলাকক ভাষাতো ভালকৈ নিশিকাৰ বাবে দোষাৰোপ কৰিছিল, নিজেও ভাষা শিকোৱাত বিফল হোৱা বুলি হতাশা প্ৰকাশ কৰিছিল, গাৱৰ অশিক্ষিত আৰু অৰ্ধ শিক্ষিত মানুহবোৰেও ভাষাতো ভালকৈ নজনাৰ বাবে লজ্জাবোধ কৰিছিল। তেও কৈছিল ফৰাচী ভাষাটোৱেই যদি নাজানা ফৰাচী বুলি কেনেকৈনো চিনাকি দিবা? মিষ্টাৰ হেমেলে শেষত কিবা এটা সজোৰে কব খুজিছিল, কিন্ত তেওৰ মাতটো থোকাথোকি হল, সেই সময়তে প্ৰুচিয়ান সৈন্যবিলাকৰ বিউগোল বাজি উঠিল, আৰু মিষ্টাৰ হেমেলে ব্লেকবোৰ্ডত মাঠো লিখিলে, “ভাইভালাফ্ৰান্স!” 

পঢ়া শুনা কৰি ভাল নোপোৱা ফ্ৰাঞ্জেও হঠাৎ অনুভব কৰিলে ইমান বছৰ ধৰি বিদ্যালয়খনত থকা মিষ্টাৰ হেমেলৰ কাৰণে এই সকলো এৰি গুছি যোৱাটো নিশ্চয় বৰ কঠিন হৈছে! ব্যাকৰণবোৰ আৰু তাৰ বেয়া নলগা হৈ আহিল, ফৰাচী ভাষাটোৰ প্ৰতি এটা নতুন মৰমে মনত ঠাই ললে, ফৰাচী ভাষাটো বৰ শুৱলা আৰু মাতৃভাষাটো যেনেতেনে হলেও শিকিবই লাগিব বুলি এটা দৃঢ় ভাবনাই প্ৰাণ পাই উঠিল। ফ্ৰাঞ্জে উপলব্ধি কৰিলে যে ভাষা এটা কোনেও কাৰো পৰা কাঢ়ি নিব নোৱাৰে, যেনেকৈ পাৰ চৰাইৰ ৰুণেই তাৰ ভাষা তেনেকৈ ফৰাচীৰ চিনাকি ফৰাচী ভাষাতোটেই, আৰু এইটোৱেই স্বভাবিক, তাৰ বাহিৰে আৰু বেলেগ এটা ভাষাৰে সেই চিনাকি সম্ভব নহয়। 

বিজ্ঞান আৰু গণিত ইংৰাজী ভাষাত শিকালেও আমাৰ অসমীয়া ভাষাটো নাইকিয়া হৈ নেযায়। গণিতৰ ভাষা গণিতেই, আৰু বিজ্ঞান শিক্ষা অসমীয়াতে দিব পৰাকৈ আমাৰ ভাষাত বৈজ্ঞানিক শব্দৰ কোষো টনকিয়াল নহয়। আমাৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ কাৰণেও আমাৰ শব্দকোষ শক্তিশালী হৈ উঠিব পৰা নাই, আমি সাধাৰণতে উৰা বাতৰি, অবৈজ্ঞানিক অবেগ জড়িত বা শিহৰণকাৰী বাতৰিবোৰতহে বেছি গুৰুত্ব দিও বা বিশ্বস কৰো, সেইকাৰণে আমাৰ সমাজত অন্ধবিশ্বাসো সৰহ। বিজ্ঞানৰ পম নেখেদা, ‘কিয়ৰ সন্ধান নকৰা সমাজত বৈজ্ঞানিক শব্দৰ সৃষ্টিৰ গতিও লেহেমিয়াই হয়। বিজ্ঞান শিক্ষা অসমীয়াতে দি থাকিলে লাহে লাহে নতুন শব্দৰ সৃষ্টিৰে শব্দ ভাণ্ডাৰ হযতো গধুৰ হবগৈ, কিন্ত তেনেকুৱা কৰিলে সাধাৰণতে নিম্ন মধ্যবিত্ত ঘৰৰ লৰা ছোৱালীয়ে পঢ়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বোজাটো বেছি হবগৈ, কাৰণ পিচত তেওঁলোকে আকৌ বৈজ্ঞানিক শব্দবোৰ আাকৌ ইংৰাজীত শিকিব লগা হয়গৈ। 

অসমীয়া ভাষা ৰক্ষা কৰাতো কেৱল নিম্ন মধ্যবিত্ত ঘৰৰ অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰে দায়িত্ব বুলি ধৰি লৈ থাকিলে ভাষাৰ ৰক্ষা, উদ্বাৰ বা উন্নতি হব বুলি আশা কৰিব নোৱাৰি। ভাষা এটা কোনেও কাৰো পৰা কাঢ়ি নিব নোৱাৰে, , ঘৰ আৰু বাহিৰত অসমীয়া ভাষাৰ বহুল ব্যৱহাৰহে ভাষাটো জিয়াই ৰাখিব পাৰিব, দৈনন্দিন জীৱনত অসমীয়া ভাষাত লিখা মেলা কৰাৰ বা ভাব বিনিময়ৰ যদি অভ্যাস গঢ় লৈ নুঠে, মোবাইত বাৰ্তা সৰবৰাহ যদি ইংৰাজীৰ সলনি অসমীয়াত নহয়, অসমীয়া ভাষাৰ আলোচনী আদিৰ যদি বিক্ৰি বৃদ্ধি নহয়, আসমীয়া গল্প সাহিত্যৰ যদি পঢ়ুৱৈ নেবাঢ়ে, তেনেহলে ভাষা ৰক্ষা নিশ্চয় কঠিন হব। 

অসমত অসমীয়া ভাষাৰ বহুল আৰু শুদ্ধ ব্যৱহাৰৰ বাবে এটা জাগৰণৰ দৰকাৰ, সেই জাগৰণ গল্পৰ ফ্ৰাঞ্জৰ হৃদয়ৰ পৰা অহাৰ দৰে আমাৰো সকলোৰে হৃদয়ৰ পৰা আহিব লাগিব। নহলে আমি সকলো ডটাৰ ফ্ৰম ক্যালিফোৰ্নিয়াহে হমগৈ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!