ঈশ্বৰক লগ পাইছিলোঁ
লেখক- গদা ডেকা
২০০১ চনৰ কথা। তেতিয়া মই নুমলীগড় শোধনাগাৰত কৰ্মৰত। পৰিয়াল থাকে গুৱাহাটীত। গতিকে, মই শোধনাগাৰৰে দৈয়াং অতিথিশালাৰ স্থায়ী আবাসী আৰু বন্ধ মিলাই মাহেকে পষেকে গুৱাহাটীলৈ অহা যোৱা কৰি থাকোঁ। ১৯৯৫ চনতে মই আৰু বন্ধুবৰ নৱকুমাৰ শৰ্মাই শোধনাগাৰ প্ৰকল্পস্থলীত একেলগে যোগদান কৰিছিলোঁ যদিও কেইবছৰমান পাছত নৱৰ গুৱাহাটীৰ অফিচলৈ বদলি হয়। ইফালে, আগত আমাৰ চিনাকি ড্ৰাইভাৰ বড়ো।
আঘোন মাহ আছিল। সিদিনা চাগে পূৰ্ণিমাও আছিল। মানে, বাহিৰত ৰূপালী জোনাক। বন্ধুৰ লগত কিমান যে কথা! মাজে মাজে অট্টহাস্য। কিছুমান কথা আকৌ ড্ৰাইভাৰে নুশুনাকৈ অনুচ্চৰত। মানে, আনৰবাবে নিষিদ্ধ কথা। ইফালে, বড়োৱে গাড়ী চলাই গৈছে আপোন মনে।
নিশা দহমান বাজিছিল। আমাৰ কথা–বাৰ্তা লাহে লাহে স্তিমিত হৈ আহিছিল। দিনটোৰ পৰিশ্ৰমৰ অৱসাদৰ লগতে টোপনিৰো মায়াজাল। চকুৰ পতা লাহে লাহে জাপ খাই আহিল। ইফালে, আমাৰ নিস্তব্ধতাৰ সুযোগ লৈ ড্ৰাইভাৰে গাড়ীৰ গতিবেগ বঢ়াই দিলে অস্বাভাবিকভাৱে। আমি বড়োক গাড়ী লাহে লাহে চলাবলৈ সতৰ্ক কৰি দিলোঁ কাৰণ ক্ষেত্ৰী পাৰ হৈ পাহাৰৰ কেঁকুৰিটোত দেখিলোঁ আমাৰ আগে আগে এখন ট্ৰাক। আমাৰ ড্ৰাইভাৰে ট্ৰাকখনক অভাৰটেক কৰিবৰ বাবে চিগনেল দি আছে যদিও ট্ৰাকখনে চাইড দিয়া নাই। কথাটোত বড়োৰ হয়তো ইগ’ত লাগিল। পাহাৰৰ টাৰ্ণিং এটাত আগৰ ট্ৰাকখনৰ গতিবেগ অলপ কমা যেন পাই বড়োৱে দিলে অভাৰটেক কৰি। এটা মাৰাত্মক ভুল। সেই মুহূৰ্ততে বিপৰীত ফালৰপৰা প্ৰচণ্ড বেগত আহি ওলালহি এখন নৈশ চুপাৰ বাচ। কিংকৰ্তব্যবিমূঢ় হৈ আমাৰ ড্ৰাইভাৰে মাৰিলে পেনিক ব্ৰে’ক। তীব্ৰ বেগ আৰু হঠাৎ মৰা ব্ৰে’কৰ প্ৰভাৱত আমাৰ মাৰুতি ভানখন পথৰ ওপৰতে তিনি লুটি মান খাই কিছুদুৰ চুঁচৰি গ’ল। ঘটনাৰ আকস্মিকতা আৰু ভয়াৱহতাত আমি মূক হৈ পৰিলোঁ। নৱই প্ৰথমে মাত লগালে ‘বন্ধু, ঠিকে আছাতো’। ঠিকেই আছিলোঁ কিন্তু ভানখনৰ পৰা ওলাব পৰা অৱস্থাত নাই। ভানৰ চকা ওপৰফালে দণ্ডায়মান। ড্ৰাইভাৰক মাত দিলোঁ, প্ৰত্যুত্তৰ দিলে।
বড়োৱে যেনিবা চুঁচৰি মুচৰি কিবাকৈ বাহিৰ ওলাল। আমাক উলিয়াবৰ চেষ্টা কৰিও কিন্তু তেওঁ পৰা নাছিল। পাৰ হৈ যোৱা গাড়ীবোৰ ৰখাবলৈ তেওঁ বৃথা চেষ্টা কৰি আছিল। গাড়ীবোৰ তীব্ৰ গতিত পাৰ হৈহে যায়, কোনেও নৰয়।
ইফালে, মই আৰু বন্ধুৱে ভানখনৰ ভিতৰৰ পৰা আপ্ৰাণ চেষ্টা কৰিও ওলাব পৰা নাই। দুয়ো এনে ধৰণে চেপা খাই পৰিছোঁ যে ওলাবৰ উপায়েই নাছিল। আমাৰ এক দুশ্চিন্তাও হ’ল যে পাহাৰৰ টাৰ্ণিং এটাত মাজনিশা ৰাস্তাৰ মাজত আমাৰ ভানখন দুজন মানুহৰ সৈতে আবদ্ধ হৈ পৰি থাকোঁতে কোনোবা তীব্ৰ বেগী যানে মহতীয়াই নিয়ে নেকি!
হঠাৎ গাড়ী এখন আহি ৰৈ গ’ল। ইণ্ডিকা জাতীয় সৰু গাড়ী। গাড়ীৰপৰা মানুহ এজন নামি আহি দুই ড্ৰাইভাৰৰ সৈতে বহু কষ্ট কৰি আমাৰ দুয়োজনকে গাড়ীৰ পৰা উলিয়ালে আৰু এইবাৰ দুয়ো ৰাস্তাৰ দাতিত বহি চকুৱে মুখে পানী মাৰি কিছু সুস্থিৰ হ’লোঁ। ক’ৰবাত কিবা আঘাত পাইছোঁ নেকি, চোৱাৰ পিচত নিশ্চিত হ’লোঁ যে বিশেষ গুৰুতৰ আঘাত বুলিবলৈ নাই। এইবাৰ, আটায়ে লগ লাগি ভানখন বগৰাই চিধা কৰি ৰাস্তাৰ কাষত ৰখালোঁ। ভানখন ভাঙি চুচুৰ্মৈ হৈ গৈছে। চলাই নিয়াৰ প্ৰশ্নই নাই। ভদ্ৰলোকৰ লগত পৰিচয় হ’লোঁ। ত্ৰিবেদী উপাধিৰ মানুহজনে পৰিয়ালসহ তেজপুৰৰ পৰা গুৱাহাটীলৈ গৈ আছিল। তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত। গাড়ীত তেখেতৰ পত্নীৰ উপৰিও দুটি কণ কণ শিশু। অমি তেখেতক অশেষ ধন্যবাদ দি বিদায় যাচিছিলোঁ। কিন্তু আমাক অবাক কৰি মিঃ ত্ৰিবেদীয়ে আমাক জোৰ কৰিয়েই তেখেতৰ গাড়ীতে তুলি লৈ আহি গুৱাহাটীৰ আমাৰ নিজৰ নিজৰ ঘৰত নিশা দুই বজাত থৈ গ’লহি।
এতিয়া, ত্ৰিবেদী উপাধীৰ সেই মানুহজন মোৰ বাবে ঈশ্বৰেই নহয় জানো?