শাওণৰ ধ্ৰুপদ
লেখক- ড° আৰাধনা বৰুৱা
নাঙলৰ কৰ্ষণত
শস্যসম্ভৱা পথাৰৰ বুকুত
সৃষ্টিৰ উন্মাদনা জাগে
কৃষকৰ সপোনে হাঁহে!
শাওণীয়া ডাৱৰৰ ওফোন্দ ভাঙিবলৈ
মোহময়ী বিজুলীৰ চিৰায়িত চলনাই
আকাশৰ বুকুত
জুইফুল হৈ ফুলে!
বীজৰ বক্ষত সুপ্ত
অফুৰন্ত শক্তিক
শ্ৰম আৰু উৎসাহৰ স্তুতিয়ে
প্ৰত্যয়দীপ্ত পূৰ্ণতাৰে আচ্ছন্ন কৰে!
শাওণ প্ৰিয় স্তৱক
প্ৰত্যাশাৰ বাটচ’ৰা
আঘোণৰ সোণোৱালী কবিতাৰ
শইচ আৰু সহৃদয়তাৰ!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments