জীৱন পৰিক্ৰমা

লেখক- মৰমী ওজা ৰয়

ঋতু আহে ঋতু যায়
‘আশা’ৰ সপোনবোৰ
কলিতে মৰহি যায়।
নিজান পৰত
নিৰলে বহি তাই
নীৰৱে চকুলো টোকে
অশ্ৰু বিন্দুবোৰ
ৰক্তকণা হৈ সৰে।
সোদৰৰ ভাই
‘আত্মবিশ্বাস’ আৰু ‘সাহসে’
দিয়ে সকীয়াই —
“চোৱাচোন বাই, সৌ বিৰিখবোৰ!
ডাল-পাত সৰিলেও
সেউজী কোমলৰ বাবে
বাহু মেলি কেনেদৰে
থাকে বাট চাই!”
লাহে লাহে তাই
মূৰ তুলি চায় —
বুঢ়া গছতোচোন
ন-কুঁহি মেলে
ধুমুহাত সৰিলেও
নপৰে ভাগৰি
বতাহৰ লগতো কেনে স্নেহবন্ধন!
বাটৰুৱাক জনাই নিতে প্ৰীতি-সম্ভাষণ!
এনেকৈয়ে
কালচক্ৰ ঘূৰে
বিধাতাই বিধি লিপি লিখে
বিধাতাৰ লিখন
নহয় খণ্ডন!
পৃথিৱীক নকৈ চোৱাৰ
হেঁপাহ জাগে
নৱ চেতনাৰে
নতুন উদ্যমেৰে
কাৰণ?
নামেই যে তাইৰ ‘আশা’!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!