জেমছ ওৱেব মহাকাশ দূৰবীক্ষণ যন্ত্ৰই লোৱা ব্ৰহ্মাণ্ডৰ ফটো পৰ্যালোচনা (খণ্ড-১)

লেখক- লক্ষ্য জ্যোতি নাথ

জেমছ ওৱেব মহাকাশ দূৰবীক্ষণ যন্ত্ৰই ফটো লোৱা মহাকাশত থকা এই ৰংবিৰংগী বস্তুবোৰ আচলতে কি! তৰাৰ জন্ম কেনেকৈ হয়, তৰা এটা মৰাৰ পাছত কি হয়, নেবুলা বা নীহাৰিকা মানে কি জানিবৰ নিশ্চয় মন যায়! 

আকাশত তৰাৰ জন্ম সম্পৰ্কে আমাক সৰুতে কোৱা হৈছিল যে কোনোবা মানুহ মৰিলে তেওঁৰ আত্মাটো আকাশত তৰা হৈ যায় আৰু তেওঁ তৰা হৈ আমাক চাই থাকে। আগতে আমি তৰাবোৰ কোনোবা মানুহৰ আত্মা বুলিয়ে জানিছিলোঁ। যেতিয়া ডাঙৰ হলো আৰু বিজ্ঞান পঢ়িলোঁ তেতিয়া গম পালোঁ যে তৰাবোৰ আচলতে সূৰ্য্যৰ দৰে একো একোটা নক্ষত্ৰ যাৰ নিজৰ তাপ আৰু পোহৰ আছে। এই তৰাবোৰ আমাৰ পৰা কেইবা আলোকবৰ্ষ দূৰত আছে। কিন্তু, তৰা এটাৰ কেনেকৈ জন্ম হয়, সেইটো আমি বহুতেই এতিয়াও নাজানো। 

ফটোত দেখা পোৱা মহাকাশত থকা এই ৰংবিৰংগী বস্তুবোৰক নেবুলা (Nebula) আৰু অসমীয়াতনীহাৰিকাবুলি কোৱা হয়। আমাৰ অসমত নীহাৰিকা বুলি বহু ছোৱালীৰ নাম ৰখা হয়। কিন্তু এই ধুনীয়া নামটোৰ আঁৰৰ কাহিনী বহুতেই নাজানে। নেবুলা এটা লেটিন শব্দ যাৰ অৰ্থ হৈছে ডাৱৰ বা মেঘ। মহাকাশত দেখা পোৱা এইবোৰ মেঘৰ দৰেই বস্তু। কিন্তু, ই আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত থকা মেঘৰ দৰে নহয়। ই কেইবা আলোকবৰ্ষ দূৰলৈকে বিয়পি থকা গেছ, বিকিৰণ আৰু মহাকাশৰ ধূলিকণাৰ সমষ্টি। এই নেবুলাবোৰত ৭৫% হাইড্ৰজেন আৰু ২৫% হিলিয়াম থাকে। এই গেছ আৰু মহাকাশৰ ধূলিকণাবোৰ যেতিয়া পাৰস্পৰিক মহাকৰ্ষণ শক্তিৰ ফলত এটা কেন্দ্ৰত আহি থুপ খাই যায়, তেতিয়া হাইড্ৰজেন আৰু হিলিয়াম অনুৰ মাজত পাৰমাণৱিক বিক্ৰিয়া হৈ অফুৰন্ত শক্তি উৎপন্ন হবলৈ আৰম্ভ কৰে আৰু এনেকৈয়ে তৰা বা নক্ষত্ৰ এটাৰ জন্ম হয়। এই প্ৰক্ৰিয়া এদিন দুদিনত নহয়, এনেকৈ তৰা এটা জন্ম হবলৈ কেইবা লাখকেইবা কোটি বছৰ লাগে। সেইবাবে নীহাৰিকা বা নেবুলাবোৰক সৃষ্টিৰ স্তম্ভ (Pillars of Creation) বুলি কোৱা হয়। 

যেনেকৈ নেবুলাৰ পৰা তৰা এটাৰ জন্ম হয়, তেনেকৈ তৰা এটা মৃত্যু হোৱাৰ আগে আগে নেবুলাৰ সৃষ্টি কৰে। কম ভৰৰ তৰা এটা মৃত্যু হোৱাৰ আগে আগে ই ৰঙা দৈত্যকায় (Red giant) তৰালৈ ৰূপান্তৰিত হয় আৰু তাৰ পাছত তৰাটোত থকা ইন্ধনবোৰ শেষ হোৱাৰ লগে লগে তাত চলি থকা পাৰমাণৱিক বিক্ৰিয়া বন্ধ হৈ যায় আৰু তৰাটোত থকা গেছ, বিকিৰণ আৰু ধূলিকণাবোৰ আকৌ মহাকাশত তাৰ চাৰিওফালে বিয়পি পৰে। লগে লগে তৰাটো বগা বাওনা তৰালৈ (White Dwarf Star) পৰিৱৰ্তিত হয়। তেনেকৈয়ে নেবুলাৰ সৃষ্টি হয়। এনে নেবুলাক প্লেনেটৰী নেবুলা(Planetary Nebula) বুলি কোৱা হয়। ফটোত দেখুওৱা তলৰ ফটোখন তাৰে এনে প্লেনেটৰী নেবুলাৰ উদাহৰণ। ফটোখন চালে দেখিব, গেছ আৰু বিকিৰণ আৰু ধূলিকণাবোৰৰ মাজত এটা বগা তৰা আছে সেইটো বগা বাওনা তৰা আৰু তাৰ অলপ বাওঁফালেও এটা তৰা আছে। এই নেবুলাটোৰ নাম হৈছে চাউডাৰ্ণ ৰিং (NGC 3132) নেবুলা (চিত্ৰ) এই নেবুলাটো পৃথিৱীৰ পৰা ২০০০ আলোকবৰ্ষ দূৰত আছে। ইয়াৰ আৰু এটা অৰ্থ হল আজি আমি ফটোত যি দৃশ্য দেখিছোঁ সেইয়া ২০০০ বছৰৰ অতীতৰ ৰূপ। কেইবা শ কোটি বছৰৰ পাছত আমাৰ সূৰ্যটোৰো মৃত্যু হলে বগা বাওনা তৰালৈ (White Dwarf Star) পৰিৱৰ্তিত হব আৰু ইয়াৰ চাৰিওফালে প্লেনেটৰী নেবুলাৰ সৃষ্টি হব। 

১নং ফটোত বাওঁফালে লোৱা ফটোখন জেমছ ওৱেবৰ অৱলোহিত (Infrared) কেমেৰাৰে তোলা আৰু সোঁফালৰ ফটোখন হাবোল মহাকাশ দূৰবীক্ষণ যন্ত্ৰই তোলা। মহাকাশৰ তৰা, তাৰকাৰাজ্য, গ্ৰহবোৰ এনে গেছ, বিকিৰণ আৰু মহাকাশৰ ধূলিকণাৰ নেবুলাৰ মাজত লুকাই থাকে আৰু গেছধূলিকণাবোৰে দৃশ্যমান ৰশ্মি শোষণ কৰে। যিহেতু হাবোল মহাকাশ দূৰবীক্ষণ যন্ত্ৰই অকল দৃশ্যমান ৰশ্মিৰহে ফটো তুলিব পাৰে, সেইবাবে এনে নেবুলাৰ মাজত লুকাই থকা তৰা, তাৰকাৰাজ্যৰ ফটো হাবোলে তুলিলে ফটোবোৰ স্পষ্ট নহয়। কিন্তু জেমছ ওৱেবত থকা অৱলোহিত কেমেৰাই এনে নেবুলাৰ ভিতৰত লুকাই থকা তৰা, তাৰকাৰাজ্যক ধৰা পেলাব পাৰে আৰু তাৰ ফটোও লব পাৰে। সেইবাবে বাওঁফালে জেমছ ওৱেবে লোৱা ফটোত অধিক তৰা বা তাৰকাৰাজ্য আমি দেখিবলৈ পাইছোঁ। 

নেবুলা কেইবা প্ৰকাৰৰ। তাৰ এটা প্ৰকাৰ ইতিমধ্যে মই উল্লেখ কৰিছোঁ আৰু সেইটো হৈছে প্লেনেটৰী নেবুলা। 

দ্বিতীয় প্ৰকাৰৰ নেবুলাৰ নাম হৈছে ডিফিউজ নেবুলা (Defuse Nebula). এইবোৰ নেবুলাৰ কোনো ধৰা বন্ধা সীমা নাথাকে। এই ডিফিউজ নেবুলা আকৌ দুই প্ৰকাৰৰ। এবিধৰ নাম এমিশ্বন নেবুলা (Emission Nebula) আৰু দ্বিতীয় বিধ ৰিফ্লেক্সন নেবুলা (Reflection Nebula). এমিশ্বন নেবুলাত বেছিকৈ আয়নাইজড হাইড্ৰজেন থাকে যাৰ ফলত এইবোৰ নেবুলাই বেছিকৈ ৰশ্মি বিকিৰণ কৰে। এই আয়নাইজড দুটা হাইড্ৰজেন লগ হৈ হিলিয়াম অনুৰ সৃষ্টি কৰে আৰু তাৰ পাছত এই গেছ আৰু মহাকাশৰ ধূলিকণাবোৰ যেতিয়া পাৰস্পৰিক মহাকৰ্ষণ শক্তিৰ ফলত এটা কেন্দ্ৰত আহি থুপখাই যায় তেতিয়া হাইড্ৰজেন আৰু হিলিয়াম অনুৰ মাজত পাৰমাণৱিক বিক্ৰিয়া হয় আৰু অফুৰন্ত শক্তি উৎপন্ন হবলৈ আৰম্ভ কৰে আৰু এনেকৈয়ে এনে নেবুলাবোৰত তৰা বা নক্ষত্ৰ এটাৰ জন্ম হয়। 

চিত্ৰত জেমছ ওৱেবে লোৱা দ্বিতীয়খন নেবুলাৰ ফটো হৈছে এনে এক এমিশ্বন নেবুলা যাৰ নাম নাম কেৰিনা নেবুলা (Carina Nebula) বা NGC 3372 (চিত্ৰ) . ফটোত এই কেৰিনা নেবুলাত কেনেকৈ নতুন নতুন তৰা জন্ম হৈছে সেইয়া জেমছ ৱেবৰ অৱলোহিত টেলিস্কোপত খুব স্পষ্টকৈ দেখা পোৱা গৈছে। 

এমিশ্বন নেবুলাৰ আন কিছুমান উদাহৰণ হৈছে অৰিয়ন নেবুলা। এই নেবুলা পৃথিৱীৰ পৰা দেখা যায়। ঈগল নেবুলা (চিত্ৰ), ভেইল নেবুলা, লেগুন নেবুলা, উত্তৰ আমেৰিকা নেবুলা ইত্যাদি। 

কিন্তু দ্বিতীয় বিধ ৰিফ্লেক্সন নেবুলাবোৰে নিজেই ৰশ্মি বিকিৰণ নকৰে, ওচৰৰ তৰাৰ ৰশ্মি ই প্ৰতিফলিত কৰে। এই ৰিফ্লেক্সন নেবুলাৰ উদাহৰণ হৈছে উইটছ্ হেড ৰিফ্লেক্সন নেবুলা, ঘষ্ট নেবুলা, হমনকিউলাচ নেবুলা, ভেৰিয়েবল নেবুলা, আইৰিচ নেবুলা আদি। 

তৃতীয় বিধ নেবুলাৰ নাম হৈছে ডাৰ্ক নেবুলা। এই নেবুলাবোৰ বিৰাট ঘন আন্তঃনক্ষত্ৰীয় মেঘৰে গঠিত। ইয়াৰ মাজেৰে দৃশ্যমান বিকিৰণ (Visible radiation) আৰু দৃশ্যমান পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবাবে এই নেবুলাবোৰ অন্ধকাৰ। মহাকাশত এই ডাৰ্ক নেবুলাবোৰ থকাৰ বাবেই মহাকাশৰ বহু অংশ অন্ধকাৰ হৈ থাকে যাৰ বাবে আমি মহাকাশৰ বহু ঠাই আন্ধাৰ দেখা পাওঁ। 

এনে অন্য কিছুমান ডাৰ্ক নেবুলাৰ নাম হৈছে ডাৰ্ক হৰ্চ নেবুলা (চিত্ৰ), আমি আমাৰ হাতিপটি তাৰকাৰাজ্যৰ (Milkyway Galaxy) ফটোবোৰ চালে এটা অংশ ঘন আন্ধাৰ দেখোঁ সেই অংশকে ডাৰ্ক হৰ্চ নেবুলা বোলে। হৰ্চ হেড নেবুলা, সৰ্প নেবুলা, কীহল নেবুলা, কণ নেবুলা আদি ইয়াৰ উদাহৰণ। ইয়াৰে হৰ্চ হেড নেবুলা (চিত্ৰ) বেছি জনপ্ৰিয়। ফটোবোৰ কমেণ্ট বক্সত দিয়া হৈছে। 

চতুৰ্থ আৰু শেষৰ বিধ নেবুলাৰ নাম হৈছে চুপাৰনভা নেবুলা (Supernova Nebula). চুপাৰনভা মানেই হৈছে মহা বিস্ফোৰণ। যেতিয়া কোনো ডাঙৰ তৰাৰ শেষ পৰ্যায়ত কিবা কাৰণত চুপাৰনভা বিস্ফোৰণ অথবা মহা বিস্ফোৰণ ঘটে তেতিয়া সেই তৰাটোৰ গেছ, বিকিৰণ, ধূলিবোৰ মহাকাশত বিয়পি পৰে আৰু তেতিয়ায়ে এটা চুপাৰনভা নেবুলাৰ সৃষ্টি হয়। 

এনে কেইটামান চুপাৰনভা নেবুলাৰ উদাহৰণ হল ক্ৰেব নেবুলা, টাইকনেবুলা, জেলিফিচ নেবুলা, স্পাঘাটি নেবুলা, মানাটি নেবুলা ইত্যাদি। 

এয়াই হৈছে নেবুলা বা নীহাৰিকাৰ মহত্ত্ব আৰু তৰা জন্ম হোৱাৰ বৈজ্ঞানিক কাহিনী।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!