আই বা শীতলা বেমাৰ
লেখক- দেৱজিৎ শৰ্মা
মিজলছ্, চিকেন পক্স আৰু স্মল্ল পক্সক অসমীয়াত ক্ৰমে সৰু আই, মাজু আই আৰু বৰ আই বুলি কয় কাৰণ মানুহে এই বেমাৰবোৰ যে একো একোটা ভাইৰাছৰ পৰা হয়, তাক মানি ল’ব নুখুজি সেইবোৰ আই বা শীতলা গোসানীৰ ৰোষৰ বাবে হোৱা বুলি ক’ব খোজে।
তাৰ পৰিণতিত কি হয়?
এই একবিংশ শতিকাতো এনেকুৱা বেমাৰ হ’লে বহুতো মানুহে চিকিৎসকৰ ওচৰলৈ নগৈ ঘৰতে জৰা ফুৰা কৰে, মাটিত শোৱে আৰু খোৱা বোৱাতো বাধা–নিষেধ আৰোপ কৰে।
প্ৰথম কথা হ’ল, জ্বৰ হৈ গাত দমলা দমল, গুটি গুটি উঠা মনেই পক্স বা আই নহয়। বহু বেমাৰত এনে ধৰণৰ লক্ষণ দেখা দিয়ে। তাৰে কিছুমান বহুত বিপদজনক বেমাৰ। তৎক্ষণাৎ চিকিৎসা নকৰিলে সেইবোৰৰ পৰা বিপদ হ’ব পাৰে। কাৱাছাকি ৰোগ বা মেনিংগকক্কেলৰ সংক্ৰমণ ৰোগ এনে বেমাৰ। হেণ্ড ফুট মাউঠ ৰোগ ( Hand Foot Mouth Disease ) আজিকালি পক্সতকৈ বহু সঘনাই হোৱা দেখা যায়।
আজি মোৰ নিদান কেন্দ্ৰত ( clinic) এজন শিশু চালোঁ। তেওঁৰ জ্বৰ আছিল, গাত দমলা দমল গুটি গুটি আছিল, ওঁঠটো ৰঙা পৰিছিল। প্ৰথম জ্বৰ হওঁতে চিকিৎসকৰ ওচৰ গৈছিল যদিও গাত দমলা দমল ( rash) ওলোৱাৰ পাছত ঘৰতে জৰা ফুৰা কৰিলে। পিছত হাত ভৰিৰ ছাল, ফাটি যাওঁতেহে মোৰ ওচৰত আহিছিল। এনে ধৰণৰ লক্ষণ ‘কাৱাছাকী ৰোগ’ বোলা এক ৰোগত দেখা যায়। এই ৰোগ হ’লে প্ৰথম সপ্তাহতে (খুব বেছি দেৰি হ’লে প্ৰথম ১০ দিনৰ ভিতৰত) সঠিক চিকিৎসা নকৰিলে পিছলৈ হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনা থাকে। সেই শিশুজনৰ আজি ৰোগৰ ১১ দিন। পৰীক্ষা কৰিব দিছোঁ মাত্ৰ এটা আশা লৈ যাতে কাৱাছাকী ৰোগ বুলি ভবাটো ভুল প্ৰতিপন্ন হয়। এনে অভিজ্ঞতা মোৰ প্ৰথম নহয়। যোৱা বছৰত এনে ধৰণৰ এইটো মোৰ তৃতীয় অভিজ্ঞতা। বাকী দুবাৰ পিতৃ–মাতৃয়ে প্ৰথমতে আই বুলি জৰা ফুকা কৰিলেও সাত নম্বৰ দিনা মোৰ ওচৰলৈ লৈ আহিছিল। গতিকে সঠিক চিকিৎসা কৰিব পৰা গ’ল।
দ্বিতীয়তে, আধুনিক চিকিৎসা বিদ্যা স্পষ্টবাদী। নিৰ্দিষ্ট চিকিৎসা নেথাকিলে মিছাকে নকয় আৰু সকলো ঔষধৰ পাৰ্শ্বক্ৰিয়া সম্বন্ধে মানুহক অৱগত কৰা হয়। পক্সৰ চিকিৎসা নাই বুলি কোৱা হয় যদিও আনুষংগিক সহায়ক ( supportive) চিকিৎসাৰ দ্বাৰা ৰোগীক সুৰক্ষিত ৰখা যায়। এই বেমাৰ নিজে নিজ ঠিক হৈ যোৱাৰ আগতে এই ৰোগৰ জটিলতাৰ পৰা ৰোগীৰ যাতে মৃত্যু নহয়, তাৰ বিহিত ব্যৱস্থা আধুনিক চিকিৎসাই কৰে। কোভিদৰ ক্ষেত্ৰতো একে কথা। চিকেন পক্স (মাজু আই)ৰ নিৰ্দিষ্ট চিকিৎসা আছে। স্মল পক্স (বৰ আই) ১৯৭০ চনতে বিশ্বৰ পৰা নিৰ্মূল হৈছে। এতিয়া স্মল পক্স নহয়।
তৃতীয়তে, পক্সৰ পৰা মানুহৰ পোনে পোনে মৃত্যু নহয়, হয় ইয়াৰ জটিলতাৰ পৰাহে। যেনে, মিজলছৰ পিছত হোৱা নিউমোনিয়া বা শৰীৰৰ আন সংক্ৰমণ ৰোগ বা পুষ্টিহীনতাৰ পৰাহে শিশুৰ মৃত্যু হয়। মাটিত শোৱা, খোৱা বোৱাৰ বাধা নিষেধ আদিয়ে এনে ধৰণৰ জটিলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।
চতুৰ্থতে, পক্সৰ পাছত শৰীৰৰ প্ৰতিৰক্ষা বিভাগ কিছুদিনলৈ দুৰ্বল হৈ যায়। গতিকে, কিছু ছিটা বা টীকা কিছু দিনলৈ দিব নোৱাৰি। কিন্তু যেতিয়া আমাৰ ওচৰলৈ পিতৃ মাতৃ আহি কয়, তাৰ দহ দিন আগতে পক্স হৈ গ’ল, আমি যদিও জানো এনে হোৱাৰ সম্ভাৱনা কম, তথাপি আমি বিমোৰত পৰোঁ, যদি কেনেবাকৈ হৈছিল, এতিয়া টীকা দিম নে নিদিম!
পঞ্চমতে, আজিকালি চৰকাৰী খণ্ডত মিজলছৰ দুটা টিকা সকলোকে দিয়া হয়। বেচৰকাৰী খণ্ডত মিজলছৰ লগতে চিকেন পক্সৰো দুটা টীকা দিয়া হয়। এই দুই বিধ টীকা প্ৰায় ১০০ শতাংশ সফল টীকা। কিন্তু এনে টীকা লোৱাৰ পাছতো তেওঁলোকে কয় আই ওলাইছিল বুলি কাৰণ বেছিভাগ মানুহে গমেই নেপাই কিহৰ টীকা দিয়া হ’ল, হয়তো অসমীয়া আৰু ইংৰাজী নামৰ প্ৰাথক্যৰ বাবেই এনে হয়।
শেষত, স্মল্ল পক্স বিশ্বৰ পৰা দুৰ হ’ল সফল টিকাকৰণৰ বাবেই। ২০২৫ চনৰ ভিতৰত বিশ্বৰ পৰা মিজলছ দুৰ কৰাৰ পৰিকল্পনা আছে। তাৰ বাবে মিজলছৰ সকলো খবৰ চৰকাৰী কৰ্তৃপক্ষক দিব লাগিব। মিজলছ হোৱাৰ সন্দেহ হ’লেই তাৰ পৰীক্ষা কৰি হয় বা নহয় বুলি থিৰাং কৰা হ’ব। কিন্তু মানুহে যদি আই ওলাইছে বুলি ঘৰতে বহি থাকে তেন্তে মিজলছক বিশ্বৰ পৰা দুৰ কৰা সম্ভৱ নহ’ব।