সাক্ষাৎকাৰ: উত্তম চন্দ্ৰ শৰ্মা

লেখক- সাহিত্য ডট অৰ্গ

’সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট নাট্যকৰ্মী শ্ৰীযুত উত্তম চন্দ্ৰ শৰ্মাক। মহাবিদ্যালয়ত অধ্যাপনা কৰি সুখ্যাতি অৰ্জন কৰা শ্ৰীযুত শৰ্মাদেৱে নাট ৰচনা, নাটকত অভিনয় আৰু নাটক পৰিচালনা কৰি নাটকক এক স্বকীয় ৰূপ প্ৰদান কৰিছে। ‘অসম সাহিত্য সভা’ৰ অন্তৰ্গত ‘গোৱালপাৰা শাখা সাহিত্য সভা’ৰ সভাপতিৰ আসন অলংকৃত কৰা শ্ৰীযুত শৰ্মাই নাটকৰ ক্ষেত্ৰখনৰ উপৰিও গোৱালপাৰাৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে স্বীকৃতি লাভ কৰিছে। তেখেতৰ সৈতে হোৱা এই সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰীজ্যোতিস্মিতা দেৱী তথা ‘অসমীয়াত কথা বতৰা’ৰ সদস্য ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, ডঃ মৃণাল জ্যোতি গোস্বামী, শ্ৰীবিকাশ দত্ত আৰু শ্ৰীঅভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰীজ্যোতিস্মিতা দেৱী, শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰ, শ্ৰীতুষাৰ ৰঞ্জন কাশ্যপ আৰু শ্ৰীঅভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীবিকাশ দত্তই আৰু ইয়াৰ বৰ্ণাশুদ্ধি কৰিছে শ্ৰীমৃদুল কুমাৰ শৰ্মাই। উক্ত সাক্ষাৎকাৰটি পাঠক আৰু শ্ৰোতালৈ বুলি আগবঢ়াইছে ডঃ মনোজ মন কলিতা আৰু ডঃ দ্বীপজ্যোতি বৰাই।

 

সাহিত্য ডট অৰ্গঃ নাটকৰ সৈতে জড়িত হোৱাৰ অনুপ্ৰেৰণা আপুনি কেনেদৰে লাভ কৰিছিল?

উত্তম চন্দ্ৰ শৰ্মাঃ আচলতে মই নাটক কৰিছিলোঁ, নাটক চাইছিলোঁ আৰু যাত্ৰা পাৰ্টিও চাইছিলোঁ। আমি হাইস্কুলত পঢ়ি থকা অৱস্থাতেই অভিনয়ৰ প্ৰতি মোৰ মনটোত এক দুৰ্বলতাৰ সৃষ্টি হৈছিল। যেতিয়া মই কলেজলৈ আহোঁ, তেতিয়া শ্বেক্সপিয়েৰৰ নাটক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক, বিষ্ণু ৰাভাৰ নাটক আৰু বিশেষকৈ অৰুণ শৰ্মাৰ নাটকবোৰে মোক বেছিকৈ প্ৰভাৱাম্বিত কৰিছিল।

মই বঙালী নাটকৰো এজন চমজদাৰ শ্ৰোতা আৰু দৰ্শক আছিলোঁ। বাদল সৰকাৰৰ নাটক, ‘ভৈৰৱী গোষ্ঠী’ৰ নাটক, শম্ভূ মিত্ৰৰ নাটকে মোক সদায়েই আকৰ্ষিত কৰি তুলিছিল। মই ‘এবষ্ট্ৰেক’ নাটকো কৰিছোঁ আৰু চাইছোঁ। নাটকত সদায়েই মই বিভিন্ন অনুসন্ধান কৰিবলৈ বিচাৰোঁ। মানুহৰ বিভিন্ন আৱেগ-অনুভূতিক মই নাটকৰ যোগেৰে প্ৰকাশ কৰিবলৈ ভাল পাওঁ।

এসময়ত মই গোৱালপাৰা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ শিক্ষক ৰূপে যোগদান কৰিছিলোঁ। গোৱালপাৰা মহাবিদ্যালয়ত যোগদান কৰাৰ পাছৰে পৰা মই প্ৰকৃতাৰ্থত নাটকৰ সতে জড়িত হৈ পৰিলোঁ। গোৱালপাৰাত আহি মই বহুজন নাট্যকাৰ আৰু অভিনেতাক লগ পালোঁ। তেওঁলোকৰ নাটক সম্পৰ্কে থকা অভিজ্ঞতাই মোকো সমৃদ্ধ কৰি তুলিলে। লাহে লাহে মই নাট ৰচনাত মন দিলোঁ।

’লটিঘটি’ নাটকেৰে মোৰ নাটৰ পৰিক্ৰমা আৰম্ভ হৈছিল। গোৱালপাৰাত অনুষ্ঠিত ‘সদৌ অসম নাট্য সন্মিলন’ৰ গোৱালপাৰা শাখাত এইখন শ্ৰেষ্ঠ নাটক হৈছিল। অৱশ্যে ‘লটিঘটি’য়ে বিশেষ জনপ্ৰিয়তা অৰ্জন নকৰিলেও মোৰ দ্বিতীয় নাটক ‘পগলা ফাটেক’ বিভিন্ন ঠাইত বিভিন্নজনৰ দ্বাৰা উচ্চ প্ৰশংসিত হয়। উক্ত নাটকখনে জনপ্ৰিয়তা অৰ্জন কৰাৰ ফলত মই আৰু নতুন নাটক ৰচনা কৰিবলৈ উৎসাহিত হওঁ। ইয়াৰ পাছত ডিব্ৰুগড়ত মই মোৰ তৃতীয়খন নাটক ‘সংঘাত’ মঞ্চস্থ কৰোঁ। এই নাটকখনে সদৌ অসম ভিত্তিত দ্বিতীয় শ্ৰেষ্ঠ নাটক হিচাপে স্বীকৃতি লাভ কৰে। লাহে লাহে মই নাট্য জগতৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰোঁ। সেই আকৰ্ষণে মোক এগৰাকী নাট্যকাৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰবৰ্তী পৰ্যায়ত একাংকিকা নাটৰ উপৰিও মই পূৰ্ণাংগ নাটক ৰচনা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰোঁ।

সাহিত্য ডট অৰ্গঃ আপোনাৰ শৈশৱ তথা আপোনাৰ বৃত্তিয়ে আপোনাৰ নাটকৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাইছিল নেকি?

উত্তম চন্দ্ৰ শৰ্মাঃ হয়। মই যিহেতু এগৰাকী শিক্ষক আছিলোঁ, সেয়েহে শিক্ষকতাৰ কথা মই মোৰ নাটকত উল্লেখ কৰিছোঁ। এই ক্ষেত্ৰত ‘পগলা ফাটেক’ৰ শিক্ষকজনৰ কথা উল্লেখ কৰিব পৰা যায়। আনহাতে শিক্ষক হোৱা সূত্ৰে মই সমাজৰ বিভিন্ন সমস্যা সম্পৰ্কে অৱগত আছিলোঁ আৰু এনেধৰণৰ সমস্যা সম্পৰ্কে মই নাটকসমূহত উল্লেখ কৰিছোঁ।

মোৰ শৈশৱেও মোৰ নাটসমূহত অলপমান হলেও ভূমুকি মাৰিছে। আমাৰ মূল ঘৰ আছিল পলাশবাৰীত। পাছলৈ আমি আহি মিৰ্জাত বাস কৰিবলৈ ল’লোঁ। তাৰ পাছৰ সময়চোৱাত মোৰ চাকৰি সূত্ৰে মই গোৱালপাৰাৰ বাসিন্দা হৈ পৰিলোঁ। প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ পোৱা শিক্ষকসকলৰ কথা মই সদায়েই স্মৰণ কৰোঁ। মোৰ শ্ৰদ্ধাৰ শিক্ষক হেম বৰুৱাদেৱক মই ‘বি বৰুৱা মহাবিদ্যালয়’ত অধ্যয়ন কৰি থকাৰ সময়ত লগ পাইছিলোঁ। হেম বৰুৱা ছাৰ আৰু বিভিন্নজন শিক্ষকৰ শিক্ষাৰ দ্বাৰা মই প্ৰভাৱিত হৈছিলোঁ। তেওঁলোকৰ আদৰ্শ সদায়েই মোৰ মনত জাতিষ্কাৰ হৈ থাকে। তেনেধৰণৰ মতাদৰ্শকো মই মোৰ নাটকত বিবৃত কৰিছোঁ।

এইখিনিতে মই এটা কথা কবলৈ বিচাৰিম যে মই যি ঠাইৰ বায়ু-পানী সেৱন কৰিছোঁ, সেই ঠাইকেই মোৰ মাতৃভূমি বুলি গণ্য কৰোঁ। কৰ্মসূত্ৰে যিহেতু মই গোৱালপাৰাত থকা আৰম্ভ কৰিলোঁ, যিহেতু গোৱালপাৰাৰ বায়ু-পানী সেৱন কৰি মই জীৱন নিৰ্বাহ কৰি আহিছোঁ, সেয়েহে গোৱালপাৰাৰ স্থানীয় বিভিন্ন ঘটনা-পৰিঘটনাকো মই মোৰ নাটকত উপস্থাপন কৰিছোঁ। এই ঠাইৰ স্থানীয় ঘটনা-পৰিঘটনাসমূহ মোৰ নাটকত উপস্থাপন কৰি আজিও মই সঁচাকৈয়ে এক অনন্য সুখ অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গঃ এগৰাকী নাট্যকাৰ হিচাপে কেনেধৰণৰ নাটক ৰচনাৰ প্ৰতি আপুনি গুৰুত্ব দিছিল?

উত্তম চন্দ্ৰ শৰ্মাঃ সামাজিক বিষয়ত নাটক ৰচনা কৰাত মই অধিক গুৰুত্ব আৰোপ কৰিছোঁ। সমাজৰ বিভিন্ন সমস্যা সম্পৰ্কে মই মোৰ নাটকসমূহৰ মাজেৰে দৰ্শকক অৱগত কৰিবলৈ সদায়েই চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত মই ৰচনা কৰা ‘নকল হীৰা’ নামৰ নাটখনৰ কথা উল্লেখ কৰিবলৈ বিচাৰিম। নাৰীৰ ৰূপ-যৌৱনক লৈ সমাজত সৃষ্টি হোৱা বিভিন্ন সমস্যা সম্পৰ্কে মই এই নাটকখনত উল্লেখ কৰিছোঁ। সমাজৰ বিভিন্ন শ্ৰেণীৰ অৱক্ষয় সম্পৰ্কে মই ‘পগলা ফাটেক’ নামৰ নাটকখনতো উল্লেখ কৰিছোঁ। এইখন নাটকত মই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা তিনিজন ব্যক্তিৰ কথা উল্লেখ কৰিছোঁ। এইখন নাটকৰ এটা চৰিত্ৰ আছিল ৰাজপৰিয়ালৰ সদস্য এজন। আহোম সাম্ৰাজ্য পৰিচালনা কৰা আহোমসকলৰ ৰাজবংশৰ এগৰাকী লোকে সমাজৰ অৱক্ষয়ৰ দিশটো দেখি কেনেদৰে ভাৰসাম্য বজাই ৰখাত অসমৰ্থ হয়, সেই বিষয়ে এইখন নাটকত উল্লেখ কৰা হৈছে। এই নাটকখনতেই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা এগৰাকী শিক্ষকৰ কথাও উল্লেখ আছে। দৰিদ্ৰ পৰিয়ালৰ সন্তান এটিক শিক্ষা লাভত তেওঁ কেনেদৰে সহায় কৰিছিল সেই সম্পৰ্কেও উল্লেখ আছে। শিক্ষকজনে সেই সন্তানটিক উপযুক্ত শিক্ষা দান কৰি তেওঁৰ বিদ্যালয়খনতেই তাক অভিষিক্ত কৰিবলৈ চেষ্টা কৰে যদিও ৰাজনৈতিক নেতা এজনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। পাছলৈ তেওঁৰ ছাত্ৰজনে আত্মহননৰ পথ বাচি লয়। তাকে দেখি শিক্ষকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। এইখন নাটকৰ আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল এগৰাকী স্বাধীনতা সংগ্ৰামী। বহু কষ্টৰ বিনিময়ত দেশখনে স্বাধীনতা পালেও পৰবৰ্তী পৰ্যায়ত সংঘটিত হোৱা খোৱা-কামোৰাই তেওঁক অতিষ্ঠ কৰি তোলে আৰু তেওঁ মানসিক স্থিৰতা হেৰুৱাই পেলায়। এনেদৰে সমাজৰ বিভিন্ন সমস্যা সম্পৰ্কে মই মোৰ নাটকসমূহত উল্লেখ কৰিছোঁ। মই ৰচনা কৰা আন কেতবোৰ নাটক যেনে ‘পথ আৰু প্ৰস্তুতি’ত আমি সমাজ তথা দেশৰ কেনেদৰে উন্নতি সাধিব পাৰোঁ, সেইয়া উল্লেখ কৰিছোঁ। একেদৰে ‘মানুহ অমানুহ’ত আমাৰ ভণ্ড নেতাসকলৰ গাত যে মানৱতা নাই সেইয়া প্ৰমাণ কৰিছোঁ। সমাজৰ বিভিন্ন অৱক্ষয় তথা সামাজিক ব্যাধিসমূহ কেনেদৰে আঁতৰ কৰিব পাৰি, সেই সম্পৰ্কে মই মোৰ প্ৰায় সকলোবোৰ নাটকতেই উল্লেখ কৰিছোঁ।

সাহিত্য ডট্ অৰ্গঃ নাটক চৰ্চাৰ ক্ষেত্ৰত আপুনি কাৰ আদৰ্শক প্ৰেৰণা হিচাপে গ্ৰহণ কৰে?

উত্তম চন্দ্ৰ শৰ্মাঃ এইক্ষেত্ৰত মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাম ল’ব বিচাৰিম। নাৰী চৰিত্ৰই প্ৰধান ভূমিকা পালন কৰা তেখেতৰ নাটবোৰ মোৰ বৰ ভাল লাগে। সাধাৰণ নাৰী এগৰাকীক ৰাণী কৰিবলৈ কৰা চেষ্টা, সাধাৰণ নাৰী এগৰাকীয়ে স্বাধীনতাৰ বাবে যুঁজ দিয়া কথা আদিয়ে মোক সদায়েই আকৰ্ষিত কৰি তোলে। সাধাৰণ মানুহৰ মনত থকা অসাধাৰণ চিন্তাবোৰ তেখেতৰ নাটকত প্ৰতিফলিত হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱ মোৰ বাবে আদৰ্শ পুৰুষ আছিল। ছাত্ৰ অৱস্থাত মই তেখেতৰ সান্নিধ্যও লাভ কৰিছোঁ। তদুপৰি শম্ভূ মিত্ৰ, মানৱ সৰকাৰ আদিয়ে ৰচনা কৰা নাটকৰ পৰাও মই যথেষ্ট প্ৰেৰণা পাইছোঁ। যিবোৰ নাটকত সাধাৰণ মানুহৰ জীৱন প্ৰতিফলিত হয়, যিবোৰ নাটকত মানৱতাবোধ থাকে সেই নাটকসমূহ মোৰ বাবে প্ৰেৰণাৰ কাৰক হয়। মোৰ নিজৰ নাটকসমূহতো মানৱতাবোধ থকা বুলি মই উপলব্ধি কৰোঁ।


সাহিত্য ডট অৰ্গঃ আপুনি ৰচনা কৰা নাটকসমূহৰ বিষয়ে আমাক অলপ জনাবনে? আপোনাৰ দ্বাৰা ৰচিত নাটসমূহক একাংকিকা, পূৰ্ণাংগ নাট আদি বিভিন্ন ভাগত ভাগ কৰিব পৰা যায় নে?

উত্তম চন্দ্ৰ শৰ্মাঃ হয়। এতিয়ালৈ মই প্ৰায় এঘাৰখন একাংকিকা নাট ৰচনা কৰিছোঁ। সেই নাটকসমূহ হ’ল- ‘লটিঘটি’, ‘পগলা ফাটেক’, ‘সংঘাত’, ‘ফিৰিঙতি’, ‘নকল হীৰা’, ‘বিভিন্ন কোৰাছ’, ‘বন্দী বিহংগম’, ‘নতুন ৰামায়ণ’, ‘বিষাক্ত বতাহ’, ‘ৰাক্ষস’আৰু ‘সোণামুৱা’। ইয়াৰে ‘সোণামুৱা’ নামৰ নাটকখন মই শিশুসকলৰ বাবে ৰচনা কৰিছিলোঁ। এইসমূহ নাটক হ’ল মোৰ দ্বাৰা ৰচিত একাংকিকা নাট। একেদৰে মোৰ পূৰ্ণাংগ নাটক দুখন হ’ল ‘এখন হৃদয় লাগে’ আৰু ‘পথ আৰু প্ৰস্তুতি’। আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে মই ৰচনা কৰা নাটকসমূহ গোৱালপাৰা আৰু অসমৰ নাট্যপ্ৰেমী লোকসকলে আঁকোৱালি লৈছে। মই ৰচনা কৰা ‘পথ আৰু প্ৰস্তুতি’ সদৌ অসম চৰকাৰৰ ‘অসম সাংস্কৃতিক বিভাগ’ৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত দৰ্শক আৰু সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।


সাহিত্য ডট অৰ্গঃ উপৰ্যুক্ত নাটকসমূহৰ ভিতৰত কোনখন নাটক আপোনাৰ বাবে চিৰস্মৰণীয় হৈ আছে?

উত্তম চন্দ্ৰ শৰ্মাঃ মোৰ দ্বাৰা ৰচিত সকলো নাট মোৰ মনত স্মৰণীয় হৈ আছে। তথাপি আপোনালোকে সোধা প্ৰশ্নৰ উত্তৰত মই ক’ম যে মই সকলোতকৈ ভাল পোৱা নাটখন হ’ল ‘মহেশ’। মোৰ অন্তৰংগ বন্ধু আৰু মহাবিদ্যালয়ৰ সেই সময়ৰ অধ্যাপক জয়নাল আবেদিনৰ অনুৰোধত মই ‘মহেশ’ নামৰ নাটকখন ৰচনা কৰিছিলোঁ। এই নাটকখনত মই হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ কথা উল্লেখ কৰিছিলোঁ। গোৱালপাৰা অঞ্চলৰ বিভিন্ন ঠাইত এই নাটকখন মঞ্চস্থ কৰা হৈছিল। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ চুটিগল্প এটাৰ আধাৰত মই এই নাটকখন ৰচনা কৰিছিলোঁ। এইখন নাটকৰ কথা ভাবিলে মোৰ আজিও মনটো উৎফুল্ল হৈ পৰে। গোৱালপাৰা অঞ্চলৰ লগতে সমগ্ৰ অসমতেই এই নাটকখন বেছ জনপ্ৰিয় হৈ পৰিছিল।


সাহিত্য ডট অৰ্গঃ এগৰাকী নাট্যকাৰ হিচাপে, এজন পৰিচালক হিচাপে বা এগৰাকী অভিনেতা হিচাপে আপুনি নাটকৰ সতে জড়িত হৈ আছে। আপোনাৰ নাট্য বিশ্লেষণৰ ধাৰা এই সকলোবোৰ ক্ষেত্ৰত একে থাকেনে?

উত্তম চন্দ্ৰ শৰ্মাঃ হয়। নাটক এখন ৰচনা কৰাৰ ক্ষেত্ৰত অথবা নাটক এখনত অভিনয় কৰাৰ সময়ত মোৰ আদৰ্শ সদায়েই অপৰিবৰ্তনীয় হৈ থাকে। অৱশ্যে মোৰ নাটক মঞ্চস্থ কৰাৰ সময়ত বহুজনে মোৰ নাটৰ প্ৰকৃত আদৰ্শ অটুট নৰখাও মই দেখা পাইছোঁ। মই য’তেই নাটক কৰিছোঁ, প্ৰতিখন নাটকখনতে মোৰ সমূহ চৰিত্ৰই মোৰ আদৰ্শক প্ৰতিষ্ঠা কৰে। অভিনেতা হিচাপে, নাট্যকাৰ হিচাপে অথবা পৰিচালক হিচাপে মই সদায়েই মোৰ সামগ্ৰিক আদৰ্শক প্ৰতিষ্ঠা কৰোঁ।


সাহিত্য ডট অৰ্গঃ এগৰাকী নাট্যকাৰৰূপে আপুনি ষাঠিৰ দশকতেই জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই সময়ত মঞ্চসজ্জা কেনেধৰণে কৰা হৈছিল সেই সম্পৰ্কে আমাক অলপ জনাবনে?

উত্তম চন্দ্ৰ শৰ্মাঃ আচলতে সেইয়া সত্তৰ দশকৰহে কথা হ’ব। সেই সময়ত আমি নাটক চাইছিলোঁহে। তেতিয়ালৈ মই নাটক কৰা নাছিলোঁ। গুৱাহাটীৰ ‘আৰ্য নাট্য মন্দিৰ’ত মঞ্চস্থ কৰা দুখন নাটকত মই অভিনয় কৰিছিলোঁ যদিও গোৱালপাৰালৈ আহিহে মই অভিনয়ত ব্যস্ত হৈ পৰিছিলোঁ।

সেই সময়ত বিদ্যুৎৰ ব্যৱস্থা আছিল যদিও আজিৰ দিনৰ দৰে বৈদ্যুতিক আধুনিকতাৰ পৰশ পৰা নাছিল। মঞ্চত কেৱল সাধাৰণ লাইটহে ব্যৱহাৰ কৰা হৈছিল। ১৯৬২ চনত মই গোৱালপাৰালৈ আহোঁ। নাটকৰ সৈতে জড়িত হৈ পৰোঁ ১৯৭৪ চনৰ পৰা। আচলতে অভিনয় কৰাৰ ক্ষেত্ৰত মোক উৎসাহিত কৰিছিল মোৰ ছাত্ৰ-ছাত্ৰীসকলে। মই যেতিয়া মহাবিদ্যালয়ৰ শ্ৰেণীত নাটক পঢ়ুৱাইছিলোঁ, কেতিয়াবা নাটকৰ পাঠৰ মাজে মাজে মই ছাত্ৰ-ছাত্ৰীসকলক অভিনয় কৰিও দেখুৱাইছিলোঁ। তেওঁলোকে মোৰ অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈ মোক কৈছিল,

“ছাৰ আপুনি নাটক লিখক। আমি আপোনাৰ নাটকত অভিনয় কৰিম।”

ছাত্ৰ-ছাত্ৰীসকলৰ কথাত উৎসাহিত হৈ মই ১৯৬৪ চনত ‘লটিঘটি’ নামৰ মোৰ প্ৰথমখন নাটক ৰচনা কৰিছিলোঁ। তেতিয়া সাধাৰণ লাইটেই মঞ্চত ব্যৱহাৰ কৰা হৈছিল। ‘ফ’কাচ’ কৰিবলৈ তেনে একো বিশেষ ব্যৱস্থা নাছিল। নাটকৰ অভিনয়ৰ সময়ত অথবা মঞ্চত ‘চিন’ৰ মাজত তেতিয়া কোনো মাইকৰ ব্যৱস্থাও নাছিল। আমি মঞ্চত চিঞৰি চিঞৰি নাটক কৰিবলগীয়া হৈছিল। ১৯৬৪ চনত যেতিয়া আমাৰ নাটক আৰম্ভ হ’ল আৰু পিছলৈ মানে ১৯৬৬ চনত যেতিয়া গোৱালপাৰাত ‘অসম নাট্য সভা’ৰ অধিৱেশন আৰম্ভ হ’ল, আমি বহু ধৰণৰ নাটক উপভোগ কৰিবলৈ সুযোগ পালোঁ। সেইসমূহ নাটকে আমাক নাট ৰচনা কৰিবলৈ বহুত প্ৰেৰণা যোগালে। তাৰ পিছত মই নিজেই ‘সংগম নাট্য গোষ্ঠী’ নামেৰে নাটকৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিলোঁ। মোৰ কেইজনমান সমনীয়া ব্যক্তিৰ লগত গুৱাহাটীলৈ গৈ আমি ‘ৰবীন্দ্ৰ ভৱন’ আৰু ‘ভাস্কৰ নাট্যমন্দিৰ’ত নাট উপভোগ কৰিছিলোঁ। সেই সময়ত কলিকতাৰ পৰা এটি বহুৰূপী নাট্য গোষ্ঠী আহিছিল। তেওঁলোকে এখন নাটক মঞ্চস্থ কৰিছিল। তাত কেৱল লাইট নুমুৱাই তেওঁলোকে ‘চিন’ৰ ব্যৱস্থা কৰিছিল। একে সময়তেই একেখন মঞ্চতে তেওঁলোকে এফালে আন্ধাৰ কৰি এফালে পোহৰ কৰি বিভিন্ন দৃশ্য ৰূপায়ণ কৰিছিল।

পিছদিনা আমাৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ল। তাত মই এনেধৰণৰ ‘চিন’ আমাৰ দৰে পিছপৰা ঠাইত কেনেদৰে কৰিব পাৰোঁ, সেই বিষয়ে সুধিলোঁ। মোৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে মোক পাঁচ বেটাৰীৰ টৰ্চ এটা আৰু আৰু বেডমিণ্টনৰ ‘কক’ থকা ধৰণৰ তেনে দীঘলীয়া চুঙা এটা ল’বলৈ ক’লে। টৰ্চৰ পোহৰ চুঙাটোৱেদি মাৰি ‘ফ’কাচ’ কৰিবলৈ তেওঁলোকে মোক পৰামৰ্শ দিলে। অৱশ্যে পিছলৈ গোৱালপাৰাতো বিদ্যুৎৰ সৰবৰাহ আমি বিচৰা ধৰণৰেই হ’ল আৰু আমিও মঞ্চত সুবিধা অনুসৰি বিদ্যুৎৰ ব্যৱহাৰ কৰিবলৈ সমৰ্থ হলোঁ।

এইবাৰ মই আপোনালোকক সেই সময়ৰ মঞ্চৰ ‘মেক আপ’ সম্পৰ্কে কেতবোৰ কথা জনাবলৈ চেষ্টা কৰিম। আমি নাটক মঞ্চস্থ কৰাৰ সময়ত পেছাদাৰী শিল্পী প্ৰায় নাছিলেই। সেই সময়ত যেতিয়া গুৱাহাটীত নাটক কৰোঁ, তেতিয়া তালৈ পেছাদাৰী শিল্পী অনা হৈছিল। এইসকল শিল্পীয়ে অভিনেতাসকলৰ মেক আপৰ দিশটো চোৱাচিতা কৰিছিল। পিছে গোৱালপাৰাত তেনেধৰণৰ শিল্পী বৰ বিশেষ নাছিল। আমাৰ মাজৰ দুজনমান ব্যক্তি যেনে প্ৰয়াত ৰামকৃষ্ণ মেধী, প্ৰয়াত গোপাল কৈৰী, গোপেন দাস আদিয়ে মেক আপৰ বাবে প্ৰয়োজনীয় সামগ্ৰী গুৱাহাটীৰ পৰা ক্ৰয় কৰি আনি আমাৰ অভিনেতাসকলৰ মেক আপৰ কামখিনি কৰি দিছিল।


সাহিত্য ডট অৰ্গঃ সেই সময়ত ‘মেক আপ’ৰ বাবে ব্যৱহৃত সামগ্ৰীবোৰ ভাওনাত ব্যৱহাৰ কৰা সামগ্ৰীসমূহেই আছিল নেকি?

উত্তম চন্দ্ৰ শৰ্মাঃ হয়, তেনেধৰণৰেই আছিল। দীঘল চুলিবোৰ ক্ৰয় কৰি আমি অভিনেতাসকলৰ বাবে চৰিত্ৰৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিছিলোঁ। আমাৰ ইয়াত আধুনিক সামগ্ৰী প্ৰায় নাছিলেই। বুঢ়া মানুহৰ চৰিত্ৰৰ বাবে আৱশ্যকীয় পকা চুলিৰ বাবে চুলিত পাউদাৰ লগাই বগা কৰি দিয়া হৈছিল। মানে সহজ-সৰলভাবে ‘মেক আপ’ৰ দিশটো চোৱা হৈছিল।


সাহিত্য ডট অৰ্গঃ আপোনালোকে কেনেদৰে নাটকৰ ‘ছেট’ ডিজাইন কৰিছিল?

উত্তম চন্দ্ৰ শৰ্মাঃ ধৰি লওক আমি এটা ঘৰৰ চিন কৰিবলগীয়া হ’ল, সেয়া আমি কেনেকৈ দেখুৱাম? ইয়াতটো আন উপায় নাছিল। তেতিয়া আমি কি কৰিছিলোঁ, সেইয়া মই আপোনালোকক এটা উদাহৰণেৰে বুজাবলৈ চেষ্টা কৰিম। মোৰ ‘মহেশ’ নামৰ নাটখনত গাঁৱৰ এটা খেৰীঘৰ দেখুৱাবলগীয়া হ’ল। সেই খেৰীঘৰটো দেখুৱাবলৈ এঘৰ মানুহৰ ঘৰৰ চালি এখন লৈ অহা হ’ল। কাহিনীৰ প্ৰয়োজনত উৱলি যোৱা চালিৰ দৰকাৰ হৈছিল। সেয়েহে আমি তেনে এখন চালি বিচাৰি আনি মঞ্চত ব্যৱহাৰ কৰিলোঁ। আমি নাট ৰচনা কৰাৰ সময়তো সামগ্ৰীৰ নাটনিৰ কথাটো লক্ষ্য কৰিছিলোঁ। প্ৰয়াত নৃপেন বৰুৱা আৰু অন্যান্যই নাটক মঞ্চস্থ কৰাৰ সময়ত বিভিন্ন সামগ্ৰীৰ যোগান ধৰি আমাক সহায় কৰিছিল যদিও এনে ক্ষেত্ৰত সদায়েই কেতবোৰ সীমাবদ্ধতা আছিল। অৱশ্যে সামগ্ৰীৰ সীমাবদ্ধতাৰ মাজতো আমি নাটকসমূহ বাস্তৱধৰ্মী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ।


সাহিত্য ডট অৰ্গঃ অভিনেতা-অভিনেত্ৰীৰ বেশভূষা অথবা মঞ্চ সজ্জাৰ ক্ষেত্ৰত ৰঙৰ ব্যৱহাৰ কৰিছিল নে?

উত্তম চন্দ্ৰ শৰ্মাঃ ৰঙৰ তেনে বিশেষ ব্যৱহাৰ নাছিল। সাধাৰণভাবেই সকলোবোৰ সজাই লোৱা হৈছিল।

সাহিত্য ডট অৰ্গঃ সেই সময়ৰ আৰ্থ-সামাজিক পৰিৱেশে নাটক মঞ্চস্থ কৰাৰ ক্ষেত্ৰত কেনেধৰণেৰে প্ৰভাৱ পেলাইছিল?

উত্তম চন্দ্ৰ শৰ্মাঃ তেতিয়া ইয়াত টিকট কাটি নাটক চোৱা মানুহ কোনো নাছিল। আমি ঘৰে ঘৰে গৈ অৰ্থ সংগ্ৰহ কৰিছিলোঁ। মহাবিদ্যালয়ৰ শিক্ষক বুলি ক’লে সমাজত আমাক যথেষ্ট সন্মানৰ চকুৰে চোৱা হৈছিল। তদুপৰি মোৰ উদ্যোগত যি দুখন নাট প্ৰতিযোগিতা গোৱালপাৰা মহাবিদ্যালয়ত হৈছিল, সেয়া গোৱালপাৰাবাসী ৰাইজে বৰ ভাল পাইছিল। তেতিয়াৰ পৰা মোৰ নাটক বুলি শুনিলে তেওঁলোকে নাটক চাবলৈ উৎসাহিত হৈ পৰিছিল। কেতবোৰ মানুহে মোৰ নাটক মঞ্চস্থ কৰিবলৈ দান- বৰঙনিও আগবঢ়াইছিল। মই সৃষ্টি কৰা ‘সংগম নাট্য গোষ্টী’ৰ বাবেও আমি ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰিছিলোঁ। টিকট বিক্ৰী কৰি নাট মঞ্চস্থ কৰা সম্ভৱ নাছিল। সেয়েহে আমি ‘pushing sale’ ত গুৰুত্ব আৰোপ কৰিছিলোঁ।


সাহিত্য ডট অৰ্গঃ সেইসময়ত নাটকত মহিলাৰ ভূমিকা কেনেধৰণৰ আছিল? মহিলাসকলে যেতিয়া অভিনয় কৰিবলগীয়া হৈছিল তেতিয়া কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল?

উত্তম চন্দ্ৰ শৰ্মাঃ আমি গুৱাহাটীত নাটক কৰি থাকোঁতে তাত অভিনয় কৰা পেছাদাৰী মহিলা শিল্পীসকলক লগ পাইছিলোঁ। গোৱালপাৰাত মঞ্চস্থ কৰা নাটকত অভিনয় কৰিবলৈ গাঁৱৰ নাট্যগোষ্ঠীসমূহৰ পৰা দুগৰাকীমান অভিনেত্ৰী আহিছিল। আনহাতে মঞ্চৰ সফল অভিনেত্ৰী বীণা দাস মান্না আৰু দুগৰাকীমান শিল্পী গুৱাহাটীৰ পৰা আমাৰ ইয়ালৈ নাটক কৰিবলৈ আহিছিল। অৱশ্যে মোৰ নাটকবোৰ মঞ্চস্থ কৰাৰ ক্ষেত্ৰত মোৰ আন এটা সুবিধা আছিল। মোৰ বহুগৰাকী ছাত্ৰী নাটকৰ প্ৰতি আগ্ৰহী আছিল। তেওঁলোকেই মোৰ নাটকত অভিনয় কৰিছিল। অৱশ্যে সেইয়া সম্ভৱ হৈছিল তেওঁলোকৰ অভিভাৱকসকলৰ পৰা লাভ কৰা সন্মতি সাপেক্ষেহে।

এইখিনিতেই মই আন এটা ঘটনাৰ কথা কওঁ। গুৱাহাটীৰ ‘ৰবীন্দ্ৰ ভৱন’ত মই নাটক এখন মঞ্চস্থ কৰিবলৈ ওলাইছিলোঁ। নাটকখনত নাৰী চৰিত্ৰ আছিল দুটা। সেই সময়তেই মই ছোৱালী এগৰাকীৰ সাক্ষাৎ লাভ কৰিলোঁ। তেওঁ নাটকত অভিনয় কৰিবলৈ বিচাৰিছিল। বঙালী সম্প্ৰদায়ৰ ছোৱালী জনীৰ নাম আছিল এলা সেন। তেওঁৰ আচল ঘৰ আছিল দৰংগিৰিত। মাউৰা ছোৱালীজনীৰ অভিভাৱক আছিল তাইৰ ককায়েক। তাই মোক ককায়েকৰ পৰা অনুমতি পালে নাটকত অভিনয় কৰিব পাৰিব বুলি কলে। ময়ো উৎসাহিত হৈ দৰংগিৰিত অৱস্থিত সিহঁতৰ ঘৰলৈ গৈ তাইৰ অভিভাৱকৰ পৰা তাই নাটক কৰাৰ অনুমতি পালোঁ। তাই আমাৰ ঘৰতেই পোন্ধৰ দিন থাকি নাটকত অংশগ্ৰহণ কৰিলে।

মন্দিৰা নাথ নামৰ গোৱালপাৰাৰ আন এজনী ছোৱালীয়ে নাটকৰ ৰিহাৰ্চেল কৰি গুৱাহাটীলৈ গৈ নাট এখন কৰিছিল। অৱশ্যে একাংকিকা নাটবোৰত কোনো ছোৱালীৰ চৰিত্ৰ তেনেদৰে নাছিল। কোনো নাৰী চৰিত্ৰত অভিনয় কৰিব পৰাকৈ তেনে কোনো পেছাদাৰী অভিনেত্ৰীও সেই সময়ত নাছিল। অৱশ্যে শিক্ষক হিচাপে ৰাইজৰ পৰা লাভ কৰা আস্থাই মোক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল।

সাহিত্য ডট অৰ্গঃ আপোনাৰ দৃষ্টিত আজিৰ তাৰিখত নাৰীসকলে অভিনয় কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নে?

উত্তম চন্দ্ৰ শৰ্মাঃ এতিয়া কথাবোৰ সলনি হ’ল। আজিকালি গাওঁবোৰতো মহিলাসকল ওলাই আহিছে। স্কুল- কলেজবোৰ স্থাপন হোৱাৰ লগে লগে মানুহবোৰৰ মনবোৰো সলনি হ’বলৈ আৰম্ভ কৰিছে। সেইবাবে নাটকত মহিলাৰ চৰিত্ৰত অভিনয় কৰিবলৈ মহিলাসকল ওলাই আহিছে। এইয়া নাটক মঞ্চায়নৰ ক্ষেত্ৰত উৎসাহজনক কথা।

সাহিত্য ডট অৰ্গঃ আপোনালোকে গোৱালপাৰা অঞ্চলত নাট মঞ্চস্থ কৰাৰ সময়ত যাত্ৰা পাৰ্টিসমূহৰ প্ৰভাৱ আছিলনে?

উত্তম চন্দ্ৰ শৰ্মাঃ তেতিয়া ইয়াত যাত্ৰাৰ প্ৰভাৱ কিছু পৰিমাণে আছিল। আমি দুটা দলৰ সাক্ষাৎ লাভ কৰিছিলোঁ। অৱশ্যে গোৱালপাৰা চহৰত মই স্থানীয় যাত্ৰা দেখা নাছিলোঁ। যাত্ৰাৰ মুখিয়াল বলোদেব ওষ্টাদ নামৰ লোক এজনক মই লগ পাইছিলোঁ। দুটামান যাত্ৰা পাৰ্টিৰ সৈতে মই যাত্ৰাও কৰিছিলোঁ। ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা আমাৰ যাত্ৰাবোৰ বন্ধ হৈ পৰিল। পিছে যাত্ৰাইহে আচলতে অভিনয়ৰ বাবে প্ৰথমতে অণুপ্ৰেৰণা যোগাইছিল। গোৱালপাৰা চহৰৰ বাহিৰত যেনে ধূপধৰাৰ পৰা লক্ষ্মীপুৰ আদি অঞ্চললৈকে যাত্ৰা পাৰ্টিসমূহে যাত্ৰা কৰিছিল।

সাহিত্য ডট অৰ্গঃ নাটকৰ বৰ্তমানক লৈ আপুনি সন্তুষ্ট নে?

উত্তম চন্দ্ৰ শৰ্মাঃ মাজে মাজে মই বৰ্তমানক লৈ হতাশ হৈ পৰোঁ। আমাৰ নতুন প্ৰজন্মৰ লোকসকলে যেন নাটক কৰিব লাগে বাবেহে কৰি আছে। পিছে তাত যেন নাটক মঞ্চস্থ কৰাৰ আচল উদ্দেশ্যটো নিহিত হৈ নাথাকে। মই ১৯৮০ চনত যিসমূহ নাটক মঞ্চস্থ কৰিছিলোঁ, এতিয়াও প্ৰায় তেনেধৰণৰ নাটকেই মঞ্চস্থ হৈ আছে। নাটকৰ এক অৱনতি ঘটিছে। অৱশ্যে তাৰ মাজতেই বহু ভাল লগা কথাও আছে। আমাৰ গোৱালপাৰৰ সন্তান আদিল হুচেইন বিশ্ব-বিখ্যাত অভিনেতা হৈ গ’ল। এইয়া কম গৌৰৱৰ কথানে? এই গোৱালপাৰাৰ ‘অসম ক্লাৱ’ৰ পৰাই তেওঁ ওলাই গৈছে। সেই ‘অসম ক্লাৱ’ৰ আজি এশ বছৰ পূৰ্ণ হৈ গ’ল। এই ক্লাবে বহুজন অভিনেতা সৃষ্টি কৰিছে। এনেবোৰ কথাই মোৰ মনটো আহ্লাদিত কৰি তোলে।

বৰ্তমান সময়ত অসমত যিসমূহ নাটক কৰি থকা হৈছে মানে যেতিয়া আমি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটসমূহ চাওঁ, তেতিয়া দেখিবলৈ পাওঁ যে নাটকৰ নামত আচলতে এক ব্যৱসায়হে চলি আছে। সাধাৰণ মানুহৰ মনোৰঞ্জনৰ দিশটোতহে বেছিকৈ জোৰ দিয়া দেখিবলৈ পাইছোঁ। দৃশ্য সজ্জাৰ ক্ষেত্ৰতো বেছিকৈ চমক দিবলৈ চেষ্টা কৰা দেখা যায়। আদৰ্শগত নাটক আজিকালি ভ্ৰাম্যমাণত কমেই দেখা পোৱা যায়। সাধাৰণভাৱে নাটকৰ এটা ব্যৱসায়হে চলি থকা দেখা গৈছে আৰু নাট্যকাৰৰো এক ব্যৱসায় চলি থকা দেখা পোৱা গৈছে। অৰ্থাৎ নাটকৰ সমগ্ৰ কাৰবাৰটো যেন এক পেছাদাৰী শিল্পলৈ পৰিণত হৈছে।

যদিও বৰ্তমান সময়ত অপেছাদাৰী নাটকৰ চৰ্চা আগতকৈ কমি যোৱা দেখিবলৈ পাইছোঁ, তথাপিও তাৰ মাজতে দুই এখন ভাল নাটক হৈ থকা দেখা পাইছোঁ। কিন্তু তাহানিৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱ বা ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ দৰে নাট্যকাৰে সৃষ্টি কৰা আদৰ্শগত নাটকেই হওক বা বুৰঞ্জীমূলক নাটকেই হওক, তেনেধৰণৰ নাটকৰ চৰ্চা আজিকালি যথেষ্ট কমি গ’ল। এইটো আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক কথা।


সাহিত্য ডট্ অৰ্গ: সৌ সিদিনা গোৱালপাৰাত উদয় শংকৰ দে ডাঙৰীয়াৰ এখন নাট “হুচেইন ছাৰৰ লাঠি’’ মঞ্চস্থ হোৱাৰ আগেয়ে আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাই সম্বৰ্ধনা আৰু কৃতজ্ঞতা জনোৱা হৈছিল। সেই মুহূৰ্তত আপোনাক আৱেগিক হোৱা আমি দেখিবলৈ পাইছিলোঁ। সেই বিশেষ মুহূৰ্ত সম্পৰ্কে আমাক অলপ জনাবনে?

উত্তম চন্দ্ৰ শৰ্মাঃ হয়, সেইখন এখন ভাল নাটক মঞ্চস্থ হৈছিল। নাটকখন উপভোগ কৰি থাকোঁতে মোৰ চকুপানী ওলাই আহিছিল। আমাৰ ইয়াতো বহু ভাল নাট্যকাৰ আছে, ভাল ভাল অভিনেতা আছে। মই তেওঁলোকক ক’ব বিচাৰোঁ যে তেওঁলোকে যেন হাত সাৱটি বহি নাথাকে। আদিল হুছেইন মোৰ ছাত্ৰ আছিল। তেওঁক মই কৈছিলোঁ, “তুমি আজি এজন বিশ্ববিখ্যাত অভিনেতা, এইটো আমাৰ কাৰণে পৰম গৌৰৱৰ কথা।” আমাৰ ইয়াৰ যিসকল ভাল ভাল অভিনেতা- অভিনেত্ৰী আছে তেওঁলোকক বাহিৰলৈ লৈ যাব নোৱাৰিনে? আমাৰ ইয়াতো শামুকৰ পেটত মাণিক আছে। এই মাণিক আমি বিচাৰি উলিয়াব পাৰিব লাগিব।

এইখিনিতেই মই উল্লেখ কৰিব বিচাৰোঁ যে আদিল হুছেইনৰ দৰে মোৰ ছাত্ৰ জয়ন্ত মেধিয়েও প্ৰতিভাবান অভিনেতা ৰূপে খ্যাতি লাভ কৰিছে। ঠিক তেনেদৰে সনৎ নাথ, প্ৰণৱ বৰা আদিয়েও ভাল অভিনয় কৰিছে। পিছে মূল কথাটো হৈছে এই যে আমি এসময়ত যেনেকৈ অসমৰ বিভিন্ন ঠাইলৈ গৈ নিজৰ গাঁঠিৰ ধন ভাঙিও নাটক প্ৰদৰ্শন কৰিছিলোঁ, তেনেধৰণৰ চেষ্টাবোৰ আমাৰ গোৱালপাৰাত আজিকালি কমি অহা দেখিবলৈ পাইছোঁ। অৱশ্যে মোৰ মনত এতিয়াও আশা আছে। যদি মোৰ স্বাস্থ্য ভালে থাকে তেন্তে এই ভাল ভাল ল’ৰাখিনিক উলিয়াই নিয়াৰ স্বাৰ্থত মই আগৰ দৰে নাটক কৰিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকেও প্ৰচাৰ মাধ্যমৰ যোগেৰে যিমানখিনি সম্ভৱ চেষ্টা কৰি ভাল নাট্যকাৰ, নাট্যপ্ৰেমী আৰু অভিনেতা সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিবলৈ মই টানি অনুৰোধ জনালোঁ।

সাহিত্য ডট অৰ্গঃ আমাৰ আলোচনীখনত প্ৰতিবাৰতেই একোটা ‘থিম’ থাকে। এইবাৰৰ ‘থিম’টো হৈছে যোগাযোগ। আপোনাৰ দৃষ্টিত নাটকে মানুহৰ মাজত যোগাযোগ স্থাপনত কেনেদৰে অৰিহণা যোগাইছে?

উত্তম চন্দ্ৰ শৰ্মাঃ যোগাযোগৰ ক্ষেত্ৰত নাটক হ’ল প্ৰধান মাধ্যম। মহাপুৰুষ শংকৰদেৱে তেওঁৰ নাটকক প্ৰচাৰ মাধ্যমৰ এটি প্ৰধান অংগ হিচাপে লৈ অংকীয়া নাটসমূহ কৰিছিল। আগতে যাত্ৰা পাৰ্টিসমূহৰো উদ্দেশ্য আছিল যোগাযোগৰ এক সূষম ব্যৱস্থা গঢ়ি তোলা। ‘যাত্ৰা’ শব্দৰ অৰ্থটো হ’ল ‘যোৱা’। কেনেদৰে আমি মানুহৰ মাজলৈ যাব পাৰোঁ, সেই বিষয়েই যাত্ৰা পাৰ্টিসমূহত গুৰুত্ব দিয়া হৈছিল।

নাটকৰ জৰিয়তে মানুহৰ মাজত তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কালিদাসে যেতিয়া শকুন্তলা নাটকখন ৰচনা কৰিছিল, তেতিয়া তেওঁ কৈছিল, “সাব্যেচু নাটক ৰম্যম নত্যৰম্যম শকুন্তলা’’ অৰ্থাৎ কাব্যৰ ভিতৰত নাটকেই আটাইতকৈ ৰমনীয়। ‘ৰমনীয়’ শব্দৰ অৰ্থ হ’ল এইয়েই যে নাটকে মানুহক সোনকালে আকৰ্ষিত কৰিব পাৰে। নাটকৰ যথাৰ্থতা সম্পৰ্কীয় এক প্ৰাচীন কাহিনীও আছে। উক্ত কাহিনীত কোৱা হৈছে যে একে সময়তে চকুৰে দেখিব পৰা আৰু কাণেৰে শুনিব পৰা এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ মানসেৰে দেৱতাসকলে মহাদেৱক প্ৰাৰ্থনা জনালে। উচ্চ-নিম্ন জাতি সমন্বিতে সকলোৱে যাতে এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব পাৰে, তাৰ বাবেও দেৱতাসকলে মহাদেৱক অনুৰোধ জনালে। দেৱতাসকলৰ প্ৰাৰ্থনাত মহাদেৱ সন্তুষ্ট হৈ নাট সৃষ্টি কৰিলে। মহাদেৱে সৃষ্টি কৰা এই নাট সকলোৱে উপভোগ কৰিলে।

আচলতে সঙ্গীত বা আন সকলো কলাৰ ভিতৰত নাটকে অধিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। সেয়েহে নাটকে যোগাযোগৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।

সাহিত্য ডট অৰ্গঃ আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিত নাটক সম্পৰ্কীয় বহু কথাই আমি আপোনাৰ পৰা জানিব পাৰিলোঁ। নাটক সম্পৰ্কীয় আপোনাৰ অভিজ্ঞতাই আমাক সঁচাকৈয়েই সমৃদ্ধ কৰি তুলিলে। আপোনাৰ নাট্য প্ৰতিভা আৰু জীৱন দৰ্শনে নিশ্চয় আমাৰ পাঠকসকলক, নাট্যপ্ৰেমী লোকসকলক আৰু বিশেষকৈ নৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক নাটকৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব। আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

উত্তম চন্দ্ৰ শৰ্মাঃ মোক মোৰ কথাবোৰ কবলৈ সুযোগকণ দিয়াৰ বাবে আপোনালোককো মই ধন্যবাদ জনালোঁ আৰু আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments