ৰে’ল গাড়ীৰ অন্তিম ডবা

লেখক- মিনাৰাম মিলি

এটা দীঘলীয়া উকি মাৰি

কুণ্ডলী পকোৱা ধোঁৱাৰ মাজত

বছৰৰ হিচাপনিকাচ এৰি

পাৰ হৈ গ

বছৰৰ শেষৰখন

ৰেল গাড়ী। 

এটা বুজাব নোৱৰা শূন্যতাৰে

মনটো সেমেকি উঠিল। 

কি দিলে বা পালে

তাৰ কৈফিয়ৎ নোলোৱাকৈ

সময় মতে যাত্ৰা কৰাটো তাৰ নিয়ম। 

ৰেলৰ উকিত সুৰ মিলাই

গৰাকীবিহীন কুকুৰকেইটা

ভুকি ভুকি দৌৰিলে 

লক্ষ্যহীন পথেদি। 

বহুজনৰ সুখ

কিছুলোকৰ দুখ

বহন কৰা ৰেলখন

আগৰ ষ্টেচনটোত ৰ

তেতিয়া এটা নতুন বছৰ আৰম্ভ হব। 

প্লেটফৰ্মৰ চুকত থকা পকী বেঞ্চখনে

দীঘলীয়া হুমুনীয়াহ এটা এৰিল 

সুখৰ নে দুখৰ 

একো নুবুজাকৈ। 

ৰেলৰ চকা ঘূৰাৰেপৰা

কিমানজনৰ উশাহৰ উমান পাইছে

নিৰ্জীৱ নিথৰ বেঞ্চখনে

সময়ত ৰেলগাড়ী নহা বা

সময়মতে আহি নোপোৱাজনৰ

ইচাত বিচাত মনৰ

তপত নিঃশ্বাস। 

তথাপি ৰৈ থাকে

সময় বতাহৰ দৰে বৈ থাকে। 

আমি গৈ আছোঁ একে বাটে

অন্তিম ডবাৰ বেঞ্চত বহি

এক নিৰন্তৰ গতিত

সময় কুৰুকি কুৰুকি। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!