পাহৰণিৰ কবলত যোগাযোগৰ অন্যতম মাধ্যম, চিঠি
লেখক- পদ্মজা বৰুৱা মহন
যোগাযোগ শব্দটো এটা বিভ্ৰান্তিকৰ শব্দ। একো একোজন ব্যক্তিয়ে ভিন ভিন ভাৱত তথা ভিন ভিন অৰ্থত এই শব্দটো ব্যৱহাৰ কৰে। সহজ ভাষাত ক’বলৈ গ’লে যোগাযোগ হৈছে এনে এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি আমাৰ চিন্তা, অনূভূতি, ধাৰণা, অভিজ্ঞতা ইত্যাদি ইজনে সিজনৰ লগত আদান প্ৰদান কৰোঁ। বস্তুতঃ আমাৰ জীৱনৰ যোগাযোগ প্ৰক্ৰিয়াৰ কেতিয়াও সমাপ্তি নঘটে। আমি আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে যোগাযোগ কৰি থাকোঁ। আনকি সৃষ্টিকৰ্তাৰ প্ৰতি আমাৰ বিশ্বাসো একধৰণৰ যোগাযোগ।
মানৱ সমাজৰ বাবে যোগাযোগেই তেওঁলোকৰ জীৱনৰ মহত্ত্বপূৰ্ণ অংগ। পৃথিৱীত বাস কৰা মানুহবিলাকে ইজনে সিজনৰ লগত সম্পৰ্ক ৰাখিবৰ বাবে যোগাযোগ মাধ্যমৰ অতি আৱশ্যক। আজিৰ এই একবিংশ শতিকাত যোগাযোগৰ বিভিন্ন মাধ্যমৰ অবিহনে জীৱন নিওঁৱাৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ। যিমানেই বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বিকাশ ঘটিব ধৰিছে সিমানেই যোগাযোগৰ নতুন নতুন উপকৰণ যেনে টেলিগ্ৰাম, টেলিফোন, ৰেডিঅ’, টিভি, ইণ্টাৰনেট, মোবাইল ফোন আদি আৱিষ্কাৰ হ’ব ধৰিছে আৰু আমি সকলোৱে যোগাযোগৰ এই মাধ্যমবিলাকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছোঁ। এতিয়া বিজ্ঞান ইমানেই আগবাঢ়ি গৈছে যে বিশ্বৰ যিকোনো কোণত থকা ব্যক্তি এজনৰ সৈতেও আন একোণত থকা ব্যক্তি এজনে ভিডিঅ’ কলিঙৰ জৰিয়তে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পৰা হৈছোঁ।
প্ৰাচীন কালত যোগাযোগৰ বাবে বৰ বেছি মাধ্যম উপলব্ধ নাছিল, তথাপিও এই প্ৰক্ৰিয়া নিৰন্তৰ চলি আছিল। আমি যদি অতীতলৈ ঘূৰি চাওঁ দেখিবলৈ পাম আজিৰ মেছেঞ্জাৰ, ইমেইল আদিৰ অবৰ্তমানত চিঠিয়েই আছিল যোগাযোগৰ অন্যতম মাধ্যম। অতীতৰ সামাজিক ও ৰাজনৈতিক ইতিহাসৰ পৰ্যালোচনা কৰিবৰ বাবে আজিও গৱেষকসকলে পুৰাতন চিঠিৰ সহায় লয়। পৃথিৱীত কোনে কালৈ প্ৰথম চিঠি লিখিছিল সেইবিষয়ে সঠিক তথ্য আজি পোৱা নাযায়। ইতিহাসত পোৱা মতে বহু যুগৰ আগতে মেছোপটেমিয়াৰ সুমেৰিয়ান অঞ্চলৰ মানুহে ছবি আঁকি মনৰ ভাৱ প্ৰকাশ কৰিছিল। যেনেদৰে আকাশত তৰা আদি ছবি আঁকি দিলে ৰাতি বুজায়, ধনু কাঁড়ৰ ছবি আঁকিলে বুজায় যুদ্ধৰ বৰ্ণনাক। ছবিৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশৰ এই মাধ্যমৰ নাম আছিল পিক্টোগ্ৰাম (pictogram)। এই পিক্টোগ্ৰামকে কোৱা হয় চিঠিৰ বিৱৰ্তিত ৰূপ। কিছু তথ্যত পোৱা মতে খ্ৰীষ্টপূৰ্ব পাঁচশ বছৰ আগতে পাৰ্চিয়ান ৰাণী অট’চাই প্ৰথমখন হাতেলিখা চিঠি লিখিছিল। কিন্তু কালৈ লিখিছিল সেয়া জনা নাযায়। ১৮৪০ চনত ৰাণী ভিক্টোৰিয়াই আন এখন চিঠি লিখাৰ তথ্য পোৱা গৈছে।
ঐতিহাসিক ভাৱে চিঠিৰ প্ৰচলন হৈছিল প্ৰাচীন ভাৰত, মিছৰ, ৰোম, চীন আদি দেশত। আগৰ দিনত ভাৰতবৰ্ষত ঘোঁৰা আৰু মৰুভূমি অঞ্চলত উটে চিঠিৰ বোজা কঢ়িয়াইছিল। উপমহাদেশীয় প্ৰাচীন ইতিহাস অনুযায়ী জনা যায় পূৰ্বতে এঠাইৰ পৰা আনঠাইলৈ খবৰ–বাতৰিৰ আদান–প্ৰদান কৰিবলৈ পঠোৱা হৈছিল বাৰ্তাবাহক বা দূতক। তাৰ দূৰৱৰ্তী অঞ্চললৈ খবৰ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছিল পাৰ চৰাইক। এই পাৰ চৰাইবোৰক প্ৰশিক্ষণ দি তৈয়াৰ কৰি লৈছিল। ইহঁতৰ ঠেঙত বান্ধি দিয়া হৈছিল চিঠিবোৰ। এই পাৰবিলাকৰ উৰণৰ বেগ প্ৰতি ঘণ্টাত ১৬ মাইলৈকে হৈছিল। সিহঁতে নিজৰ ঠাইৰ পৰা ১৬০০কিমি আগলৈ গৈয়ো ৰাস্তা নেহেৰুৱাই উভতি আহিছিল। ধুমুহা– বতাহ, প্ৰাকৃতিক দুৰ্যোগ সকলো নেওচিও সিহঁতে নিজৰ লক্ষ্য স্থানত গৈ উপস্থিত হ’ব পাৰিছিল। সম্ৰাট চেংগিজ খাঁৰ অধীনৰ ৰাজ্যবিলাকৰ লগত যোগাযোগ বৰ্তাই ৰাখিছিল এই পাৰৰ মাধ্যমেৰে। তাৰ পাছত ডাক ব্যৱস্থাত নতুন নতুন সংযোজন হ’ল। দিল্লীৰ প্ৰথম চুলতান কুতুবুদ্দিন আইবাকৰ শাসন কালত ডাক ব্যৱস্থাত ঘোঁৰাৰ ব্যৱহাৰ হয়। পৰ্যটক ইবন বটুটাৰ বিৱৰণীৰ পৰা জনা যায় যে সেই সময়ত দুই ধৰণৰ ডাক ব্যৱস্থাৰ প্ৰচলন আছিল। এবিধ হ’ল সাধাৰণ ডাক আৰু আনবিধ হ’ল জৰুৰী অৱস্থাৰ; যেনে কোনো বহিৰাগতৰ আক্ৰমণৰ সংবাদ অথবা যুদ্ধ জয়–পৰাজয়ৰ সংবাদ প্ৰেৰণ কৰা হৈছিল ঘোঁৰাৰে অনা– নিয়া কৰা ডাক ব্যৱস্থাৰে।
কেৱল ঐতিহাসিক দিশতে যে চিঠিৰ গুৰুত্ব আছে সেয়া নহয়, সাহিত্য–সংস্কৃতিৰ দিশতো এই চিঠিৰ ভূমিকা অপৰিসীম। গীতে–মাতে, কবিতাই অসমীয়া সমাজত এই চিঠিয়ে মহত্ত্বপূৰ্ণ ভূমিকা লৈ আহিছে।
জ্ঞানদাভিৰাম বৰুৱাৰ পত্ৰধৰ্মী ভ্ৰমণ সাহিত্য “বিলাতৰ চিঠি”, হেম বৰুৱাৰ বহুল জনপ্ৰিয় অন্তৰস্পৰ্শী কবিতা ‘মমতাৰ চিঠি’, প্ৰথম অসমীয়া চনেট কবিতা ‘প্ৰিয়তমাৰ চিঠি’ আদি উল্লেখযোগ্য অসমীয়া সাহিত্যৰ উদাহৰণ। স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বাধীনতা আন্দোলনৰ সময়ত কাৰাবাস খাটি থাকোঁতে কাৰাগাৰৰ পৰাই তেওঁৰ জীয়ৰী ইন্দিৰা প্ৰিয়দৰ্শিনীলৈ লিখা চিঠিসমূহৰ সংকলন ‘ডিস্ক’ভাৰী অৱ ইণ্ডিয়া’ কেৱল তেওঁৰ কন্যাৰ বাবেই নহয় প্ৰতিজন ভাৰতীয়ৰ বাবেই অমূল্য সম্পদৰূপে চিহ্নিত হৈ আহিছে।
”ভাবিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ “
”চিঠি পালোঁ পঢ়ি চালোঁ এই তুমি পাবাহি”
”পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি”
”তোমাৰ নাম দেখোঁ পত্ৰলেখা
পত্ৰ তুমি নিলিখা হ’লা….” আদি গীত আজিও জনমানসত চিৰসেউজ হৈ ৰৈ আছে।
চিঠি কেৱল যোগাযোগৰ মাধ্যমেই নহয়, চিঠি হ’ল মানুহৰ হৃদয়ৰ মাধ্যম, হেঁপাহৰ মাধ্যম। চিঠি এখন কাৰোবালৈ পঠিওৱাৰ পিছত প্ৰত্যুত্তৰ জনাই লিখা চিঠিখনলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা, পদূলিত ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ মাত শুনিলেই খৰখেদাকৈ আগবাঢ়ি যোৱা, চিঠি হাতত তুলি লোৱা, পঢ়ি চোৱা, আনন্দত অধীৰ হৈ উঠা…..এই সকলোবোৰ অনুভৱ বুজিব পাৰে মাত্ৰ সেইজনেহে যিয়ে চিঠি লিখি পাইছে বা কাৰোবাৰ চিঠিৰ বাবে অপেক্ষা কৰি পাইছে।
ম’বাইল ফোনবোৰ সুলভ হোৱাৰ আগলৈকে আমাৰ দিনত যোগাযোগৰ মাধ্যম এটা আছিল পত্ৰবন্ধু। বিভিন্ন কাকত আলোচনীৰ পত্ৰবন্ধু শিতানত প্ৰকাশ পোৱা নাম ঠিকনাৰ আঁত ধৰি গঢ়ি উঠিছিল চিঠি–পত্ৰৰ দ্বাৰাই ইখন ঠাইৰ কোনোবা এজনৰ লগত আন এখন ঠাইৰ কোনোবাজনৰ লগত বন্ধুত্ব। চিঠিৰ দ্বাৰাই ইজনে সিজনৰ মনৰ ভাৱ বুজিব পাৰিছিল, ইখন সিখন ঠাইৰ কথাও জানিব পাৰিছিল। কালক্ৰমত এই পত্ৰবন্ধু নামৰ ব্যৱস্থাটোও নাইকিয়া হৈ পৰিল। তাৰ ঠাই ল’লে ফেইচবুক, ৱাটচাপ, ইমেইল আদি মাধ্যমে।
চিঠিৰ এক সুকীয়া ঐতিহ্য আছে। একোখন চিঠি সুন্দৰকৈ লিখিব জনাটো এটা কলা বা আৰ্ট। এখন চিঠিয়ে এজন মানুহলৈ কঢ়িয়াই আনে আপোনজনৰ সুখ–দুখ, হাঁহি–কান্দোনৰ বতৰা। যদি এখন চিঠিয়ে কাৰোবাৰ ঘৰৰ চাকৰিৰ ইণ্টাৰভিউ হোৱাৰ খবৰ দি আনন্দেৰে উপচাই পেলাইছে আনফালে দূৰ–দূৰণিত থকা দুজন প্ৰেমিক–প্ৰেমিকাৰ অন্তৰ জোৰা দিয়াত সহায় কৰিছে। আগতে পোষ্ট কাৰ্ড, ইনলেণ্ড কাৰ্ড (লেটাৰ), এনভেলপ আদিৰ যোগেদি এজনে আনজনৰ খবৰ দিয়া–লোৱা কৰিছিল। কম কথাৰে খবৰ দিবলৈ টেলিগ্ৰাম ব্যৱহাৰ কৰা হৈছিল। দ্ৰুত বেগে খবৰ পঠিয়াবলৈও টেলিগ্ৰামৰ পৰিসেৱা আছিল অদ্বিতীয়। কিন্তু দুখৰ বিষয় যে ১৮৫৪ চনত আৰম্ভ হোৱা টেলিগ্ৰামৰ ব্যৱহাৰ ২০১৩ চনত চিৰদিনৰ বাবে বন্ধ হৈ যায়।
চিঠি এখন লিখি ডাকত দিবলৈ যাওঁতে খামত সুন্দৰকৈ নাম ঠিকনা লিখাৰ লগতে ডাক সূচাংক বা পিন ক’ড শুদ্ধকৈ লিখাটো জৰুৰী। ১৯৭২ চনৰ ১৫ আগষ্টৰপৰা এই পিন কোড আৰম্ভ হৈছিল আৰু ১৮৫৪ চনৰপৰা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ডাকটিকট প্ৰচলন কৰা হৈছিল। সেই দিন আৰু নাই য’ত যোগাযোগৰ মাধ্যম আছিল ডাকব্যৱস্থা। আজিৰ দিনত ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰ, ইমেইল, হোৱাটছ এপ, মেছেঞ্জাৰ প্ৰভৃতি বিশেষ চাইটৰ সহজলভ্যতা আৰু জনপ্ৰিয়তাই চিঠি নামৰ যোগাযোগ মাধ্যমৰ প্ৰাণ কাঢ়ি নিছে কেতিয়াবাই। আজিৰ মানুহে চিঠি লিখাতকৈ দ্ৰুতগতিৰ ইমেইল, ৱাটছাপ, মেছেঞ্জাৰ আদিতহে বাৰ্তা লিখাত বেছি অভ্যস্ত। এতিয়া চিঠিৰ আদান– প্ৰদান হয় মাত্ৰ আকাশবাণীৰ কিছুমান জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠানৰ সৌজন্যত। আৰু স্কুলীয়া ছাত্ৰ– ছাত্ৰী সকলৰ পৰীক্ষাৰ নম্বৰ বঢ়াবৰ বাবে কৰা হয় চিঠি লিখাৰ নিবিড় অনুশীলন।
আজিকালি আৰু হাতৰ আখৰেৰে চিঠি লিখি সময় ব্যয় কৰাত আগ্ৰহী নহয় আজিৰ প্ৰতিযোগিতাৰ নিগনি দৌৰত দৌৰিব ধৰা অধিকাংশ মানুহ। কিন্তু হাতেলিখা এখন চিঠিয়ে যিদৰে প্ৰেৰকৰ মনত লেখকৰ আবেগ অনূভূতিয়ে চুই যাব পাৰে ইমেইল বা মেছেজৰ আখৰবোৰে পাৰেনে….!
এদিন হয়তো অনুভৱী মানুহৰ মনবোৰ এই যান্ত্ৰিক আখৰবোৰে আমুৱাব আৰু ড° ভূপেন হাজৰিকাই গোৱাৰ দৰে গাই উঠিব,
’তোমাৰ নাম দেখোন পত্ৰলেখা
পত্ৰ তুমি নিলিখা হ’লা…..’