পৰিৱেশ ৰক্ষাত জলাশয়ৰ ভূমিকা আৰু আমাৰ কৰণীয়
লেখক- ছন্দামিতা শৰ্মা
বিল তথা জলায়শসমূহ হ’ল জৈৱবৈচিত্ৰ্যৰ এক প্ৰধান আধাৰ। বিভিন্ন পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদ আৰু প্ৰাণীৰে ভৰা এই জলাশয় সমূহ সবাতোকৈ চহকী, উৎপাদনক্ষম আৰু দীৰ্ঘম্যাদী পুনৰ ব্যৱহাৰযোগ্য প্ৰাকৃতিক ভাণ্ডাৰ। অন্য অৰ্থত এইবোৰ আমাৰ ৰক্ষা কৱচ কাৰণ এই জলায়শসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত অপৰিসীম ভূমিকা পালন কৰে। জৈৱবৈচিত্ৰ্য সংৰক্ষণকে ধৰি বানপানী প্ৰতিৰোধ তথা বিভিন্ন জলজ উদ্ভিদেৰে পানীৰ সোঁত প্ৰতিৰোধ কৰাৰ লগতে প্ৰদূষণ ৰোধ কৰাত জলাশয়ৰ ভূমিকা অপৰিসীম। এইবোৰ হ’ল প্ৰকৃতিৰ শ্ৰেষ্ঠ উপহাৰ। এই বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যবোৰ সম্পাদন কৰে বাবে জলাশয়ক প্ৰকৃতিৰ বৃক্ক বা প্ৰাকৃতিক শোধনাগাৰ বুলি কোৱা হয়। জলাশয় সমূহ প্ৰাকৃতিক ভাবে সৃষ্টি হয়। জলাশয়ত মাাটি আৰু পানী দুয়োটাৰে গুণাগুণ থাকে বাবে কোনো বন্য জীৱ–জন্তু জলাশয় অবিহনে জীয়াই থাকিব নোৱাৰে। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদে চলোৱা এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত প্ৰায় ৫০০০ জলাশয় আছে। জলাশয়বোৰৰ প্ৰকৃতি তথা পৰিবেশৰ প্ৰতি অৱদান ও এইবোৰৰ গুৰুত্ব নিম্নলিখিত ধৰণে ব্যাখ্যা কৰিব পাৰি–
১) পুষ্টিকৰ খাদ্যৰ উৎস: জলাশয় সমূহ মানুহৰ এবিধ প্ৰিয় খাদ্য মাছৰ এক আদৰ্শ প্ৰাকৃতিক উৎস। পানী–শিঙৰি, মকুৱা আদিৰ দৰে জলজ উদ্ভিদো জলাশয়বোৰত প্ৰচুৰ পৰিমাণে পোৱা যায়।
২) বন্যপ্ৰাণীৰ অস্তিত্ব: জলাশয় একোটাক নিৰ্ভৰ কৰি এটা এলেকাত ভেকুঁলী, সাপ, হাড়গিলা চিলনী, ডাউক, শঁৰালি, মাছৰোকা, নেউল ইত্যাদি বিভিন্ন প্ৰজাতিৰ পোক–পতংগ, পশু–পক্ষী আৰু সৰীসৃপ জীয়াই থাকে। ইয়াৰোপৰি জলকেলি কৰিবলৈ আৰু পানী পিবলৈ বন্যপ্ৰাণীবোৰে জলাশয়সমূহকে ব্যৱহাৰ কৰে। গতিকে জলাশয় কমি অহা বা নি: চিহ্ন হোৱা মানে এটা অঞ্চলৰ জীৱজগতৰ অস্তিত্বলৈ ভাবুকি নামি অহা।
৩) সাংস্কৃতিক সমল: বাৰে –বৰণীয়া লোক–সংস্কৃতিৰ লগত আৰ্দ্ৰভূমিৰ সম্পৰ্ক ওত: প্ৰোত। বিভিন্ন জনগোষ্ঠীৰ গীত–মাতত জলাশয়ৰ প্ৰাণী আৰু উদ্ভিদৰ কথা উল্লেখ আছে। যিহেতু জলাশয়ৰ বিনাশ ঘটা মানে তাত থকা প্ৰাণী আৰু উদ্ভিদৰো বিনাশ ঘটা গতিকে ভৱিষ্যত প্ৰজন্মৰ বাবে সেই বিচিত্ৰ সম্পদ সম্পূৰ্ণৰূপে অচিনাকি হৈ পৰিব আৰু সমান্তৰালভাৱে থলুৱা লোক–সংস্কৃতিও পৰৱৰ্তী প্ৰজন্মৰ বাবে আচহুৱা হৈ পৰিব।
৪) গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবলীকৰণ: নল, মেটেকা, খাগৰি, পাটিদৈ আদিৰে দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰীৰ উপৰিও বিভিন্ন সৌন্দৰ্য্যবৰ্ধক সামগ্ৰী তৈয়াৰ কৰা হয়। অন্য অৰ্থত জলাশয় বহু লোকৰ জীৱিকা নিৰ্বাহৰ পথৰ লগত জড়িত। এইবোৰ নোহোৱা হোৱা মানে বহু লোকৰ জীৱিকাৰ পথ বন্ধ হোৱা।
৫) মাছৰ বংশবৃদ্ধিৰ বাবে আদৰ্শ স্থলী: যিবোৰ জলাশয় নদীৰ লগত সংযোগ হৈ থাকে সেইবোৰ মাছৰ বাবে কণী দিয়াৰ উৎকৃষ্ট ঠাই। জলাশয়বোৰ ধ্বংস হ’লে বা নদীৰ লগত সংযোগ বন্ধ হ’লে মাছৰ স্বাভাৱিক প্ৰক্ৰিয়া বাধাগ্ৰস্ত হ’ব।
৬) চৰাইৰ আশ্ৰয়থলী: জলাশয়বোৰ কিছুমান চৰাইৰ নিয়মীয়া বাসস্থান হোৱাৰ উপৰিও শীতকালত কিছুমান পৰিভ্ৰমী চৰাইৰ আবাসস্থলী হৈ উঠে। প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে দেশী–বিদেশী পৰ্যটকৰ আগমন ঘটে। ইয়াৰোপৰি গৱেষক ছাত্ৰ–ছাত্ৰীৰ বাবে অধ্যয়নত সহায়ক হয়।
৭) জল সংৰক্ষণৰ বাবে জলাশয়: এটা অঞ্চলত পৰা বৰষুণৰ বহুখিনি পানী ওচৰৰ খাল বিল বা পিতনিত জমা হয়। তাৰ পৰাই সেই পানী নিগৰি গৈ ভূগৰ্ভত জমা হয়। জলাশয়ৰ পানীয়ে ওচৰৰ মাটি জীপাল কৰি ৰাখে।
৮) জলাশয়সমূহে পানী ধাৰণৰ ক্ষমতা বৃদ্ধি কৰে।
৯) জলাশয়সমূহে বানপানী প্ৰতিৰোধ কৰে।
গতিকে এইটো স্পষ্ট যে জলাশয় প্ৰকৃতিৰ শ্ৰেষ্ঠ উপহাৰ। অৰ্থনৈতিক উন্নতিৰ লগতে, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত অপৰিসীম অৰিহণা যোগোৱা এই জলাশয় সমূহ কিন্তু আমি নিৰ্বিচাৰে ধ্বংস কৰি গৈ আছোঁ। মানৱসৃষ্ট আৱৰ্জনা, ময়লা, বিভিন্ন কল–কাৰখানাৰ পৰা বৰ্জ্য পদাৰ্থ আদিয়ে প্ৰতিদিনে জলাশয়সমূহ ধ্বংসৰ গৰাহলৈ ঠেলি আছে। প্ৰতিদিনে বিপৰ্যস্ত কৰা হৈছে এই প্ৰাকৃতিক শোধনাগাৰ স্বৰূপ জলাশয়বোৰক। এইবোৰে কিন্তু বহন কৰিছে অশনি সংকেত। জলাশয়বোৰৰ আয়তন আৰু গভীৰতা ও বিভিন্ন কাৰণত কমি আহিছে। উদাহৰণস্বৰূপে তলত দিয়া বিভিন্ন কাৰণত জলাশয়সমূহ নি: শেষ হ’বলৈ ধৰিছে। যেনে
১) ইউট্ৰোফিকেচন বা পৰপোষকঘটিত জলপ্ৰদূষণ: ইউট্ৰোফিকেচন মানে হ’ল জলাশয় সমূহ ধীৰে ধীৰে মাজ অংশৰ পৰা অগভীৰ হৈ অহা। জলাশয়সমূহত যদি ফছফেট জাতীয় সাৰ বা কিছুমান বিশেষ ধৰণৰ উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ যোগ হয় তেতিয়া শেলাই, মেটেকা আদিৰ দৰে জলজ উদ্ভিদৰ দ্ৰুতগতিত বংশবৃদ্ধি ঘটে। প্ৰাকৃতিক নিয়ম অনুসৰি এটা সময়ত এইবোৰৰ মৃত্যু হয় বা পচি যায় আৰু এইবোৰ জলাশয়ৰ বুকুত জমা হয়। ক্ৰমশ: এইবোৰেই জমা হৈ হৈ চৰম আকাৰ ধাৰণ কৰে। আৰু জলাশয়বোৰ অগভীৰ জলাশয়ত পৰিণত হয়। তেতিয়া পানীৰ পৰিমাণ কমি যায় কিন্তু জলজ উদ্ভিদৰ পৰিমাণ প্ৰচণ্ডভাৱে বাঢ়ি যায় আৰু দ্ৰৱীভূত অক্সিজেনখিনি সেইবোৰে নিজ প্ৰয়োজনত ব্যৱহাৰ কৰে। ইয়াৰ ফলত বাকী প্ৰাণী যেনে মাছ, কাছ ইত্যাদিৰ অক্সিজেনৰ অভাৱত মৃত্যু হয়। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হয়।
২) উদ্যোগীকৰণ: বহু ব্যৱসায়ীয়ে কল–কাৰখানা বা বিভিন্ন উদ্যোগ নিৰ্মাণৰ বাবে জলাশয়বোৰ নি: চিহ্ন কৰি পেলাইছে। ইয়াৰ ফলত চৰাই–চিৰিকতি আদিকে ধৰি বিভিন্ন বন্যপ্ৰাণী সমূহ মৃত্যুমুখত পৰাৰ উপৰিও সিহঁতৰ স্বাভাৱিক চাল–চলন বাধাপ্ৰাপ্ত হয়। চহৰীকৰণকে আদি কৰি বাণিজ্যিক সম্প্ৰসাৰণৰ ফলস্বৰূপে জলাশয় হ্ৰাস পাইছে।
৩) ঘৰ–দুৱাৰ তথা ৰাস্তা–ঘাট নিৰ্মাণৰ বাবে: বহুলোকে জলাশয়ক পিটনি বা আৱৰ্জনা পেলোৱা ঠাই হিচাপে গণ্য কৰে। গতিকে এনেকুৱা ঠাইৰ কোনো গুৰুত্ব নুবুজি আৱাসিক এলেকা তথা ৰাস্তা–ঘাট নিৰ্মাণৰ বাবে কম দামত বিক্ৰী কৰি দিয়ে। অপৰিকল্পিত ভাবে সজা ৰাজহুৱা অনুষ্ঠান–প্ৰতিষ্ঠান, খেল–পথাৰ আদিয়ে জলাশয়বোৰৰ প্ৰাকৃতিক অৱস্থা নষ্ট কৰিছে। বোঁৱতি পানীৰ সোঁত বা নদীৰ সৈতে থকা জলাশয়ৰ সংযোগ বাধাপ্ৰাপ্ত হ’লে সমগ্ৰ এলেকাটোৰ পৰিবেশতন্ত্ৰতেই বিৰূপ প্ৰভাৱ পৰে।
৪) মানৱসৃষ্ট আৰু মানৱ বৰ্জিত আৱৰ্জনাৰ বাবে: পাহাৰ বা অৰণ্য পৰা ওলাই অহা জলাধাৰ বিলাক বহুতে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। এনেদৰে পেলোৱা আৱৰ্জনাবোৰে বাৰিষা নৰ্দমা আৰু সুতিবোৰেৰে গৈ ওচৰৰ খাল–বিলবোৰত পৰা বাবে জলাশয় আয়তন দ্ৰুতগতিত হ্ৰাস পাই আহি আছে। সমান্তৰাল ভাবে জলাশয় পানীও বিষাক্ত কৰি তুলিছে।
৫) পাহাৰ আৰু বনাঞ্চলৰ ধ্বংসযজ্ঞ: জলাশয়ৰ ওচৰৰ পাহাৰত জধে–মধে চলোৱা খনন কাৰ্য আৰু ব্যাপক পৰিমাণে গছ–গছনি কটাৰ ফলত মাটিৰ ক্ষয়ীভৱন ঘটি বোকা মাটি উটি আহি জলাশয়বোৰত জমা হৈ গভীৰতা হ্ৰাস কৰিছে।
এই জলায়শসমূহৰ ধ্বংসই কঢ়িয়াই আনিব দুৰ্যোগ তথা বৰ্তমান আৰু ভৱিষ্যতৰ পৃথিৱীৰ বাসিন্দাৰ বাবে অশনি সংকেত। আমাৰ চৌপাশৰ জলাশয়সমূহ বিভিন্ন ধৰণে বিষাক্ত হ’ব ধৰিছে যেনে দৈনন্দিন জীৱনত আমি বহুত ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ যেনে ৰাসায়নিক সাৰ, কীটনাশক, বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হোৱা বেটেৰী, বিভিন্ন দৰৱৰ অৱশিষ্ট আদিৰ উপৰিও অপৰিশোধিত খালী বটল, জীৱঅনিম্নিকৰণ প্লাষ্টিকৰ পেকেট আদিয়ে পানী বিষাক্ত কৰে তোলে। ইয়াৰোপৰি উদ্যোগসৃষ্ট বিষাক্ত দ্ৰব্যবোৰ পোনপটীয়াকৈ মুকলি ঠাই, জলাধাৰ আদিত পেলোৱা হয় যিবোৰ জলজ উদ্ভিদ আৰু প্ৰাণী দুয়োবিধৰ বাবে ভাবুকি স্বৰূপ। খেতি–পথাৰত ব্যৱহাৰ কৰা বিষাক্ত কীটনাশক, অপতৃণনাশক আদিৰ পথাৰত ৰৈ যোৱা অৱশিষ্টবোৰে কাষৰ জলাশয়বোৰৰ পানী দূষিত কৰে। এইদৰে দূষিত হোৱা পানীয়ে জলজ উদ্ভিদ তথা প্ৰাণীৰ ভয়ংকৰ ক্ষতিসাধন কৰে। যিহেতু খাদ্যশৃংখলৰ একেবাৰে ওপৰৰ স্তৰত মানুহখিনি থাকে সেয়ে আটাইতকৈ ক্ষতিগ্ৰস্ত হয় মানুহখিনি।
আমি যদি জলাশয়সমূহৰ ধ্বংসযজ্ঞত বাধা নিদিওঁ তেন্তে তলত দিয়া ধৰণে বিপৰ্যয় দেখা দিব:
১) ভূগৰ্ভৰ পানীৰ ভাণ্ডাৰ দ্ৰুতগতিত হ্ৰাস পাব আৰু ফলত কুঁৱা আদিৰ তলি শুকাই যাব।
২) বহুলোকৰ বিশেষকৈ গ্ৰামাঞ্চলৰ বহুত লোকৰ জীৱিকা নিৰ্বাহৰ পথ বন্ধ হ’ব।
৩) মাছৰ স্বাভাৱিক বৃদ্ধি প্ৰক্ৰিয়া বাধাগ্ৰস্ত হ’ব।
৪) বিভিন্ন ঋতুত অহা পৰিভ্ৰমী চৰাইৰ লগতে আন আন চৰাইৰ সংখ্যা হ্ৰাস পাব ফলত চৰাইবোৰে নিয়ন্ত্ৰিত কৰি থকা ক্ষতিকাৰক পোক–পতংগৰ সংখ্যা বৃদ্ধি পাব।
৫) জলাশয়ৰ ফলত জীপাল হৈ থকা পথাৰৰ মাটিৰ উৰ্বৰা গুণ বৰ দুখলগাকৈ কমিব।
৬) সেই নিৰ্দিষ্ট এলেকাটোত জৈৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য হ্ৰাস পাব কাৰণ থলুৱা উদ্ভিদ আৰু প্ৰাণী অস্তিত্বৰ গৰাহত পৰিব।
৭) সামগ্ৰিক ভাবে এলেকাটোৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পৰিব।
৮) সেই নিৰ্দিষ্ট এলেকাটোত কিছুমান অচিন ৰোগৰ প্ৰাৰ্দুভাব ঘটিব ইত্যাদি।
৯) উপকূল অঞ্চলৰ ক্ষয় ঘটিব।
১০) পানীত অক্সিজেনৰ মাত্ৰা কমি যাব।
গতিকে প্ৰকৃতিৰ বৃক্কস্বৰূপ এই জলায়শসমূহক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ এক প্ৰধান কৰ্তব্য। ইয়াৰ বাবে আমি প্ৰথমে সলনি কৰিব লাগিব জলাশয়ৰ বাবে থকা ধ্যান–ধাৰণা। কাৰণ আমি বহুত মানুহে জলাশয়সমূহক পিতনি বা ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰোঁ। ইয়াৰোপৰি জলাশয়ৰ সুৰক্ষাৰ তথা সংৰক্ষণৰ বাবে আমি গঢ়ি তুলিব লাগিব জনসচেতনতা।
জলাশয়ৰ সুৰক্ষাৰ বাবে আমি নিম্নোক্ত ধৰণৰ কিছুমান ব্যৱস্থা হাতত ল’ব পাৰোঁ:
১) জলাশয়ৰ বুকুত মানুহৰ বসতি বন্ধ কৰা তথা ৰাস্তা–ঘাট আদি নিৰ্মাণ কৰা কাৰ্য বন্ধ কৰা।
২) ইতিমধ্যে আৱৰ্জনা পেলোৱা জলাশয়সমূহক আৱৰ্জনা মুক্ত কৰা।
৩) জলাশয়ৰ পাৰত সংলগ্ন খেতি পথাৰৰ কাষত উদ্যোগ স্থাপন নিষিদ্ধ কৰা।
৪) জলাশয়সমহৰ বুকুত উদ্যোগিক আৱৰ্জনা পেলাব নোৱাৰাকৈ কঠোৰ আইন প্ৰনয়ণ কৰা।
৫) জলাশয়বোৰৰ চাৰিওকাষে ডাঠ হাবি–বনৰ আবেষ্টনী গঢ়ি তোলা যাতে বৰষুণৰ পানীয়ে মাটি উটুৱাই নি বক্ষত পেলাব নোৱাৰে।
৬) খেতি পথাৰত ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰা।
৭) জলাশয়ৰ বুকুত বা ওচৰে–পাজৰে গজি উঠা অপতৃণসমূহ আঁতৰাই পেলোৱা।
৮) মানৱসৃষ্ট আৰু মানৱ বৰ্জিত আৱৰ্জনা যাতে জলাশয়ত পৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা।
৯) জলাশয়ৰ মাছ ধৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি–নিয়মসমূহ মানি চলা।
১০) জলাশয়ৰ সম্পদৰ উচিত ব্যৱহাৰ কৰা ইত্যাদি।
জলাশয়সমূহ এখন দেশৰ পৰিৱেশৰ বাবে কিমান দৰকাৰী আৰু উপকাৰী তাক ব্যাখ্যা কৰাটো নিষ্প্ৰয়োজন। এখন দেশৰ অৰ্থনৈতিক প্ৰগতিৰ পথত জলাশয়সমূহৰ অৱদান যথেষ্ট। প্ৰতিটো এলেকাৰ জলাশয়ৰ সংৰক্ষণৰ হেতু সজাগতা বৃদ্ধি কৰি “ৰাইজে নখ জোকাৰিলে নৈ বয়’’ কথাষাৰ আমি প্ৰমাণ কৰি দেখুৱাৰ সময় সমাগত। আমাৰ চহকী জৈৱবৈচিত্ৰ্যক সুৰক্ষা দিবলৈ আমি জলাশয়সমূহক ৰক্ষা কৰিবৰ বাবে বদ্ধপৰিকৰ হ’ব লাগিব অনথ্যাই এই সুন্দৰ ‘নীলা’ গ্ৰহটো অচিৰেই এটা শুকান বালিৰ ’ৰঙা’ গ্ৰহত পৰিণত হ’ব।