চিন্তনীয়ঃ খাদ্যৰ পাতত গুপ্তঘাটক

লেখক-ৰিপুঞ্জয় বৰদলৈ

কভিড-১৯ বা কৰোণাই মহামাৰীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে, যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি তেনে ব্যক্তিক যিকোনো ভাইৰাছে সহজতে অসুস্থ কৰিব নোৱাৰে। সেইবাবে চিকিৎসকসকলৰ মতে আমি সেইজীয়া শাক-পাচলি আৰু ফল-মূল যিমান পাৰি সিমান খাব লাগে। কিন্তু যি পৰিৱেশত এই শাক-পাচলি আৰু ফল-মূল উৎপাদিত হয় তেনে পৰিৱেশত বাৰু পুষ্টিকাৰক গুণবোৰ থাকিবনে? আজিৰ তাৰিখত বুকু কঁপাই তোলা এই প্ৰশ্নৰ উত্তৰ দিবলৈকে এই লিখাটো যুগুতোৱা হৈছে।

বিশ্বৰ আগশাৰীৰ দেশবোৰত উপলব্ধ সেইজীয়া শাক-পাচলি আৰু ফল-মূলত গধুৰ ধাতুৰ উপস্থিতি পোৱাটোৱে বিশ্ব স্বাস্থ্য সংস্থাক চিন্তিত কৰি তুলিছে। প্ৰথম বিশ্বৰ দেশসমূহক বাদ দি ভাৰতৰ কথা চিন্তা কৰকচোন। মাজতে ছায়েন্স ৰিপ’ৰ্টাৰ নামৰ আলোচনীখনত সোণালী নাগৰ নামৰ লেখিকা গৰাকীয়ে তেখেতৰ প্ৰবন্ধত দিয়া তথ্যসমূহ অতি ভয়াৱহ। ভাৰতৰ নাগপুৰস্থিত পৰিৱেশ কাৰিকৰী গৱেষণা সংস্থা (CSIR-NEERI)ই যমুনা নৈৰ বানপানী হোৱা অঞ্চলত কৰা খেতিৰ পৰা উৎপাদিত শস্যৰ অধ্যয়ন কৰিছিল। অনুষ্ঠানটোৱে পশ্চিম দিল্লীৰ গীতা কলনি, ময়ূৰ বিহাৰ আৰু উচমানপুৰ খদৰ অঞ্চলৰ পৰা ফুলকবি, বন্ধাকবি, পালেং, মেথি শাক, বিত, বেঙেনা, ধনীয়া এই সাতবিধ শাক-পাচলিৰ ওপৰত পৰীক্ষা কৰি লেড, কেডমিয়াম, মাৰ্কাৰি বা পাৰা আৰু নিকেলৰ দৰে গধুৰ ধাতুৰ অৱস্থিতি লাভ কৰি স্তম্ভিত হৈ পৰিছিল। শাক-পাচলি সমূহত ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড নিৰূপক সংস্থাই [FSSAI]শাক-পাচলিত লেডৰ পৰিমাণ ২.৫ মিলিগ্ৰাম প্ৰতি কেজি হিচাপত থাকিলে কোনো অপকাৰ নহয় বুলি থিৰাং কৰিছিল। তেনেস্থলত দিল্লীৰ উক্ত অঞ্চলসমূহৰ শাক-পাচলিত লেডৰ পৰিমাণ প্ৰতি কেজিত ২.৮ মিলিগ্ৰামৰ পৰা ১৩.৮ মিলিগ্ৰাম পোৱাটোৱে সকলোকে চিন্তিত কৰি তুলিছে। লেডৰ এই উপস্থিতিৰ কাৰণ হিচাপে মাটিত মিহলি হোৱা বিভিন্ন পেষ্টনাশক, ৰং, বেটাৰী, গেৰেজৰ আৱৰ্জনা, পলিথিন আদিয়ে মূল কাৰণ বুলি চিহ্নিত কৰিছে।

খাদ্যত লেডৰ বিষক্ৰিয়া ঘটিলে কেনছাৰ বা কৰ্কট ৰোগৰ লগতে দেহৰ অংগসমূহৰ বিভিন্ন বেমেজালিৰ সৃষ্টি কৰি সুস্থ ব্যক্তি এজনক চিৰৰুগীয়া কৰি তুলিব। যমুনাৰ পাৰত উৎপাদিত হোৱা পানীলাওত বিশেষজ্ঞসকলে ২৮.০৬ পিপিএম পৰিমাণৰ লেড, ১৩৯.৯০ পিপিএম পৰিমাণৰ মাৰ্কাৰি বা পাৰা আৰু ৩১৮.৭০ পি পি এম পৰিমাণৰ আৰ্ছেনিক পাইছে। আচৰিত কথাটো হ’ল খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড নিৰূপক সংস্থাই [FSSAI] আৰ্ছেনিকৰ সুৰক্ষিত উপস্থিতিৰ পৰিমাণ বৰ্তমানলৈকে নিদ্ধৰ্ৰণ কৰা নাই। কাৰণ অনুষ্ঠানটোৱে কল্পনাও কৰা নাছিলযে শাক-পাচলিত আৰ্ছেনিকৰ উপস্থিতি পোৱা যাব বুলি। গতিকে যমুনাৰ সেইজীয়া আৰু সজীৱ শাক-পাচলিয়ে আমাৰ দেহলৈ মাৰাত্মক ৰোগহে কঢ়িয়াই আনিছে।

নদীৰ কাষ বা অন্য ঠাইৰ গধুৰ ধাতুৰে প্ৰদূষিত মাটিৰ ওপৰত আমি প্ৰায়ে খেতি কৰোঁ। এই মাটিত হোৱা শস্যই মাটিৰ পৰা কেডমিয়াম, কপাৰ, নিকলে, জিংক, আৰ্চেনিক, লেড আদি গধুৰ ধাতুসমূহ শিপাই শোষণ কৰি উদ্ভিদজোপাৰ ডাল, পাত, ফলত জমা কৰি ৰাখে। এই শাক-পাচলি আৰু ফলমূলৰ কাণ্ড, পাত আৰু ফলৰ পৰা আমাৰ দেহলৈ অতি সহজতে সোমাই পৰে। এইবোৰ কাৰণৰ বাবে যমুনাৰ পাৰত খেতি কৰা শাক-পাচলিত মানৱ দেহৰবাবে মাৰাত্মক গধুৰ ধাতুৰ অৱস্থিতি পোৱা গৈছে। আজিৰ তাৰিখত ভাৰতৰ প্ৰায় সকলোবোৰ নদ-নদীয়ে মানুহৰ পেলনীয়া আৱৰ্জনা কঢ়িওৱা নলালৈ পৰিবৰ্তন হৈছে। উদ্যোগৰ পৰা নিৰ্গত বৰ্জিত পানী, মাটিত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰ, গছত ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ পেষ্টনাশক, ঘৰ ৰঙীণ কৰিবলৈ ব্যৱহাৰ কৰা ৰং, গাড়ী-মটৰত ব্যৱহাৰ হোৱা বিভিন্ন কুলাৰ, মবিল, ডিজেলৰ উপৰিও অন্যান্য আৱৰ্জনা, প্লাষ্টিকৰ সামগ্ৰী, ই-আৱৰ্জনা আদিয়ে সকলোবোৰ নদ-নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে। গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নৈখন, য’ত এসময়ত সংগীতসম্ৰাট ভূপেন হাজৰিকাই সাঁতুৰিছিল, মাছ মাৰিছিল আৰু আজি ভৰলু বুলি ক’লে উকালি আহিবলৈ ধৰা এক অনুভৱ। ভৰলু নৈ কেতিয়াবাই মৰিল, এতিয়াৰখন কেৱল এটা মল কঢ়িওৱা নলাহে। বহুতৰে মনোভাৱ ভৰলুখন মৰিল আমাৰ কি হ’ল? তেখেত সকলে বাৰু কি খাদ্য খায়? পুৱাতে ফুটপাথত ওলোৱা সজীৱ শাক-পাচলি, কচু-ঢেকীয়া আদি কিনি আনি ঘৰৰ পৰিয়ালক সুস্থ-সৱল কৰিবলৈ প্ৰয়াস নকৰে জানো? ভৰলুৰ দৰে অন্য প্ৰদূষিত নৈ বা প্ৰদূষিত মাটিত উৎপাদিত শাক-পাচলি বা ফল-মূলৰ লগতে কচু-ঢেকীয়া আদিত গধুৰ ধাতুসমূহ থাকিব। পানীলাওৰ দৰে খাদ্যত লেড, মাৰ্কাৰি আৰু আৰ্ছেনিক থকাটো কম মাৰাত্মক কথানে? অৰ্থাৎ আমাৰ কৃতকৰ্মৰে অভিশাপস্বৰূপে এই গধুৰ ধাতুসমূহে খাদ্যৰ জৰিয়তে গুপ্তঘাতকৰ দৰে হত্যালীলা আৰম্ভ কৰিছে। আমাৰ জীৱন শৈলী উন্নত কৰিবলৈ প্ৰকৃতিৰ বুকুত এৰি দিয়া ধাতুসমূহ খাদ্যৰ মাজেৰে আমাৰ দেহত সোমাই আমাৰে মৃত্যু ঘণ্টা বজাবলৈ আৰম্ভ কৰিছে।

২০১৫ চনৰ বিশ্বৰ ভূমি সম্পদ স্থিতাৱস্থাৰ প্ৰতিবেদনত [SWSR] মাটিত নিহতি হৈ থকা গুপ্তঘাতক গধুৰ ধাতুসমূহ যি খাদ্যৰ জৰিয়তে মানৱ শৰীৰলৈ প্ৰৱাহিত হৈছে সেই সমূহ চিনাক্ত কৰি উলিয়াইছে। খাদ্যত পোৱা এই গধুৰ ধাতুসমূহ হ’ল লেড, কেডমিয়াম, মাৰ্কাৰি, আৰ্ছেনিক, পলিক্লৰিনেটেড বাইফিনাইলছ [PCB] আৰু পলিচাইক্লিক এৰ’মেটিক হাইড্ৰ’কাৰ্বন [PAH] ৰ লগতে এণ্টিবায়’টিকৰ দৰে অন্যান্য চিকিৎসাজাত আৱৰ্জনা আদি। এই গধুৰ ধাতুসমূহৰ উৎস হ’ল-কল-কাৰখানাৰ লগতে উন্নয়নমূলক কামসমূহ, শিল্প বিপ্লৱৰ পাছৰপৰা মানৱ সভ্যতা উন্নয়নৰ নামত উদ্যোগীকৰণৰ লগতে চহৰীকৰণ, ৰাস্তা-ঘাট আদিৰ উন্নয়নৰ বাবে আমি দৈনিক গধুৰ ধাতুসমূহ মাটি আৰু পানীত এৰি আছোঁ।

কৃষি-কাৰ্য্য আৰু পশুপালন: বিশ্বত জনসংখ্যা বিস্ফোৰণৰ পৰিণতিত আমি খাদ্য-শস্যৰ চাহিদা পূৰণ কৰিবলৈ নতুন ৰাসায়নিক সাৰ আৰু পেষ্টনাশক ব্যৱহাৰ কৰিবলৈ লৈছোঁ। কৃষি-কাৰ্য্যত ব্যৱহৃত এই নতুন উপাদান সমূহ প্ৰাকৃতিক ৰসায়ন নোহোৱাৰ বাবে ইহঁত সহজতে মাটিত মিলি নাযায়। এইবোৰ মাটি আৰু পানীৰ লগত একে অৱস্থাতে থাকি শাক-পাচলিৰ জৰিয়তে আমাৰ খাদ্যৰ তালিকাত সোমাই পৰে। যাৰ পৰিণতিস্বৰূপে সমগ্ৰ জীৱজগতৰ খাদ্য-শৃংখলক প্ৰভাৱিত কৰি তুলিছে।

যাতায়ত আৰু যোগাযোগ ব্যৱস্থা: যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে পৰিৱেশত কিছুমান নতুন প্ৰদুষকে দেখা দিছে। যেনে- গাড়ীৰ পেলনীয়া টায়াৰ, ইন্ধনৰ দহন, মবিল, কুলাৰৰ লগতে গাড়ীৰ ক্ষয়হোৱা অংশবোৰে গধুৰ ধাতু মাটি আৰু পানীত মিহলি হোৱাত ক্ৰিয়া কৰি আছে।

২০১৫ চনত বছৰযুৰি পালন কৰা আন্তৰ্জাতিক ভূমি বৰ্ষৰ মূল উদ্দেশ্য আছিল, ‘‘স্বাস্থ্যৱান ভূমিতহে সেউজ সপোণ দেখিব পাৰোঁ’’। অৰ্থাৎ প্ৰদূষিত বা অস্বাস্থ্যকৰ ভূমিত উৎপাদিত সকলোবোৰ বস্তুয়ে বিষ হৈ পৰে। গছৰ শিপাই মাটিত থকা সকলোবোৰ গধুৰ ধাতু কাণ্ড, ফল-মূল, পাত আদিত সঞ্চিত কৰি ৰাখে। এই পাত, ফল-মূল, কাণ্ড আমি প্ৰাণীবোৰে খাদ্য হিচাপে গ্ৰহণ কৰি অলাগতিয়াল আৰু দেহৰ বাবে মাৰাত্মক গধুৰ ধাতুসমূহ গ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ তন্ত্ৰটোৰ স্থিতাৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হৈছে।

সহকাৰী শিক্ষক, চেঙামাৰী উচ্ছ মাধ্যমিক বিদ্যালয়।
বিশ্বনাথ, অসম

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!