উৰাজাহাজৰ সোণোৱালী দিনবোৰ
লেখক- দেৱীকা বৰপূজাৰী
নৱ নিৰ্বাচিত অধীক্ষক নতৰাজন চন্দ্ৰশেখৰে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী সকলক উদ্দেশ্য কৰি কয় যে “এয়াৰ ইণ্ডিয়াৰ সোণালী দিনবোৰ আহি আছে’’……
এসময়ৰ বিমান ভ্ৰমণ কিমান যে ‘চটকদাৰ’অৰ্থাৎ ‘গ্লেমাৰাচ’ আছিল আজি আমি কল্পনাও কৰিব নোৱাৰোঁ। আজিৰ বিমানবন্দৰ জনবহুল, কঠুৱা মাতৰ ‘ইমিগ্ৰেশ্যন বিষয়া’, ঠেক মেটেল টিউবেৰে পাৰ হ’ব লগীয়া যাত্ৰী আৰু অদ্ভুত দামৰ বিমানৰ খাদ্য! অৱশ্যে আন্তৰ্জাতিক বিমানৰ কথা কিছু সুকীয়া। আজিৰ প্ৰজন্মই যিদৰে দেখিছে, ইয়াৰ বিপৰীতে এটা সময় আছিল – যেতিয়া বিমান ভ্ৰমণ গ্লেমাৰছ হোৱাৰ লগতে ভাৰতবৰ্ষই বিশ্বৰ ভিতৰতে অন্যতম এক আটক ধুনীয়া বিমান পৰিবহণৰ খ্যাতি আৰ্জন কৰিবলৈ সক্ষম হৈছিল।
সকলোৱে জানে যে টাটা গ্ৰুপৰ প্ৰখ্যাত সচিব স্বৰ্গীয় জে আৰ ডি টাটা নিজেই পাইলত আছিল। কিন্তু বহুতেই হয়তো নাজানে যে ১৯৩০ চনত টাটাৰো নিজা বিমান আছিল। যি সময়ত চৰকাৰে ভাবিছিল যে ‘বিমান পৰিবহণ (এভিএচন) কোম্পানী’চলোৱাৰ দায়িত্ব কেৱল চৰকাৰৰহে, সেই সময়তে, ১৯৩০ চনত টাটা এয়াৰ লাইনছৰ জন্ম হৈছিল। জে আৰ ডি পাইলত হোৱাৰ উপৰিও তেখেতৰ গ্লোবেল কইঝীন (global cuisine)ৰ আৰু উচ্চ মানদণ্ডৰ ৱাইনৰ প্ৰতি দুৰ্বলতা আছিল। তেখেতৰ মাতৃ ফ্ৰেঞ্চ আছিল; হয়তো সেয়েহে জীৱনত সৌন্দৰ্য্যবোধ আৰু স্বাচ্ছন্দ্যৰ প্ৰতি সততে তেখেতৰ নজৰ আছিল।
সকলো ঠিকেই চলি আছিল তেতিয়ালৈকে, তাৰ পাছত ১৯৫০ চনৰ পৰা বিশ্বৰ সকলো এয়াৰ লাইন্সতে চৰকাৰে দখলদাৰী কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে ভাৰতত বহুতো সৰু সৰু এয়াৰ লাইন্স আছিল, গতিকে চৰকাৰে ধৰি ল’লে যে, এভিয়েচন চেক্টৰসমূহ এক জঞ্জলীয়া কাৰবাৰ হৈ পৰিছে। সেয়েহে ঠিক কৰিলে যে এইবোৰক ৰাষ্ট্ৰীয়কৰণ কৰিব লাগে। চৰকাৰে ঘোষণা কৰিলে যে, “এতিয়াৰ পৰা মাত্ৰ দুটা এয়াৰ লাইন্স চলোৱা হব, এয়াৰ ইণ্ডিয়া আন্তৰ্জাতিক আৰু ইণ্ডিয়ান এয়াৰ লাইন্স ঘৰুৱা মানে ডমেষ্টিক চেক্টৰত। ’’
টাটা এয়াৰ লাইন্স জে আৰ ডি ৰ পৰা লৈ যোৱা হ’ব বুলি তেওঁৰ বৰ বেজাৰ লাগিল। জে আৰ ডি য়ে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ লিখিলে যে, “মোৰ এয়াৰ লাইন্স ৰাষ্ট্ৰীয়কৰন কৰাত মই বৰ বেয়া পাইছোঁ আৰু এবাৰো এই বিষয়ে মোৰ লগত আলোচনা নকৰাটোও ভাল কথা হোৱা নাই।” নেহৰুৱে দোষ স্বীকাৰ কৰি ক্ষমা খুজিলে আৰু ক’লে যে, “সঁচা, এইবোৰ কৰাৰ আগতে আপোনাক জনোৱাটো উচিত আছিল, কিন্তু বিমান পৰিবহণ বিভাগত (এভিয়েচন চেক্টৰ)ত বহুতো খেলিমেলি হোৱাতহে আমি এই সিদ্ধান্তত উপনীত হৈছোঁ। ডাঙৰ এয়াৰক্ৰাফ্ট কিনিবলৈ কেৱল চৰকাৰৰ হাততহে ধন আছে যেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰাটো প্ৰয়োজন।” “পিছে মোৰ এটা পৰিকল্পনা আছে ‘’- নেহৰুৱে জে আৰ ডি ক ক’লে যে তেৱেঁই দেখোন বিমান পৰিবহণ বিভাগক পুৰাদমে সহায় কৰিব পাৰে! নেহৰুৱে এইবুলি জে আৰ ডি ক অনুৰোধ কৰিলে – তেওঁ এয়াৰ ইণ্ডিয়া চলাব পাৰে (যিখন টাটা এয়াৰ লাইন্সতকৈ বহু গুণে ডাঙৰ ) আৰু ইণ্ডিয়ান এয়াৰ লাইন্সৰ ডাইৰেক্টৰ পদটোও ল’ব পাৰে।
জে আৰ ডি য়ে নেহৰুৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে কিন্তু টাটা হেড কোৱাৰ্টাৰৰ সহকৰ্মী সকলে কথাটো ভাল নাপালে এইবাবেই যে, লোকৰ হৈ কাম কৰাতকৈ জে আৰ ডি য়ে নিজা কোম্পানীত অধিক মনোনিবেশ কৰা দৰকাৰ। জে আৰ ডি কিন্তু নিজৰ মতত অটল। তেখেতে নিজৰ দেশৰ হৈ এয়াৰ ইণ্ডিয়া চলাব, লাগিলে এক পইচাও নলয়। জে আৰ ডি ৰ পৰিচালনাত এয়াৰ ইণ্ডিয়াৰ মূল্যাঙ্কন বহু গুণে বাঢ়িল। নেহৰুৱে জানিছিল যে, কোনো ৰাজনীতিকেই বিমান পৰিবহণৰ বিষয়ে বিশেষ একো নাজানে। ইন্দিৰা গান্ধীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চৰকাৰ একেবাৰে উদাসীন হৈ পৰিল। ইন্দিৰা গান্ধীয়ে জে আৰ ডি ক বহু আগৰে পৰাই জানিছিল। শুনিবলৈ পোৱা মতে নেহৰুৱে বিদেশী বস্তুবোৰৰ আমদানি বন্ধ কৰাৰ হেতুকে ইন্দিৰা গান্ধীয়ে বৰ অসন্তোষ কৰিছিল কিয়নো তেওঁ বিদেশী প্ৰসাধন খুবেই ভাল পাইছিল। নেহৰুৱে তেতিয়া জে আৰ ডি ক কিবা এটা উপায় উলিয়াবলৈ ক’লে আৰু ইন্দিৰা গান্ধীৰ অনুৰোধত জে আৰ ডি য়ে টাটা অইল মিলচৰ বেনাৰত লেকমি (Lakme)ৰ জন্ম দিলে। এইটো এনে এক সিদ্ধান্ত আছিল যে আজিৰ দিনত সেয়া কোনেও ভাবিবই নোৱাৰে কাৰণ কোনো চৰকাৰে জানো ইমান পাকৈত উদ্যোগপতিক দেশীয় কোম্পানী এটা চলাবলৈ দিব? আৰু আমি কল্পনা কৰিব পাৰিমনে বাৰু যে এজন সফল উদ্যোপতিয়ে নিজৰ ঠন ধৰি উঠা ব্যৱসায় এৰি, কেৱল দেশৰ স্বাৰ্থতে ৰাজহুৱা খণ্ডৰ কোম্পানীত যোগ দিব পাৰে? প্ৰকৃততে কিন্তু সেয়াই হৈছিল। জে আৰ ডিৰ তত্ত্বাৱধানত এয়াৰ ইণ্ডিয়া বিশ্বৰ সবাতোকৈ উত্তম এয়াৰলাইন্স বুলি জনাজাত হৈছিল। আমি এতিয়া সিঙ্গাপুৰ এয়াৰলাইন্সক প্ৰশংসা কৰোঁ কিন্তু বহুতেই হয়তো নাজানে যে, এই এয়াৰলাইনে আৰম্ভণিতে এয়াৰ ইণ্ডিয়াৰ পৰাই সকলো শিকি সিঙ্গাপুৰ এয়াৰলাইন্স জাকত জিলিকি উঠিছিল। আনকি, ক্যাথায় পেচিফিক (Cathay Pacific) আৰু থাই এয়াৰৱেস(Thai Airways)য়েও এয়াৰ ইণ্ডিয়াৰ ইন-ফ্লাইট-চাৰভিস (In-flight service)ৰ তলানলা শিকি লৈছিল।
জে আৰ ডি ৰ তত্ত্বাৱধানত চলি থকা এয়াৰ ইণ্ডিয়া ৰ এনেকুৱা সুনাম আছিল যে ১৯৬০ আৰু ১৯৭০ দশকত বহুতো ব্ৰিটিছ আৰু আমেৰিকান লোকেও লণ্ডন নিউয়ৰ্ক লৈ যোৱাৰ পথত এয়াৰ ইণ্ডিয়াহে বিচাৰিছিল। ইয়াৰ গুৰিতে আছিল জে আৰ ডি, কিয়নো তেখতে নিজেই সকলোবোৰতে চকু দিছিল। সুন্দৰ সুস্বাদু ‘মেনু ‘, উত্তম ৱাইনৰ পৰা বিমান চালক আৰু পৰিচৰ্যাকাৰীৰ ( Air Hostess)ৰ ইউনিফৰ্মলৈকে! তাতোকৈ ডাঙৰ কথা – তেখেতে আকাশী জাহাজৰ বিষয়ে সকলো জানিছিল।
১৯৬০ চনত এয়াৰ ইণ্ডিয়াই প্ৰথমখন জেট্ উলিয়াইছিল আৰু প্ৰথম ব’ইং ৭৪৭(Boeing 747) অথবা জাম্বো জেট্ (Jumbo Jet)ৰ প্ৰচলন কৰিবলৈ সক্ষম হৈছিল। জে আৰ ডি য়ে উৰা জাহাজ প্ৰায়েই নিজে চলাইছিল কিন্তু তেখেতৰ আন পাইলতৰ মাজত পাৰ্থক্য এয়েই আছিল যে, তেখেতে ককপিতৰ পৰা ওলাই আহি যাত্ৰী সকলৰ কিবা অসুবিধা হৈছে নেকি জানিবলৈ নিজেই কথা বতৰা পাতিছিল। যদিহে এখনো প্লেট বা
নেপকিন অলপো ময়লা যেন দেখে, ততালিকে সেইবোৰ আঁতৰাই বেলেগ দিবলৈ তেখেতে কেবিন ক্ৰু (cabin crew)ক নিৰ্দেশ দিছিল। আহাৰৰ ক্ষেত্ৰতো একেই – অতি ঠাণ্ডা বা অতি গৰম আহাৰ পৰিবেশন কৰিবলৈ মানা কৰিছিল।
এয়াৰ ইণ্ডিয়াৰ সোণালী দিনবোৰৰ অন্ত পৰিছিল দুটা প্ৰধান কাৰণত – প্ৰথমটো হ’ল, ১৯৭০ চনত গ্যাল্ফ (Gulf)লৈ যোৱা মজদুৰ সকলৰ সঘন অহা যোৱা, মধ্য এচিয়াত চাকৰি কৰিবলৈ যোৱা কেৰেলা আৰু গোৱাৰ লোক সকলৰ বাবেই এয়াৰ ইণ্ডিয়াৰ যাত্ৰীৰ নমুনা বেলেগ হৈ পৰিল আৰু এয়াৰ ইণ্ডিয়াই উপলব্ধি কৰিলে যে, বোম্বাইৰ পৰা লণ্ডনলৈ বা দিল্লীৰ পৰা টকিয়লৈ যোৱা যাত্ৰীতকৈ মধ্য এছিয়াৰ যাত্ৰীৰ পৰা অধিক আয় হ’বলৈ ধৰিছে। জে আৰ ডি য়ে জানিছিল যে, এয়াৰ ইণ্ডিয়াত দুই ধৰণৰ যাত্ৰীৰ সমাগম হ’বলৈ ধৰিছে– উপসাগৰীয় ভ্ৰমণকাৰী (Gulf traveller) আৰু ভূপৰ্যটক (Globetrotter)। কিন্তু এই শ্ৰেণীবিভাজনৰ সময়ত জে আৰ ডি বেছি দিন উপস্থিত থাকিব নোৱাৰিলে কিয়নো ১৯৭৭ চন ত তেতিয়াৰ প্ৰধান মন্ত্ৰী মুৰাৰজী দেশায়ে হঠাতে জে আৰ ডি ক আঁতৰাই পঠালে। আৰু তেতিয়াৰ পৰাই আৰম্ভ হ’ল – পতনৰ জখলা, এয়াৰ ইণ্ডিয়া কেৱল ৰাজহুৱা খণ্ডৰ উদ্যোগ হৈ পৰিল। ইন্দিৰা গান্ধী ১৯৮০ চনত ক্ষমতালৈ আহোঁতে পাৰিলেহেঁতেন সকলো ঠিক কৰিবলৈ কিন্তু তেওঁ তাকেই নকৰিলে। তেওঁৰ প্ৰধান সচিব আৰ ধৱনে বেংকাৰ এজনক হে নিযুক্তি দিলে, যিজনৰ এয়াৰ ইণ্ডিয়া চলাবলৈ বিমান পৰিবহণৰ বিষয়ে একোৱেই জ্ঞান নাছিল। সেইদৰেই এয়াৰ ইণ্ডিয়াক কংট্ৰল কৰিবলৈ ৰাজনৈতিক নেতা আৰু বাবুসকল উঠি পৰি লাগিছিল।
জে আৰ ডি আজি নাই কিন্তু টাটা পুনৰ বিমান পৰিবহণ উদ্যোগলৈ ৱিস্তাৰা এয়াৰলাইন্স (Vistara airlines)লৈ উভতি আহিল, যদিও ই সিঙ্গাপুৰ এয়াৰলাইন্স (Singapore airlines)ৰ লগত টাই আপ কৰি চলাবলৈ ধৰিলে। যদিও আগৰ দৰে গ্লেমাৰ এই এয়াৰলাইন্স ৰ নাই, তথাপি ৱিস্তাৰাৰ আন এক সুন্দৰ পদক্ষেপ হৈছে ৰেট্ৰোজেট (Retrojet); এইখন সদায় নচলে কিন্তু যেতিয়া উৰিবলৈ ধৰে, ই হৈ পৰে আটক সুন্দৰ। কেবিন ক্ৰু (Cabin crew)ৰ ইউনিফৰ্ম সেই অতীতৰ টাটা এয়াৰলাইন্সৰ দৰে আৰু তেওঁলোকে সকলো যাত্ৰীৰেই বৰ সাৱধানে তদাৰক কৰে যাতে কোনোৱেই কোনো ধৰণৰ অসুবিধা নাপায়। তদুপৰি খোৱাৰ তালিকা এনেকুৱা যে – ভাব হব, উৰাজাহাজত নহয়, জে আৰ ডি ৰ দিনৰ তাজমহল হোটেলৰ ৰেষ্টুৰেণ্ট হে!
জে আৰ ডি ৰ দিন আৰু আজিৰ দিনৰ আকাশ পাতাল পাৰ্থক্য, য’ত আজি লেতেৰা ৰাজনীতি য়ে সকলো নষ্ট কৰি পেলাইছে। জে আৰ ডি থকা হ’লে আজি ভাৰতীয় বিমান বিশ্বৰ ভিতৰতে জাকত জিলিকা হ’ল হেঁতেন! সেয়েহে সকলোৱে অতীৱ আশা আৰু হেঁপাহেৰে নতৰাজন চন্দ্ৰশেখৰৰ আহ্বানক আদৰণি জনাইছে।