কলেজীয়া ডায়েৰী
লেখক- যোগানন্দ মহন্ত
কলেজত ছোৱালীলৈ লিখা মোৰ প্ৰথম চিঠিখন
বেলেগৰ বাৰীৰ ধুনীয়া পকা আমলৈ মৰা দলিটো গৃহস্থৰ ঘৰৰ টিনৰ চালত পৰা আৰু বেলেগৰ ঘৰৰ ধুনীয়া ছোৱালীলৈ লিখা চিঠিখন গৈ ছোৱালীৰ বাপেকৰ হাতত পৰা ঘটনা দুটিৰ পৰিণতি আমাৰ কলেজীয়া দিনত একেবাৰে একেই আছিল! দুইটাৰে ফৌজদাৰী দণ্ডবিধিৰ ধাৰা প্ৰায় একেটাই আছিল। ইমানবোৰ আইনৰ কথা জনাৰ পাছতো আমি দুই এটা কিন্তু টেনজিং নৰ্কে বা এডমাণ্ড হিলাৰীৰ কলিজা বুকুত ল’ড কৰি লৈ ফুৰিবলৈও সাহস কৰা বিধৰ তীখৰো আছিলোঁ। ইনলেণ্ড লেটাৰত চিঠি লিখাটো সেইবোৰ দিনত নিৰাপদ একেবাৰেই নাছিল। লিখি থাকোঁতেই আনে গম পাই যায়, কাৰ্ডটোৰ আকাশী–নীলা ৰংটো দূৰৈৰ পৰা দেখিয়েই। তদুপৰি চিঠিখন নোখোলাকৈও কি লিখিছে আনে জুমি চাব পাৰিছিল…চিঠিখন চুঙাৰ নিচিনা কৰি ল’লেই হ’ল। গতিকে ঘৰত আহি কলেজৰ নোট লিখা দীঘল বহীৰ (চুটিবোৰে নাটিছিল ) মাজৰ পাতটো উলিয়াই লৈ সমুখত পঢ়া কিতাপ এখন মেলি লৈ চিঠি লিখাটোৱেই আন্তৰ্জ্জাতিক ভাবে স্বীকৃত নিৰাপদ ব্যৱস্থা আছিল তেতিয়া। ল’ৰাই ‘অঞ্জনা’লৈ লিখা চিঠিখন লিখি থাকোঁতে প্ৰথমে ‘মৰমৰ অঞ্জন’ বুলি লিখি লৈ শেষত আকাৰডাল লগাই অঞ্জনা কৰিছিল বা মামণিলৈ লিখাখনত প্ৰথমে অকল ‘মৰমৰ মা’ বুলি লিখি থৈ পাছত মণি যোগ দি ‘মামণি’ কৰিছিল। এইবোৰ কৰাৰ প্ৰয়োজন আছিল চিঠি লিখি থকা সময়খিনিত আনে কিবা প্ৰকাৰে দেখিলেও একো অথন্তৰ ঘটিব নোৱাৰা জেড্ কেটেগৰীৰ প্ৰতিষ্ঠিত প্ৰমাণিত নিৰাপত্তাৰ খাটিৰত। এইবোৰ টেকনিক্… আমাক তাহানিতে হোষ্টেলৰ গুৰুৱে বৰ সুন্দৰ আৰু নিৰহ–নিপানীকৈ শিকাইছিল…!
কলেজত বিজ্ঞান পঢ়িছিলোঁ। আমাৰ লগতে একে ক্লাছত পঢ়া ছোৱালীবোৰো দেখাত বৰ ধুনীয়া ধুনীয়াই আছিল। কিন্তু অনবৰতে লগ–ভাগ পাই থাকি, প্ৰেক্টিকেল ক্লাছবোৰত একেলগে ফুল…ভেকুলী আদিৰ অপাৰেচন চলাই মেলি থাকি থাকি মোৰ নিচিনাকৈ প্ৰায়কেইটাৰে অমিতাভ বচ্চন মনটোৱে সিহঁতবোৰৰ এজনীৰ মাজতো শিলশিলা চিনেমাৰ ৰেখাক কাশ্মীৰত টিউলিপৰ মাজত এদিনলৈও ভুলতে মনেৰেও বিচাৰি পোৱা নাছিলোঁ। গতিকে কোনো চেষ্টাই চলা নাছিল। সেই দিনবোৰতে লগৰে ওস্তাদ বহুতেই দিহা দিছিলে…ক্লাছতো কবিতা পঢ়ি থকা… সাহিত্য পঢ়ি থকা ছোৱালীবোৰহে এইবোৰ কথাত অলপ চফ্ট…নিৰাপদ…! সিহঁতৰ ক’ৰ্চৰ কাৰণে এইবোৰ প্ৰেক্টিকেল্ ক্লাছ কৰাৰ নিচিনা কথা যে…। চেষ্টা কৰি চাব পাৰ…।
আমাৰ কলেজীয়া দিনত পূজাৰ বন্ধটোৱেই কলেজৰ দীঘলীয়া ভাল লগা বন্ধ আছিল। তেনেকুৱা দীঘলীয়া বন্ধ এটাতে আমাৰ লগত একেখন কলেজতে পঢ়া, অৰুনাচলৰ ব’মডিলাত থাকি দেউতাকে চাকৰি কৰা সূত্ৰে মাক–দেউতাকৰ লগতো গৈ বন্ধ কটোৱা ধুনীয়া দেখা…মাজে–সময়ে কলেজতো কথাবতৰা পতা ছোৱালী এজনীলৈ কলেজীয়া জীৱনৰ প্ৰথমখন চিঠি লিখি মিছাইল উৎক্ষেপণৰ উত্তেজনা অনুভৱ কৰিছিলোঁ। কিন্তু কলেজ খোলা দিনলৈকে চিঠিৰ উত্তৰ অহা নাছিল। একৈশদিন মানৰ বন্ধৰ পাছত এদিন কলেজো খুলিছিল। কলেজলৈ যাবলৈ লাজ নে ভয় কিবা এটা লাগিছিল! ব’মডিলাৰ ওখ পাহাৰৰ ছোৱালীজনীক প্ৰথম দিনাই অকলে কলেজৰ বাৰাণ্ডাতে দেখা পালোঁ। ধুনীয়াকৈ হাঁহি এটা মাৰি প্ৰায় দৌৰিয়েই আহিল মোৰ ওচৰলৈ। মই তেতিয়া প্ৰাপ্তি আৰু সাফল্যৰ উত্তেজনাৰ চৰম শিখৰত! …”তোমাৰ চিঠিখন পালোঁ দেই…আমি সৰুৰে পৰা বাহিৰত থাকি চেণ্ট্ৰেল স্কুলত পঢ়া যে…তুমি অসমীয়াত লিখা চিঠিখন দেউতাইহে মোক পঢ়ি দিছিল…!” আম গছলৈ মৰা শিলগুটিটো যেন ঘটংকৈ টিনৰ চালত পৰি ঘৰ্…ঘৰ্…শব্দ কৰি মোৰ কলিজাৰ ভিতৰেদিহে খৰস্ৰোতা জীয়াভৰলী নৈ হৈ শিলাময় বাটেদি বৈ আহিছিল..! মোৰ লাইফ্ জেকেট্ খোল খাই উফৰি উটি গৈছিল…!
ৰুক্মিণী গাঁও, গুৱাহাটী
২০/০১/২০২২