শিক্ষকৰূপী ৰোগী
লেখক- ডাঃ সুৰজিত গিৰি
”ছাৰ, মই হাবেল আলি। সেই যে চাপে কামুৰিছিলে!”
২০২১ বৰ্ষৰ ২৮ নৱেম্বৰৰ ৰাতি শুবলৈ যা যোগাৰ কৰি থাকোঁতে ৰাতি ৯–৩০ মান বজাত ফোনটো বাজি উঠে।
”ছাৰ সেইদিনাৰ নিচিনা অস্থিৰ লাগিছে। ভয় লাগিছে কিবা হ’ব বুলি। এতিয়া মই শোণিতপুৰ জিলাৰ বঙালী গাঁৱৰ পৰা কৈছোঁ। এটা ডাক্তৰ আমাৰ গাঁৱলৈ আহে। কিন্তু আজি নাহিল। আপুনি দিয়া বেজী কেইটা আজি সেইকাৰণে ল’ব নোৱাৰিলোঁ।”
ফোনতে যিমান পাৰোঁ বুজনি দি বেছি চিন্তা নকৰিবলৈ সন্ত্বনা দি কলোঁ,
”সাপৰ বিহৰ কথা পাহৰি যোৱা। পৰিয়ালৰ লগত আৰামত থাকা। সময় পালে এবাৰ চেক আপত আহিবা।”
তেওঁ ভয় খোৱাটো স্বাভাৱিক। শুবলৈ লৈও তেওঁৰ লগত ১০ দিন মানৰ আগত ঘটা ঘটনাবোৰ চকুৰ আগত ভাঁহি উঠিল।
হাবেল আলি, ৩৫ বছৰ
ঢেকীয়াজুলি, শোণিতপুৰ
পেটৰ তাড়নাত আৰু পৰিয়ালৰ পোহপালৰ কাৰণে কাম বিচাৰি শোণিতপুৰ জিলাৰ ভিতৰুৱা গাঁৱৰ পৰা আহি শিৱসাগৰৰ ডিমৌ অঞ্চলৰ এটা ইটাৰ ভাটত এজন শ্ৰমিক হিচাপে হাবেল নিয়োজিত আছিল। ইটা ভাটাৰ মালিকৰ চৌহদত থকা পুখুৰীটোৰপৰা হাবেলে প্ৰায়ে মাছ মাৰি পৰিয়ালৰ লগত একেলগে তৃপ্তিৰে ভাতসাঁজ খায়।
সেইদিনাখনো (১৮ নৱেম্বৰ ২০২১, বৃহস্পতিবাৰ) হাবেলে কাম বন কৰি দুপৰীয়াৰ সাঁজ মাছেৰে খোৱাৰ কথা ভাবি পুখুৰীটোত নামে। মাছ কেইটামান ধৰি, বামলৈ উঠিব লওঁতেই দুপৰীয়া প্ৰায় ১ মান বজাত তেওঁ পিছল খাই পৰি যায়। কোনোবা পাকত বাওঁ হাতৰ তৰ্জনী আঙুলিটো পুখুৰীৰ পাৰত থকা গাত এটাত সোমাই যায়। তৎক্ষণাত তৰ্জনী আঙুলিটোত কিবা এটাই কামুৰি দিয়ে। অত্যন্ত বিষত হাবেলে ছট–ফটাই চিঞৰি দিয়ে। সকলোৱে শিঙি মাছে খোঁটিছে বুলি ভাবিছিল যদিও ডিমৌ চিকিৎসালয়ত আহি ভৰ্তি হয়।
কৰ্ত্যবৰত চিকিৎসক ডাঃ ৰুমা শ্যামে বিষৰ বাদে বেলেগ একো লক্ষণ নথকাত আনুষংগিক দৰৱ–পাতিৰ বিধান দি দুপৰীয়া প্ৰায় ২: ৩০ মিনিটত ডিমৌ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে। যদি বিষাক্ত সাপ হয়, তেনেহলে চকৰী ফেঁটী হ’ব। লাহে লাহে ঠাণ্ডা পৰাৰ কাৰণে তেওঁলোক গাঁতত সোমাব আৰম্ভ কৰিছিল। হাবেলৰ আঙুলিৰ আকস্মিক শব্দ তৰংগত সাপডালেও ভয়তে কিবা বিপদ বুলি আক্ৰমণ কৰিছিল চাগে। যি কি নহওক যদি চকৰী ফেঁটী হয় তেনেহলে নিশ্চয় ৪ ঘণ্টাত লক্ষণবোৰ দেখা দিব। আমাৰ ধাৰণাবোৰ শুদ্ধ বুলি প্ৰমাণ কৰি প্ৰায় ৩–৩০ মিনিট মানত, মানে প্ৰায় আঢ়ৈ ঘণ্টাত হাবেলৰ বিষাক্ত ফেঁটী সাপৰ বিহৰ লক্ষণবোৰ যেনে মূৰ ঘূৰণী, ডিঙি শুকাই যোৱা, উশাহ টানিবলৈ অসুবিধা হোৱা আদি লক্ষণবোৰ দেখা দিছিল। নাৰ্ছ ললিতাই কথাখিনি ফোনতে মোক অৱগত কৰি এণ্টিভেনমৰ জা–যোগাৰ কৰে। ডাঃ ৰুমা, নাৰ্ছ তিলোত্তমা, সৃষ্টি আৰু ললিতাৰ হঠাতে লৰা–ধপৰা লাগে। সকলো দৰৱ পাতি সৰ্প দংশনৰ আছুতীয়া কোঠাত নিয়াৰিকৈ থকাৰ বাবে তেওঁলোকৰ অকণো অসুবিধা নহ’ল। ততাতৈয়াকৈ এণ্টিভেনম বেজী, নিঅস্তিগ্মীন বেজী আদি প্ৰয়োগ কৰা হয়। হৃদপিণ্ডৰ হাৰ এক মিনিটত ৮০ ৰ পৰা গৈ ১৮০ হৈছিলগৈ। মানুহজন একেবাৰে অস্থিৰ হৈ গৈছিল। কিন্তু ২৫টা এণ্টিভেনম বেজী আৰু ৪টা নিঅস্তিগ্মীন বেজীৰ পাছত হাবেল সম্পূৰ্ণ সুস্থ হৈছিল।
পিছদিনা ৰাতিপুৱা সম্পূৰ্ণৰূপে সুস্থ হাবেলক সাহস দি ক’লোঁ, “চিন্তা কৰিব নালাগে। কিন্তু ৭২ ঘণ্টা হস্পিটেলত থাকিব লাগিব।”
হাবেলে ছুটি দিবলৈ অনুনয়–বিনয় কৰিলে। ক’লে, “আমি হাজিৰা কৰা মানুহ। কাম নকৰিলে কি খাম?”
মই কলো, “দেহা থাকিলেহেহ বেহা। ৭২ ঘণ্টাৰ আগত কোনো পধ্যেই যাব নোৱাৰা।”
দেওবাৰে(২২ নৱেম্বৰ ২০২১) ৰাতিপুৱাৰ পৰাই হাবেলৰ মন প্ৰফুল্ল হৈ আছিল। কাৰণ আজি ১ বজাত ৭২ ঘণ্টা হব। আজি পৰিয়ালৰ ওচৰলৈ যাব পাৰিব। কিন্তু আলচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।
২২ নৱেম্বৰ তাৰিখে ৰাতিপুৱা প্ৰায় ১১: ৩০ মান বজাৰ পৰা আকৌ হাবেলৰ উশাহ ল’বলৈ অসুবিধা হয়। কৰ্তব্যত থকা ডাক্তৰ ৰাজীৱ জাংগিদে ফোন কৰি হাবেলৰ স্বাস্থ্যৰ অৱনতিৰ কথা দোহাৰে। মই ফোনতে ক’লো “সঁচাকৈ তেওঁৰ উশাহ লব অসুবিধা হৈছে নে তেওঁ ভয় খাইছে?” ডাঃ জাংগীদে কলে, “নহয় হৃদপিণ্ডৰ হাৰ এক মিনিটত ১৫০ হৈছেগৈ।”
মই ক’লোঁ, “এইটো বৰ বিৰল ঘটনা। মাংসপেশী কৰবাত ফেঁটী সাপৰ বিহটো জমা হৈ আছিল চাগে, আকৌ তেজত সোমাইছে। চিন্তা কৰিব নালাগে, আকৌ ১০টা এণ্টিভেনম বেজী আৰু নিঅস্তিগ্মীন বেজী দি দিয়া।”
তৎক্ষণাত হাবেলক আকৌ ১০টা এণ্টিভেনম বেজী আৰু নিঅস্তিগ্মীন বেজী দিয়া হয়। প্ৰায় আধা ঘণ্টা মানৰ পাছত হাবেল সম্পূৰ্ণ সুস্থ হয়।
পিছদিনা ৰাতিপুৱা হাবেলক কলোঁ, “ঘৰলৈ যাম যাম বুলি কৈ আছিলা নহয়, ঘৰলৈ যোৱাহেতেন কি হ’লহেতেন ভাবি চোৱাচোন! হস্পিটেল আহিয়েই নাপালাহেতেন। সেই কাৰণে তোমাক ৭২ ঘণ্টা হস্পিটেলত থাকিব কৈছিলোঁ। এতিয়া বুজিলা?”
”ছাৰ ৩ দিনৰ পাছত আকৌ ফেঁটী সাপৰ বিহৰ লক্ষণবোৰ হোৱাত মই বিৰাট ভয় খাইছিলোঁ। মই মৰিম বুলি ভাবিছিলোঁ। মোৰ মানুহজনী আৰু মোৰ ছোৱালীকেইজনীৰ মই নাথাকিলে কি হ’ব বুলি মই অত্যন্ত ভয় খাইছিলোঁ।”
তেজত সোমোৱা সাপৰ বিহ এণ্টিভেনম বেজীৰ দ্বাৰা নিষ্ক্ৰিয় কৰাৰ পাছতো কেতিয়াবা কিছু বিহ আমাৰ মাংসপেশীত জমা হৈ থাকিব পাৰে। খোঁটা অংশটোৰ লৰচৰ আৰু উক্ত মাংস পেশীৰ লৰচৰে এই জমা বিহটো কিছু দিনৰ পাছত আকৌ তেজত সুমুৱাই দিয়ে আৰু আকৌ বিহৰ লক্ষণবোৰ দেখা দিয়ে। খোঁটাৰ পাছত ৭২ ঘণ্টালৈকে তেনে হ’ব পাৰে। সেইবাবে এণ্টিভেনম বেজী দিয়াৰ পাছতো, হাবেল সম্পূৰ্ণ সুস্থ থকাৰ পাছতো, আমি ৭২ ঘণ্টালৈকে তাক ছুটি দিয়া নাছিলোঁ। এণ্টিভেনম বেজী দিয়াৰ পাছত এনেকুৱা সকলো ৰোগীকেই আমি ৭২ ঘণ্টা হস্পিটেলত পৰ্যবেক্ষণত ৰখা হয়। বহু ক্ষেত্ৰত ৰোগী আৰু অভিভাৱকে এনে সুস্থ ৰোগীক হস্পিটেলত ৰাখিলে, এনেয়ে হস্পিটেলত ৰাখি থৈছে বুলি চিঞৰ বাখৰ কৰি থাকে। এণ্টিভেনম দি ফেঁটী সাপৰ বিহ নিষ্ক্ৰিয় কৰাৰ পাছতো হাবেলৰ দেহত আকৌ ৩ দিনৰ পাছত পৰিস্ফুট হোৱা ফেঁটী সাপৰ বিহৰ মাৰাত্মক লক্ষণবোৰে আমাৰ ধাৰণাবোৰ আখৰে আখৰে প্ৰমাণ কৰিলে।
৭২ ঘণ্টাৰ পাছত ফেঁটী সাপৰ বিহৰ লক্ষণ আকৌ দেখা দিয়াৰ হাবেলৰ নিচিনা ঘটনা পৃথিৱীৰ মেডিকেল শাস্ত্ৰত বিৰল। আঙুলিৰ মূৰতে গণিব পাৰি। আপোনালোকক জনাবলৈ পাই সুখী যে আহিব লগীয়া কিছু দিনত হাবেলৰ বিৰল ঘটনাটোও আন্তঃৰাষ্ট্ৰীয় এখন মেডিকেল জাৰ্নেলটো প্ৰকাশ পাব। আমাৰ মেডিকেল বিভাগত শিক্ষা কেতিয়াও শেষ নহয়। প্ৰত্যেক ৰোগীয়ে আমাক নতুন নতুন বিভিন্ন কথা শিকায়। সৰ্প দংশনৰ নিচিনা পৃথিৱীৰ অৱহেলিত বিষয়টোত এতিয়াও আমি জানিবলৈ আৰু শিকিবলৈ বহু আছে। আমাৰ কাৰণে প্ৰত্যেকজন ৰোগী একো একোজন শিক্ষক। ধনীয়েই হওক বা শ্ৰমিকেই হওক সকলোৱে আমাক এই বিষয়টোত বহু জ্ঞান আৰু শিক্ষা দি আহিছে। এই সুযোগতে সকলোকে আমি অশেষ ধ্যন্যবাদ জ্ঞাপন কৰিছোঁ।
অনাগত দিনবোৰত এই বিষয়টোত আৰু বা কি শিক্ষা পাম সেয়া সময়েহে ক’ব।
হাবেল আলিৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত। হাঁহি থকা হাবেলক সম্পূৰ্ণ সুস্থ অৱস্থাত পৰিয়ালক গতাই দিয়াৰ সম্পূৰ্ণ কৃতিত্ব আমাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীসকলৰ। আমাৰ স্বাস্থ্য কৰ্মীসকলক লৈ আমি অত্যন্ত গৌৰৱান্বিত।
ধন্যবাদেৰে
ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
আই চি ইউ (ICU)বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭