মোৰ শৈশৱৰ ব’হাগ
লেখক- বিদিশা মহন্ত
মা–দেউতাৰ চাকৰিসূত্ৰে আমি চাবুৱাত আছিলোঁ। সেয়ে প্ৰত্যেকটো পূজা, বিহু, গৰমৰ বন্ধ আৰু বছৰেকীয়া পৰীক্ষা দি উঠি দেউতাৰ কাকজানৰ ঘৰখনলৈ বা মাৰ নঙলামৰাৰ ঘৰখনলৈ যোৱাটো একপ্ৰকাৰৰ নিয়মৰ দৰে আছিল। দুয়োখন ঘৰৰে আকৰ্ষণ আছিল মোৰ বাবে বেলেগ বেলেগ। তেতিয়াৰ দিনত জাগুন–যোৰহাট বুলি বাছ এখন চলিছিল। অসম পৰিবহণ নিগমৰ ৰঙা বাছ। চিটবোৰ আছিল ডাঠ সেউজীয়া ৰেক্সিনৰ। বাছৰ খিৰিকীৰ ওপৰত লিখা থাকে— আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, বাহিৰলৈ হাত মূৰ নুলিয়াব, নিজৰ বয়–বস্তুৰ ওপৰত চকু ৰাখিব; হেৰালে বাছৰ কৰ্তৃপক্ষ দায়ী নহয়। ব’হাগ বিহুৰ কেইদিনমানৰ আগৰ ৰাতিপুৱা এটাত ভাত অকণ নিমখ–তেল,আলুপিতিকা বা গাখীৰেৰে আমাক খুৱাই আৰু নিজেও খাই মা–দেউতা বাছ ধৰিবলৈ সাজু হৈছিল। ৰিক্সাৰে বাছ ষ্টেণ্ড পোৱাৰ পিছত আমি ইফাল সিফাল কৰি থাকো, বাছষ্টেণ্ডৰ দোকান কেইখনত মৰ্টন চানা বাদামজাতীয় কিবা এটা বাটত খাবলৈ কিনো। ৰাস্তাত পঢ়িবলৈ টিংকল, চান্দমামা জাতীয় আলোচনী কিনি লওঁ। এটা সময়ত বাছ আহে। খিৰিকীৰ কাষৰ চিটত বহিবলৈ মোৰ আৰু ভাইটিৰ হেতা ওপৰা লাগে। বাছ গৈ গৈ মৰাণত ৰয়। মৰাণৰ আলুচপ খাবলৈ নাপালে জীৱনেই বৃথা! ৰসগোল্লাৰ ৰসত ৰং দি কৰা চচ আৰু পিঁয়াজৰ লগত আলুচপ খাই আকৌ বাছত উঠোঁ। আলুচপৰ পিছত আমাৰ বাবে আকৰ্ষণ আছিল শিৱসাগৰৰ চটফটি চানা। সেই সময়ত তুলনামূলকভাৱে শিৱসাগৰৰ বাছষ্টেণ্ডটো দেখিবলৈ বৰ ধুনীয়া আছিল। বাছ তাত সোমোৱাৰ লগে লগে মনটো কিবা গহীন গহীন লাগি যায়। গৌৰীসাগৰ নামদাঙৰ শিলৰ সাঁকোঁ পাৰ হৈ বাছ আকৌ টিয়কত ৰয়। তাত কাকূতি মই কৰিছোঁ চৰণতে ধৰিছোঁ বুলি গাই গাই অন্ধ মানুহ এজন উঠে। তেখেতক মেকুৰী নামেৰে মানুহে জানে। মানুহবোৰে যি যেনেকৈ পাৰে দুই এটকা দি সহায় কৰে। টিয়ক পোৱাৰ পিছতে ৰাস্তাৰ দুইফালৰ ঘন তামোল গছ আৰু বাঁহনি আৰম্ভ হয় — আমাৰো কাকজান কাকজান ফীলটো আৰম্ভ হয়। ইতিমধ্যে বেলি লহিয়াবলৈ ধৰে। ওখ ওখ তামোল গছৰ ফাঁকেৰে বেলিৰ শেষ ৰহণখিনি বাছৰ খিৰিকীৰ মাজেৰে আমাৰ গাত পৰেহি। মনটো ৰঙীয়াল হৈ উঠে। কাৰণ আমি জানো পদূলিমুখতে আমালৈ বাট চাই আই (আইতা) ৰৈ থাকে।
চিনাকি মানুহবোৰক মাত লগাই আহি আহি ঘৰৰ ওচৰ পাওঁ মানে গধূলিয়েই হয়। নামঘৰত ডবা বজাৰ সময়তে আমি ঘৰ পাওহি। দৌৰ মাৰি গৈ আইৰ বুকুত সোমাওগৈ। উশাহত উজাই লওঁ আইৰ গাৰ আশীসূতাৰ চাদৰখনৰ পৰা অহা গোলনেমু দিয়া দাইলৰ মলমলীয়া গোন্ধ। টপৰ টপৰ চুমা দুটামান খাই আয়ে আমাক আগবঢ়াই নিয়ে। ককা গোসাঁইঘৰৰ আগৰ চোতালখনত চকী পাৰি বহি থাকে। আয়ে আথে বেথে আগবঢ়াই দিয়া গাখীৰ আৰু নাৰিকলৰ লাৰু, পিঠা পনা, খুৰীয়ে কৰা ৰুটী খাই আমি ককাৰ ওচৰতে ক্ষন্তেক বহোঁ। ককা আৰু দেউতাই চোতালতে বহি নানান কথা পাতে। মা আৰু খুৰী থাকে পাকঘৰত। খুৰাই ৰোগী চাই তেতিয়াও আহি নাপায়হি। ভাইটি কংকু, খুৰাৰ ল’ৰা দুটা সোণকণ আৰু মাইনাই খেলত মচগুল হয়। মোৰ আৰু আইৰ একান্ত সময় আৰম্ভ হয়। আয়ে সাধুৰ নিজৰাটো মেলি দিয়ে। সাধু শুনি শুনি ৰাগী লাগি আহে। আইৰ কোঠাৰ বগা বিছনাচাদৰ পৰা এজনীয়া বিছনাখন, হালধীয়া বাল্বৰ পোহৰ, ৰেক এডালৰ ওপৰত থকা বাকচবোৰ, ড্ৰেছিং আইনাখন আৰু মদৰুৱা ৰং লোৱা আচলতে বগা ৰং সনা কিতাপৰ আলমাৰিটো…সকলোতে মোৰ চকু পিনপিনাই ফুৰে। ৰাতি ভাত খাই উঠাৰ পিছত খুৰীয়ে হাতত জেতুকা সানি হাতখন পলিথিনেৰে বান্ধি দিয়ে। তেনেকৈয়ে হাতখন থৈ সাৱধানেৰে শুই পৰোঁ। ৰাতিপুৱা হাতখন টিকটিকিয়া ৰঙা হৈ পৰা দেখিলে নিজৰে বেলেগ আনন্দ লাগে। গৰু বিহুৰ দিনা ৰাতিপুৱা সকলো বৰ ব্যস্ত হৈ পৰে। ককাই ৰাতিপুৱাই নাহৰ পাতত মুকুতামণি হেন আখৰেৰে লিখে,
দেৱ দেৱ মহাদেৱ / নীলগ্ৰীৱ জঁটাধৰ / বাত বৃষ্টি হৰং দেৱ / মহাদেৱ নমস্তুতে।
নাহৰ পাতবোৰ বেৰৰ আৰু দুৱাৰৰ ফাঁকে ফাঁকে গুঁজি থোৱা হয়। সেই কামটো আইৰ সৈতে লগ লাগি মই কৰোঁ। দেউতা খুৰাহঁতে মিলি চাট সাজে। তাত লাও, বেঙেনা, কেৰেলা, হালধি আৰু থেকেৰাৰ টুকুৰা আমি মালা গথাৰ দৰে গাঁথোঁ। আমাৰ ভাগে ভাগে চাট থাকে। মোৰ ডাল তিনি ফেৰেঙণীয়া। কংকু, সোণকণ আৰু মাইনাৰ দুফেৰেঙণীয়া। তাকে লৈ সিহঁতৰ সদায় আপত্তি। মই ডাঙৰ বাবেই মোৰ চাট ডাঙৰ বুলি আয়ে সিহঁতক কৈ থয়।
খগেশ্বৰ কাইয়ে গৰু জাকক গা ধুৱাবলৈ বলমৰ পাৰলৈ লৈ যায়। আমি পাৰেমানে পাচলি দলিয়াই চিঞৰি চিঞৰি গাওঁ
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা—
বলমৰ পাৰত গৰু ধুওৱাৰ পিছত গৰুচাটৰ পাচলি গোটাই ঘৰলৈ আনো। তাৰপৰা গা ধুই আয়ে বৈ থোৱা জোখৰ ৰিহা মেখেলা পিন্ধি জা জলপান খাই সাঁজি কাচি ৰৈ থাকোঁ। মা খুৰীহঁত নামঘৰলৈ সেৱা কৰিবলৈ যায়। দিনৰ এঘাৰ মান বজাৰ পৰা হুঁচৰি অহা আৰম্ভ হয়। তিনিজনী বা পাঁচজনী ছোৱালী গোট খাই টকা বজাই ঘৰে ঘৰে বিহু মাৰেহি। ময়ো কোনোবা দুটামান দলৰ লগত দুঘৰ মানলৈ যাওঁ। এইবোৰ দলৰ দক্ষিণা এটকা দুটকাৰ পৰা পাঁচ টকা মানলৈকে হয়। দিনটোত তেনেকুৱা খন্তীয়া খুচুৰা হুঁচৰি দল প্ৰায় পোন্ধৰ বিশটা আহে। শেষত ৰাতি গাঁৱঁৰ আটাইতকৈ ডাঙৰ আৰু ভাল হুঁচৰিযোৰ আহে। ঢোল, পেঁপা, নাচনী, ঢুলীয়া, গগণা, টকাৰে ৰজনজনাই যোৱাকৈ নাম গায় —দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী…
হুঁচৰি দলৰ পেপুৱা বাপু দাৰ পেপা বজোৱা চাবলৈ ৰাইজৰ ভিৰ লাগে। শেষত শৰাই দি ভালকৈ মাননি দিয়াৰ পিছত চাহ তামোল খাই তেওঁলোকে বিদায় লয়। মানুহ বিহুৰ দিনা ৰাতিপুৱা গা পা ধুই নামঘৰত সেৱা কৰি আই ককাকো সেৱা কৰোঁ। ভাত–পানী ৰন্ধাৰ লেঠা নাই বাবে মা খুৰীহঁতৰো সেইদিনা কাম বিশেষ নাথাকে। ওচৰৰ বৰতা আৰু খুৰাহতঁৰ ঘৰলৈ তেওঁলোক বিহু বুলি যায়। ব’হাগৰ নিজান দুপৰত মোৰ সংগী হয় আইৰ কোঠালিৰ এক আলমাৰি কিতাপ। ৰাংপতা, লাটুমণি, মইনা, বংগমুৱা নৌ যাত্ৰাৰ আপদীয়া কাহিনী, জিম কৰবেটৰ চিকাৰ কাহিনী, গেঞ্জি কোঁৱৰৰ সাধু, পৱন, জেচন চিৰিজ, পৰ্বতৰ ৰিঙনি, দস্যু ভাস্কৰ, পাফু, দস্যুৰাণী বিজুলি, সত্যৰঞ্জন কলিতাৰ এচ কে জি সকলোবোৰে আলমাৰিৰপৰা ওলাই আহিবলৈ উকমুকনি তোলে। কিতাপ এখন হাতত লৈ আইৰ বিছনাৰ নিশ্চিন্ত আৰামত দীঘল দি পৰি অলস সময়বোৰ পাৰ কৰি দিওঁ। লাহে লাহে আবেলি হয়, বিহু বুলি মাত লগাবলৈ ইজোৰা সিজোৰা আহে। মাইনু মামনহঁতৰ লগত পিছফালৰ বাৰী আৰু পুখুৰী পাৰ হৈ মেৰনিলৈ যাওঁ। ৰাতিলৈ খাবলগীয়া এশ এবিধ শাক তুলিব লাগে। ৰাতি বৰতাৰ ঘৰত কেৰেমৰ খোলা বহে। হাঁহি গিৰ্জনীয়ে ঘৰৰ চাল উৰাই নিও উৰাই নিও কৰে। সকলোৱে লগে ভাগে পুখুৰীৰ মাছেৰে বিহুৰ ভাতসাঁজ একেলগে খাওঁ।
এতিয়া আগফালে থকা কপৌ ফুল জোপাইহে ব’হাগ অহাৰ বতৰা দিয়ে। আমাৰ বিহু নিউজ চেনেলতহে আহে। বিহুৰ গা মন ৰাইজাই কৰা দিনত চাৰিবেৰৰ মাজত বন্দী হৈ অকলে অকলে সোঁৱৰণিৰ পুখুৰীত বুৰ মৰাৰ বাহিৰে আমাৰ আন উপায় আছেনে!