শৈশৱৰ খেলাৰ থলী চোতালখন

লেখক- গীতিকা বৰা

বগা, টান, শুকান মাটিৰে গঢ়া আছিল আমাৰ পুৰণা ঘৰৰ আগফালৰ আহলবহল চোতালখন, যিখন আমাৰ শৈশৱৰ খেলধেমালিৰ থলী আছিল। অৱশ্যে আমি অকল চোতালতেই খেলিছিলো বুলি কলে ভুল কোৱা হব। আমাৰ আন কিছুমান খেলা ঠাই আছিল ৰাস্তাৰ কাষ, গাঁৱৰ নামঘৰৰ কাষৰ মুকলি ঠাইকণ আৰু ফাগুনতমাহৰ উদং পথাৰ। তথাপি আমাৰ অধিকাংশ খেলধেমালিৰে মুকলি মঞ্চস্বৰূপ আছিল চোতালখন আৰু চোতালৰ কাষতে লাগি থকা গোহালিটো। 

 স্কুলৰ পৰা আহিয়েই আৰম্ভ কৰা আমাৰ খেলাবোৰ বেলি লহিওৱাৰ পৰতো শেষ হব নোখোজে। যৌথ পৰিয়াল হিচাপে বাস কৰা আমাৰ ঘৰখনৰ চাৰিপাঁচটা লৰাছোৱালীৰ লগতে চুবুৰীয়া সমনীয়া লগলাগি প্ৰায় তেৰচৈধ্যটা শিশুকিশোৰৰ কলৰৱৰে আবেলিৰ সময়খিনিত চোতালখন জীপাল হৈ উঠে।কাবাডি’, “এডিম ছেদিম বা”, “লুকাভাকু”.. আৰু কত কি যে খেলা! কিছুমান খেলাৰ আমি কোৱা নামবোৰ প্ৰকৃত নাম নাছিল বুলি আমি এতিয়াহে জ্ঞাত হৈছোঁ। দুফালে দুটা বৃত্ত আঁকি খেলাবৌগুডু’,  মাটিত ঘৰ পাৰি এঠেঙীয়া হৈ খেলাকুটকুটআদিৰ নাম ঠাইবিশেষে বেলেগ বেলেগ। 

 

গৰমৰ বন্ধৰ দিনবোৰত দুপৰীয়া ভাতপানী খাই মাহঁতে যেতিয়া আমাকো শুৱাবলৈ চেষ্টা কৰি বিছনাত পৰে, মাহঁতৰ টোপনি অহাৰ ছেগ চায়েই হাতত সাৰে ভৰিত সাৰে ভিতৰৰ পৰা ওলাই আহোঁ। সেই চৌফলীয়া ৰদত চোতালত খেলিব নোৱাৰি বাবে গোহালিৰ খুঁটাত ৰছী বান্ধিঝুলনাখেলোঁ। কোনোফালে একো নিমিলিলে নাইবা বৰষুণৰ দিনত আমাৰ স্থায়ী খেল হল বাৰাণ্ডাৰ মজিয়াত বহি খেলাচেংগুটিআৰুলুডু সেয়া আছিল আমাৰইনডৰ গেম।তেতিয়ালৈ কোৰোকাৰে ভাতধেমালি খেলা আৰু কাপোৰেৰে দৰাকইনা বনাই খেলা বয়স পাৰ কৰিছিলোঁ। 

 আঘোনপুহ মহীয়া সন্ধিয়া চোতালত ধানৰ মৰণা মাৰোতে হাতত এডাল এচাৰি লৈ গৰুৰ পিছে পিছে ঘূৰি থকাটোও আমাৰ বাবে খেলতকৈ কম মাদকতাময় নাছিল।  

 ফাগুনতমহীয়া ধান কাটি পথাৰ আজৰি হোৱাৰ পিছত প্ৰতিবছৰে আমাৰ চোতালখন ওখ কৰিবলৈ পথাৰৰ পৰা মাটি আনি চোতালৰ একাষে দমাই থোৱা হয়। সেই দিনবোৰত মাটিৰ দমটো আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। আমাৰ খেলটো হল সেই অমসৃণ দমটোত খোপনি পুতি একেবাৰে ওপৰত উঠি লৈ তাৰ পৰা তললৈ জঁপিয়াই দিয়া। 

 আমাৰ সেই সময়ৰ আৰু এটা আকৰ্ষণ আছিল, চোতালপোক। এবাৰ চোতালখনত কিছুমান সৰু সৰু ফুটা দেখিলোঁ। আমি আটাইকেইটাৰেএনচাইক্লোপেডিয়াস্বৰূপ আমাৰ আইতাই জনালে সেইবোৰ চোতাল পোকৰ গাঁত। পোকবোৰে গাঁতৰ মুখত মুখ উলিয়াই থাকে আৰু মানুহৰ ভৰিৰ তলুৱা কুটি কুটি খায়। চোতালত খালী ভৰিৰে খোজ কাঢ়ি ফুৰিলে আমাৰো তলুৱা ফুটাই পেলাব। আমাক ভয় খুৱাবলৈয়েই কিজানি আইতাই কেইগৰাকীমান চুবুৰীয়াত খলাবমা ভৰিৰ তলুৱাৰ উদাহৰণো দিলে। কিন্তু আমাৰ লগৰ অঘাইতং দুটামানে ভয় খোৱাৰ সলনি পোকবোৰ মাৰি পেলোৱাৰ উপায় চিন্তিলে। উপায়ো ওলাল। অলপ দীঘলীয়া কোমল বন এবিধৰ কোঁহপাত এটা ঠাৰিৰে সৈতে গাঁতটোত সুমুৱাই দিয়া হয়। তাৰপিছত বৰশীত মাছ লাগিবলৈ ৰৈ থকাৰ দৰে একে ব্যাকুলতাৰে ৰৈ থাকোঁ বনডাল লৰি উঠালৈ। বনডাল কঁপা যেন পালেই ক্ষিপ্ৰতাৰে সেইডাল উঠাই আনো। ঠাৰিডালৰ তলটোত কামুৰি ধৰি পোকটো উঠি আহে। 

 আমাৰ পদূলিত আদৰণী তোৰণৰ দৰে নঙলাৰ দুয়োফালে দুজোপা বকুলগছ আছিল। গছ দুজোপা তেতিয়া পূৰ্ণাংগ অৱস্থা পোৱা নাছিল বাবেই কিজানি একেবাৰে তলৰপৰাই ফেৰেঙণি আছিল। আমি জাপ মাৰি ওলোমা বাদুলি দি তলৰ ডালটোত ধৰি লওঁ আৰু এখোপএখোপকৈ উঠি গৈ বকুল ছিঙি আনো। পুৱাই উঠি তলসৰি থকা বকুলফুল বুটলি ববচা বনত চিলাওঁ। সূতাৰেও দীঘল দীঘলকৈ মালা গাঁঠি ফটোবোৰত আঁৰি দিওঁ। এতিয়া সেই আহলবহল চোতালো নাই, বকুল দুজোপাও নাই। কিছুমান গোন্ধে যেনেকৈ বিশেষ কিছু ক্ষণৰ স্মৃতি কঢ়িয়ায়, বকুলৰ গোন্ধ পালেই এতিয়াও মই দেও দি দি লৰালিৰ ওমলা চোতালখন পাওঁগৈ। বহুদিনেই হল দুহাতৰ আঁজলিত বকুলফুল লৈ উশাহ উজাই সুবাস নোলোৱা। কেতিয়াবা বীৰেন্দ্ৰ নাথ দত্তৰ সেই কালজয়ী গীতটোৰ দৰে একেই আকুলতাৰে কবলৈ মন যায়, 

বহুদিন বকুলৰ গোন্ধ পোৱা নাই, 

 বহুদিন বকুলৰ মালা গঁঠা নাই…..”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments