ছবি সমালোচনা আৰু ইয়াৰ প্ৰয়োজনীয়তা
লেখক- বিকাশ দত্ত
“Film Criticism is important because films are important. If films are not important then film criticism doesn’t matter so much.” প্ৰখ্যাত চিত্ৰ সমালোচক তথা লিখক স্বৰ্গীয় ৰ’জাৰ ইবাৰ্টক এবাৰ এক সাক্ষাৎকাৰত সোধা “ছবি সমালোচনা কিয় প্ৰয়োজনীয়” শীৰ্ষক প্ৰশ্নৰ উত্তৰত তেখেতে কথাখিনিৰ উদ্ধৃতি দি কৈছিল ‘Films are important!’
হয়, কথাছবি এক শক্তিশালী গণমাধ্যম। ছবিৰ জৰিয়তেই ইতিহাসক দাঙি ধৰা হয়, ছবিৰ জৰিয়তেই পৃথিৱী বিভিন্ন শক্তিশালী নেতা, একনায়কত্ববাদী শাসকে প্ৰপাগাণ্ডা কৰে, বাস্তৱ ঘটনাক আলম লৈয়েই সেই ঘটনাক উপযুক্ত ন্যায় প্ৰদান কৰা হয় ছবি জৰিয়তেই, আৰ্থ–সামাজিক দিশ, ৰাজনৈতিক মতাদৰ্শ, কলা–সংস্কৃতি, নৱতম ধাৰণা, সমাজব্যৱস্থা, যৌনতা, আদৰ্শৰ স্বকীয়তা আদিৰ দৃশ্য–শ্ৰাৱ্য উপস্থাপন কৰা হয়, যাৰ দ্বাৰা সমাজক প্ৰভাৱিত কৰিব পাৰি। সেয়েহে ছবি আমাৰ বাবে প্ৰয়োজনীয় আৰু একেদৰে ছবি সমালোচনাও!
এজন সাধাৰণ দৰ্শক তথা চিনেমাৰ প্ৰতি আগ্ৰহী ব্যক্তি এজনে নতুন ছবি এখন চাব নে নাচাব তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিনেমা এখনৰ পৰ্যালোচনা বা ছবি সমালোচকৰ মতামতৰ ওচৰ চাপে। সেয়েহ ছবি এখনৰ সম্পূৰ্ণ স্বকীয়তা বজাই ৰাখি ছবিখনৰ সম্পৰ্কে নিজৰ এক সুস্থ ধাৰণাক দৰ্শকৰ সন্মুখত ৰাখিবলৈ যত্ন কৰাটো প্ৰতিজন ছবি সমালোচকৰ কৰ্তব্য তথা দায়িত্ব হোৱা উচিত। কিন্তু বৰ্তমানৰ ইণ্টাৰনেটৰ বহুল ব্যৱহাৰ তথা সামাজিক মাধ্যমৰ ব্যাপক জনপ্ৰিয়তাত কিছুসংখ্যক মধ্যমীয়া ছবি সমালোচকৰ উদ্ভৱ হোৱাটো আমি প্ৰত্যক্ষ কৰিবলৈ লৈছোঁ। এক বৃহৎ পৰিমাণৰ ছবি সমালোচনাক কেৱল ব্যক্তি স্বাধীনতাৰ মাপকাঁঠি হিচাপে লৈ বহুতো তথাকথিত চিত্ৰ সমালোচকে নিজৰ লগতে প্ৰতিখন ছবিৰ স্বকীয়তা ৰক্ষাত যেন বদ্ধপৰিকৰ হোৱা নাই, সেয়াও এগৰাকী সুস্থ মনোস্থিতিৰদ্বাৰা অনুপ্ৰাণিত দৰ্শকে আজিৰ দিনত অতি সহজেই হৃদয়ংগম কৰিবলৈ লৈছে। ব্যক্তিগতভাৱে এখন ছবিৰ গ্ৰহণযোগ্যতা, প্ৰয়োজনীয়তাক সদৰি কৰাৰ পৰিৱৰ্তে ছবিখনৰ গুণগত মান তথা ৰূপায়ণগত ত্ৰুটি সম্পৰ্কে দৰ্শকৰ আগত নিজৰ অভিব্যক্তিক উপস্থাপন কৰাত আমাৰ চিত্ৰসমালোচকসকল সফল হৈছেনে, তাত আজিও এক প্ৰশ্নবোধক চিহ্নই সততে স্থান দখল কৰে। এখন ছবিৰ উপস্থাপনশৈলী, কাহিনীকথন, কলা নিৰ্দেশনা, সামাজিক বাৰ্তা, শক্তিশালী ৰূপত উপস্থাপন কৰা আদৰ্শৰ প্ৰকাশ্য ভংগিমা, নতুন প্ৰযুক্তিৰ সুব্যৱহাৰৰ এক গঠনমূলক আলোচনা কৰাটোৱেই এগৰাকী বুদ্ধিদীপ্ত চিত্ৰসমালোচকৰ কাম, চলচ্চিত্ৰ মহোৎসৱত ছোনম কাপুৰ বা এঞ্জেলিনা জ’লীৰ পিন্ধনত কি আছে, সেয়া প্ৰকাশ কৰাটো নহয়। এজন চিত্ৰ সমালোচকে এখন বিয়াগোম বিগ বাজেট ছবি এখনৰ বিষয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে মূলসুঁতিৰ শক্তিশালী ছবিসমূহৰ ওপৰতো নিজস্ব ধাৰণাৰে পুষ্ট এক গঠনমূলক আলোচনাক দৰ্শক সন্মুখত দাঙি ধৰিবই লাগিব। স্থানীয় তথা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিজন ছবি নিৰ্মাতা পৰিচালকৰ গুণগত চিনেকৰ্মৰ প্ৰশংসাক দৰ্শকৰ আগত দাঙি ধৰিবই লাগিব; যিদৰে অভিনেতা–অভিনেত্ৰী সম্পৰ্কে এগৰাকী “টেবলয়ড ৰাইটাৰে” তেওঁৰ পিন্ধনত কি আছে, তেওঁৰ ব্যক্তিগত জীৱনত কি চলি আছে তাক লৈ নিজৰ ভাৱ প্ৰকাশ কৰে!
বৰ্তমান সময়ত আমি যি ছবি চাই আছোঁ বা আমি যি ছবিক লৈ উৎসুক হৈ আছোঁ, কেমেৰাৰ ক্ষীপ্ৰ গতি, শিঁহৰিত কৰা একশ্যন দৃশ্য, শ্ৰুতিমধুৰ সংগীত, কাহিনী–কথনৰ অৱধাৰিত গতি ইত্যাদিৰ ভেটি নিৰ্ধাৰণ কৰা হৈছিল আজিৰপৰা ৬০ বছৰ পূৰ্বে। এয়া আছিল এক আন্দোলন। ক্লাছিকেল ছবি নিৰ্মাণৰপৰা আঁতৰি আহি ছবি নিৰ্মাণৰ এই নতুন ধাৰণাক ইতিহাসত “দ্য ফ্ৰেঞ্চ নিউ ৱেভ” বুলি কোৱা হয়। এই নতুন ধাৰণাৰ বাটকটীয়া কোন আছিল– তেওঁলোকৰ নামবোৰ আছিল ক্ৰমে ফ্ৰানচোৱা টুফ্য’, আন্দ্ৰে বেজিন, জন লুক গডাৰ্ড, জেকছ ৰিভেট, ক্লডিও চৌৱেল, এৰিক ৰ’মেৰ। হয়, এই আটাইগৰাকীয়েই সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ছবি পৰিচালক, যিসকল পেছাদাৰী চিত্ৰ সমালোচকো আছিল।
আলফ্ৰেড হিটছকক –যাক ছবিজগতৰ সৰ্বকালৰ অন্যতম সফল পৰিচালক হিচাপে গণ্য কৰা হয়, তেওঁ যেতিয়া ৬০ৰ দশকত ছবি নিৰ্মাণ কৰিছিল, সেই সময়ত এই আটাইবোৰ ছবিকেই এখন “ঠিক ঠাক” ছবি হিচাপে আখ্যা দিয়া হৈছিল। কিন্তু ছবি সমালোচকসকলে হিটছককৰ ছবিসমূহত সংযোজিত বিভিন্ন ক্ষুদ্ৰাতিক্ষুদ্ৰ দিশ, কেমেৰাৰ পৰিচলন, সাজ–সজ্জা সম্পৰ্কে এক বিস্তৃত পৰ্যালোচনা আগবঢ়ায়, যাৰ দ্বাৰা হিটছকক হৈ পৰে “মাষ্টাৰ অৱ ছাছপেঞ্চ”ৰপৰা “মাষ্টাৰ অৱ চিনেমা”। ছবিসমূহ পোষ্টাৰসমূহতো এয়া আমি লক্ষ্য কৰিব পাৰোঁ। কাৰণ পূৰ্বতে ছবিৰ পোষ্টাৰত আছিল ষ্টুডিঅ’ৰ নাম। ৱাৰ্ণাৰ ব্ৰাডাৰ্ছ, পেৰামাউণ্ট, এম জি এম আদি বিয়াগোম ফিল্ম ষ্টুডিঅ’ৰ নামৰ লগত ছবিৰ শীৰ্ষনামক সংযোজিত কৰা হৈছিল। কিন্তু সমালোচকসকলৰ পৰিচালকমুখী ধ্যান–ধাৰণা সম্বলিত তথ্যৰ শক্তিশালী অৱলোকন আৰু প্ৰকাশ হোৱা প্ৰবন্ধ–নিৱন্ধৰ ব্যাপক জনপ্ৰিয়তাত ছবিসমূহৰ শিৰোনামত ষ্টুডিঅ’ৰ সলনি নাম দিয়া হ’ল পৰিচালকৰ, অভিনেতাৰ লগতে অভিনেত্ৰীৰ। যেনে– Alfred Hitchcock’s “Vertigo”, Clint Eastwood Starrer “A few Dollars More”, Amitabh Bacchan in and as “Don” ইত্যাদি। বলিউদ–হলিউদ কিম্বা অন্যান্য বৃহৎ বৃহৎ ছবি উদ্যোগত সমালোচকসকল হৈ পৰিছিল ছবি এখনৰ সফলতা বা বিফলতাৰ কাৰক।
৭০ৰ দশকৰ শেষৰফালে এখন কম বাজেটৰ ছবি “Who’s that knocking at my door”(১৯৬৭)-এ মুক্তিৰ সময়ত দৰ্শকৰ লগতে সমালোচকৰপৰা অভুতপূৰ্ব সঁহাৰি লাভ কৰিছিল। তেতিয়া প্ৰখ্যাত ছবি সমালোচক ৰ’জাৰ ইবাৰ্টে নিজৰ সমালোচনাৰ ক্ষেত্ৰত ছবিখন সম্পৰ্কে উদ্ধৃতি দিয়ে এইধৰণে, “I have no reservations in describing it as a great moment in American Movies.” একেদৰে উক্ত পৰিচালকৰেই চতুৰ্থখন ছবি “Mean Streets”(১৯৭৩) সম্পৰ্কে তেখেতে কৈছিল “In countless ways, right down to the detail of modern TV crime shows, Mean Streets is one of the source points of modern movies.”
কোন আছিল সেই ছবি পৰিচালকগৰাকী?
মাৰ্টিন স্কৰছেজি।
গতিকে এইক্ষেত্ৰত এগৰাকী বিখ্যাত ছবি সমালোচকৰ ভাষা আৰু ছবি এখন চোৱাৰ সাৱলীল দৃষ্টিভংগীৰ কথা আমি বাৰুকৈয়ে জানিব পাৰোঁ। সেয়েহে সমালোচক হোৱাটো ইমানো সহজ কাম নহয়। ৰাজীৱ মচন্দে পল থমাছ এণ্ডাৰছনৰ Phantom Thread সম্পৰ্কে কৈছিল, “This movie is good and beautifully staged.”
প্ৰকৃততে আপুনি ভাবেনে এনেকুৱা উদ্ধৃতিয়ে তেওঁক এগৰাকী চিত্ৰসমালোচক হিচাপে প্ৰতিষ্ঠা কৰিব? যদিহে আপুনি নিজকে এগৰাকী ছবিৰ পোক বুলি ভাবে তেন্তে এয়া আপোনাৰ দায়িত্ব, কিদৰে নিজৰ মগজুক “ক্ৰিটিকেল থিংকিঙ”ৰ আওতাত আনিব। ছবি এখনৰ ৰিভিউ নহয়, সমালোচনা কৰিবলৈ চেষ্টা কৰক। সৰল ভাষাৰে লিখক, যাতে ছবিখন চাওঁতে আমি যিটো অনুভৱ কৰোঁ, ছবিখনৰ বিষয়ে পঢ়োঁতেও সেই একেটাই অনুভৱ কৰোঁ। ছবিৰ গভীৰতা, কাহিনী–কথনৰ অৱধাৰিত গতিক কিদৰে নিজৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব পাৰি সেয়া এগৰাকী ছবিসমালোচকে বাৰুকৈয়ে বুজিব পাৰে, প্ৰকাশ কৰিব পাৰে লগতে প্ৰশ্নও কৰিব পাৰে।
ছবিৰ এক দ্বৈত চাৰিত্ৰিক বৈশিষ্ট্য আছে– Art আৰু Craft। সেয়েহে ছবি এখনৰ বিষয়ে যদিহে আপুনি এগৰাকী সমালোচক হিচাপে মতামত দিব খুজিছে তেন্তে আপুনি ছবিখন সম্পৰ্কে তথা নেপথ্যত জড়িত সকলো প্ৰকাৰৰ ইতিবাচক তথা নেতিবাচক ধাৰণাক পুষ্ট কৰিবই লাগিব। এগৰাকী দৰ্শকক জনাওক, কিয় ছবিখনৰ বেছিভাগ দৃশ্য ক্ল’জ আপত লোৱা হৈছে, কিয় ছবিখনক ক’লা–বগা মাধ্যমত প্ৰস্তুত কৰা হৈছে, কিয় ছবিখনত শব্দ–সজ্জা অতি কম পৰিমাণে ব্যৱহাৰ কৰা হৈছে, এই আটাইবোৰ দিশেই ছবিখনৰ গুণগত মানক নিৰ্ধাৰণ কৰে। উক্ত দিশসমূহৰ উদ্ধৃতিয়ে ছবিখনৰ লগতে ছবিখনৰ দৰ্শক, পৰিচালক তথা অন্যান্য কলা–কুশলীকো অভিবাদন জনাব। কাৰণ ছবি এখন নিৰ্মাণ কৰা হয় সম্পাদকৰ দ্বাৰা, ছবি এখন নিৰ্মাণ কৰা হয় চিত্ৰগ্ৰহণকাৰীৰ দ্বাৰা, ছবি এখন নিৰ্মাণ কৰা হয় ধ্বনি সংযোজকৰ দ্বাৰা, প্ৰডাকছন ডিজাইনাৰৰ দ্বাৰা, স্পট বয়ৰ দ্বাৰা, ছবি এখন নিৰ্মাণ কৰা হয় এগৰাকী চিত্ৰ নিৰ্মাতাৰ দ্বাৰা। ছবি এখনৰ বিষয়ে আপুনি দিয়া প্ৰতিটো তথ্যৰেই ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ পৰে ছবিখনত। সেয়েহে, এখন ছবি নিৰ্মাণশৈলীৰ বিষয়ে ক’বলৈ আৰম্ভ কৰক। Let’s start talking about filmmaking.
কিন্তু এই আটাইবোৰ ধাৰণাক একাষৰীয়া কৰিলে এজন সাধাৰণ দৰ্শকে ছবিখনক লৈ কি ভাবে সেয়াও আমি মন কৰিব লাগিব। বক্স অফিচৰপৰা এটা টিকট কিনি বিনোদনৰ বাবে ছবি এখন উপভোগ কৰিব যোৱা দৰ্শকজনৰ মনত হয়তো পূৰ্বতে প্ৰকাশ কৰা এই আটাইবোৰ কথাৰ বিশেষ প্ৰভাৱ নপৰিব পাৰে। কিন্তু এগৰাকী ছবি সমালোচকৰ দৰে ছবি এখন উপভোগ কৰা দৰ্শক হয়তো আমি ক’তো বিচাৰিও নাপাম। কাৰণ তেওঁলোকৰ দৃষ্টিভংগী অন্যতকৈ বেলেগ। কিয় ছবিখনত ডিজিটেল কেমেৰাৰ পৰিৱৰ্তে ফিল্মষ্টক ব্যৱহাৰ কৰা হৈছে, কিয় ছবিখনত পোহৰৰ ন্যূনতম সংযোজন কৰা হৈছে, ৱাইড এংগল শ্বট এটাত থকা ৰঙৰ প্ৰচুৰ ব্যৱহাৰ, কিয় প্ৰতিটো দৃশ্যাংশক প্ৰখৰ ৰ’দত নিৰ্মাণ কৰা হৈছে ইত্যাদি বিভিন্ন দিশক ছবি এখন সমালোচক এজনে বাৰুকৈয়ে অনুভৱ কৰিব পাৰে। এগৰাকী পৰিচালক তথা চিত্ৰ নিৰ্মাতাৰ ব্যক্তিগত অনুভৱকো ভাবাৰ্থক সংৰচনাকো সূক্ষ্ম অনুধাৱনৰ জৰিয়তে প্ৰত্যক্ষ কৰিব পাৰি। উদাহৰণস্বৰূপে “ব্লেড ৰাণাৰ” (১৯৮২)ৰ অন্তিম অংশ সম্পূৰ্ণৰূপে বৰষুণত চিত্ৰগ্ৰহণ কৰা দেখুওৱা হৈছে, কাৰণ পৰিচালক ৰিডলী স্কট এগৰাকী ব্ৰিটিছ। আকৌ উক্ত ছবিখনৰেই দ্বিতীয়টো খণ্ড “ব্লেড ৰাণাৰঃ ২০৪৯” (২০১৭)ৰ অন্তিম অংশক সম্পূৰ্ণৰূপে হিমপাতৰ মাজত চিত্ৰগ্ৰহণ কৰা হৈছে, কাৰণ পৰিচালক ডেনী ভিলনুভ এগৰাকী কানাডিয়ান। এগৰাকী বুদ্ধিদীপ্ত চিত্ৰ সমালোচকে এই আটাইবোৰ দিশক নিজস্ব প্ৰকাশ্য ভংগীৰে উপস্থাপন কৰে, সন্মানপূৰ্বকভাৱে অনুধাৱন কৰে। এটা সাধাৰণ পুৰাতন সভ্যতা বা কলাসন্মত অভিব্যক্তিক এক নতুন ধৰণে লক্ষ্য কৰি দৰ্শকৰ মাজত দাঙি ধৰাটোৱে উক্ত কলাৰ ৰচনাত্মক দিশটোক পুনৰ জাগ্ৰত তথা শক্তিশালী কৰে।
যদিহে আপুনি চিনেমা চাই ভাল পাই তেন্তে ছবি সমালোচনাও পঢ়ক, ভাল ছবি সমালোচনা পঢ়ক। সেই বিষয়ে আলোচনা কৰক, লিখক, প্ৰকাশ কৰক।
কেমেৰা এটা লৈ ইউটিউৱত ছবিসম্পৰ্কে নিজৰ কেৱল মতামতেই নহয় বৰং ছবিখনত আপুনি কি দেখিলে, ছবিখনৰপৰা কি শিকিলে, ছবিখনত আপোনাৰ নতুন কি লাগিল এই আটাইবোৰ কওঁক। তেতিয়াহে দৰ্শকৰ ৰুচিবোধ সলনি হ’ব। বৰ্তমান সময়ত ষ্টাৰডম আৰু গ্লেমাৰে দহি আছে যদিও সৰু তথা সুন্দৰ কাহিনীৰেও বহু পৰিচালক আৰু ছবি নিৰ্মাতাই শিৰোনাম দখল কৰি আছে। তদুপৰি দৰ্শক হিচাপে আপোনাৰ মোৰো দায়িত্ব আছে। এখন ছবি কেনেকুৱা আৰু ইয়াৰ প্ৰভাৱ সমাজ ব্যৱস্থা বা কাৰোবাৰ ব্যক্তিগত জীৱনত কেনেকুৱা সেই বিষয়ে আপুনি মই সজাগ হোৱাৰ প্ৰয়োজনীয়তা বহুত বেছি। যশস্বী ছবি সমালোচকৰ সমালোচনা পঢ়ক, তেওঁলোকৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ পঢ়ক। ছবিৰ প্ৰতি থকা টান আৰু প্ৰেমক জাগ্ৰত কৰাৰ মানসেৰে ছবি এখন চোৱাৰ লগতে নিজৰ স্পষ্ট আৰু আৱেগিক দৃষ্টিভংগীৰ বহিৰ্প্ৰকাশৰ যোগেদি এগৰাকী সাধাৰণ দৰ্শকৰ মন–মগজুৰপৰা এগৰাকী সমালোচক হ’বলৈ যত্নপৰ কৰাটো প্ৰতিজন কৰ্তব্যনিষ্ঠ চিনেমাপ্ৰেমীৰ দায়িত্ব হোৱা উচিত। লগতে আটাইতকৈ মূল কথা, ছবি সমালোচক হ’বলৈ নিৰপেক্ষতা লাগিব আৰু আপুনি প্ৰতিগৰাকী কলা–কুশলীক সন্মান কৰিব পাৰিব লাগিব। কাৰণ ছবি সমালোচকে এখন ভাল ছবিক উচিত সন্মান দিয়াৰ বাবে বদ্ধপৰিকৰ হোৱা উচিত। এৰিষ্টটলে কৈছিল, “A critic can inspire a great art”।
সেয়েহে সম্পূৰ্ণৰূপে চিনেমা সম্পৰ্কে নিজস্ব ধাৰণাৰে পুষ্ট এক মতামত দিয়াৰ বাবে প্ৰতিজন দৰ্শকৰে নিজস্ব কৰণীয় আছে। এটা ধাৰণাৰ জন্ম আৰু ইয়াৰ লালন–পালনৰ বাবে সমালোচনা প্ৰয়োজনীয়। কাৰণ সময়ৰ সোঁতত ছবিসমূহ বৃহৎ হৈ গৈ আছে, কিন্তু ছবি নিৰ্মাণৰ ধাৰণা আৰু অভিব্যক্তিৰ সুস্থ উপস্থাপন দিনে দিনে সৰু হৈ গৈ আছে। আৰু এয়া খুবেই পৰিতাপৰ বিষয়।
ফটোত বিখ্যাত চলচ্চিত্ৰ সমালোচকদ্বয় ক্ৰমে প্ৰয়াত ৰ’জাৰ ইবাৰ্ট আৰু প্ৰয়াত জিন চিস্কেল।
(বিঃদ্ৰঃ উক্ত লেখাটোত কিছু তথ্যৰ বস্তুনিষ্ঠ উপস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট তথা কিছুসংখ্যক গ্ৰন্থৰ সহায় লোৱা হৈছে।)