মুক্ত আকাশ
লেখক-অৰ্চন শৰ্মা
: মই কাইলৈ যামগৈ নীলাভ
কোঠাৰ নীৰৱতাবোৰ ফালি তৃষাৰ মাতষাৰ ভাঁহি আহিল। নীলাভে ঘূৰি চালে দুৱাৰখনৰ সিটো পাৰে ৰৈ আছে তৃষা। নিশাৰ ধুমুহাজাক হয়তো এতিয়াও মাৰ যোৱা নাই নে আৰু এজাক ধুমুহা তাই বুকুত লৈ ফুৰিছে?
: তোমাৰ কিবা ক’ব লগা আছে?
কোঠাটোলৈ সোমাই আহিল তৃষা, নীলাভ বহি থকা বিছনাখনৰ একাষে বহিল তাই, নীলাভ সামান্য আঁতৰি আহিল
: ৰিলেক্স নীলাভ, মোৰ মনত তোমাৰ প্ৰতি একো বেয়া ভাব নাই, মোৰ মনত আছে তুমি বাৰে বাৰে কৈছিলা যে তোমাৰ বিয়াৰ প্ৰতি কোনো আগ্ৰহ নাই আমি আজীৱন বন্ধু হৈ কটাম। মোৰে তোমাক বুজি পোৱাত কোনোবাখিনিত ভুল হ’ল।
তৃষাই কৈ উঠিল, নীলাভে চাওঁ–নাচাওঁকৈ তৃষাৰ ফালে চালে, তাই নিষ্পাপ কোমল মুখখনত এতিয়াও সেন্দূৰৰ ফোঁটটো জিলিকি আছে। শান্ত চকুযুৰি উদাস যদিও চকুযুৰিত অলেখ প্ৰশ্নৰ ঢৌ, নীলাভে দৃষ্টি নমাই আনিলে, এক অপৰাধবোধে তাক খুলি খুলি খাইছে অহৰহ। কিবা এটা কওঁ বুলিও ক’ব পৰা নাই সি, সেইদিনাও পৰা নাছিল নীলাভে যি দিনা নীলাভৰ দেউতাকে তাক সুধিছিল
: তৃষাক বোৱাৰী কৰি অনাত তোৰ কিবা আপত্তি আছে নেকি?
আপত্তি আছিল নীলাভৰ, মৃদু কণ্ঠেৰে কৈছিল সি: দেউতা মই এতিয়াই বিয়া কৰাব খোজা নাই।
: কিয় তোৰ আন কোনোবা ভাল পোৱা ছোৱালী আছে নেকি?
দেউতাকে তাৰ চকুলৈ চাই প্ৰশ্ন কৰিছিল, সেইদিনাও দৃষ্টি নমাই আনিছিল সি, তলমূৰকৈ কৈছিল মাত্ৰ
: নাই দেউতা।
: তেন্তে এয়াই শেষ কথা, মই তৃষাৰ দেউতাকক এক প্ৰকাৰ কথাই দিছোঁ শেষ মুহূৰ্তত যাতে তই খেলি–মেলি নকৰ।
দেউতাকে শেষ সিদ্ধান্ত শুনাই দিছিল তাক। সি নীৰৱে বিয়াত সন্মতি দিছিল। তৃষাক সি আগতেও লগ পাইছে বহুবাৰ, তৃষাৰ দেউতাক আৰু নীলাভৰ দেউতাকে একেখন বিশ্ববিদ্যালয়তে ভিন্ন বিভাগত অধ্যাপনা কৰিছিল, দুয়োটা পৰিয়ালৰ মাজত আগৰে পৰাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলেই, এয়া আছিল নীলাভ নৰৱেলৈ চাকৰি কৰিবলৈ যোৱাৰ আগৰ কথা, জীৱনত কিতাপৰ বাদে আৰু কিবা আছে বুলি সি কাহানিও ভবা নাছিল অৱশ্যে ভবাৰ অৱকাশ নাছিলেই তাৰ জীৱনত, কেৰিয়াৰ সৰ্বস্ব ল’ৰা নীলাভ দেউতাকৰ শাসনৰ অধীন হৈয়ে শৈশৱ কৈশোৰ কাল অতিবাহিত হ’ল তাৰ, সাত সাগৰ তেৰ নদীৰ পাৰৰ জীৱনটোৱে নীলাভক এটা সুযোগ দিছিল নিজকে বুজি উঠিবলৈ। বিয়া হৈ গৈছিল সিহঁতৰ, দুয়ো দুয়োকে জানিবলৈ বা বুজিবলৈ সুযোগ পোৱাই নাছিল, ফুলশয্যাৰ নিশাৰ পাছতে নীলাভ নৰৱেলৈ গুচি গৈছিল, তৃষা ৰৈ গৈছিল ভাৰততে ভিচাৰ অপেক্ষাত। নৰৱে যোৱাৰ পাছতো এটা প্ৰশ্নই অহৰহ খেদি ফুৰিছিল নীলাভক
: কিয়?
এই কিয়টোৰ উত্তৰ বিচাৰি তিনিটা মাহ কটাই দিছিল সি।এটা প্ৰশ্ন সেই নিশাটোত তৃষাই সুধিছিল
: কিয় নীলাভ?
: আগতে আমি এজনে আনজনক জানি লোৱাটো উচিত নহ’ব জানো? বিয়াৰ আগতে সময়ে নাপালোঁ দেখোন।
নীলাভে তাইৰ হাতখন খামুচি ধৰি কৈছিল। তাই মানি লৈছিল, আচলতে মনে মনে সুখী হৈছিল তাই এজন বুজন, দেখনিয়াৰ পুৰুষক জীৱন সংগী হিচাপে পাই, তাইৰ বান্ধৱী লিপিকাই সকলোৰে আগত কৈয়ে দিছিল
: ঐ ভিনিৰ লগৰ কোনোবা এন আৰ আই আছে যদি খবৰ কৰিবিচোন, নহ’লে ৰাতিপুৱা ভাত গধূলি ৰুটি বনাই খুৱাওঁতেই জীৱন যাব আমাৰ কেইজনীৰ।
লিপিকাৰ কথাষাৰ শুনি সকলোৱে গিৰ্জনী মাৰি হাঁহিছিল, লাজত ৰঙা–চিঙা পৰিছিল তৃষা, কপালত আঁকি লোৱা সেন্দূৰীয়া বেলিটোতকৈ তাইৰ গালদুখন বেছি ৰঙাহৈ জিলিকি উঠিছিল সেইদিনা। আৰু নীলাভ?
: মোৰ বাৰু চৰিত্ৰস্খলন হৈছে নেকি?
নিজকে নিজে বাৰে বাৰে প্ৰশ্ন কৰিছিল নীলাভে, নৰৱেৰ সেই শীতৰ নিশাটোত এৰিকে সাৱটি ধৰিছিল নীলাভক, মদৰ নিচাত ঢলি পৰিব খোজা এৰিকে জোৰকৈ নীলাভৰ ওঁঠত গুজি দিছিল নিজৰ ওঁঠ, নীলাভ জড় হৈ পৰিছিল, সি বিচাৰি ফুৰা এটা প্ৰশ্নৰ উত্তৰটো যেন নিজে আহি উপস্থিত হৈছিল নীলাভৰ সমীপত। নীলাভে সেইদিনাৰ পৰাই তৃষাক আওপকীয়াকৈ জনাই দিছিল
: আমি আজীৱন বন্ধু হৈ থাকিম তৃষা, আমাক জীৱনত এজন বন্ধুৰ খুবেই প্ৰয়োজন নহয় জানো?
তৃষাই বুজিব পৰা নাছিল, তাৰ দহদিন পাছতে তাই ভাৰতৰ পৰা উৰা মাৰিছিল নৰৱে অভিমুখে, নীলাভ ৰৈ আছিল এয়াৰপৰ্টত, তাই আশা কৰিছিল হয়তো নীলাভে তাইক সাৱটি ধৰিব, হয়তো কপালত আঁকি দিব মৰমৰ চুম্বন, নাই তেনে একোৱে হোৱা নাছিল, আশাহত হৈছিল তৃষা। তাইক কাহানিও স্পৰ্শ কৰা নাছিল নীলাভে, তাই ভাগি পৰিছিল, এদিন তাই হঠাৎ তাৰ মোবাইলত আৱিষ্কাৰ কৰিছিল নীলাভৰ এটা পাৰ্টিৰ ভিডিঅ’ এজন পুৰুষৰ সতে অন্তৰংগ মুহূৰ্তত, পাগলী হৈছিল তাই নীলাভক চৰিয়াইছিল, বাউলী হৈছিল, সি নীৰৱে ৰৈছিল, তাৰ নীৰৱতাই আৰু উন্মাদ কৰি তুলিছিল তৃষাক।
: তৃষা…
নীলাভৰ মাতত তাইৰ তন্ময়তা ভাগিল
: এই গিলাচ খাই লোৱা, কালি নিশাৰে পৰাই একো খোৱা নাই তুমি।
নীলাভে জুছৰ গিলাচটো আগবঢ়াই দিলে, তাই নীৰৱে হাত পাতি ল’লে গিলাছটো।
: তুমি যোৱাগৈ তৃষা, তোমাৰ এটা ধুনীয়া জীৱন আছে, সকলো আছে নতুন কিবা এটা আৰম্ভ কৰাগৈ।
নীলাভে তাইৰ হাত দুখনত ধৰি কৈ উঠিল, তাই একোকে নক’লে মাথোঁ সাৱটি ধৰিলে নীলাভক হয়তো প্ৰথম আৰু শেষবাৰৰ বাবে। অসহায় দুটি মন, দুখন হিয়া আৰু দুটি শৰীৰৰ মাজৰ দেৱালখন তেনেকৈয়ে ৰৈ গৈছিল মাত্ৰ দেৱালৰ সিপাৰৰ পৰা হ’লেও তাই এবাৰ স্পৰ্শ কৰিব খুজিছিল নীলাভক, আশাবোৰ বুকুত বান্ধি আৰু কাহিনীও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে ঘূৰি গৈছিল তৃষা।
নীলাভৰ দেউতাকে তাক এখন নটিছ পঠাইছিল মাত্ৰ, তাৰ সতে পিতা–পুত্ৰৰ সম্পৰ্ক ছেদ কৰাৰ পত্ৰ, তাক তাজ্যপুত্ৰ কৰাৰ খবৰটো নীৰৱে মানি লৈছিল সি। নিজৰ কোঠাটোত এখন ক’লা বেঙুনীয়া পতাকা আঁৰি লৈছিল নীলাভে, নিজকে আঁকোৱালি লৈছিল সি।
: নীলাভ, সেইদিনা বাৰু তোমাৰ খং উঠিছিল নেকি?
মই নিজেই নাজানো মোৰ কি হৈছিল। এৰিকে বহুদিনৰ পাছত নীলাভক সুধিছিল। নীলাভে হাঁহিছিল মাত্ৰ, এৰা, ফুলশয্যাৰ নিশাৰ দিনাই সি জানিছিল তৃষাৰ প্ৰতি তাৰ কোনো শৰীৰৰ আকৰ্ষণ সি অনুভৱ নকৰে, নৰৱেলৈ ঘূৰি আহি সি বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছিল সি বাৰু সমকামী নেকি? এৰিকে জোৰকৈ চুমা দিছিল তাক, সি বাধা দিয়া নাছিল কিন্তু সি ভবাৰ দৰে এৰিকৰ বা অন্য কোনো পুৰুষৰ দেহে তাক আকৰ্ষণ কৰা নাছিল। তাৰ দেহত কোনো পুৰুষ, অথবা নাৰীৰ প্ৰতি কামনাৰ জুই জ্বলি নুঠে সেয়া সি বুজিছিল, বুজিছিল তাৰ পৰিধি অসীম, সেয়া দৈহিক কামনাতে সীমিত নহয়।
: নাই এৰিক, সেইদিনা তুমি মোক মোৰ প্ৰশ্নৰ উত্তৰ হে দিছিলা, মই জানিব বিচাৰিছিলোঁ মই প্ৰকৃততে কোন?
নীলাভে কৈছিল: আৰু সেই উত্তৰটো কি?
এৰিকে সুধিছিল
: মই এজন অকামী এৰিক, এয়াই মোৰ পৰিচয়।
নীলাভে এৰিকৰ চকুলৈ চাই প্ৰত্যয়েৰে কৈছিল। এৰিকে বুজা–নুবুজাৰ ভাৱেৰে নীলাভলৈ চাই ৰৈছিল, নীলাভৰ দুচকুত ভাঁহি উঠিছিল এখনি মুক্ত আকাশ।
ভাল লাগিল। নতুন এটা আংগিক দেখিলোঁ।