ক্ষণস্থায়ী এভূমুকি

লেখক- স্বপ্না দত্ত ভৰালী

A Passing Glimpse

মূল: – ৰবাৰ্ট ফ্ৰষ্ট

 

চলন্ত গাড়ীৰ পৰা দৃশ্যমান হোৱা ফুলবোৰ, 

নামবোৰ মনলৈ অহাৰ আগতেই নেদেখা হৈ যাওঁ। 

ৰেলৰ পৰা নামি পিছলৈ যোৱাৰ ইচ্ছা জাগে, 

আলিৰ কাষৰ দেখি অহা ফুলবোৰক পুনৰ চাবলৈ। 

মনলৈ অহা সকলোবোৰ ফুলৰ নাম ভাবোঁ, অথচ সিহঁত নহয়। 

বনজুই নুমুৱাৰ পাছত হাবিত গজা ফুলবোৰো নহয়। 

সুৰংগৰ মুখত থকা অপৰাজিতও নহয়, 

শুষ্ক বলুকাত দেখা পোৱা নাগমনিও নহয়। 

মনটোক কথা এষাৰে চুই গ, 

জগতৰ কোনেও এই কথা জানিব নোৱাৰেনি? 

অময়াপুৰীয়ে সেইসকলকেই এভূমুকি দেখুৱাই, 

যাক কাষলৈ গৈ চোৱাৰ সুবিধা নাথাকে। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!