গ্ৰন্থ আলোচনা

লেখক- ধীৰেন শইকীয়া

কেঁকুৰিৰ সিপাৰে মুক্তি

 *******************

এক্সোডাছত ইহুদীসকলৰ নাৰকীয় যাতনাৰ প্ৰকাশ

এক্সোডাছ। আমেৰিকান উপন্যাসিক লিয়ন ইউৰিছৰ বেষ্ট ছেলাৰ এই উপন্যাসখনৰ কলেৱৰ দেখিয়েই আমাৰ পঢ়াৰ সাহস গোটাবলৈ কিছু দিন লাগিল। Otto Preminger নামৰ চিনেমা প্ৰযোজক এজনেও এই বিখ্যাত উপন্যাসখনক লৈ মৰ্মস্পৰ্শী চিনেমা এখন ষাঠিৰ দশকতে নিৰ্মাণ কৰিছিল, ত বিখ্যাত অভিনেতা পল নিউমেনে এৰি বেন কাননৰ চৰিত্ৰত অভিনয় কৰিছিল৷ জনামতে, এই চিনেমাখনে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। চাইপ্ৰাছৰ পৰা পেলেষ্টাইনলৈ অহাএক্সোডাছনামৰ জাহাজখনৰ উদ্বিগ্নতাপূৰ্ণ যাত্ৰাকে বিষয়বস্তু হিচাপে লৈছিল চিনেমাখনত। 

ইজৰাইল গঠনৰ নেপথ্যৰ বহু কাহিনী উপকাহিনীৰে সিক্ত ইংৰাজী উপন্যাসখন ননী চহৰীয়া বৰাই সাৱলীলভাবে অসমীয়ালৈ অনুবাদ কৰিছে। খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তনৰ পিছত ইহুদীসকলে দেশ এৰি বিভিন্ন কাৰণত দেশে দেশে সিঁচৰতি হৈ পৰিবলগীয়া হয়। যলৈকে তেওঁলোক যায় তাতেই তেওঁলোকে অবৰ্ণনীয় অত্যাচাৰতিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হয়। দুহেজাৰ বছৰ সীমাহীন দুৰ্যোগত দিন ৰাতি কটাই ইহুদী জাতিৰ পৰিত্ৰাণৰ অৰ্থে থিয়দৰ হাৰ্জলে( Austro-Hungarian Jewish journalist, playwright, political activist, and writer who was the father of modern political Zionism. Herzl formed the Zionist Organization and promoted Jewish immigration to Palestine in an effort to form a Jewish state.) সমগ্ৰ পৃথিৱীৰ ইহুদী জাতিটোক একত্ৰীকৰণৰ কথা চিন্তা কৰাৰ ফলশ্ৰুতিত ইহুদীসকলৰ বাবে সুকীয়াকৈ এখন দেশ গঠনৰ কথা আহে। এনেদৰেই বিভিন্ন কনচেনট্ৰেছন কেম্পসমূহত পীড়িতবিতাড়িত ইহুদীসকলেঅল্ড টেষ্টামেণ্টত থকা ভগৱানৰ বাণীৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু মুক্তিপিয়াসী মন থকাৰ বাবেই ইজৰাইল গঠনত হাত উজান দিয়েতিলতিলকৈ দেশ এখন গঢ়ি তোলে; প্ৰধানতঃ ইয়েই গ্ৰন্থখনৰ প্ৰতিপাদ্য বিষয়।

আজি সকলো দিশতে ইজৰাইল উন্নতিৰ শিখৰত আছে। ১৯৪৮ চনত যথেষ্ট তিক্ততাৰ মাজেদি গঠন হৈছিল ইহুদীসকলৰ দেশ ইজৰাইল। দুহেজাৰ বছৰ ধৰি গৃহহীন হৈ অথাই সাগৰত পৰি বৃটিছ, নাজী আদিৰ দ্বাৰা সীমাহীন অত্যাচাৰত আড়ষ্ট ইহুদীসকলে ইউৰোপৰ প্ৰায়বোৰ দেশতে এসময়ত ঘৃণিত আৰু নিন্দিত হৈ পৰিছিল। নিজৰ কতো স্থায়ী দেশ নাছিল ইহুদীসকলৰ। জাৰ্মান, ডেনমাৰ্ক, পোলেণ্ড, ৰুছিয়া সকলো দেশতে উৎপীড়িত এই জাতিটোৰ সহিষ্ণুতা, সাহস আৰু দেশপ্ৰেম যুগে যুগে ইতিহাসৰ পাতত সোণোৱালী আখৰেৰে লিখা ৰব। চৌদিশে আৰৱীয় ৰাষ্ট্ৰৰ মাজত অকলে ইজৰাইল ইহুদী ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি থিয় দি আত্মমৰ্যাদাৰে আজি জীয়াই আছে। ১৯৩৩ চনত জাৰ্মানীৰ শাসক হিটলাৰে শাসনলৈ আহিয়েই পুলিয়ে পোখাই ইহুদীসকলক নিঃশেষ কৰিবলৈ আইকমেন, কাৰ্ল হোছ আদি কেইবাজনো শীৰ্ষ বিষয়াৰ নেতৃত্বত অছউইজ, বিৰাকানাউ আদি অঞ্চলত ইতিহাস কলংকিত কৰা কেইবাটাও গেছ চেম্বাৰ সাজিছিল। এই গেছ চেম্বাৰ পতা ঘৰবোৰৰ চাৰিওফালে লোক চকুৰ পৰা আঁতৰত ৰাখিবৰ বাবে ধুনীয়া গছ, লন আৰু ফুলনি পাতিছিল৷ কোনেও তাক দেখিলে নৰহত্যাৰ ঘৰ যেন কল্পনাই কৰিব নোৱাৰিছিল।  হাইড্ৰচায়েনিক গেছ দি এই গেচ চেম্বাৰবোৰত নিৰ্দয়ভাৱে ইহুদীসকলক শাৰী পাতি সুমুৱাই হত্যা কৰিছিল। বাহিৰৰ পৰাস্বাস্থ্যকেন্দ্ৰবুলি লিখা থকা এই গেছ চেম্বাৰবোৰত ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা ইহুদী আনি হত্যা কৰি নিধন যজ্ঞ চলাই ইহুদীসকলক এনেদৰেই হিটলাৰে পৃথিৱীৰ পৰা নিঃশেষ কৰিব বিচাৰিছিল। পোহনীয়া গৰু ছাগলীৰ দৰে জাক পাতি ইহুদী আনি এই নিধন যজ্ঞ চলাই গৈছিল কেইবাবছৰো। জনামতে ৬০ লাখ ইহুদীক এনেদৰে হত্যা কৰা হৈছিল। ডভ লাণ্ডাউ নামৰ চৰিত্ৰ এটাই এনে এটা গেছ চেম্বাৰত কাম কৰাৰ সুযোগ পাইছিল। তেওঁ তাৰ বীভৎস বৰ্ণনা দি কৈছিল যে আৰম্ভণিতে কাপোৰ সলোৱা কোঠালিত তেওঁলোকক সুমুৱাই হাতত শিলৰ চাবোন এটকুৰা দিয়া হয়। তাৰপিছত বলি সকলক নতুন কাপোৰ পিন্ধিবলৈ দিয়াৰ আগতে ওকণি খেদাবলৈ শ্বাৱাৰত গা ধুৱাই লয়। বলিসকলক এই সময়তে একো একোটা নম্বৰ দিয়া হৈছিল। পোন্ধৰ মিনিটৰ ভিতৰতে তিনি হেজাৰ ইহুদী হত্যা কৰাৰ পিছত গেছ চেম্বাৰৰ লোহাৰ দৰ্জা খোল খায়৷ দেখা যায় শাৰী শাৰী উলংগ উশাহহীন মৃতদেহ! এইবাৰ এই তিনি হেজাৰক আঁতৰ কৰি পানীৰে মজিয়া ধুই চাফা কৰি পিছৰ দলৰ ইহুদীসকলক মাতি অনা হয়। যিবোৰ ঠাইত এনেদৰে গেছ চেম্বাৰ সাজে তাৰপৰা হত্যাৰ পিছত কুকুৰ মেকুৰীৰ দৰে মৃতদেহ চোঁচৰাই আনি তাৰ কাষতে শৱদেহ পেলোৱা গুপ্ত ঠাইবোৰত পেলোৱা হৈছিল। পিছলৈ গেছ চেম্বাৰৰ নৰহত্যাৰ ঠাইবোৰৰ চিন মোকাম নোহোৱা কৰিবলৈ গেচ চেম্বাৰবোৰ বোমা বা কামানেৰে উৰুৱায়ো দিছিল। কিন্তু এইবোৰ কৰিও হিটলাৰে ইহুদী জাতি শেষ কৰিব নোৱাৰিলে৷ সমগ্ৰ বিশ্বজুৰি চেদেলিভেদেলি হৈ থকা ইহুদীসকলে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত সংঘবদ্ধ হৈ তেনেই অকণমান ২২,১৪৫ বৰ্গকিঃমিঃ (অসমৰ প্ৰায় চাৰিভাগৰ এভাগ) আয়তনৰ ইজৰাইল ৰাষ্ট্ৰ এখন গঠন কৰিব পাৰিছিল। পিছলৈ নিজৰ কৰ্মতৎপৰতা আৰু মাতৃভূমিৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবে ইজৰাইল দোপতদোপে উন্নতি কৰি আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাতো শীৰ্ষস্থান অধিকাৰ কৰিব পাৰিছে।এক্সোডাছউপন্যাসখনত আছে সেই ইহুদীসকলৰ দুখবহ অতীতগাথাৰ পৰা আৰম্ভ কৰি ইজৰাইল গঠন হোৱালৈকে সমগ্ৰ ঘটনাৰাজি। 

১৯৪৭ চনৰ ২৯ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনতে প্ৰায় ২২,০০০ কিঃমি ঠাই আৱৰি এখন ইহুদী ৰাষ্ট্ৰ গঢ়াৰ প্ৰস্তাৱ দিয়ে৷ প্ৰস্তাৱটোত কোৱা হয়, ‘আন সকলো ৰাষ্ট্ৰই কৰাৰ দৰে ইহুদীসকলৰো স্বাধীন ৰাষ্ট্ৰ গঠনৰ অধিকাৰ আছে। আমি পেলেষ্টাইনতে ইজৰাইল গঠনৰ কথা ঘোষণা কৰিলোঁ।এই ঘটনাৰ লগে লগে ইমানদিনে দেশে দেশ কনচেন্‌ট্ৰেচন কেম্পসমূহত যমৰ যাতনা ভুগি থকা শোষিত ইহুদীসকল আনন্দিত হল আৰু নতুনকৈ গঠন হোৱা ইজৰাইললৈ ঢাপলি মেলিলে। এনেদৰেই দুহেজাৰ বছৰ শোষিতনিষ্পেষিত হৈ থকা ইহুদী সকলে এটা ন্যায় পালে৷ পিছে পেলেষ্টাইনৰ আৰৱসকলে কেনে মাটি ইজৰাইলক দিছিল জানেনে? দ পিতনি, কোনো খেতিবাতি নোহোৱা অনুৰ্বৰ মাটি দিছিল ইজৰাইলক। সেয়েহে কোৱা হৈছিল গঠনৰ সময়ত ইজৰাইল আছিল তেনেই অসাৰুৱা আৰু দুখীয়া দেশ। পিছে প্ৰচুৰ পৰিশ্ৰম আৰু অসম্ভৱ মনোবলৰ বাবে অন্য দেশবোৰত দুৰ্বিষহ জীৱন কটাই যোৱা ইহুদীসকলে তাতেই কপালৰ ঘাম মাটিত পেলাই অবৰ্ণনীয় শ্ৰম কৰি কৰি শ শ মাইল জোৰা জীৱিত প্ৰাণী নথকা, কেতিয়াবা পিতনি বা কেতিয়াবা বালিময়, নিৰ্জন তথা শগুনেও প্ৰবেশ কৰিবলৈ ভয় কৰা মৰুভূমিসদৃশ ঠাইবোৰ (উদাহৰণ নেগেভ মৰুভূমি) লাভ কৰিও ইয়াক অভূতপূৰ্ব প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি এই শিলাময় কিম্বা পিতনিৰ ওপৰতে কষ্টকৰভাৱে বাসস্থান সাজিলে, কৃষিকৰ্ম কৰিলে, আনকি শিলনিৰ মাজৰ পৰাই পানী উলিয়াই জীৱন ধাৰণৰ লগতে কৃষিকাৰ্যতো দিলে। লাহে লাহে তাতেই খনিজ পদাৰ্থৰো সন্ধান কৰিলে৷ আনকি ৰাতিটোৰ ভিতৰতে একোখন কৃষিপাম সাজি উলিয়াই স্বজাতিৰ ইহুদীসকলক নিয়োগ কৰে

মুঠতে কেইটামান দশকৰ ভিতৰতে চিৰদিন দুখী হৈ থকা, দেশহীন ইহুদীসকলে আনৰ চকুত কামত নহা ইজৰাইলকে গঢ়ি-পিতি নিজৰ আপোন উৰ্বৰা ভূমি কৰি ললে। এনেদৰেই চিকিৎসা, যাতায়ত, শিক্ষা, যোগাযোগ, কৃষি, ব্যৱসায় সকলো দিশতে আগুৱাই গৈ পূৰ্বতে ইহুদী হোৱা বাবে ডিটেনচন কেম্পসমূহত সন্মুখীন হোৱা নাৰকীয় তথা অবৰ্ণনীয় অত্যাচাৰবোৰো আজি তেওঁলোকে বেয়া সপোন বুলি ভাবিবলৈ লৈছে। মুঠতে ইহুদী পুৰুষনাৰী নিৰ্বিশেষে মৰমৰ ইজৰাইলখনৰ বিকাশৰ বাবেহে প্ৰতি দিনে চিন্তা কৰিব ধৰিলে। অবিৰাম বিচ্ছেদ, অনিশ্চয়তা আৰু মানসিক অস্থিৰতাতে দিনৰাতি একাকাৰ কৰা এই ইহুদী দেশখনক আৰৱ দেশসমূহে স্বাধীন দেশ বুলিবলৈ অস্বীকাৰ কৰি ফেপেৰি পাতি লাগি উঠিছিল। 

ইজৰাইলতে পোনপ্ৰথমে শিক্ষা আৰু স্বাস্থ্য বাধ্যতামূলক আৰু বিনামূলীয়া কৰা হৈছিল। এচাম যুৱকক সীমান্ত পহৰা আৰু দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাত নিয়োগ কৰিছিল, বিচাৰকাৰ্য আৰু ৰাজহুৱা কাৰ্যালয়বোৰত দক্ষতাপূৰ্ণ আৰু সততাপূৰ্ণ কামকাজৰ দিশে মন দিছিল, সকলো মানুহেই নিজৰ চৌহদতে কৃষিকাৰ্য কৰিবলৈ লৈছিল৷ সময়ৰ সদ্‌ব্যৱহাৰ, সততাপূৰ্ণ কৰ্ম, উৎসাহী ধ্যান ধাৰণাৰে শৰণাৰ্থী কেম্পত পোৱা অত্যাচাৰবোৰৰ পোটক তুলিবলৈ নিজ কৰ্মেৰে নিজক গঢ়িলে ইহুদীসকলে। ইহুদীসকলৰ মাজত অহা কৰ্মবিষয়ক জনজাগৰণে কম দিনতে পৃথিৱীজুৰি ইজৰাইলী বুলি পৰিচয় এটি দেখুৱাই দিবলৈ সক্ষম হল। সহজতে কবলৈ হলে উপন্যাসখনত বহুতো কাহিনী উপকাহিনী থাকিলেও মোছাদ আলিয়া বেটৰ দ্বাৰাএক্সোডাছনামৰ জাহাজখনত তুলি নানা প্ৰতিকূল পৰিস্থিতিৰ মাজেদি ইহুদী এচামক কিদৰে পেলেষ্টাইনলৈ আনি নিজৰ দেশ এখন দিছিল তাৰেই মৰ্মস্পৰ্শী কাহিনী বুলি কলেও বঢ়াই কোৱা নহয়। বিশিষ্ট লেখিকা ননী চহৰীয়া বৰাৰ সাৱলীল অনুবাদৰ বাবে ডাঙৰ কলেৱৰৰ উপন্যাসখন পঢ়ি থাকিলেও অলপো আমনি নলগায়। ইয়াৰোপৰি অনুবাদৰ ধৰণটোও আমাৰ পচন্দৰ। বিশেষকৈ উপন্যাসখন পঢ়াৰ পিছত ইহুদী, খ্ৰীষ্টান আৰু ইছলাম ধৰ্ম যে কিবা নহয় কিবা প্ৰকাৰে পৰস্পৰ ওচৰ সম্পৰ্কীয় সেই কথাও স্পষ্ট হয়৷ আনকি তিনিওটা ধৰ্ম একেটা পৰিয়ালৰ পৰাই যে উদ্ভৱ হোৱা সেই কথাও জানিলোঁ। লেখিকা ননী চহৰীয়া বৰাই সেই কথা অনুবাদকৰ একাষাৰতো লিখিছে। তেওঁ লিখিছে, “পাঁচ হেজাৰ বছৰ পুৰণি হিন্দু ধৰ্মৰ পাছতে ইহুদীৰ স্থান। আব্ৰাহাম নামৰ ভেড়াৰখীয়া এজন কানান দেশত পদাৰ্পণ কৰাৰ পিছত জেৰিকো আৰু জেৰুজালেমলৈ আহিল। তেওঁৰেই ডাঙৰ পুতেক আইজাক ইহুদী বা হিব্ৰু জাতিৰ প্ৰতিষ্ঠাতা। তেওঁৰ সৰু পুতেক ইছমাইল আৰৱ জাতিৰ প্ৰতিষ্ঠাতা। খ্ৰীষ্টান ধৰ্মৰ প্ৰতিষ্ঠাতা যীশুও আব্ৰাহামৰ পিছৰ প্ৰজন্মৰ। গতিকে আব্ৰাহামক তিনিওটা ধৰ্মৰ (ইহুদী, খৃষ্টান আৰু ইছলাম ধৰ্ম)মানুহে পূৰ্বপুৰুষ বুলি মানে।সেই দিশৰ পৰা চাবলৈ গলে অতীজৰে পৰা এই তিনিওটা জাতিৰ মানুহে পৰস্পৰৰ প্ৰতি থকা বিদ্বেষ ভাবৰ কিবা গুৰুত্ব আছেনে, ত গুৰিটোৱেই এটা!

পূৰ্বায়ন প্ৰকাশনএ প্ৰকাশ কৰা ৬৮৩ পৃষ্ঠাৰ উপন্যাসখন অৰ্থবহ বেটুপাতেৰে সৈতে সুন্দৰকৈ ছপা কৰা বাবে সংস্থাটোলৈ অভিনন্দন আৰু কৃতজ্ঞতা জনালোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!