আকৌ এবাৰ – মুম্বাই মেৰি জান
লেখক- দেৱীকা বৰপুজাৰী।
মোৰ ধাৰণা মতে ভাৰতৰ ভিতৰতে শান্তিৰে বাস কৰিবলৈ আৰু কাম কৰিবলৈকো যথেষ্ট সুচল এখন অন্যতম চহৰ হৈছে মুম্বাই। ইয়াৰ মানুহৰ কাম কৰাৰ স্পৃহা, ইংৰাজীত যাক কোৱা হয় Work Culture, সেয়া কাৰো লগতে তুলনা নহয়। ইয়াত বছৰ বছৰ ধৰি থকা, স্থানীয় হৈ পৰা লোকসকলৰ মনোভাৱ সদায় বিনম্ৰ, মাটিৰ লগত মিলা। কিন্তু ইয়াতো এটা কিন্তু আছে। মুম্বাইবাসীয় যিকোনো বিপদৰ প্ৰতি সতৰ্ক হৈ থাকিব লগীয়া হয়; বিশেষকৈ বাৰিষাৰ মাহ কেইটাত। দবা-পিটা বৰষুণ হ’লেও মুম্বাই ৰৈ যাব নোৱাৰে আৰু এই চলি থকা অৱস্থাত মুম্বাইৰ কাৰোবাৰ বাবে ৰ’বলৈ সময় নাথাকে আৰু মুম্বাইয়ে পাছত পৰিকল্পনা কৰিবলৈ কাকো সুবিধা নিদিয়ে ! কৰা যদি এতিয়াই কৰি শেষ কৰা, ৰৈ নাথাকিবা!
বিশৃংখলভাৱে য’তে-ত’তে বসবাস কৰা, দিন হাজিৰা কৰি খোৱা লোকৰ লানি নিছিগা জুপুৰিবোৰ থকা অঞ্চলক কোৱা হয় বস্তি বা স্লাম। এই “স্লাম”বোৰত নানা ধৰণৰ অসুবিধাৰ মাজতো হাজাৰ হাজাৰ পৰিয়াল থাকে। বিশুদ্ধ খোৱা পানী আৰু যথাযথ স্বচ্ছতাৰ অভাৱতো মানুহবোৰে কিদৰে হাঁহিমুখে কামলৈ ওলাই যায় – দেখিলে, ভাবিলে বিচূৰ্ত্তি খাব লাগে। মাহে ত্ৰিশ-চল্লিশ হাজাৰ টকাৰে এটা সৰু পৰিয়াল কোনোমতে হয়তো মুম্বাইত চলিব পাৰে, কিন্তু মাহে ছয়-সাত হাজাৰতো ইয়াত পৰিয়াল চলি আছে – আৰু চলিও থাকিব।
লোকেল ট্ৰেইন আৰু বাছত ভীৰ, প্ৰদূষণ, লানি নিছিগা যান-বাহন, আকাশ চুবলৈ হাবিয়াস কৰা বহু মহলীয়া অট্টালিকা আৰু যথেষ্ট জনবহুল মুম্বাই চহৰক আৰব সাগৰৰ মৃদু বতাহে কিছু সকাহ দিয়ে যদিও আৰ্দ্ৰতাপূৰ্ণ জহকালি বেছ বিৰক্তিদায়ক !
ওপৰৰ কিছুপৰিমাণে নেতিবাচক কথাখিনিৰে কিন্তু কাকো নিৰাশাত ডুব যাবলৈকে মুম্বাই চহৰে এৰি দিয়া নাই।
যদি আপুনি দেখে যে বড়াপাৱ বিক্ৰেতা এজনে এগৰাকী অভিযন্তাতকৈ অধিক উপাৰ্জন কৰে, এয়াই মুম্বাই।
যদি আপুনি জানে যে ২৪/৭ ঘণ্টাই খাদ্যৰ যোগান পাই থাকিব তেন্তে সেয়া মুম্বাইয়ে হ’ব।
যদি আপুনি গম পাইছে যে পাণৱালা আৰু ৰিক্সাৱালাই ‘ঠাই’বোৰৰ বিষয়ে গুগলতকৈ বেছি জানে, তেন্তে আপুনি নিশ্চিত হ’ব পাৰে যে আপুনি মুম্বাইত আছে।
যদি আপুনি কাৰোবাক সোধে, “অমুক ঠাইখন ইয়াৰপৰা কিমান দূৰ” আৰু আপুনি উত্তৰ পায় এইদৰে – “জ্যাদা দূৰ নেহি, পাঁচ মিনিট কা ৰাস্তা” (লাগিলে বেছ কিছু দূৰেই হওক) জানিব যে আপুনি মুম্বাইত আছে।
মাজনিশা দুই বজাত যদি মেৰাইন ড্ৰাইভৰ ওচৰত চাহ বিক্ৰী কৰা ল’ৰাটোৱে আপোনাক নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে ক’ব খোজে, জানিব যে আপুনি মুম্বাইত আছে।
যদি আপুনি দেখে যে মাজনিশাও ছোৱালীবিলাকে বিভিন্ন চাকৰিৰ খাতিৰত অকলেই লোকেল ট্ৰেইন, অট’ৰিক্সাত ঘৰলৈ বুলি নিঃসংকোচে উভতিছে – জানিব, এয়া মুম্বাই। (কেতিয়াবা নহ’ব লগীয়া ঘটনা ঘটিছে, কিন্তু অন্য কিছুমান ঠাইত ঘটাৰ দৰে সেয়া সচৰাচৰ নহয়।)
ছাৰ্ছগেইট বা দাদৰৰ উশাহ ল’ব নোৱাৰা ভীৰত কোনো দৰিদ্ৰ, বৃদ্ধ-বৃদ্ধাই পথ অতিক্ৰম কৰিবলৈ লওঁতে যদি কাৰোবাক সহায়ৰ হাত আগবঢ়াই দিয়া দেখে, জানিব, এয়াই মুম্বাই।
লোকেল ট্ৰেইনত অসম্ভৱ ভীৰ হ’লেও, কোনোবা উঠিব খুজিলে ভিতৰৰ কোনোবা এজনে যদি হাত মেলি উঠাত সহায় কৰি দিয়া দেখে – জানিব – এয়া মুম্বাই।
যদি আপুনি দেখে যে জাতি, ধৰ্ম নিৰ্বিশেষে সকলো লোকেই সমান হেঁপাহ আৰু আনন্দেৰে দেৱালী, গণেশ চতুৰ্থী, ঈদ আৰু বৰদিন পালন কৰিছে – সেয়া মুম্বাই।
যদি দোকানত কিবা কিনি আনিবলৈ পাহৰি যায় আৰু দোকানীগৰাকীয়ে পাছৰপৰা আপোনাক চিঞৰিছে “আপ কা সামান” …..জানিব, আপুনি মুম্বাইত আছে।
বাটেৰে কোনো গৰ্ভৱতী নাৰীয়ে বজাৰৰ মোনা লৈ কোনোমতে খোজ কাঢ়ি গ’লে যদি মোনাখন কঢ়িয়াই নিয়াত কোনোবাই সহায় কৰি দিয়া দেখে তেন্তে জানিব যে এয়া মুম্বাই। (মোৰ নিজৰো তেনে অভিজ্ঞতা হৈছে।)
চলন্ত বাছখন, গাড়ীখনৰ চালকে যদি বাহনৰ বেগ কমাই বা ৰখাই আপোনাক বাট পাৰ হ’বলৈ হাতেৰে ইংগিত দিয়া দেখে, জানিব – এয়া মুম্বাই। (আজিকালি অৱশ্যে বাছ বা গাড়ীৰ কিছুসংখ্যক চালক আগতকৈ কিছু অধৈৰ্য্য হৈছে।)
মিটাৰ থকা অট’ৰিক্সাত ন্যূনতম মূল্য ২১ টকাৰ – এটকাটো দিবলৈ যদি আপোনাৰ হাতত খুচুৰা নাথাকে আৰু ৰিক্সাচালকে কোৱা শুনে যে “কই বাত নেহি” – জানিব, এয়া মুম্বাই।
সংখ্যাগুৰু হিন্দুধৰ্মীয়সকলৰ উদাৰতাৰ প্ৰমাণ দেখিবলৈ পোৱা যায় – মাউণ্ট মেৰী, মাহিম ছাৰ্ছ আৰু সাগৰৰ মাজত থকা হাজিআলিত যেতিয়া হিন্দু লোকৰো সমানেই ভীৰ, সমানেই শ্ৰদ্ধা দেখা যায়।
মুম্বাই এনেকুৱা এখন ক’স্ম’প’লিটান বা বাৰেৰহণীয়া সংস্কৃতিৰে ভৰা চহৰ য’ত ধৰ্ম তথা ধনী-দুখীয়া ইত্যাদি নিৰ্বিশেষে সকলো লোকে নিজৰ ভাগে শান্তিৰে থাকিবলৈ ইচ্ছা কৰে। মুম্বাইতে লক্-ডাউনৰ সময়ত মন্দিৰৰ প্ৰাঙ্গণত ইফটাৰ কৰিবলৈ সুবিধা দিয়া হৈছিল আৰু এই মুম্বাইতে গণেশ চতুৰ্থীৰ উৎসৱত মুছলমান আৰু খ্ৰীষ্টান ল’ৰাই মূৰত গণপতিৰ মূৰ্তি উঠাই আনে আৰু বিসৰ্জন দিবলৈকো লৈ যায়।
মুম্বাই – মুম্বাইয়েই, তুলনাবিহীন। “মুম্বাই মেৰি জান” বুলি ক’বলৈ মুম্বাইৰ লোকে সেয়েহে কৃপণালি নকৰে।