শ্লিপ ডিস্কৰ পৰীক্ষা

লেখক- ডাঃ গীতাঞ্জলি ভট্টাচাৰ্য(পি.টি.)

আজিকালি প্ৰায়ে শুনিবলৈ পোৱা নাৰ্ভ কম্প্ৰেছন, শ্লিপ ডিস্ক জনিত কঁকালৰ বিষত জড়িত এনেকুৱা কিছুমান স্থানত শাৰীৰিক পৰীক্ষাৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ, যিটোৰ পৰা আপুনি নিজেই জানিব পাৰিব যে আপোনাৰ কঁকালৰ বিষটো disc bulge ৰ কাৰণে হৈছে নে নাৰ্ভৰ কম্প্ৰেছনটো degenerative change ৰ কাৰণেহে হৈছে। শাৰীৰিক পৰীক্ষাকেইটা হ’ল:

১) শুই থকা অৱস্থাত:
SLR(Straight Leg Raising)- এই পৰীক্ষাটো ৰোগীজনে নিজেও কৰি চাব পাৰিব। বিছনাত ওপৰ মূৰ কৰি চিধাকৈ শুই এখন‌ এখন কৈ দুয়োখন ভৰি বেলেগে বেলেগে দাঙিব দিলে যদি ৰোগীজনে কঁকাল আৰু ভৰিত কোনো‌ ধৰণৰ অসুবিধা নোপোৱা কৈ ৫০ ৰ‌পৰা ৬০ ডিগ্ৰী পৰ্যন্ত উঠাব পাৰে(SLRT negative) তেতিয়া হলে acute disc bulge স্তৰটোৰ পৰা মুক্ত হৈছে বুলি ভাবিব পাৰে। দোকমোকালি সময়ত কেতিয়াবা কঁকালৰ বিষটো বাঢ়ি অহাৰ কথা কোনো কোনো ৰোগীয়ে কোৱা শুনা পাওঁ(SLRT positive)। তেনে ক্ষেত্ৰত disc ৰ acute stage টোৰ পৰা ৰোগীজন সম্পূৰ্ণৰূপে মুক্ত বুলি কব নোৱাৰি।

২) বহি থকা অৱস্থাত:
ৰোগীজনক আৰামত ভৰি দুইখন তললৈ ওলোমাই বহিবলৈ দি অলপ সময়ৰ পাছত সুধিলে যদি তেওঁ কয় যে তেওঁৰ কঁকালত বিষটো লাহে লাহে বাঢ়ি আহিছে তেতিয়া হলে বুজিব পাৰি যে ৰোগী জনৰ কঁকালৰ বিষটো acute disc bulge ৰ কাৰণেই হৈ আছে। ৰোগীজনক বহিব দি কাহ মাৰিব ক’লে যদি কঁকালত খোঁচাৰ দৰে বিষ অনুভৱ কৰে তেতিয়াহলে ৰোগী জনৰ disc bulge সম্পূৰ্ণ ৰূপে ঠিক নাই হোৱা বুলি বুজিব পাৰি। ‌এজন‌ ৰোগীৰ ক্ষেত্ৰত যদি ওপৰৰ আটাইকেইটা লক্ষণ একেলগে দেখা পোৱা যায় তেতিয়াহে disc bulge থকা বুলি থিৰাং কৰিব পাৰি। অন্যথা যদি কেৱল এটা বা দুটা লক্ষণহে থাকে তেতিয়া disc heal হোৱা বুলি বুজিব পাৰি। কেৱল instability ৰ কাৰণেহে বিষ হৈ আছে বুলি জানিব পাৰি।

৩) থিয় হৈ থকা অৱস্থাত:
কঁকালৰ বিষত ভুগি থকা ৰোগী এজনক চিধাকৈ থিয় হৈ সন্মুখৰ ফালে হালিবলৈ দিলে যদি কঁকালত বা ভৰিত কোনো ধৰণৰ বিষ বা তেনে কোনো অসুবিধা নাপায় তেতিয়াহলে জানিব পাৰি যে তেখেতে ইমান দিনে ভুগি থকা কঁকালৰ বিষটো disc bulge ৰ কাৰণে হোৱা নাই। সন্মুখলৈ হালোঁতে যদি কঁকালত খুঁচি থকা ধৰণৰ বিষ অনুভৱ হয় আৰু লাহে লাহে যদি সেই বিষ ভৰিলৈকো যায় তেতিয়াহলে acute disc bulge থকা বুলি বুজিব পাৰি। এই লক্ষণটো অৱশ্যে বহুদিনীয়া পুৰণা (chronic pain) বিষৰ ক্ষেত্ৰটো দেখা পোৱা যায়।

সেইবাবে এইটো acute নে chronic থিৰাং কৰিবৰ কাৰণে ৰোগী জনক হালিব দিওঁতে যদি কঁকাল বা ভৰিত বিষ বাঢ়ি যায় আৰু লগে লগে যদি পিছফালে হালিব দিলে বিষটো কমি আহে তেন্তে acute disc bulge থকা বুলি বুজা যায়। আৰু যদি লগে লগে পিছফালে হালিব দিলে একে ধৰণৰ বিষেই অনুভৱ হয় তেতিয়া হলে disc bulge ৰ সম্ভাৱনা অতি‌ কম। nerve compressionটো disc bulge ৰ‌ কাৰণে নহয় degenerative change (বয়সৰ লগে লগে হোৱা)ৰ কাৰণেহে ৰোগীজন বহু দিনৰ পৰা কঁকালৰ বিষত ভুগি থকা বুলি থিৰাং কৰিব পাৰি।

এই সকলোবোৰ অৱস্থান (lying, sitting, coughing, standing) ত কৰা পৰীক্ষাৰ পৰা acute disc bulge ঠিক হৈছেনে নাই বা কঁকালৰ বিষটো‌ disc bulge নে বেলেগ কিবা কাৰণতহে হৈছে সেইটো অন্তত অনুমান কৰিব পৰা গ’ল। অৱশ্যে ইয়াৰ পাছতো যদি ৰোগীয়ে MRI কৰোৱাই তেতিয়াও কিন্তু MRI ত ওলাই থকা (ক’লা ৰঙৰ বস্তুটো) disc bulgeটো দেখা পোৱাই যাব অৱশ্যে এতিয়া হৈ থকা কঁকালৰ বিষটো যে সেই bulge টোৰ কাৰণে হোৱা নাই সেইটোৰ পৰা ৰোগী সম্পূৰ্ণ নিশ্চিত হ’ব পাৰিব। degenerative disc টোৰ কাৰণেহে ৰোগীয়ে বহু দিনলৈ লক্ষণবোৰ অনুভৱ কৰে। এই degenaretive discটো canal ৰ মাজত গৈ stenosis(nerve পাৰ হৈ যোৱা ৰাস্তাটো ঠেক কৰি পেলায়) সৃষ্টি কৰে, যাৰ ফলত কঁকালত বিষ আৰু ভৰিত জিনজিননি অনুভৱ কৰা যায়। তেনে ক্ষেত্ৰত acute disc bulge ৰ exercise বোৰতকৈ chronic pain ৰ কাৰণে proper exercise কৰাটো দৰকাৰ। এই‌ সকলো‌বোৰ প্ৰয়োজনীয় ব্যায়াম কেৱল মাত্ৰ অভিজ্ঞ ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শমতেহে গ্ৰহণ কৰাটো উচিত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!