শিশুৰ কৰ্কট ৰোগ

লেখক- দেৱজিত শৰ্মা

সমগ্ৰ বিশ্বত বছৰি প্ৰায় চাৰি লাখ শিশু কৰ্কট ৰোগত আক্ৰান্ত হয়। উন্নত দেশত কৰ্কট ৰোগত আক্ৰান্ত প্ৰায় ৮৫% শিশু সম্পূৰ্ণ আৰোগ্য হোৱাৰ বিপৰীতে আমাৰ নিচিনা উন্নয়নশীল দুখীয়া আৰু মধ্যবিত্ত দেশবোৰৰ মাত্ৰ ৩০% শতাংশ শিশুহে কৰ্কট ৰোগৰ পৰা আৰোগ্য হয়। উন্নয়নশীল দেশবোৰত বহু কম সংখ্যক শিশুৰ কৰ্কট ৰোগৰ পৰা আৰোগ্য হোৱাৰ মুখ্য কাৰণবোৰ হ’ল- সজাগতাৰ অভাৱ, সময়ত চিকিৎসকৰ কাষ নচপা, বিলম্বিত চিনাক্তকৰণ, প্ৰয়োজনীয় ঔষধৰ অভাৱ, চিনাক্তকৰণত আসোঁৱাহ, অগ্ৰহণীয়ভাৱে ঔষধৰ বিষক্ৰিয়া, বিভিন্ন কাৰণত চিকিৎসা সম্পূৰ্ণ নকৰা, চিকিৎসা সহজে উপলব্ধ নোহোৱা ইত্যাদি। ভাৰতবৰ্ষত বৰ্তমান সকলো কৰ্কট ৰোগত ১.৬ ৰ পৰা ৪.৮ % ১৫ বছৰৰ তলৰ শিশুৰ হয়। প্ৰতি দহ লাখ শিশুৰ ৩৮ৰ পৰা ১২৪জন শিশুৰ কৰ্কট ৰোগ চিনাক্ত হয়। এই হাৰ উন্নত দেশবোৰতকৈ কম। বোধহয় কম চিনাক্তকৰণ আৰু চিকিৎসা কৰ্মীৰ ওচৰ নচপা তাৰ এক কাৰণ হ’ব। প্ৰতি বছৰে গড়ে ৪৫০০০ নতুন কৰ্কট ৰোগ ১৫ বছৰৰ তলৰ শিশুৰ চিনাক্ত কৰা হয়। 

শিশুৰ কৰ্কট ৰোগৰ সহজ আৰু সময়ত চিনাক্তকৰণ, সহজলভ্য চিকিৎসা আৰু সহজে উপলব্ধ ঔষধ সম্ভৱপৰ আৰু ই আমাৰ সমাজৰ বাবে এক আৰ্থিকভাৱে কৰণীয় লক্ষ্য। 

শিশুৰ ক্ষেত্ৰত সাধাৰণতে দেখা কৰ্কট ৰোগসমূহ হ’ল—

১) লিউকেমিয়া ( তেজৰ কৰ্কট ৰোগ)

২) মগজু আৰু মেৰুৰজ্জুৰ টেমুনা ( brain and spinal cord)

৩) লিম্ফমা 

৪) নিউৰোব্লাস্তমা

৫) উইল্মছ টিউমাৰ 

৬) ৰেব্দোমায়চাৰকমা

৭) ৰেটিনোব্লাস্তমা

৮) বোনটিউমাৰ ( অস্থিৰ কৰ্কট ৰোগ)

শিশুৰ কৰ্কট ৰোগ কিহৰ পৰা হয়? 

প্ৰাপ্তবয়স্কৰ মানুহৰ দৰে শিশুৰ কৰ্কট ৰোগৰ উৎপত্তি থিৰাং কৰা সহজ নহয়। শিশুৰ কৰ্কট ৰোগ দূষিত পৰিবেশ, খাদ্য প্ৰণালী বা জীৱন শৈলীৰ দ্বাৰা খুব কম পৰিমাণেহে প্ৰভাৱিত হয়।  ১০% শিশুৰ কিছু কৰ্কট ৰোগ বিকৃত জেনেটিক গাঁথনিৰ পৰা হোৱা দেখা যায় ( genetic make up)। কিছু ভাইৰাছ যেনে এইচ আই ভি ভাইৰাছ, এপষ্টেইন বাৰ ভাইৰাছ, আৰু বহু দীৰ্ঘ দিনৰ পৰা হৈ থকা মেলেৰিয়া বীজাণুৰ আক্ৰমণৰ পৰাও কৰ্কট ৰোগ হোৱা দেখা যায়। 

সুশৃংখলিত জীৱন শৈলী, কিছু ছিটা যেনে হেপাটাইটিছ বি বা হিউমেন পেপিলমা ভাইৰাছৰ টিকা শিশু বা কৈশোৰ অৱস্থাত ল’লে প্ৰাপ্ত বয়স্কৰ বহু কৰ্কট ৰোগ দূৰ কৰি ৰাখিব পাৰি। কিন্তু শিশুৰ কৰ্কট ৰোগৰ পৰা এনেদৰে মুক্ত হ’ব নোৱাৰি। 

শিশুৰ কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ—

 • শৰীৰৰ যিকোনো ঠাইত অস্বাভাৱিক টেমুনা বা উখহি উঠা

 • শৰীৰ অস্বাভাৱিকভাৱে শেঁতা পৰা বা দুৰ্বল অনুভৱ কৰা

 • শৰীৰৰ যিকোনো স্থান অলপতে ক’লা পৰি যোৱা বা তেজ ওলোৱা

 • শৰীৰৰ কোনো অংশত কিছু দিন ধৰি অস্বাভাৱিক ভাৱে অসহ্য বিষ

 • লেঙেৰাই খোজ কঢ়া

 • বহু দিন ধৰি একেৰাহে থকা জ্বৰ বা মাজে মাজে ভাল হৈ বহু সঘনে আহি থকা জ্বৰ ( সৰু ল’ৰা-ছোৱালীৰ বছৰত ৩, ৪ বাৰ দুই তিনি দিন মানৰ বাবে জ্বৰ হ’ব পাৰে, সেইটো সাধাৰণ কথা)

 • অসহ্য মূৰৰ বিষ বিশেষকৈ ৰাতি টোপনিতে সাৰ পাই যোৱা বিষ আৰু লগত জোৰেৰে বমি হোৱা

 • ঘপহকৈ চকুৰ দৃষ্টি শক্তি বহু সলনি হোৱা

 • অস্বাভাৱিকভাৱে ওজন কম হোৱা

মনত ৰাখিব যে এনে ধৰণৰ লক্ষণ বহু বেমাৰৰ পৰা হ’ব পাৰে। এনে ধৰণৰ লক্ষণ হোৱাৰ পাছতো কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুত কম থাকে। তথাপি এনে লক্ষণ দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ লগত পৰামৰ্শ কৰা বাঞ্ছনীয়। 

যিহেতু বেছিভাগ শিশুৰ কৰ্কট ৰোগ স্বাস্থ্যকৰ জীৱন শৈলী বা খাদ্য বা ছিটা আদিৰে প্ৰতিৰোধ কৰা সম্ভৱ নহয়, ক্ষিপ্ৰ চিনাক্তকৰণ আৰু সঠিক চিকিৎসা শিশুৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত সকলোতকৈ আৰ্থিক আৰু বৈজ্ঞানিক ভাৱে সফল উপায়। 

সোনকালে চিনাক্ত কৰিলে বেছিভাগ শিশুৰ কৰ্কট ৰোগ, সহজে, কম খৰচত সফল ভাৱে চিকিৎসা কৰিব পৰা যায়। কৰ্কট ৰোগৰ সঠিক চিনাক্তকৰণ আৰু সঠিক বিভক্তকৰণ কৰাটো যথেষ্ট প্ৰয়োজনীয়, কিয়নো সকলো কৰ্কট ৰোগৰ আৰু একে কৰ্কট ৰোগৰ বিভিন্ন গ্ৰুপৰ চিকিৎসা বেলেগ বেলেগ হয়। 

ক্ষিপ্ৰ চিনাক্তকৰণৰ ৩টা উপাদান আছে

 • পৰিয়াল বা অভিভাৱক বা শিশুৰ প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰা কৰ্মী লক্ষণ সম্পৰ্কে জ্ঞাত হ’ব লাগিব

 • সঠিক পৰীক্ষা আৰু নৈদানিক পৰীক্ষাৰ দ্বাৰা সঠিক চিনাক্তকৰণ, বিভক্তকৰণ আৰু সেই সময়ত কৰ্কট ৰোগ কোন স্তৰত আছে তাৰ নিৰ্ধাৰণ

 • সহজলভ্য চিকিৎসা। 

 বিশ্বৰ প্ৰায় সকলো দেশতে এতিয়া বেমাৰৰ প্ৰথম পৰ্য্যায়তে ক্ষিপ্ৰ চিনাক্ত কৰি চিকিৎসা কৰাত গুৰুত্বপ্ৰদান কৰা হৈছে। এই কাৰণত পিতৃ মাতৃ, অভিভাৱক, আৰু প্ৰাথমিক স্বাস্থ্য কৰ্মীৰ সজাগতা যথেষ্ট প্ৰয়োজনীয়। তেওঁলোকক সজাগ কৰিবৰ বাবে যথেষ্ট ব্যৱস্থা লোৱা হৈছে।  প্ৰাপ্তবয়স্ক লোকৰ কৰ্কট ৰোগৰ দৰে শিশুৰ কৰ্কট ৰোগত স্ক্ৰীনিং কাৰ্য্যসূচীৰ বিশেষ ভূমিকা নাই। কেৱল কিছুমান জেনেটিক ত্ৰুটি থকা শিশুৰ যাৰ কিছু বিশেষ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে বা কিছু পৰিয়ালত চকু আদিৰ কৰ্কট ৰোগ আদি হোৱাৰ বেছি সম্ভাৱনা থাকিলে, নিয়মিত চকু পৰীক্ষা আদি কৰি থাকিলে প্ৰথম পৰ্য্যায়তে চিনাক্তকৰণৰ সম্ভাৱনা বেছি হয়। 

চিকিৎসা—

সঠিক চিকিৎসাৰ বাবে সঠিক চিনাক্তকৰণ সঠিক সময়ত কৰাটো সকলোতকৈ প্ৰয়োজনীয়। শিশুৰ কৰ্কট ৰোগৰ চিকিৎসা কেমোথেৰাপী, শল্যচিকিৎসা আৰু ৰেডিঅ থেৰাপীৰ দ্বাৰা কৰা হয়। শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসাই যাতে শিশুৰ বৌদ্ধিক, শাৰীৰিক বিকাশ আৰু পৰিপুষ্টিত বাধা নাহে তাৰ প্ৰতি ধ্যান দিয়া আৱশ্যক। ইয়াৰোপৰি শিশুৰ নিয়মিত শিক্ষা, আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱা অত্যন্ত আৱশ্যক। সেইয়ে শিশুৰ চিকিৎসাৰ বাবে এক বহুমুখী দলৰ প্ৰয়োজন। সেই দলৰ নেতৃত্বত এজন শিশু ৰোগ বিশেষজ্ঞ বা শিশুৰ কৰ্কট ৰোগ বিশেষজ্ঞ থকাটো প্ৰয়োজন। সঠিক সময়োচিত চিকিৎসাৰ দ্বাৰা ৮৫% শিশুৰ কৰ্কট ৰোগ নিৰাময় কৰাটো সম্ভৱ। 

সমস্যা হল সকলো দেশতে শিশুৰ কৰ্কট ৰোগৰ সজাগতা বা সহজলভ্য চিকিৎসা একে মানৰ নহয়। এতিয়া আমাৰ ৰাজ্যতো বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ উপৰিও টাটা আৰু অসম চৰকাৰৰ যৌথ উদোগত গঢ়ি উঠা কেন্সাৰ হস্পিটেলবোৰে এক আশাৰ বাতৰি কঢ়িয়াই আনিছে। বিশেষকৈ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত যথেষ্ট সময়ৰ পৰা প্ৰায় বিনামূলীয়াভাৱে শিশুৰ কৰ্কট ৰোগৰ সুন্দৰ চিকিৎসা হৈ আছে। 

বিশ্ব স্বাস্থ্য সন্থাই শিশুৰ কৰ্কট ৰোগৰ সকলো ঔষধ জেনেৰীক ঔষধৰ দ্বাৰা সহজলভ্য হোৱাটো নিশ্চিত কৰিছে আৰু শিশুৰ কৰ্কট ৰোগৰ ঔষধ অপৰিহাৰ্য্য ঔষধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। 

চিকিৎসা সম্পূৰ্ণ হোৱাৰ পাছতো পুনৰ দুবাৰ কৰ্কট ৰোগ যাতে নহয় বা হ’লেও সোনকালে ধৰা পৰে, শিশুৰ নিয়মিত বিকাশ, চিকিৎসাৰ পৰা হ’ব পৰা সম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ আগতীয়া চিনাক্তকৰণ আৰু নিৰাময়ৰ বাবে নিয়মিত সময় সাপেক্ষে চিকিৎসকৰ ওচৰত পৰীক্ষা কৰি থকাটো বাঞ্ছনীয়। 

বিশ্ব স্বাস্থ্য সন্থাই কিছু ব্যক্তিগত অনুষ্ঠানৰ লগ হৈ, বিশ্বৰ সকলো দেশতে শিশুৰ কৰ্কট ৰোগৰ সহজ লভ্য চিকিৎসা আৰু সজাগতাৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে। ২০৩০ চনৰ ভিতৰত বিশ্বৰ সকলো দেশতে শিশুৰ কৰ্কট ৰোগৰ নিৰাময়ৰ হাৰ কমেও ৬০% কৰা এই আঁচনিৰ লক্ষ্য। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!