সাক্ষাৎকাৰ: ডঃ জগন্নাথ পাটগিৰি

লেখক- সাহিত্য ডট অৰ্গ

‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল বিশিষ্ট শিক্ষাবিদ তথা প্ৰকৃতিপ্ৰেমী ডঃ জগন্নাথ পাটগিৰিক। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগত প্ৰায় তিনি দশক জুৰি অধ্যাপনা কৰাৰ পিছত ডঃ পাটগিৰিদেৱে বৰ্তমান সমাজ সেৱাত আত্মনিয়োগ কৰিছে। বিভিন্ন গ্ৰন্থ ৰচনা কৰি কৃতিত্ব অৰ্জন কৰা  ডঃ পাটগিৰিদেৱে পৃথিৱীৰ বিভিন্ন ভৌগোলিক সমস্যাসমূহ তথা তাৰ সমাধানৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছে। ‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সহযোগী সম্পাদক শ্ৰীমতী জ্যোতিস্মিতা দেৱী, ‘অসমীয়াত কথা -বতৰা’ গোটৰ সদস্য মাধুৰ্য্য গোস্বামী আৰু জ্যেষ্ঠ সম্পাদনা সহযোগী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে জ্যোতিস্মিতা দেৱী আৰু অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰীমতী জ্যোতিস্মিতা দেৱীয়ে আৰু ইয়াৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে ‘অসমীয়াত কথা -বতৰা গোট’ৰ আন এগৰাকী সদস্য বিকাশ দত্তই। ইয়াক পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা -বতৰা গোট’ৰ সদস্য মনোজ মন কলিতাই।
 

সাহিত্য ডট অৰ্গ: ভূমি প্ৰদূষণৰ কথাবোৰ প্ৰায়েই চৰ্চিত হৈ থাকে৷ কেতিয়াবা সেয়া চৰ্চাতে সীমাবদ্ধ হৈ ৰয় বা হাতে-কামে কৰিলেও সেয়া বৰ্তমানৰ প্ৰদূষণক প্ৰতিৰোধ কৰিব পৰাকৈ যথেষ্ট হোৱাগৈ নাই। এনে সময়ত সকলোৰে মাজত সজাগতা আনিব পৰাকৈ কেনেধৰণৰ পদক্ষেপ ল’ব পৰা যায় বুলি আপুনি ভাবে?
 
ডঃ জগন্নাথ পাটগিৰি: পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল অংশটোক মাটি বা ভূমি বা মৃত্তিকা বোলা হয়। মাটি বা ভূমি হৈছে খাদ্য উৎপাদনৰ মূল উৎস। মাটিৰ ওপৰত ভিত্তি কৰি জীৱ-জগতৰ অস্তিত্ব নিৰূপণ কৰিব পৰা যায়। বহুতো কাৰণত এই ভূমিভাগ প্ৰদূষিত হৈছে। মাটিৰ স্থায়ী স্বাভাৱিক ক্ষয়ীভৱন, পলস পতন, জনসিঞ্চন ব্যৱস্থা, ত্ৰুটিপূৰ্ণ কৃষি ব্যৱস্থা, কৃত্ৰিম ৰাসায়নিক সাৰৰ প্ৰয়োগ, কীটনাশক দ্ৰব্যৰ প্ৰয়োগ, উদ্যোগজাত আবৰ্জনাৰ দ’ম, ঘন বসতি পূৰ্ণ এলেকাৰ জৈৱিক আৰু অজৈৱিক আবৰ্জনাসমূহ, অম্লবৃষ্টি, খনন কাৰ্য্য, বননি ধ্বংস, মাটিৰ গুণাগুণৰ বিৰূপ পৰিৱৰ্তনকেই স্থল বা ভূমি প্ৰদূষণ বুলি কোৱা হয়।
জীৱজগতৰ অস্তিত্ব আৰু বিকাশ বিপদাপন্ন হৈছে। মাটিৰ উৰ্বৰতা কমি যোৱা, মানুহৰ লগতে আন জীৱজন্তুৰ স্বাস্থ্য ক্ষতি এইবোৰ ভূমি প্ৰদূষণৰ ফলত হোৱা প্ৰতিক্ৰিয়া। ইয়াক যদি প্ৰতিৰোধ কৰা নহয় তেন্তে ভৱিষ্যত প্ৰজন্মৰ বাবে অচিৰেই বিপদ মাতি অনা হ’ব।
 
সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ত ভূমিৰ উৰ্বৰতা বজাই ৰাখিবলৈ আৰু সময়ে সময়ে ৰক্ষণাবেক্ষণ দিবলৈ কেনেধৰণৰ ব্যৱস্থা ল’ব পাৰি?
 
ডঃ জগন্নাথ পাটগিৰি: ভূমিৰ উৰ্বৰতা বজাই ৰাখিবলৈ ভিন ভিন প্ৰকাৰৰ ভূমিত বিভিন্ন প্ৰকাৰৰ কৌশল প্ৰয়োগ কৰিব লাগিব। ইয়াৰ আগতে এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে ৰাসায়নিক সাৰ কিছুবছৰ প্ৰয়োগ কৰি ভাল ফল পোৱাৰ পিছত বহু ঠাইত কোনোধৰণৰ শস্য উৎপাদন কৰিব নোৱাৰা হয়। সেয়েহে ৰাসায়নিক সাৰ খাদ্য দ্ৰব্য উৎপাদিত ভূমিত প্ৰয়োগ কৰা উচিত নহয়।
ভূমিৰ উৰ্বৰতাক ৰক্ষণাবেক্ষণ দিবলৈ হ’লে ঝুম খেতিৰ দৰে শস্য চপোৱাৰ পিছত বা আজৰি সময়ত সেই ঠাইত ক্ষিপ্ৰতাৰে বাঢ়িব পৰা “লিণ্ড’মিনাছ’’ উদ্ভিদ লগাব লাগে। এই ব্যৱস্থাৰ দ্বাৰা প্ৰদূষিত মৃত্তিকা বহু পৰিমাণে সংশোধিত কৰিব পৰা যায়।
 
ত্ৰুটীপূৰ্ণ কৃষি অভ্যাস ভাৰতৰ উত্তৰপূৱ অঞ্চলৰো কিছুমান ঠাইত কিছু পৰিমাণে বৰ্তি আছে। যেনে, একেডৰা মাটিত বাৰে বাৰে একে ধৰণৰ খেতি কৰাৰ ফলত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়। তাৰ বিপৰীতে বৈজ্ঞানিক ভিত্তিত শস্য নিৰ্ধাৰণ কৰি মাটিৰ উৰ্বৰতাক ৰক্ষণাবেক্ষণ দিব পাৰি। ইয়াৰ লগতে জৈৱিক সাৰ প্ৰয়োগ কৰিও মাটিডৰা খেতিৰ উপযোগী হোৱাকৈ উৰ্বৰা কৰি ৰাখিব পৰা যায়।
 
সাহিত্য ডট অৰ্গ: ভূমিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ ক্ষেত্ৰত পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতিৰ সম্পৰ্ক কিমান? 
 
ডঃ জগন্নাথ পাটগিৰি: ভূমিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ ক্ষেত্ৰত ঝুম খেতিৰ ভূমিকা কিছু পৰিমাণে নোহোৱা নহয়। সমগ্ৰ ভাৰতবৰ্ষত মুঠ ৪ নিযুত হেক্টৰ মাটিত ঝুম খেতিকে আদি কৰি বিভিন্ন স্থান পৰিৱৰ্তনমূলক খেতি কৰা হয়। ইয়াৰ ভিতৰত অকল উত্তৰ-পূৰ্বাঞ্চলতে সৰ্বমুঠ ১.৫ নিযুত হেক্টৰ মাটিত ঝুম খেতি কৰা হয়। অতীতত ঝুমখেতিৰ মাটিত এবাৰ খেতি কৰাৰ পিছত বহু বছৰলৈ খেতি নকৰিছিল; তেতিয়া মাটিডৰাক ১৫-২০ বছৰলৈ আহৰি দিয়া হৈছিল। তাৰ বিপৰীতে বৰ্তমানে মাটি এডৰাক ৩-৪ বছৰহে আহৰি দিয়া হয়।
 
মানুহ শিক্ষিত হোৱাৰ লগে লগে আৰু জনসংখ্যা বৃদ্ধিৰ লগেলগে প্ৰথমে আৰম্ভ হ’ল বনানিৰ ধ্বংস। কাৰণ সহজে পোৱা প্ৰথমটো উপাদানেই হ’ল বনাঞ্চল। তাৰ ফলত “ইক’চিষ্টেমৰ’’ পৰিৱৰ্তন হ’ব ধৰিলে। খাদ্যশস্যৰ নাটনি হ’ল। ঝুম খেতিৰ মাজত সময়ৰ ব্যৱধান কমি আহিল। কিন্তু আমি ভাবোঁ মাজৰ সময়ত “লিণ্ড’মিনাছ’’ উদ্ভিদৰ খেতি আৰম্ভ কৰিলে জনজাতীয় লোকৰ অৰ্থনীতিৰ পুনৰগঠনো আৰম্ভ কৰিব পৰা হ’ব।
ঝুম খেতিৰ পৰা পৰিৱেশ বহু ক্ষতিগ্ৰস্ত হয়। যেনে বনাঞ্চল ধ্বংস, ভূমিস্খলনৰ সম্ভাৱনা বৃদ্ধি হয় আৰু গছ-গছনি জ্বলাই দিয়াৰ ফলত বায়ু প্ৰদূষণ হয় আৰু কেতিয়াবা এই বনজুই সীমাৰ বাহিৰলৈ গৈ বহু ক্ষতিসাধন কৰে।
 
সাহিত্য ডট অৰ্গ: ৰাসায়নিক প্ৰক্ৰিয়াৰে উৰ্বৰতা বঢ়াই তোলা কথাটো কিমানলৈ গ্ৰহণযোগ্য?
 
ডঃ জগন্নাথ পাটগিৰি: অতি বেয়া। কিন্তু আমাৰ দেশৰ চৰকাৰৰ নীতি হ’ল নোখোৱাকৈ মৰাতকৈ অন্ততঃ খাবলৈ পাওক। অৰ্থাৎ ৰাসায়নিক প্ৰক্ৰিয়াৰে উৰ্বৰতা বঢ়াই হ’লেও অধিক উৎপাদন কৰিব লাগে। এইটো উন্নত দেশৰ ভাৱধাৰা নহয়। আমাৰো হ’ব নালাগে।
 
অৱশ্যে বৰ্তমান চৰকাৰে কৃষি আৰু স্বাস্থ্য বৈজ্ঞানিকসকলৰ পৰামৰ্শমতে ৰাসায়নিক সাৰৰ প্ৰয়োগ যিমান পাৰি কমাই ব্যৱহাৰ কৰিবলৈ দিছে। যাতে তেনে খাদ্যৰ পৰা মানুহ আৰু জীৱজন্তু ক্ষতিগ্ৰস্ত নহয়। জৈৱিক সাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি প্ৰচুৰ খাদ্য শস্য আৰু ফলমূল উৎপাদন কৰিব পৰা যায়। জৈৱিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়। এই ক্ষেত্ৰত জনসাধাৰণে এক আন্দোলন গঢ়ি তুলিব লাগে। বৈজ্ঞানিক সমীক্ষামতে বহু দুৰাৰোগ্য ৰোগৰ কাৰণো এই ৰাসায়নিক সাৰসমূহৰ প্ৰয়োগেই হয়।
 
সাহিত্য ডট অৰ্গ: আগতে গৰু-ম’হেৰে হালবোৱা প্ৰথাটোৰ বিকল্প ৰূপত আজিকালি মেচিনেৰে খেতিৰ মাটি চহোৱা হয়। এই দুয়োটা প্ৰক্ৰিয়াৰ সৈতে উৰ্বৰতাৰ কিবা সম্পৰ্ক আছে নেকি?
 
ডঃ জগন্নাথ পাটগিৰি: আদিম কালত মানুহে যাঠী, খন্তি, কোৰ আদিৰে কৃষি কাৰ্য্য সমাপন কৰিছিল। পৰৱৰ্তীকালত সৰহ মাটিত খেতি কৰিবলৈ মাটি চহোৱা কামটো গৰু-ম’হেৰে কৰিবলৈ ল’লে। বৰ্তমান আধুনিক যুগত সৰহ মাটিত খেতি কৰিবলৈ মানুহে মাটি চহোৱা কামটোৰ বাবে যন্ত্ৰৰ ব্যৱহাৰ কৰিবলৈ ল’লে।
 
কিছুমান খেতিৰ বাবে পানী জমা হৈ থকা খেতি মাটি লাগে। আকৌ কিছুমান মাটিৰ বাবে শুকান গুড়ি মাটিৰ দৰকাৰ, কিছুমান খেতিৰ বাবে আকৌ বেছি গুড়ি মাটিৰ প্ৰয়োজন নহয়। শাকপাচলি, আহুধান, আলু মূলা আদিৰ কাৰণে গুড়ি সাৰুৱা মাটিৰ প্ৰয়োজন। আকৌ মৰাপাট, কুঁহিয়াৰৰ খেতিৰ বাবে অতি গুড়ি মাটিৰ প্ৰয়োজন নহয়। ঠিক তেনেদৰে শালি ধান, বাও ধানৰ খেতিৰ কাৰণে লেকেতীয়া বোকা মাটিৰ প্ৰয়োজন হয়। শিপা বেছি তললৈ যোৱা খেতিৰ বাবে মাটি গভীৰকৈ চহোৱাৰ প্ৰয়োজন হয়।

গৰু-ম’হেৰে হাল বালে যেনেধৰণে মাটিৰ প্ৰয়োজন তেনেদৰেই চহাই ল’ব পৰা যায়। যন্ত্ৰৰ দ্বাৰা মাটি তেনেদৰে চহাব পৰা যায় যদিও কিছুমান অসুবিধা আহি পৰে। উদাহৰণস্বৰূপে বাওঁধানৰ খেতি কৰিলে ৩-৪ ফুট দ পানীত খেতি কৰিব লাগে। তেতিয়া কিছুমান যন্ত্ৰৰ ক্ষেত্ৰত অসুবিধা হয়। মাটিৰ উৰ্বৰতা আৰু মাটিৰ কিমান তলত বীজটো থাকিব সেইমতেই মাটি চহোৱাৰ প্ৰয়োজন হয়।
 
লগতে গৰু ম’হেৰে হাল বোৱাৰ সময়ত পথাৰত থকা কেঁচু জাতীয় সকলো খেতিৰ উপকাৰী জীৱ জীয়াই থাকে। মেছিনেৰে মাটি চহালে খেতিৰ জীৱবোৰৰ মৃত্যু হয় আৰু মেছিনৰ উচ্চস্তৰৰ শব্দত তেনে জীৱবোৰ আঁতৰি যায়।
 
সাহিত্য ডট অৰ্গ: অসমৰ কৃষিভূমিৰ মান সৰ্বভাৰতীয় পৰ্যায়ৰ কৃষি ভূমিৰ লগত তুলনা কৰিলে কেনেধৰণৰ ফল আমি দেখিবলৈ পাওঁ?

ড° জগন্নাথ পাটগিৰি: অসমৰ সকলো কৃষিভূমি একে নহয়। ঠিক তেনেদৰে সৰ্বভাৰতীয় বুলি ক’লেও গোটেই ভাৰতৰ কৃষিভূমি একে নহয়। ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত অসমৰ কৃষিভূমি উন্নত মানৰ। উত্তৰ ভাৰতৰ নদী উপত্যকাসমূহ উৰ্বৰতাৰ ক্ষেত্ৰত লেখত ল’বলগীয়া। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত উপযুক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন অধিক কৰি প্ৰায় প্ৰত্যেকখন ৰাজ্যই পঞ্জাৱৰ দৰে ফল পাইছে। অধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি শস্য উৎপাদন কৰিব নোৱাৰা হৈছে। পঞ্জাৱৰ মাটিৰ তলৰ পানী খাব নোৱাৰা হৈছে। ২-৩ ফুট মাটিৰ তৰপ কাটি তাত আন ঠাইৰ পৰা মাটি আনি পূৰাই খেতি কৰিবলগীয়া হৈছে। অইন ঠাইৰপৰা খোৱাপানী ৰেলৰে আনিবলগীয়া পৰিস্থিতি হৈছে। ইয়াৰ মূলতে হৈছে বছৰৰ পিছত বছৰ ধৰি প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য।

কিছু বছৰৰ আগলৈকে অসমত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈয়ে ভাল খেতি হৈছিল। সৰ্বভাৰতীয় কৃষিভূমিৰ তুলনাত অসমৰ কৃষি ভূমিৰ মান নিম্নমানৰ বুলি ক’ব নোৱাৰি। বৰং কিছুমান ঠাইত বানপানী হোৱাৰ পিছত অধিক উৎপাদন হোৱাহে দেখা যায়। আজিকালি জলসিঞ্চনৰ সহায়ত আন আন ৰাজ্যত উৎপাদিত শস্যসমূহো অসমত উৎপাদন কৰিব পৰা হৈছে।
 
সাহিত্য ডট অৰ্গ: মাটিৰ গুণাগুণ কেনেকৈ নিৰ্ণয় কৰা হয়? এই গুণাগুণৰ সৈতে তাৰ পৰা উৎপন্ন হোৱা শস্য বা ফলৰ গুণাগুণৰ অনুপাত কেনে হয়?
 
ডঃ জগন্নাথ পাটগিৰি: মাটিৰ গুণাগুণ মাটিৰ পৰীক্ষাৰ জৰিয়তে নিৰ্ণয় কৰা হয়। সাধাৰণতে খেতি-বাতিৰ কাৰণে মাটিৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজন। ইয়াৰ বহুতো পদ্ধতি আছে। মাটিৰ ৰসায়নবিদ (soil chemist)সকলে শস্য উৎপাদনৰ কাৰণে নাইট্ৰোজেন, ফছফৰাছ ইত্যাদি খনিজ পদাৰ্থসমূহ মাটিডৰাত নিৰ্ধাৰণ কৰে। সেইমতে মাটিডৰাত যি পৰিমাণৰ দ্ৰব্যৰ অভাৱ থাকে সেই পৰিমাণৰ জৈৱিক বা অজৈৱিক সাৰ প্ৰয়োগ কৰা হয় যাতে মাটিডৰাই উপযুক্ত দ্ৰব্য বা সাৰ পায়। আনহাতে পানী আৰু মাটিত আজিকালি প্ৰায়ে আৰ্চেনিক পোৱা যায়। বৰ্তমান কিছুমান যন্ত্ৰ আৰু ঔষধ আৰ্চেনিকৰ প্ৰভাৱ কম কৰিবলৈ প্ৰয়োগ কৰা হয়।
 
ঠাই বিশেষে মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে৷ উদাহৰণস্বৰূপে পাহাৰৰ অমিতা গছ এজোপাৰ ফল আৰু ভৈয়ামৰ অমিতা গছ এজোপাৰ ফলৰ মাজত যথেষ্ট পাৰ্থক্য থাকে৷ পাহাৰত হোৱা গছবোৰ যথেষ্ট পৰিমাণে জৈৱিক সাৰ পোৱা বাবে তাৰ ফলৰ ৰং আৰু গঠন বেলেগ হোৱাৰ লগতে যথেষ্ট পৰিমাণে ভিটামিন আৰু মিনাৰেল পোৱা যায়৷
 
সাহিত্য ডট অৰ্গ: ভূ-গৰ্ভৰ পানী আৰু মাটিৰ অনুপাত কেনেধৰণৰ হয়?
 
ডঃ জগন্নাথ পাটগিৰি: ভূ-গৰ্ভৰ পানী পৃথিৱীৰ উপৰি ভাগৰ পৰা ৩০০০০ ফুঠ গভীৰতালৈকে থাকে (U.S. Geological Survey); সাগৰত ৯৭% পানী থাকে কিন্তু খোৱাৰ উপযোগী নহয়৷ ২% পানী মেৰু অঞ্চলত বৰফ হৈ থাকে৷ ১% পানী সকলোতে পোৱা যায়। প্ৰায় ৯৬% ভুগৰ্ভৰ পানী (According to National Science and Atmospheric Administration (NDAA); আন ৪% বিশুদ্ধ পানী ভূমিৰ ওপৰত নিজৰা, হ্ৰদ, নদী আৰু সেমেকা অঞ্চলত (wet land) পোৱা যায়৷ ভূগৰ্ভৰ তলৰ পানীসমূহ নদীৰ পানীৰ দৰে বোঁৱতী হয়৷
 
পৃথিৱীৰ ওপৰত মাটিৰ পৰিমাণ ১ অংশ আৰু পানীৰ পৰিমাণ ৩ অংশ। ভূপৃষ্ঠৰ ওপৰত ২৯% মাটি আৰু ৭১% শতাংশ পানী।
 
মাটিৰ গুণাগুণ চাবলৈ গ’লে ক’ব লাগিব যে মাটি জৈৱিক, ৰাসায়নিক আৰু খনিজ পদাৰ্থৰে গঠিত।  chemistry ত বেলেগ বেলেগ ঠাইত নমুনা লৈ ৰাসায়নিক দ্ৰব্যগুণ নিৰ্ধাৰণ কৰি ph value উলিওৱা হয়। । Soil PH মানে Potential of Hydrogen (i.e strength of hydrogen) সাধাৰণতে মাটিৰ acidity basicityটো নিৰ্ধাৰণ কৰা হয়। (Factors affecting soil PH Inherent factors that affect soil PH include climate, mineral, content and soil texture.

ভূত্বকৰ শ্ৰেণীঃ পৃথিৱীখন গেছীয় আৰু জুলীয়া অৱস্থাৰ মাজেৰে আহি বৰ্তমানৰ কঠিন (উপৰিভাগ) আৰু অৰ্ধ জুলীয়া (অন্তৰভাগ) অৱস্থা পাইছে৷ এনেকুৱা অৱস্থা পাবলৈ প্ৰায় ৪৫০০ নিযুত বছৰ লাগিছে৷ পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ তিনিটা স্তৰ পোৱা যায়৷
 
১) লিথ’স্পেয়াৰ (Lithosphere) বা ছিয়াল (SIAL) বা ওপৰৰ স্তৰঃ ই পাতল উপাদানেৰে গঠিত৷ ইয়াৰ ঘনত্ব ২.৯ গ্ৰাম/ছেমি৩ আৰু গড় হিচাপে প্ৰায় ২০ কি:মি: ডাঠ৷ ই গ্ৰেণাইট শিলেৰে গঠিত৷ ইয়াক ছিয়াল স্তৰ বোলে৷ ইয়াত ছিলিকা আৰু এলুমিনিয়াম উপাদান সৰহ পৰিমাণে থাকে৷
 
২) পাইৰ’স্ফিয়েৰ (Pyrosphere) বা ছিমা (SIMA) বা মধ্যস্তৰঃ ছিয়াল স্তৰৰ তলত এই স্তৰটো অধিক গুৰু উপাদান বেছল্ট শিলেৰে গঠিত৷ ঘনত্ব ৩.৫ গ্ৰাম/ছেমি৩৷ ছিলিকা আৰু মেগনেছিয়াম অধিক পৰিমাণে থাকে৷ ইয়াক ছিমা স্তৰ বোলে আৰু ই ২০০ মিটাৰ ডাঠ৷
 
৩) বেৰিস্থিয়েৰ (Berrysphere) বা নিফে (NIFE) বা কেন্দ্ৰ মণ্ডলঃ শেষৰ স্তৰটো হ’ল কেন্দ্ৰস্তৰ৷ ই অত্যন্ত গধুৰ উপাদানেৰে গঠিত৷ ইয়াত নিকেল আৰু লো সৰহ৷ ঘনত্ব ৮ গ্ৰাম/ছেমি৩। ই প্ৰায় ৩৫০০ কি.মি. ডাঠ৷ অতিপাত উত্তাপ আৰু হেঁচাৰ কাৰণে এই স্তৰটো কেনেকুৱা অৱস্থাত আছে সেয়া কোৱা টান। এই স্তৰটো কঠিন আৰু টান৷
 
সাহিত্য ডট অৰ্গ: ভূগৰ্ভত পানীৰ স্তৰ স্থানভেদে ভিন ভিন হয়। পিছে লাহে লাহে এই পানীৰ স্তৰ তললৈ নামি গৈ আছে বুলি আমি প্ৰায়েই শুনিবলৈ পাওঁ। ইয়াৰ সমাধানৰ বাবে কি উপায় উলিয়াব পাৰি সেই সম্পৰ্কে আমাক অলপমান জনাবনে?
 
ডঃ জগন্নাথ পাটগিৰি: হয়, ভূগৰ্ভৰ পানীৰ স্তৰ বিভিন্ন স্থানত কমি গৈছে। চহৰত জনসংখ্যা বৃদ্ধিয়েই ইয়াৰ মূল কাৰণ। চহৰত বাস কৰা লোকসকলৰ পানীৰ চাহিদা পূৰণ কৰিবলৈ ভূগৰ্ভৰ পৰা গভীৰ নলীনাদেৰে পানী উলিয়াব লগীয়া হয়। আনহাতে চহৰৰ পকী পথ, পকী চোতাল, অট্টালিকা আদিৰ বাবেও পানী নিৰ্গত হৈ ভূগৰ্ভলৈ যাব নোৱাৰে। চহৰ আৰু নগৰত গঢ়ি উঠা উদ্যোগসমূহতো আৱশ্যকীয় পানী সংগ্ৰহ কৰা হয় ভূগৰ্ভৰ পৰা। আচলতে এইসমূহ সমস্যা বিশেষকৈ চহৰ আৰু নগৰতহে সৃষ্টি হৈছে। গ্ৰাম্যাঞ্চলত এনেধৰণৰ পানী কমি যোৱা সমস্যাৰ এতিয়ালৈ সৃষ্টি হোৱা নাই।
 
ভূগৰ্ভৰ পানীৰ স্তৰ কমি যোৱাটো এক উদ্বেগৰ বিষয়। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰাও কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰাটো আৱশ্যক। এই ক্ষেত্ৰত মই আপোনালোকক এটা উদাহৰণ দিবলৈ বিচাৰিম। গুৱাহাটীৰ ছয়মাইলৰ পৰা নাৰেঙ্গীলৈ যোৱা বাটটোৰ দাঁতিত যাতায়ত ব্যৱস্থা বাহাল ৰাখি পানী জমা কৰি ৰাখিব পাৰি, তেনেহলে  এক সজ কৰ্ম সমাপন হ’ব। এই পানীসমূহ এসময়ত ভূগৰ্ভলৈও যাব। এনেবোৰ ব্যৱস্থাৰ উপৰিও পাহাৰৰ গছ কটা ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব। চহৰত অৱস্থিত অট্টালিকাত পানী জমা কৰি শোধন কৰাৰ ব্যৱস্থা থাকিব লাগিব। বিল, জলাশয় আদিও পৰিচ্ছন্ন কৰি তুলিব লাগিব। এনেবোৰ ব্যৱস্থাৰ দ্বাৰা ভূগৰ্ভতো পানী জমা হ’ব।
 
সাহিত্য ডট অৰ্গ: ভূগৰ্ভৰ পানীৰ উৎস সংৰক্ষণ কৰি এই জলভাগক প্ৰদূষণৰ পৰা ৰোধ কৰিব পৰা যায়নে?
 
ড° জগন্নাথ পাটগিৰি: অতীত কালত মানুহে নদ-নদীৰ ওপৰত নিৰ্ভৰশীল হৈ সুষম জীৱন যাত্ৰা চলাই নিছিল। পিছে বৰ্তমান ইয়াৰ এক বিপৰীতমুখী পৰিৱেশহে পৃথিৱীত বিৰাজ কৰা পৰিলক্ষিত হয়। ব্যাপক উদ্যোগীকৰণৰ তথা জনসাধাৰণৰ সচেতনতাৰ অভাৱত প্ৰায় আশী শতাংশ জলভাগ প্ৰদূষিত হৈ পৰিছে। ইয়াৰ ফলত নানা ৰোগৰ উৎপত্তিৰ লগতে মানুহ তথা জীৱকুলৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত উদ্ভিদ, বনাঞ্চল আদিও ধ্বংস হৈছে। বিয়াল্লিশবিধ বিৰল প্ৰজাতিৰ প্ৰাণী ইয়াৰ বাবেই কাললৈ লুপ্ত হৈ পৰিছে। আনহাতে নদী, সাগৰ আদি জাৱৰ-জোঁথৰ তথা পেলনীয়া সামগ্ৰীৰ বাবে প্ৰদূষিত হৈ পৰিছে।
 
ভূগৰ্ভৰ পানীৰ উৎস সংৰক্ষণ অথবা পৰিশোধন তথা পৰিস্কাৰ কৰি এই জলভাগক প্ৰদূষণৰ পৰা ৰোধ কৰিব পাৰি। চৰকাৰৰ তৰফৰ পৰা সমূহীয়া যন্ত্ৰ স্থাপন কৰি এই পানী সংৰক্ষণ কৰিব পাৰি।  প্ৰদূষিত মৃত্তিকা ৰোধ কৰি, পৃথিৱীক অত্যাধিক গৰমৰ পৰা ৰক্ষা কৰি তথা বনাঞ্চলৰ ধ্বংসযজ্ঞ নিৰ্মূল কৰি ভূগৰ্ভৰ পানীক প্ৰদূষণমুক্ত কৰি তুলিব পৰা যায়।
 
সাহিত্য ডট অৰ্গ: ভূগৰ্ভৰ পানীৰ লগতো বহু ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থকা বুলি আমি প্ৰায়েই শুনিবলৈ পাওঁ। এই বিষয়ে আমাক অলপ জনাবনে?
 
ডঃ জগন্নাথ পাটগিৰি: নিশ্চয়। আচলতে ভূগৰ্ভৰ পানী পৃথিৱীৰ উপৰিভাগৰ পৰা ত্ৰিশ হাজাৰ ফুট গভীৰতাত থাকে। এই পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানৱ সমাজ, জীৱকুল তথা গছ-গছনি জীয়াই থাকে। পিছে এই ভূগৰ্ভৰ পানীত বহুতো ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হোৱাৰ প্ৰমাণ পোৱা গৈছে। এইয়া জীৱকুল আৰু উদ্ভিদৰ বাবে ক্ষতিকাৰক। ভূগৰ্ভৰ পানী বিভিন্ন প্ৰকাৰে সংৰক্ষণ কৰাৰ প্ৰয়োজন হৈ পৰিছে। 
 
সাহিত্য ডট অৰ্গ: ইমানপৰে আপুনি ভূগোল বিজ্ঞান সম্পৰ্কীয় বিভিন্ন বাখ্যা আগবঢ়াই আমাক বাধিত কৰিলে। সেয়েহে ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।
 
ডঃ জগন্নাথ পাটগিৰি: হয়, আপোনালোককো ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনালোক ই-আলোচনীখনৰ সতে জড়িত সকলোলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!