আই.আই.আৰ.এম. জয়পুৰৰ (Indian Institute of Rural Management, Jaipur) অভিজ্ঞতা
লেখক- সৌৰভ বৰগোহাঁই
মই তেতিয়া যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চতুৰ্থ বছৰৰ ছাত্ৰ। ইঞ্জিনিয়াৰিঙৰ পিছত মেনেজমেণ্ট পঢ়াৰ লক্ষ্যেৰে “মেনেজমেণ্ট এপ্টিটিউড টেষ্ট” বা চমুকৈ “মেট” পৰীক্ষাত অৱতীৰ্ণ হওঁ। মেটৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতেই বিভিন্ন কলেজৰ পৰা “গ্ৰুপ ডিস্কাছন” আৰু সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ পাবলৈ ধৰিলোঁ। তেনে সময়তে মোলৈ আমন্ত্ৰণ আহে দেশৰ এখন আগশাৰীৰ মেনেজমেণ্ট কলেজ – আই.আই.আৰ.এম. জয়পুৰৰ পৰা। মনটো ভাল লাগি গ‘ল। লগে লগে যোৰহাটৰপৰা গুৱাহাটীৰ ঘৰলৈ আহিলোঁ। ঘৰৰ পৰা ধন–বিত লৈ দিল্লীলৈ বুলি ৰে’লযাত্রা আৰম্ভ কৰিলোঁ। পৰিকল্পনা মতে দিল্লীত উপস্থিত হৈ প্ৰথমতে বন্ধু মানসৰ ভাড়াঘৰলৈ যাম আৰু তাতে এক ৰাতি থাকি পিছদিনা জয়পুৰলৈ যাম। মানসৰ ভাড়াঘৰ দিল্লীৰ ইন্দ্ৰ বিহাৰত আছিল। তালৈ আগতে যোৱা নাছিলোঁ যদিও মনত বিশ্বাস আছিল যে উলিয়াব পাৰিম।
সেইসময়ত মোবাইল নাছিল, কিন্তু পেজাৰ (Pager) চলিছিল। যিসকলে পেজাৰ কি বস্তু নেজানে সেই সকলক জনাব বিচাৰোঁ যে পেজাৰ মোবাইলৰ নিচিনা লগত লৈ ফুৰিব পৰা একেধৰণৰ এবিধ যোগাযোগৰ আহিলা যাৰে প্ৰত্যক্ষভাৱে কথা পাতিব পৰা নাযায়, কেৱল লিখিত বা বাণীবদ্ধ বাৰ্তাহে পঠিয়াব পৰা যায়। মই দিল্লী পাই পি.চি.ও এটাৰপৰা মানসৰ পেজাৰলৈকে বাৰ্তা পঠিয়ালোঁ আৰু মানসে মোক তাৰ ঘৰৰ ঠিকনাটো ভালকৈ বুজাই দিলে। সুকলমে গৈ মানসৰ ঘৰ পালোঁ আৰু তাৰ লগত এৰি অহা দিনবোৰৰ বিভিন্ন কথাৰ মহলা মাৰি কেনেকৈ সময় পাৰ কৰিলোঁ গমেই নাপালোঁ। পিছদনাখন ৰাতিপুৱা মানসে মোক দিল্লীৰ আন্তঃৰাজ্যিক বাছ আস্থানত (ISBT) জয়পুৰলৈ বুলি বাছত উঠাই দিলে।
জীৱনত প্ৰথম বাৰলৈ জয়পুৰলৈ গৈ আছোঁ। বাছখন তীব্ৰ গতিত চলিছে কাৰণ ৰাস্তা বহুত বহল মানে একেলগে ছয় খন গাড়ী গৈ থাকিব পাৰে। মই জয়পুৰ গৈ পাওঁ মানে আবেলি চাৰি বাজিছিলেই। আই.আই.আৰ.এম – জয়পুৰখন মান–সৰোবৰ নামৰ ঠাইখনত অৱস্থিত। মূল জয়পূৰ চহৰৰপৰা মান–সৰোবৰৰ দূৰত্ব ১০ কিলোমিটাৰ। মই তালৈ গৈ পাওঁতে পাঁচমান বাজিল। কাৰ্য্যালয়ত মোৰ “কলিং লেটাৰ” দেখুৱালোঁ আৰু তেওঁলোকে মোক পিছদিনা ৰাতিপুৱা দহ বজাত আহিবলৈ ক‘লে।
মোৰ আকৌ দহ কিলোমিটাৰ দূৰৰ জয়পুৰ চহৰলৈ ঘূৰি যাবলৈ মন নগ’ল। সেইবাবে আই.আই.আৰ.এম–জয়পুৰৰ কৰ্তৃপক্ষক কলেজৰ অতিথি গৃহতে মোক এক ৰাতি থাকিবলৈ অনুমতি দিবৰ বাবে অনুৰোধ জনালোঁ। তেওঁলোকে ভাবি–চিন্তি মোক ক’লে যে মই কলেজৰ হোষ্টেলত এক ৰাতি থাকিব পাৰিম। মনটো ভাল লাগি গ‘ল। কলেজৰ কৰ্মচাৰী এজনে মোক হোষ্টেল এটালৈ লৈ গ‘ল। হোষ্টেলৰ কোঠাবোৰ মজলীয়া হোটেলৰ কোঠাতকৈ কোনো গুণে কম নহয়। কোঠাত দুখন বিছনা, পৰিপাতিকৈ বিছনা চাদৰ পৰা আছে লগতে সংলগ্ন স্নানাগাৰ। একাষে এখন সৰু বেলকনিও আছে। মজ্জা! ইয়াতকৈ আৰু বেছি আশা কৰিব নোৱাৰি। অলপ দেৰি বিছনাতে গাটো এৰি দিলোঁ আৰু তেনেতে মোৰ কোঠাৰ দৰ্জ্জাত টোকৰ পৰিল। দুৱাৰ খুলি সন্মুখত দেখিলোঁ চাৰিজন ল’ৰা।
মোক ক’লে –
: হামলোগ ফাইনেল ছেমিষ্টাৰ কে ষ্টুডেণ্টছ্ হেইন। আপ কৌন হো অউৰ কাহাঁ সে আয়ে হো?
মই যেতিয়া নিজকে অসমৰ পৰা অহা বুলি ক‘লোঁ, তেওঁলোক আচৰিত হ‘ল যে ইমান দূৰৰ পৰা অকলে আহিছোঁ। তেওঁলোকৰ ধাৰণা আছিল যে অসমখন হাবি–জঙ্গলেৰে ভৰা আৰু আমি মানুহবোৰ জঙ্গলী। মই যেতিয়া অসমত চিনেমা ঘৰ, ভাল ডাঙৰ দোকান ইত্যাদি থকা আৰু সকলো ধৰণৰ বস্তু পোৱা যায় বুলি ক‘লোঁ তেওঁলোক আচৰিত হৈ গ’ল। অসমত কেৱল কামাখ্যা মন্দিৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে বুলি জনাত বাহিৰে অসমৰ বিষয়ে তেওঁলোকৰ অন্য বিশেষ একো জ্ঞান নাছিল। তেওঁলোকৰ লগত কথা পাতি বৰ ভাল লাগিল আৰু তেওঁলোকে মোক চাহ খুৱাবলৈ লৈ গ‘ল। চাহ খাই আহোঁতে মই ক‘লো যে মই জীৱনত প্ৰথম বাৰলৈ “গ্ৰুপ ডিস্কাছন”ত ভাগ ল’ম; গতিকে মোক অলপ সহায় কৰি দিব পাৰিব নেকি?
তেওঁলোক লগে লগে সন্মত হ’ল আৰু মোক পুৰা প্ৰশিক্ষণ দিয়াত লাগি গ’ল। কেনেকৈ নিজৰ কথাটো “গ্ৰুপ ডিস্কাছন”ত উপস্থাপন কৰিব লাগে সেইটো জনাটো খুব দৰকাৰী নহ’লে বেলেগে ক’বলৈ সুবিধাই নিদিয়ে। মই তেওঁলোকৰ পৰা “গ্ৰুপ ডিস্কাছন”ত সফল হোৱাৰ কিটিপটো শিকি ল’লোঁ। “গ্ৰুপ ডিস্কাছন”ত আলোচনা কৰিবলৈ এটা বিষয় নিৰ্দ্দিষ্ট কৰি দি গোটেই আলোচনাটোৰ বাবে সাধৰণতে পোন্ধৰ মিনিটমান সময় নিৰ্দ্ধাৰণ কৰি দিয়া হয়। সেই সময়সীমাৰ ভিতৰতে পাতনিৰ পৰা সামৰণিলৈকে বিষয়টোৰ সমগ্ৰ দিশ চমুকৈ আলোচিত হ‘ব লাগে। বহুতো প্ৰাৰ্থীয়ে সেই নিৰ্দ্দিষ্ট সময়খিনিত বিশেষ একো ক’বলৈ সুবিধাকে নাপায়, কিন্তু মোক জ্যেষ্ঠ ছাত্ৰকেইগৰাকীয়ে কেনেকৈ আলোচনাত ভাগ লৈ নিজৰ মতামত উপস্থাপন কৰিব লাগে সেয়া শিকাই দিলে। এইদৰে তেওঁলোকৰ লগত কথা পাতি বিভিন্ন কথা গম পাই মনটো ভাল লাগি গ’ল। অচিনাকি ঠাইলৈ আহি বন্ধুত্ব গঢ়ি নিজৰ ফালে দৃষ্টি আকৰ্ষণ কৰিব পৰাটো সিমান সহজো নহয়, নিজৰ প্ৰতি অলপ গৌৰৱ অনুভৱ হোৱাৰ নিচিনাই হ’ল। ৰাতি খোৱা–বোৱা কৰি IIRM-ৰ হোষ্টেলত শুই থাকিলোঁ।
ৰাতিপুৱা উঠি গা–পা ধুই “গ্ৰুপ ডিস্কাছন” আৰু সাক্ষাৎকাৰৰ বাবে সাজু হ‘লোঁ। ক’লা পেণ্ট, বগা চোলা আৰু আকাশী নীলা টাই এডাল পিন্ধিলোঁ, লগত ক’লা জোতা। কাপোৰযোৰ পিন্ধিয়ে মনত আত্মবিশ্বাস এটা আহি গৈছিল। হোষ্টেলত চিনাকি হোৱা জ্যেষ্ঠ আবাসীকেইজন মোৰ কোঠালৈ আহিল আৰু পুৱাৰ জলপান কৰিবলৈ মাতি লৈ গ‘ল। জলপান শেষ কৰি আমি কলেজলৈ গ‘লোঁ। বেলেগ প্ৰাৰ্থীৰ লগত একোগৰাকীকৈ অভিভাৱক আহিছে কিন্তু মোৰ লগত যেন দহ–বাৰগৰাকী অভিভাৱক। “গ্ৰুপ ডিস্কাছন”ৰ সময় আহিল আৰু সকলোৱে শুভেচ্ছা জনাই নিজৰ নিজৰ ক্লাছ কৰিবলৈ গ‘ল লগতে কৈ গ’ল যে মোৰ “গ্ৰুপ ডিস্কাছন” শেষ হোৱাৰ পিছত তেওঁলোক আকৌ খবৰ কৰিবলৈ আহিব। মনত এটা আত্মবিশ্বাসৰ ভাব লৈ নিৰ্দি কষ্ট স্থানত গৈ বহিলোঁ।
অলপ পাছত আমাৰ “গ্ৰুপ ডিস্কাছন” আৰম্ভ হ‘ল। এটা পাত্ৰত বহুকেইটা কাগজৰ টুকুৰা নুৰিয়াই থোৱা আছিল আৰু তাতে আলোচনাৰ বাবে বিভিন্ন বিষয়বোৰ লিখা আছিল। আমি দহগৰাকী প্ৰাৰ্থী আছিলোঁ আৰু এগৰাকীয়ে এখন কাগজ টানি উলিয়ালে। তাত লিখা বিষয়টো আছিল “ভাৰতে অলিম্পিক খেল অনুষ্ঠিত কৰিব লাগেনে নেলাগে?” সকলোৰে বিষয়টো পছন্দ হ‘ল আৰু এজনে আৰম্ভ কৰিলে। তেওঁ কথা কৈ থাকোঁতে বেলেগ এজনে তেওঁক তেওঁৰ কথা কাটিবলৈ চেষ্টা কৰিলে। মাজতে মই মোৰ মত দাঙি ধৰি ক’লোঁ যে ভাৰতে অলিম্পিক খেল অনুষ্ঠিত কৰিব লাগে কাৰণ অলিম্পিক খেল অনুষ্ঠিত কৰিলে ভাৰতত বহুকেইখন বিশ্ব মানৰ ষ্টেডিয়ামৰ লগতে ক্ৰীড়াক কেন্দ্ৰ কৰি অন্যান্য আনুষঙ্গিক আন্তঃগাঁথনিও গঢ়ি উঠিব আৰু খেল জগতত ভাৰত বহুত আগ বাঢ়ি যাব পাৰিব। কিছুমানে তাৰ বিৰোধিতা কৰি ক’লে যে ভাৰত এখন দুখীয়া দেশ য’ত বহুতে দুবেলা দুমুঠি খাবলৈ নাপায় আৰু তেনে অৱস্থাত অলিম্পিক খেল অনুষ্ঠিত কৰিব নালাগে কাৰণ অলিম্পিক পাতিলে বহুত টকা খৰচ হ‘ব। বেলেগ এজনে মই ভবাৰ ধৰণে অলপ কওঁতেই মই তেওঁক সমৰ্থন কৰিলোঁ আৰু মোৰ নিজৰ ভাৱ প্ৰকাশ কৰিলোঁ। মনটো ভাল লাগি গ‘ল যে মই নিজৰ মতামত নিয়াৰিকৈ উপস্থাপন কৰিব পাৰিলোঁ। নিৰ্দ্দিষ্ট সময়ত আমাৰ “গ্ৰুপ ডিস্কাছন”ৰ অন্ত পৰিল আৰু মই আশা কৰাতকৈ ভাল কৰিব পৰা যেন লাগিল। মোৰ অভিভাৱকৰূপী জ্যেষ্ঠ আবাসীসকল খবৰ ল’বলৈ আহিল আৰু মোৰ জি.ডি (GD) ভাল হোৱাৰ কাৰণে পৰম সন্তোষ পালে। এইবাৰ ব্যক্তিগত সাক্ষাৎকাৰ বা ইণ্টাৰভিউৰ পাল পৰিল। ইণ্টাৰভিউ ল’বলৈ তিনিগৰাকী লোক একেলগে বহি আছিল। মোৰ বিষয়ে সাধাৰণ কথাবোৰ জানি লোৱাৰ পিছত মোক বিভিন্ন ধৰনৰ প্ৰশ্ন সুধিলে। প্ৰথম প্ৰশ্ন আছিল মই কিয় “আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় (International Business)” বিষয়ত এম.বি.এ কৰিব বিচাৰিছোঁ। মই নিজৰ যুক্তি দেখুওৱাৰ পিছত আৰু এটা প্ৰশ্ন আহিল যে ত্ৰিপুৰাত কিয় কমিউনিষ্ট চৰকাৰ আছে। মই এই প্ৰশ্নটোৰ উত্তৰ ভালকৈ নাজানিছিলোঁ কিন্তু মনতে ভাবি ক’লোঁ যে ত্ৰিপুৰাত অধিক সংখ্যক লোক বঙালী সম্প্ৰদায়ৰ আৰু তেওঁলোকে পশ্চিমবঙ্গক অনুকৰণ কৰে আৰু যিহেতু পশ্চিমবঙ্গত জ্যোতি বসুৰ চৰকাৰ আছিল তাৰ বাবে তেওঁলোকে মাণিক সৰকাৰক সমৰ্থন কৰিছিল। মোৰ উত্তৰটো তেখেতসকলৰ পছন্দ হোৱা যেন লাগিল আৰু এনেকৈ কেইটামান প্ৰশ্নৰ উত্তৰ দি মোৰ সাক্ষাৎকাৰ পৰ্ব্বৰ অন্ত পৰিল। মনটো প্ৰকৃতাৰ্থত খুব ভাল লাগিল। সেইখন অনুষ্ঠানত পঢ়িবলৈ আসন পাম বুলি মই প্ৰায় নিশ্চিত হৈছিলোঁ। মোৰ নতুন অভিভাৱকসকলক ধন্যবাদ জনাই মই দিল্লীলৈ যাত্রা আৰম্ভ কৰিলোঁ।
দিল্লীৰ আই.এছ.বি.টি আহি পালোঁ নিশা এঘাৰমান বজাত। আকৌ তাৰ পৰা ৰিং ৰোডৰ হোৱাইট লাইন বাছত উঠি নিশা বাৰমান বজাত কিংছৱে কেম্প বাছ আস্থানত নামিলোঁ। বাছ আস্থানৰপৰা বন্ধু মানসৰ ঘৰলৈ প্ৰায় এক কিলোমিটাৰ। ৰাস্তাত অন্য পথচাৰী নাছিল আৰু ৰাস্তাৰ দুয়োকাষে কিছু পৰিমাণে বিশৃংখল যেন লগা কিছুসংখ্যক লোক বহি আছিল। মোৰ এনেকুৱা লাগিছিল যেন সেইসকলে মোক আক্ৰমণ কৰিবলৈহে সাজু হৈছে। মই লগে লগে উপস্থিত বুদ্ধি খটুৱাই মোৰ ঘড়ীটো জেপত ভৰালোঁ আৰু চোলাটো পেণ্টৰ পৰা উলিয়াই ল’লোঁ; চুলি খিনি খেলি–মেলি কৰি ল’লোঁ আৰু মদ খাই নিচা হোৱা মানুহৰ নিচিনাকৈ খোজবোৰ ধলং–পলঙকৈ দিয়া আৰম্ভ কৰিলোঁ। মই এইটো ধাৰণা দিবলৈ চেষ্টা কৰিছিলোঁ যে মই এটা সাধাৰণ ল’ৰা যাৰ হাতত একো মূল্যবান বস্তু নাই। কিন্তু মনতে সাজু আছিলোঁ যে কোনোবাই যদি মোৰ ফালে আগ বাঢ়ি আহে, মই কাৰ্ল লেৱিছতকৈয়ো বেছি বেগেৰে দৌৰিব লাগিব! সাহসে সিদ্ধি বুলি কোৱা কথাষাৰ যেন মোৰ লগত মিলি গৈছিল আৰু মই একো দুৰ্যোগ নোহোৱাকৈ মানসৰ বাসগৃহত উপস্থিত হ’লোঁহি। ৰাতিটো তাতে কটালোঁ।
দিল্লীৰ পৰা ৰে’লেৰে গুৱাহাটী আহি পালোঁ আৰু গুৱাহাটীৰ পৰা পোনে পোনে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ গ’লোঁ। আশা কৰা ধৰণেই কেইদিনমানৰ পাছত মোলৈ নামভৰ্ত্তিৰ বাবে অৰ্হতা পত্ৰ (ছিলেক্সন লেটাৰ) আহিল কিন্তু ভাগ্য বেয়া আছিল বাবেই কিজানি মই সময়মতে নামভৰ্ত্তি কৰিব নোৱাৰিলোঁ। মোক নামভৰ্ত্তি কৰিবলৈ এমাহ সময় দিছিল, কিন্তু মোৰ কলেজৰ পৰীক্ষা শেষেই হোৱা নাছিল। মই চিঠি দি অনুৰোধ কৰিছিলোঁ যাতে নামভৰ্ত্তিৰ বাবে মোক সময় কিছুদিন বঢ়াই দিয়ে, কিন্তু তেখেতসকলে জনালে যে সেইটো কলেজৰ নিয়মৰ বাহিৰত। বহু কষ্ট কৰিয়ো অৱশেষত মই এখন বিখ্যাত প্ৰতিষ্ঠানত পঢ়িব নোপোৱাৰ দুখটো থাকি গ’ল। যি কি নহওক জীবনত আগুৱাই গ’লোঁ আৰু এতিয়া যি আছোঁ প্ৰায় সুকলমেই জীৱন নিৰ্বাহ কৰি আছোঁ।