বগা ভেঁটফুলবোৰ
লেখক- নূপুৰ হাজৰিকা
বগা ভেঁটফুলবোৰে ছানি ধৰাৰ আগেয়ে
বিলখনত পানী নাছিল।
পানী নাছিল আকাশত,
সেৰ পাতি ফাটিছিল বিলৰ বোকা,
শুকান বোকাত অসংখ্য মানচিত্ৰ
অপৈণত হাতৰ পাক।
ওঁঠত পানী নাছিল কাৰো,
আকাশ শুকান
পথাৰ শুকান
পথৰুৱা মন শুকান
বগা ভেঁটফুলবোৰে ছানি ধৰাৰ আগেয়ে!
বগা ভেঁটফুলবোৰ বগা সোঁৱৰণীৰ প্ৰতীক,
যাক ভাল পালেও সাঁচি থোৱা টান
চিৰযুগমীয়া কৰি,
অথচ যিবোৰ ফুল নুফুলিলে
বিলত পানী নহয়,
নহয় মেঘ-বিজুলীৰ সন্মিলিত আয়োজন !
বগা ভেঁটফুলবোৰ ফুলাৰ আগেয়ে
বিলত বৰষুণ ফুলে বগাকৈ
বিলভৰি ফুলে সোঁৱৰণী শুধ বগা ফুল!
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments