বেনাম

লেখক- তাবাচ্ছুম ইছলাম বৰা

ইমান বছৰৰ আগতে ঘৰটো লওঁতে ভবা নাছিলোঁ অকলে থাকিব লাগিব বুলি। তেওঁ অৱশ্যে ল’ব খোজা নাছিল। মই আৰু ৰবীনেহে বুঢ়া বয়সত ঘূৰি আহিম বুলিয়েই লৈ থৈছিলোঁ। ঠাইখন পিছে বহুত সলনি হ’ল। গছে গছনিয়ে ধুনীয়া হৈ গ’ল। ওচৰে পাজৰে দোকান পোহাৰো হ’ল। তেওঁ হয়তো ভালেই পালেহেঁতেন। ছেক্ৰেটেৰীয়ে বিল্ডিংটোত কেইঘৰমান অসমীয়া মানুহ আছে বুলিও ক’লে, লাহে লাহে চা-চিনাকি হ’ব লাগিব, এতিয়ানো আৰু কাম কি? কলিকতাত ঘৰ লবলৈ খোজোঁতে ল’ৰা-ছোৱালী, পৰিবাৰ সকলোৱে এটাই কথা কৈছিল,

“বুঢ়া বয়সত থাকিবলৈ ঘৰ ল’ব খুজিছা যদি গুৱাহাটীত লোৱা, কলিকতাত কিয়?”

কিন্তু কেনেকৈ কওঁ যে এই ঠাইখনৰ লগত মোৰ প্ৰাণৰ সূতাডাল এতিয়াও বান্ধ খাই আছে। কেতিয়াও কাকো ক’বই নোৱাৰিলোঁ। আনকি যাৰ বাবে বান্ধ খাইছিল তেওঁকেই কব নোৱাৰিলোঁ। ইঞ্জিনিয়াৰিং পাছ কৰিয়েই প্ৰথম চাকৰি পাইছিলোঁ কলিকতাত। এটা বিখ্যাত মাল্টিনেচনেল কোম্পানীত। কেতিয়াও ঘৰৰ পৰা দূৰলৈ নোযোৱা, মোৰ ঘৰ এৰি আহোঁতে বৰ ভয় লাগিছিল, কেনেকৈ থাকিম, ক’ত থাকিম। মানুহবোৰ বা কেনেকুৱা, ইংৰাজীও ভালকৈ ক’ব নোৱাৰো, বাংলা ভাষাৰতো কথা কবই নালাগে, একেবাৰে তথৈবচ। তথাপি সাহস কৰি ওলাই আহিছিলোঁ। দুদিনমান কোম্পানীৰ গেষ্ট হাউচত থাকি চাকৰিত জইন কৰিলোঁ, পিছে বেছি দিন তাত থাকিবলৈ নিদিয়ে, সেয়ে দিনত অফিচৰ কাম আৰু গধূলিৰ পৰা ঘৰ বিচৰা কাম, ঘৰ বিচাৰি বিচাৰি আধামান কলিকতা দেখা যেনেই লাগিল, অৱশেষত অফিচৰ পৰা নাতিদূৰত ঘৰ এটা পালোঁ, ভালেই, ওপৰত মালিক তলত মই। ৰাতিৰ ভাত সাজোঁ তেওঁলোকেই দিব। এদিন অফিচৰ পৰা ওলাই পিয়াহ লগাত ঠাণ্ডা পানীয় “ক’ক” এটা খাই আছোঁ, এনেতে ধুনীয়া ছোৱালী এজনী আহি হাঁহি এটা মাৰি ইংৰাজীতে সুধিলে–

“তুমিও এইটো বিল্ডিঙত নেকি?”

মই ক’লোঁ–”হয়, তুমিও নেকি?”

তাই ক’লে–”অ, ময়ো।”

চা-চিনাকি হোৱাৰ পিছত গম পালোঁ তাইৰ নাম অদ্ৰিজা, মোৰ ঘৰৰ মালিকৰ ছোৱালী। মোক হেনো দেখিয়েই চিনি পাইছে। তাই তাৰে এটা কোম্পানীত চাৰ্টাৰ্ড অকাউণ্টেনচি কোৰ্সৰ আৰ্ত্তিকেল শ্বিপ কৰি আছে। ভাল লাগিল যদিও কিবা এটা ভয়ে মনটো পিছ হুহুকাই দিলে। ইমান স্মাৰ্ট ছোৱালী, ইংৰাজীবোৰ যেনেকৈহে ফৰফৰকৈ কৈছে মোৰ সন্মানটো থকাহে কথা, ভাবিলোঁ আতঁৰি থাকিব লাগিব। পিছে আঁতৰো কেনেকৈ, তাইৰ ঘৰতেই থাকিম, লগতো পামেই। মহা সমস্যাত পৰিলোঁ। কোনোমতে ভাল ঘৰ এটা পাইছিলোঁ আকৌ লাগিল লেঠা, কালিৰ পৰা আকৌ ঘৰ বিচাৰিব লাগিল। হঠাৎ তাই মোৰ হাতৰ পৰা ক’ক ক’লাৰ বটলটো লৈ ক’লে “এক চি্প খাওঁ হা, জুঠা কৰা নাই ওপৰৰ পৰা ঢালি খাইছোঁ।” অবাক হৈ গ’লোঁ, ইমান আত্মীয়তা, এবাৰ ভাবিলোঁ ছোৱালীজনী এনেকুৱাই নে মোক ভাল পাই পেলাইছে। হে প্ৰভু, এতিয়া ঘৰলৈয়ো একেলগে যাবলৈ লগ নধৰিলেহে হৈছে। ভাবোঁতেই তাই ক’লে-
“মোৰ অলপ বজাৰ কৰিবলৈ আছে, মই গৈ থাকোঁ তেনেহলে!”

মই সেইদিনাৰ কাৰণে ৰক্ষা পৰিলোঁ বুলি ভাবিলোঁ। ঘৰত গৈয়ো মনে মনে শব্দ নকৰাকৈ সোমালোঁ, ৰাতি বনকৰা লৰাটোৱে আহি ভাত দি গ’ল। অলপ পিছত মালিকজন আহি কেনে পাইছোঁ, কিবা লাগিব নেকি আদি সুধি গ’ল। ইমান ভদ্ৰ মানুহজন, কি বুলিনো ঘৰটো এৰো, চিন্তাত পৰিলোঁ। মা দেউতাক নো কি বুলি কম, কিয় ঘৰ এৰিলোঁ। ভাবিলোঁ ইয়াতেই থাকিম ছোৱালীজনীৰ পৰা আঁতৰি চলিম, কাৰণ অফিচৰ বিল্ডিংটো একে যদিও তাইৰ অফিচ ছয় তলাত আৰু মোৰ দহ তলাত। ছোৱালীজনীক বেছিকৈ আৰু লগ পোৱা নাই, মাজে সময়ে অফিচৰ কেণ্টিনত, কেতিয়াবা লিফ্টত লগ পাই যাওঁ। তাই হয়তো অনুমান কৰিছে মই ভয়াতুৰ নাইবা তাইৰ পৰা আঁতৰি থাকিব বিচাৰিছোঁ। মন কৰিছোঁ তাই সকলোৰে লগত খুব মিলিজুলি থাকে। দুদিনমান হ’ল তাইক দেখা নাই, ঘৰতো তাইৰ মাত শুনা নাই, এনেই নহ’লে তাই আৰু ভায়েকৰ চিঞৰ বাখৰ, গানৰ যুগলবন্দী আদি প্ৰায়ে শুনা পাই থাকোঁ। তাই অফিচলৈ ওলাই গ’লে লগোৱা চেণ্টৰ গোন্ধ, সন্ধ্যা তাই আহি গোসাঁই চাকি দিওঁতে জ্বলোৱা ধূপ ধুনাৰ গোন্ধবোৰ কিয় জানো অজানিতে মোৰ বৰ ভাল লগা হৈ আহিছিল। সেই গোন্ধবোৰ নাপালে, তাইৰ মাত-কথা নুশুনিলে মোৰ দেখোন বৰ ৰিঙা ৰিঙা লাগিছিল। তাইক দেখা নাপালেও তাইৰ অস্তিত্ব মই বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ, কিবা পৰম শান্তি লভিছিলোঁ। হয়তো মই তাইৰ প্ৰেমত পৰিছিলোঁ। ৰাতি ভাত দিবলৈ অহা ল’ৰাটোক লাজ মান কাটি কৰি সুধিলোঁ-

“অদ্ৰিজা নাই নেকি?”

সিয়ো কিয় জানো দুষ্টামীৰ হাঁহি এটা মাৰি ক’লে, “নাই, বান্ধবীৰ বিয়াৰ বাবে ধানবাদলৈ গৈছে, আজি আহি পাব, মই কম বাৰু আপুনি খবৰ লৈছিল বুলি।”

মই লগে লগে মানা কৰিলোঁ, কিন্তু সি নিশ্চয় ক’লে। ৰাতি দহটা মান বজাত তাই আহি দুৱাৰত টুকুৰিয়াইছে, দুৱাৰ খুলি তাইক দেখি কিয় জানো মোৰ মুখৰ মাত নোহোৱা হৈ গ’ল, গুলপীয়া শাৰীখনত তাইক যে অপূৰ্ব দেখুৱাইছে। মোৰ অৱস্থাটো দেখি তায়েই সহজ হ’বলৈ কথা আৰম্ভ কৰিলে, কাৰ বিয়াত গৈছিল, কি কৰিলে, কি খালে ইত্যাদি ইত্যাদি। কথা কৈ কৈ তাই মোৰ বিছনাখনৰ এটা মূৰত বহি দিলে, মই পিছুৱাই পিছুৱাই গৈ ধুপুচকৈ মাটিত পৰি গ’লোঁ। মোৰ অৱস্থাতো দেখি তাই হাঁহি হাঁহি মোৰ ওচৰতে মাটিত বহি গ’ল। তাইক ইমান ওচৰত পাই মোৰো জানো কিয় লাজ শংকা সকলো নোহোৱা হৈ গ’ল। ময়ো তাইৰ লগতে হাঁহিবলৈ ধৰিলোঁ। বহুত দেৰি কথা পাতিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীৰ লগত এনেকৈ ইমান অন্তৰংগভাৱে কথা পাতিলোঁ, তাকো ৰাতি দুপৰলৈকে, মাকৰ মাতত হে তাই উঠি গ’ল। গাটো সাতখন আঠখন লাগিবলৈ ধৰিলে, জীৱনৰ সবাটোতকৈ এটা স্মৰণীয় দিন। এনেকৈয়ে এবছৰ মান পাৰ হৈ গ’ল। কেতিয়াবা ভাল চিনেমা আহিলে দুয়ো চাবলৈ যাওঁ। কেতিয়াবা একেলগে বজাৰ কৰিবলৈ যাওঁ। কোল্ড ড্ৰিংক কিন্তু সদায় এটা বটলৰ পৰাই খাওঁ। তাই হেনো বৰ ভাল নাপায়। মোক খোৱা দেখিলে এক সোঁহা মাৰে। মুঠতে একো প্ৰকাশ নকৰাকৈয়ে আমাৰ মাজত এক বিশেষ সম্বন্ধই গঢ় লৈ উঠিছিল। মনে মনে ভাবিছিলোঁ প্ৰকৃত প্ৰেম হয়তো এনেকুৱাই। এবাৰ ঘৰলৈ যাবলৈ লওঁতে তাইৰ মাকে ক’লে, গুৱাহাটীৰ পৰা এযোৰ পাতৰ মেখেলা-চাদৰ আনি দিব লাগে, জীয়েকে হেনো বৰ ভাল পায়, পইচা কিন্তু তেওঁ দিব, মই ক’লো পইচা নালাগে মই এনেই আনি দিম। ঘৰত আহি মাক মোৰ জেনেৰেল মেনেজাৰৰ ঘৈণীয়েকৰ কাৰণে কাপোৰ এযোৰ নিব দিছে বুলি কওঁতেই মায়ে ক’লে “হ’ব হ’ব, ইমান বাহানা বনাব নেলাগে, ছোৱালীজনী বগা নে ক’লা সেইটো ক” মই মূৰটো তললৈ কৰি লাহেকৈ ক’লোঁ “বগা”। মায়ে পছন্দ কৰি বৰ ধুনীয়া গুলপীয়া ৰঙৰ কাপোৰ এযোৰ কিনি দিলে। ঘূৰি আহি দেখিলোঁ ঘৰখন নিমাও মাও, মাকে ক’লে অদ্ৰিজা বজাৰলৈ গৈছে। অহা সপ্তাহত তাইৰ বিয়া। দৰা বিদেশত থাকে। ৰেজিষ্ট্ৰেচন হৈ গল। বিয়াৰ পিছত তাইয়ো যাবগৈ। কাপোৰযোৰ মেজৰ ওপৰতে থৈ ক’ব নোৱাৰা হৈ মই চক্ লগা মানুহৰ দৰে তললৈ দৌৰি নামি আহিলোঁ। সহজে কান্দিব নোৱাৰা মানুহটোৱে হুকহুকাই কান্দিবলৈ ধৰিলোঁ। তাইৰ ওপৰত খং উঠিল। নিজৰ ওপৰতো ধিক্কাৰ জন্মিল। কাপোৰকানি বান্ধি ঘৰৰ চাবিপাত কোঠাতে থৈ ঘৰটো এৰি গুচি আহিলোঁ। কোম্পানীৰ মেনেজাৰক কৈ এমাহৰ বাবে গেষ্ট হাউচত ৰুম এটা ল’লোঁ আৰু বেলেগ চাকৰি বিচৰাত মনোনিৱেশ কৰিলোঁ। এই কেইটা দিনতে মই মানুহটো বহুত সলনি হৈ গ’লোঁ। আবেগ, অনুভূতিবোৰক টোপোলা বান্ধি চুব নোৱাৰা ঠাইলৈ দলিয়াই দিলোঁ। এতিয়া হৃদয়ৰে নহয়, বিবেকৰে কাম কৰিবলৈ শিকিলোঁ। কপাল ভাল আছিল দিল্লীত এটা ভাল কাম পাই গ’লোঁ আৰু মাক বিয়া কৰাম বুলি ছোৱালী এজনী চাবলৈ ক’লোঁ। মায়ে অলপ কিবা ভাবিছিল যদিও একো নুশুধিলে। এজনী বৰ ধুনীয়া গহীন বুজন ছোৱালী সবিতা মোৰ সহধৰ্মিনী হৈ আহিল আৰু আমি দিল্লীতে থাকিবলৈ ল’লোঁ। এদিন হঠাৎ কলিকতাৰ অফিচৰ সহকৰ্মী শ্ৰীযুত মহাপাত্ৰক লগ পালোঁ, তেওঁ ক’লে মই অফিচ এৰি অহাৰ প্ৰায় এবছৰ মান পিছত অদ্ৰিজা আহি সেই কোম্পানীতে চাকৰি কৰিছে, মোক বিচাৰিছিল হেনো। তাই আমেৰিকাৰ পৰা ঘূৰি আহিছে। মানুহজনৰ হেনো আৰু এগৰাকী বিদেশী পত্নী আছে। কথাটো শুনি অলপ বেয়া লাগিল। কিন্তু মই কৰিবলৈ তেতিয়া একো নাছিল। মোৰ সুন্দৰ সংসাৰখনত আবেগ, অনুভূতিবোৰক খেলিমেলি লগাবলৈ আহিবলৈ নিদিলোঁ। আমি আমাৰ সন্তান দুটিক লৈ বহুত সুখী। সময় বাগৰি গ’ল। ল’ৰা-ছোৱালীয়ে নিজ নিজ সংসাৰত ব্যস্ত হৈ পৰিল। পিছে সবিতাৰ আকস্মিক বিয়োগত এইবাৰ মই তেনেই অকলশৰীয়া হৈ গ’লোঁ। ঘৰটোত সোমাবলৈ ভয় লগা হ’ল। সকলোবোৰ বস্তুতে এতিয়া মানুহজনীৰ অনুপস্থিতি অনুভব কৰোঁ। জীৱনত আৰু কেতিয়াও প্ৰেম কৰিব নোৱাৰিম বুলি ভবা মই মানুহটোৱে অজানিতে হয়তো মোৰ মানুহজনীক ভাল পাই পেলাইছিলোঁ। প্ৰেম নহলেও তেওঁ মোৰ জীৱনৰ এটা এৰাব নোৱাৰা অভ্যাসত পৰিণত হৈছিল। এগৰাকীৰ বিৰহত কলিকতা এৰিছিলোঁ আৰু এতিয়া এই গৰাকীৰ বিৰহত দিল্লী এৰি পুনৰ কলিকতালৈ ঘূৰি আহিছোঁ। ইফালে ৰবিনহঁতেও কলিকতালৈ ঘূৰি আহিছে। ৰবীনৰ অৱশ্যে কথা সুকীয়া, তেওঁৰ পত্নীও কলিকতাৰে। মোৰ ল’ৰা-বোৱাৰী আহি ঘৰটো ঠিক থাক কৰি দি থৈ গ’ল। ছোৱালীজনীও অহা মাহত আহিব দুদিনমান থাকি লগ দিবহি। কাম কৰা মানুহ এজনীও বোৱাৰীয়েই বন্দোবস্ত কৰি দি থৈ গৈছে, ভালেই লাগিছে, নতুন ঘৰ, নতুন মানুহ-দুনুহ, নতুন পৰিবেশ। সবিতাৰ স্মৃতিবোৰে লাহে লাহে আমনি কৰিবলৈ এৰিছে। কিন্তু এটা এটা বিশেষ বস্তু বা কথাই আকৌ সোঁৱৰাই দিয়ে। এহাল মানুহক একেলগে দেখিলে নিজৰ শূন্যতাখিনি বাৰুকৈ অনুভৱ কৰোঁ। হয়তো সময়ে এই ঘাঁবোৰ শুকুৱাই দিব। ৰবীনেই এতিয়া মোৰ সঙ্গী। সকলো সময়তে খবৰ ৰাখে। সন্মুখৰ ঘৰটোৰ পৰা এজনী হাঁহিমুখীয়া ছোৱালীয়ে সদায় হাঁহি এটি মাৰি সম্ভাষণ জনায়। এদিন ময়েই চিনাকি হ’লোঁ। ছোৱালীজনী ডাক্তৰ। গিৰিয়েক চৌদি আৰৱত থাকে। তাই পিছে নাযায়। ইমান কঠোৰ নীতি-নিয়মৰ মাজত হেনো কাম কৰিবলৈ ভাল নাপায়। গিৰীয়েকো হয়তো এই কনট্ৰেক্টটো শেষ হ’লেই গুচি আহিব। দুবছৰীয়া ল’ৰা এটি আছে। প্ৰায়েই ৰাতিপুৱা তাক আইতাকৰ ঘৰত থৈ তাই কামলৈ বুলি ওলাই যায়। এদিন দেখিলোঁ এখন হুইল চেয়াৰত এগৰাকী বৃদ্ধা এগৰাকী সহায়িকাক লগত লৈ ছোৱালীজনীৰ ঘৰত সোমাইছে, লগত সৰু দুবছৰীয়া ল’ৰাটোও। মোৰ ঘৰত কামকৰা সুমিত্ৰাই দেখোন দৌৰ মাৰি গৈ মানুহ গৰাকীক সেৱা কৰি খুব কথা বতৰা পাতিছে। তাই ঘূৰি আহি ক’লে সেইয়া ডাক্তৰনী বাইদেউৰ মাক। বৰ ভাল মানুহ। কেঁচুৱাটো জন্ম হোৱাৰ সময়ত তেওঁ ইয়াতেই আছিল। তাইক বৰ মৰম কৰে। খোজ কাঢ়িব নোৱাৰে। কিবা দুৰ্ঘটনাত ভৰি দুখন বিকল হৈ গ’ল। মানুহগৰাকীৰ মুখখন নাই দেখা যদিও মাতটো কিয় জানো কাৰোবাৰ নিচিনা লাগিছে। আচলতে সুন্দৰকৈ কোনোবাই বঙালী কথা ক’লেই কিয় জানো অদ্ৰিজাই কথা কোৱা যেন লাগে। গধূলি খোজ কাঢ়িবলৈ বুলি তললৈ নামিবলৈ লিফ্টত উঠিবলৈ লওঁতে দেখোঁ ডাক্টৰৰ মাক যাবলৈ ওলাইছে। মই অলপ ৰৈ দিলোঁ। কাৰণ হুইল চেয়াৰৰ লগত বেছি মানুহ লিফ্টত উঠিব নোৱাৰে। চিৰিৰে নামিবলৈ লওঁতেই পিছফালৰ পৰা ছোৱালীজনীয়ে মাতিলে,

“আংকল, এইয়া মোৰ মা!”

মই ঘূৰি আহিলোঁ। হে ভগৱান! এইয়া দেখোন অদ্ৰিজা! কিন্তু ইমান সলনি হৈ গ’ল। শান্ত, ধীৰ। বয়সে হয়তো সলনি কৰি দিছে। মই তাইৰ ওচৰলৈ আহি তাইক নমস্কাৰ জনালোঁ। তাই প্ৰতি নমস্কাৰ জনাই চলচলীয়া চকুৰে ক’লে-

“তুমি কিন্তু বহুত স্মাৰ্ট হৈ গ’লা। তুমি মোৰ খবৰ নাৰাখিলেও মই তোমাৰ খবৰ সদায় ৰাখো। সবিতাৰ খবৰটো পাই বৰ দুখ লাগিছিল। কিন্তু তোমাক দেখি এতিয়া ভাবিছোঁ, তুমি চলি যাব পাৰিবা অকলে।”

তাইক সেইদিনা ঘৰলৈ যাবলৈ নিদিলোঁ, তাই ক’লে-

“আজিৰ দৰে চল্লিছ বছৰৰ আগেয়েও যদি মোক এনেকৈ যাবলৈ নিদিলাহেঁতেন, মই ৰৈ গ’লোঁহেঁতেন। তুমি দিয়া মেখেলা-চাদৰযোৰ এতিয়াও পিন্ধা নাই, এতিয়া পিন্ধিম।”

মই কিবা কোৱাৰ আগেয়ে ছোৱালীজনীয়ে আমাক ভিতৰলৈ লৈ আহিল। নাতিটোৰো বৰ ফুৰ্তি। জীয়েকৰ মুখতো সন্তুষ্টিৰ হাঁহি। দুয়ো চাহ খাই খাই বহুত কথা পাতিলোঁ। বহুত দিনৰ মূৰত এনেকৈ প্ৰাণ খুলি কথা পাতিলোঁ। জীয়েকে ক’লে মাকক হেনো এনেকৈ আপোন পাহৰাহৈ কথা পতা আজি প্ৰথম দেখিলে। তাই হেনো সৰুৰে পৰা মাকক সদায় অল্পভাষী আৰু সংযমী হিচাপে দেখি আহিছে। ৰাতি ঘূৰি আহোঁতে মনটো বৰ পাতল লাগিল। আজি নিশ্চয় ভাল টোপনি আহিব। অদ্ৰিজাৰ পতি হেনো এতিয়াও আমেৰিকাতে থাকে, জীয়েকৰ খবৰ ঠিকেই ৰাখি থাকে, যদিও সিহঁতৰ বত্ৰিছ বছৰৰ আগেয়েই বিবাহ বিচ্ছেদ হৈছে। প্ৰায় দহ বছৰ মান আগতে চিৰিৰ পৰা পৰি তাইৰ ভৰি দুখন অকামিলা হৈ গ’ল। এতিয়া হুইল চেয়াৰেই তাইৰ সাৰথি। অদ্ৰিজাক লগ পোৱা আজি প্ৰায় এমাহ হ’বৰ হ’ল। কেনেকৈ দিনবোৰ পাৰ হৈ গ’ল ক’বই নোৱাৰিলোঁ। মোৰ ছোৱালীজনীয়েও ছুটী লৈ আহিছে মোৰ লগত থাকিবলৈ বুলি। বহুত দিনৰ মূৰত ঘৰখন ভৰা ভৰা যেন লাগিছে। তাই পিছে অদ্ৰিজাৰ লগত মোৰ সম্বন্ধটোক এটা নাম দিব বিচাৰিছে। অদ্ৰিজাৰ ছোৱালীয়েও বিচাৰিছে। কিন্তু অদ্ৰিজা আৰু মইহে বিচৰা নাই। এই নামবিহীন সম্বন্ধটোৱে মনত যিমান সুখ দিছে তাক নাম দি তাৰ অপমান কৰিব খোজা নাই। এই সম্বন্ধ তেতিয়াও পবিত্ৰ আছিল আৰু এতিয়াও পবিত্ৰ হৈয়ে থাকক। এদিন হয়তো বিচাৰিছিলোঁ সম্বন্ধটোক এটা নাম দিবলৈ। তেতিয়া বুজা নাছিলোঁ। কিন্তু এতিয়া বুজিছোঁ। হৃদয়ৰ সূতা ডাল বান্ধ খাওঁতে কোনো নাম বিচাৰি বান্ধ খোৱা নাছিল আৰু তাক কোনো সম্বন্ধই ছিঙিব নোৱাৰিলে। কোল্ড ড্ৰিংকচৰ বটলটো হাতৰ পৰা লৈ ভগাই খাওঁতে কোনো সম্বন্ধ বিচাৰি খোৱা নাছিলোঁ। এতিয়া আমি একেখন ঘৰত থাকোঁ বা বেলেগে বেলেগে থাকোঁ এইবোৰ কথা অৰ্থহীন। এইযে বুজা পৰা, এইযে ভাল লগা, এইযে অন্তহীন কথা বতৰা এইবোৰ সকলো সম্পূৰ্ণ হৃদয়ৰ টান। ইয়াত কোনো নামৰ প্ৰয়োজন নাই। কেৱল এটাই প্ৰাৰ্থনা, জীৱনৰ বাকী থকা দিন কেইটাত যেন এই আনন্দৰ নিজৰাটি এনেকৈয়ে বৈ থাকে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!