খনিজ লৱণৰ ভূমিকা
লেখক- মনালিছা নাথ
ভেটেৰীনেৰী ডিগ্ৰী লোৱাৰ পিছৰ সময়ছোৱা আমাৰ বাবে সংকটপূৰ্ণ আছিল। ২০০২–০৩ চন। অসম চৰকাৰৰ বিত্তীয় পৰিস্থিতি ইতিমধ্যে পশুখাদ্য কেলেংকাৰীৰে বিধ্বস্ত৷ চৰকাৰী চাকৰিৰ সম্ভাৱনাসমূহো এই সংকটকালীন পৰিস্থিতিয়ে ৰাহুৰ দৰে গ্ৰাস কৰিছে। আমাৰ লগৰ বহু কেইগৰাকীয়ে দিল্লী, জম্মু, কাশ্মীৰ, ৰাঁচী আদি ঠাইত চৰকাৰী, বেচৰকাৰী য’ত যেনেকৈ সংস্থাপনৰ গঁজালি দেখিছে ত’তেই ঢাপলি মেলিছে।
আমাৰ ইয়াত তেতিয়া মাইক্ৰবায়’ল’জী আৰু ফিজীওল’জী বিভাগত ছাৰসকলে নিজাকৈ প্ৰ’জেক্ট কিছুমান আনিছিল।
পি.জি. কৰি উঠাৰ পিছত বহু বছৰলৈ মই এই প্ৰজেক্টসমূহতে মূৰ গুঁজি ৰৈছিলোঁ। কেণ্টিনৰ চাহ–চিঙৰা খোৱাকৈ নিজাকৈ পইচা দুটামান ওলাইছিল।
’নেটৱৰ্ক প্ৰজেক্ট অন্ মাইক্ৰ’নিউট্ৰিয়েণ্টছ্ ‘ – প্ৰজেক্টত মোৰ কৰ্ম জীৱনৰ প্ৰথম অভিজ্ঞতা।
থোৰতে ক’বলৈ গ’লে পশুদেহৰ মিনাৰেলচ্ বা খনিজ লৱণৰ পৰিমাণ নিৰ্ধাৰণ, ইয়াৰ পৰা সৃষ্ট ৰোগৰ কাৰণ, নিদান– বিশ্লেষণ ও বিস্তৃত অধ্যয়নৰ দিশসমূহক সামৰি হৈছে এইখন প্ৰজেক্ট।
জীৱদেহক কিছুমান মিনাৰেলচ্ প্ৰভূত পৰিমাণে প্ৰয়োজন হয়,বিশেষকৈ মেক্ৰ’মিনাৰেলচ্ –যেনে, কেলছিয়াম, মেগনেছিয়াম আদি। আকৌ কিছুমান এনেকুৱা মিনাৰেলচ্ আছে যি জীৱদেহত অতিকৈ কম পৰিমাণৰহে প্ৰয়োজন হয়, অথচ সেই ন্যুনতম হীনদেৰিয়ে ৰোগৰ কাৰক হৈ দেখা দিয়ে৷ সেইবোৰ হ’ল কিছুমান মাইক্ৰ’মিনাৰেলচ্, যেনে– ক’পাৰ, আইৰণ, জিংক্, চেলেনিয়াম আদি।
আমাৰ প্ৰজেক্টখনৰ কাম আছিল অসমৰ ৰাজ্যভেদে ঠাইখনৰ মাটি, পানী, গছ–লতা, তৰু–তৃণ তথা ঘৰচীয়া জীৱদেহৰ (গৰু, ছাগলী) তেজত এই মিনাৰেলচ্ ৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু তথ্য অনুযায়ী বিতং আলোচনা, যথাযথ বিশ্লেষণ আদি কৰা। মুঠতে, বৰ ডাঙৰ কাহিনী সমৃদ্ধ এখন বৃহৎ প্ৰজেক্ট। বহু বছৰলৈ চলিব!
প্ৰতিখন জিলালৈ গৈ নজনা নুশুনা দহখন গাঁৱৰ, প্ৰতিখন গাঁৱৰে আকৌ দহখন ঠাইৰ পৰা মাটি, পানী, গছ–পাত ( ধান, খেৰ, ঘাঁহ) আৰু পামৰ বা গৃহস্থৰ গোহালীঘৰৰ গৰুজনীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰি অনাৰ কি যে অনামী উত্তেজনা!
এনে কামৰ সতে মিহলি হৈ থাকে একেলগে এখন গাড়ীত এদল সহকৰ্মী, ছাৰ, এটেনডেণ্ট্ লগ হৈ একো একোখন নজনা গাঁৱলৈ যোৱাৰ আনন্দ৷ ভোক লাগিলে ঢাবা জাতীয় ক’ৰবাত ৰৈ ৰুটি, তৰকা, চাহ, বয়ল কণী খোৱাৰ ফূৰ্ত্তি!
-”অই.. চেম্পলবোৰত ভাগে ভাগে তাৰিখ, ঠাই, সময় লিখি থৈছ নে?”
-”তেজৰ নমুনাবোৰ বৰফ দিয়া কুল বক্সত ৰাখিছ নে?”
-”মাজে মাজে চেম্পলবোৰ চাবি দেই৷ এইবোৰৰ বাবেই আহিছো।”
সময়ে সময়ে দায়িত্ববোধৰ তাগিদা…
বাটত কিম্বা কোনোবাখন গোহালিত গৰু–ছাগলীৰ দেহত মিনাৰেলৰ অভাৱত ঘটা কিবা ৰোগে দেখা দিলে ছাৰে সকীয়াই, -” ফ’ট’ লোৱা। এইটোৰ জিংক্ ডেফিচিয়েন্সি আছে। চোৱা, জিংকৰ অভাৱত কেনেকৈ ছালৰ নোমবোৰ সৰি ছালচটা ওখোৰা মোখোৰা, খহটা হৈছে! ই বাওনা আৰু এলেহুৱাও! কি দানা খাদ্য খুৱাই আছে সুধি ল’বাচোন! কৰ্ণজাতীয় খাদ্য খুৱাব ক’বা, চয়াবিনতো জিংক্ থাকে”…
একেলেঠাৰিয়ে চাৰি পাচঁখনমান ফাৰ্ম ঘূৰি আমাৰ ভাগৰ লাগিব ধৰে।
-“ভাগ্যভাল, এইখন প্ৰজেক্টত আমি একেলগে চাৰিজনকৈ ‘ৰিৰ্চাচ ফেলো’ নিয়োজিত হৈছিলোঁ।” – প্ৰায় সমনীয়া হোৱা বাবে আমাৰ মাজতে গল্প –গুজৱ, ফুচুৰি কৰিব পাৰিছিলোঁ। পিছে আগদিনা পলমকৈ ভোকে–ভাগৰে ঘৰ সোমোৱা এই ৰিচাৰ্চ ফেলো কেইগৰাকীৰ পিছদিনা ছুটী পাওঁক চাৰি কামৰ কোব বেছিহে হয়।
ভাগে ভাগে নমুনাবোৰ প্ৰচেচ কৰি মিনাৰেলৰ পৰিমাণ চাবলৈ সাজু কৰিব লাগে। নহ’লে চেম্পল বেয়া হৈ যাব। মান নিৰ্ধাৰণ সঠিক নহ’লে বিশ্লেষণ, আলোচনাৰ সঠিক সমল নোলাব..বহুত লেঠা!
বহু বছৰ ধৰি অসমৰ ভিন ভিন ঠাইৰ হাজাৰ হাজাৰ নমুনাত থকা মিনাৰেলৰ লেখ লৈ বহুতো ঠাইৰ মাটি, পানী, গছ, পাত আনকি তেজৰ নমুনাতো ঠাই ভেদে কেইবাটাও মিনাৰেলৰ অভাৱ দেখা গ’ল।
অসমৰ পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাৰ মাটিত ঠাই ভেদে কেইবিধমান, ব্ৰহ্মপুত্ৰ অঞ্চলৰ মাটিত কেলছিয়াম, ফছফৰাছৰ অভাৱ৷ আনকি ঠাইভেদে পশুদেহত ক’পাৰ, জিংক্, কেলছিয়াম, ফছফৰাছৰ নিৰিখো কম পালোঁ।
প্ৰজেক্ট ৰিপোৰ্টত বহলাই আলোচনা কৰা হ’ল– বানপানী বিধস্ত এইবোৰ এলেকাৰ মাটিত মিনাৰেল কিয় কম৷ যি ঠাইৰ মাটিতে পৰ্য্যাপ্ত পৰিমাণৰ মিনাৰেলচ্ নাই, সেই ঠাইৰ তৰু–তৃণই ক’ৰপৰা মিনাৰেলছ পাব! পশুধনৰ তেজতো নিৰিখ কম হোৱাটো একো আচৰিত কথা নহয়।
…পিছৰ পৰ্য্যায়ত প্ৰজেক্টৰ কামত ঠাই অনুসৰি প্ৰয়োজনীয় মিনাৰেল যোগানৰ ব্যৱস্থাও সাঙুৰি লোৱা হ’ল।
**
নমুনা লৈ ঘূৰি অহা ঠাই এখনৰ পৰা অনা অস্বাভাৱিক পশুবোৰৰ ছাল, চকু, খুৰা আদিৰ ফোটোবোৰ চাই, তেজৰ নমুনাত থকা মিনাৰেলৰ লেখ চালিজাৰি চালেই হেড্ ছাৰে আমাক চাৰিওটাকে আগত লৈ প্ৰতিবাৰৰ দৰেই আকৌ এবাৰ খনিজ লৱণৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহৰ অজ্ঞতা, বেছি বা কম হলে দেখা দিয়া ৰোগৰ সম্ভাবনীয়তা, নিদানৰ উপায়ৰ কথা আৰু এই সকলোবোৰ সাধাৰণ ৰাইজে নজনাৰ দুখ, অসন্তুষ্টি মিহলি এটা দীঘলীয়া বক্তৃতা দিবলৈ আৰম্ভ কৰে।
ছাৰৰ মুখৰ প্ৰকাশভংগী চাই চাই, বেলেগ কথা ভাবি ভাবি মই এইবাৰ ঠাইতেই উচপিচাই উঠিলোঁ। ইলাক্ষীয়ে মোৰ ফালে চালে। চকুৰেই মোক ইংগিত দিলে তাই, ”আজিও আপুনি শুই উঠিয়েই অফিচলৈ দৌৰ দিছে ন! বেগত মোৰ টিফিন আছে। যাওক৷
-”ছাৰ, মই চেম্পলখিনি প্ৰচেচ কৰিব লাগিব৷” বুলি মই ছাৰৰ একাষৰীয়া ৰূমটোৰ পৰা ওলাই আহিলোঁ।
**
গৱেষণাগাৰ পোৱাৰ আগতে আমাৰ ৰূমত সোমাই ইলাক্ষীয়ে অনা টিফিনৰ ৰুটি–ভাজি উদ্ধাৰি গবেষণাগাৰৰ ফালে আগুৱাই আহি থাকোঁতে এপলকৰ বাবে পিছলৈ চাওঁতে পৰ্দাৰ ফাঁকেৰে দেখো– তিনিওটাই থিয়ৈ থিয়ৈ তেতিয়াও মিনাৰেলৰ আখ্যান শুনিয়েই আছে!