ভাগৱতমূলীয় কামৰূপীয়া লোকগীতত বাৎসল্য প্ৰেম

লেখক- মিতালী বৰ্মন

জনমানসত প্ৰচলিত তথা প্ৰচাৰিত ওঠৰ পুৰাণৰ ভিতৰত ভাগৱত পুৰাণ অন্যতম। ভাগৱত পুৰাণৰ দাৰ্শনিক তত্বই ভাৰতীয় সনাতন ধৰ্মৰ মূল ভেটিস্বৰূপ। ইয়াত বৰ্ণনা কৰা বিভিন্ন কাহিনীৰ মাজত দাৰ্শনিক তত্ব থকাৰ উপৰি ভাগৱতপুৰাণে ভক্ত আৰু ভগৱন্তৰ মধুৰ সম্পৰ্কৰ চানেকি দাঙি ধৰে। সংস্কৃত ভাষাত ৰচিত হোৱা ভাগৱত পুৰাণখন অসমীয়া জনমানসৰ ওচৰ চপাই নি অসমত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ কেইবাটাও স্কন্ধ অনুবাদ কৰিছিল যদিও তেখেতৰ দ্বাৰা অনূদিত গ্ৰন্থসমূহৰ ভিতৰত ‘দশম’খনেই শ্ৰেষ্ঠ আৰু অসমীয়া সমাজত বহুলভাৱে সমাদৃত। মূল ভাগৱতৰ দশম স্কন্ধত নব্বৈটা অধ্যায় আছে। শ্ৰীমন্ত শংকৰদেৱে তাৰে প্ৰথম ঊনপঞ্চাশটা অধ্যায় অনুবাদ কৰি বাকীখিনি তেখেতৰ শিষ্য অনন্ত কন্দলিক অনুবাদ কৰিবলৈ দিছিল। মহাপুৰুষজনাই কৰা দশমৰ অনুবাদভাগত শ্ৰীকৃষ্ণৰ জন্মৰপৰা আদি কৰি গোপী-উদ্ধৱ সংবাদলৈ নানা কাহিনী মনোৰমভাৱে বৰ্ণনা কৰা আছে। 

পুৰাণ-উপপুৰাণ অথবা মহাকাব্যৰ কাহিনীসমূহ লোকসমাজত গীত আৰু কাহিনী হিচাপে যুগ যুগ ধৰি মৌখিক ৰূপত প্ৰচলিত হৈ আহিছে। ভাগৱতৰ কাহিনীসমূহো অসমীয়া সমাজত মৌখিক ৰূপত কাহিনী আৰু গীত হিচাপে কেতিয়াৰপৰা চলি আহিছে তাক সঠিককৈ ক’ব নোৱাৰি। কিন্তু শংকৰদেৱে ভাগৱতৰ স্কন্ধসমূহ ভাঙণি কৰাৰ ফলস্বৰূপে সেই কাহিনীসমূহ সাধাৰণ মানুহৰ অধিক ওচৰ চাপিছিল বুলি ক’ব পাৰি। তদুপৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰচনা কৰা বৰগীতসমূহৰ দ্বাৰাও অসমীয়া জনসমাজ উদ্বুদ্ধ হৈছিল। অসমীয়া লোকগীত বিশেষকৈ অবিভক্ত কামৰূপ অঞ্চলত প্ৰচলিত কামৰূপীয়া লোকগীতসমূহৰ এটা বৃহৎ অংশ ভাগৱতমূলীয় কাহিনীসমূহে অধিকাৰ কৰি আছে। 

ভাগৱত আশ্ৰয়ী কামৰূপীয়া লোকগীতসমূহৰ প্ৰধান নায়ক হ’ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি গোৱা গীতসমূহত কৃষ্ণক ঠায়ে ঠায়ে অৱতাৰী পুৰুষ বা পৰমব্ৰহ্ম বুলি কোৱা হৈছে যদিও বহুকেইটা লোকগীতত শ্ৰীকৃষ্ণ সাধাৰণ মানুহৰ শাৰীলৈ পৰ্যবসিত হৈছে। বিষয়বস্তুৰ ফালৰপৰা শ্ৰীকৃষ্ণকেন্দ্ৰিক ভাগৱতমূলীয় কামৰূপীয়া লোকগীতসমূহৰ ভিতৰত শ্ৰীকৃষ্ণৰ জন্ম বৃতান্ত, শ্ৰীকৃষ্ণৰ শিশুলীলা, মাতৃ-পুত্ৰৰ চিৰন্তন প্ৰেম, গোপিণী আৰু কৃষ্ণ, ৰাধা আৰু কৃষ্ণ, বিপ্ৰ দামোদৰ আৰু কৃষ্ণ, উদ্ধৱ আৰু কৃষ্ণ বিষয়ক গীতেই সৰহ। আনহাতে এই বিষয়সমূহৰ উপৰি ভাগৱতৰ আন কিছু আখ্যান যেনে, গ্ৰাহ-গজেন্দ্ৰৰ যুদ্ধ, সমুদ্ৰ মন্থন, অজামিল, ৰত্নাকৰ, প্ৰহ্লাদ, ঊষা-অনিৰুদ্ধ আদিৰ কাহিনী সম্বলিত কিছুমান কামৰূপীয়া লোকগীতৰো প্ৰচলন হৈ থকা দেখা যায়। 

ভাগৱত আশ্ৰয়ী কামৰূপীয়া লোকগীতসমূহত দেখা বিভিন্ন চৰিত্ৰৰ মাজৰ সম্পৰ্কসমূহ প্ৰেমৰ বিভিন্ন স্বৰূপ বাৎসল্য প্ৰেম, শৃংগাৰেৰে ৰঞ্জিত প্ৰেম অথবা সখীত্বৰ ভাৱনাৰে উদ্বুদ্ধ। এই লেখাত বাৎসল্য প্ৰেম সম্বলিত কামৰূপীয়া লোকগীতৰ এক চমু আভাস দিবলৈ প্ৰয়াস কৰা হৈছে।

বাৎসল্য প্ৰেম সম্বলিত ভাগৱত আশ্ৰয়ী কামৰূপীয়া লোকগীতসমূক আমি আলোচনাৰ সুবিধাৰ্থে দুটা ভাগত ভগাব পাৰোঁ:

১/ দৈৱকী আৰু শ্ৰীকৃষ্ণ

২/ যশোদা আৰু শ্ৰীকৃষ্ণ

 

১/ দৈৱকী আৰু কৃষ্ণ বিষয়ক কামৰূপীয়া লোকগীত:

১.১

দৈৱকী আৰু কৃষ্ণক মূল বিষয় হিচাপে লৈ প্ৰচলন হৈ অহা কামৰূপীয়া লোকগীতসমূহত দৈৱকীৰ ব্যাথা আৰু যন্ত্ৰণাৰ প্ৰতিফলন হৈছে। মহাবলী কংসৰাজে কিদৰে দৈৱকী-বাসুদেৱক কাৰাৰুদ্ধ কৰি ৰখাৰ পাছত শ্ৰীকৃষ্ণৰ সাতজনকৈ সহোদৰক হত্যা কৰিছে, দিনে-ৰাতিয়ে অনুচৰ পঠিয়াই কিদৰে শ্ৰীকৃষ্ণক হত্যা কৰিবলৈ অপেক্ষা কৰি আছে সেই কথাৰ বিৱৰণ আছে। ইতিমধ্যে সাতটাকৈ সন্তানৰ মৃত্যু দেখাৰ পাছত শ্ৰীকৃষ্ণৰ বাবে মাতৃ দৈৱকীৰ অন্তৰে হাহাকাৰ কৰি উঠিছে:

“মোৰ বাছা ধন তই কলীয়া সুন্দৰ
অ’ তোৰ লাগি অভাগিনীৰ দহিছে অন্তৰ।”

১.২

সন্তানৰ মুখখন যিমান সময় চাই নাথাকিলেও কোনো মাতৃৰ হেঁপাহ নপলায়। আকৌ সন্তানৰ লগত বিচ্ছেদ সকলো মাতৃৰ বাবে একধৰণৰ অসহনীয় তথা অকল্পনীয় কথা। শ্ৰীকৃষ্ণৰ সুৰক্ষাৰ হেতু বাসুদেৱে শ্ৰীকৃষ্ণক গোকুললৈ লৈ যোৱাত দৈৱকীৰো একে দশা হৈছে।

“কৃষ্ণ উপজিলা জগতে জানিলা অ’

ধুৱাইবা নাপাইলু পানী,

ক’লা না বগা দেখাও নাপাইলু

কোলাতে নলৈলু আনি।”

১.৩

আকৌ পুত্ৰ শ্ৰীকৃষ্ণক লালন-পালন কৰিবলৈ নোপোৱাৰ বিৰহত ছটফটাই থকা দৈৱকীক কোনো কোনো গীতত শ্ৰীকৃষ্ণক আকুলভাবে আবাহন কৰি থকাও দেখা যায়।

“আহা মোৰ যাদু বাছা দৈৱকীৰ ধন
কোলে লৈ তোক মই জুৰাও পৰাণ

আহা আহা কৃষ্ণ বাপ মোৰ প্ৰাণ ধন”

 

২/ যশোদা আৰু কৃষ্ণ বিষয়ক কামৰূপীয়া লোকগীত:

দৈৱকী আৰু শ্ৰীকৃষ্ণবিষয়ক কামৰূপীয়া লোকগীতৰ তুলনাত যশোদা আৰু শ্ৰীকৃষ্ণক মূল বিষয় হিচাপে লৈ ৰচিত আৰু চৰ্চিত কামৰূপীয়া লোকগীতৰ পৰিমাণ অধিক। ইয়াৰ মূল কাৰণ দুটা বুলি আমি অনুমান কৰিব পাৰোঁ। প্ৰথমটো কাৰণটো হ’ল, ভাগৱত আৰু ভাগৱতমূলীয় কাহিনীসমূহৰ মতে শ্ৰীকৃষ্ণই জন্মৰ পাছৰপৰা নিজৰ শৈশৱ আৰু কৈশোৰ গোকুলত কটাইছিল অৰ্থাৎ শ্ৰীকৃষ্ণই যশোদাৰ সৈতে এছোৱা দীঘলীয়া সময় অতিবাহিত কৰা বাবে  আৰু আনটো, অসমীয়া সমাজলৈ শ্ৰীমন্ত শংকৰদেৱৰ দশম আৰু শ্ৰীমন্ত মাধৱদেৱৰ অংকীয়া নাট, ঝুমুৰা আৰু বৰগীতসমূহৰ প্ৰভাৱৰ বাবে যশোদা আৰু শ্ৰীকৃষ্ণ বিষয়ক কামৰূপীয়া লোকগীত অসমীয়া সমাজত অধিক পৰিমাণে চৰ্চিত হৈ আহিছে। আনকি এই বিষয় সম্বলিত বহুতো লোকগীতত বৰগীতৰ ভটিমাৰ আৰ্হিত “কহয় মাধৱ দাসে মাধৱৰ লীলা”, “কহয় মাধৱ দাসে ই তনয় আপোনাৰ নহয়”, “কহয় মাধৱ দাসে ব্ৰহ্ম নিৰাকাৰ”, “গাৱে কৃষ্ণানন্দ হৰি দাসে” ইত্যাদিৰ দৰে লোকগীতৰ শেষত ৰচকৰ উল্লেখ আছে। এই ধৰণৰ উল্লিখনে অসমীয়া লোক সমাজত গুৰু দুজনা আৰু তেখেতসকলৰ অমৰ সৃষ্টি বৰগীতৰ প্ৰভাৱ সুস্পষ্ট কৰে। কামৰূপীয়া লোকগীতত উল্লিখিত মাধৱ দাস, হৰি দাস আদি কোনো ব্যক্তি বিশেষৰ নাম হোৱাৰ সলনি বৰগীতৰ আৰ্হিত এই লোকগীতসমূহতো ৰচকে নিজকে মাধৱ দাস বা হৰি দাস অৰ্থাৎ কৃষ্ণৰ দাস বুলিহে কৈছে বুলি অনুমান কৰিব পাৰি। 

২.১

যশোদা-কৃষ্ণ বিষয়ক কামৰূপীয়া লোকগীতসমূহত বালক কৃষ্ণ আৰু মাতৃ যশোদাৰ মাজত লোককবিয়ে চিৰন্তন পুত্ৰ আৰু মাতৃৰ এখন নিৰ্মল ছবি অংকন কৰিছে। আন শিশুৰ দৰে শ্ৰীকৃষ্ণই ঠেহ পাতে, অভিমান কৰে, নিজৰ লগতে আনৰ ঘৰতো গাখীৰ-দৈ, লৱণু চুৰি কৰি খায় আৰু ধৰা পৰিলে আসৈ মাতে। একে দৰে যশোদাও মাতৃৰ মমতাৰে মহিমামণ্ডিত।  শ্ৰীকৃষ্ণৰ উৎপাতত অতিষ্ঠ হৈ তেওঁ কেতিয়াবা কৃষ্ণক শাস্তি দিছে, বান্ধি থৈছে, খং কৰিছে; অথচ খং শাম কটাৰ পাছত কৃষ্ণক শাস্তি দিয়াৰ দুখত নিজে কান্দিছে:

“যশোদা পাগলী মই কিয়নু মাৰোঁ ধৰি

সেইকাৰণে মোৰ বাছা ঘৰে নাহে ফিৰি”

আকৌ, আন এটি লোকগীতত যশোদাই এইদৰে কৈছে:

“যশোমতী দুষ্ট নাৰী অ’

বান্ধিছিলোঁ তোক বাপা

বান্ধিছিলোঁ তোক অ’।

নাবান্ধিবো মই কৃষ্ণক

দেখা দিয়া মোক অ’।”

আনকি, মাক যশোদাৰ গালি-শপনি শুনি ঘৰলৈ উভতি নহা কৃষ্ণক তেওঁ তেওঁৰ খঙৰ কাৰণবোৰো আকুলভাৱে বুজাই কয়:

“অ’ বাছা শ্যাম সুন্দৰ, আৰ তোক নাপাৰোঁ গালি

দধি দুগ্ধ ব্যঞ্জন ভাত কিয়নো আনি খালি।”

 

২.২

গৰু চৰাবলৈ যোৱাৰ সময়ত কৃষ্ণক বাৰে বাৰে যশোদাই দূৰলৈ নাযাবলৈ সকিয়াই দিয়ে। সদায় গধূলি বেলা মাতৃ যশোদাই পুত্ৰ কৃষ্ণৰ বাবে বাট চাই থাকে।

“গধূলি পদূলিতে মাৱে বাট চাই

কেতিয়া আহিব কৃষ্ণ গোধেনু চৰাই”

কৃষ্ণৰ সমনীয়া গোপ বালকসকল গৰু চৰাই উভতি অহাৰ পাছত সময়মতে কৃষ্ণ ঘৰলৈ উভতি নাহিলে মাতৃ যশোদা চিন্তাত আকুল হৈ পৰে। প্ৰসংগক্ৰমে এনেধৰণৰ লোকগীতত বলোৰামৰ মাতৃ ৰোহিনীৰো উল্লেখ মন কৰিবলগীয়া।

“গধূলি বেলিয়া পদূলি ওলায়া অ’

হৰি হে, ৰোহিনী যশোদা মাই

অত ৰাতি হৈলা বুলিবে লাগিলা

নাহিলা কানাই বলাই।”

এনে পৰিস্থিতিত যশোদাই যিকোনো সাধাৰণ মাতৃয়ে কৰাৰ দৰে কৃষ্ণৰ পিতাক নন্দৰাজক কৃষ্ণ-বলোৰামক বিচাৰি যাবলৈ অনুৰোধ কৰে এইদৰে:

“শুনা নন্দৰাই আগবাঢ়ি যাই

তুৰন্তে কৰা বিচাৰ

ৰাম-কানু বিনে গোকুল ধামতে

চৌদিশে দেখো আন্ধাৰ।”

 

২.৩

সন্তান যিমান দুষ্ট নহ’লেও প্ৰতিগৰাকীৰ মাকৰ বাবে তেওঁৰ সন্তান সকলোতকৈ ভাল। গকুলৰ গোৱালীসকলে সদায় শ্ৰীকৃষ্ণৰ অভিযোগ লৈ যশোদাৰ ওচৰলৈ আহে। যশোদাৰ মাতৃ হৃদয়ে গোৱালীসকলে কৃষ্ণক কৰা ককৰ্থনা সহিব নোৱাৰে। সমগ্ৰ গকুলতে শ্ৰীকৃষ্ণৰ দৰে সুন্দৰ পুত্ৰ কাৰো ঘৰত নাই বাবে গোৱালীসকলে কৃষ্ণ আৰু যশোদাক ঈৰ্ষা কৰে বুলিও যশোদাই ভাবে। সেয়েহে সমাজৰ যিকোনো এগৰাকী মাতৃৰ দৰে যশোদাই কৃষ্ণক কয়:

“টোপোলাতে আছে দধি-দুগ্ধ

নাযাবি লোকৰ ঘৰে

লোকে গালি পাৰে সহিব নোৱাৰো

তোৰ ৰূপে দহি মৰে।”

 

২.৪

যশোদাই শ্ৰীকৃষ্ণৰ সৈতে কৃষ্ণৰ শৈশৱ-কৈশোৰৰ কিছু মধুৰ সময় অতিবাহিত কৰিছে যদিও দৈৱকী-যশোদা দুয়োগৰাকী মাতৃয়ে পুত্ৰ-বিচ্ছেদৰ শোকৰ ভাৰো বহন কৰিবলগীয়া হৈছে। শ্ৰীকৃষ্ণ যেতিয়া কংস-বধৰ বাবে গকুলৰপৰা দ্বাৰকালৈ যায় তেতিয়া যশোদাই এগৰাকী সাধাৰণ মাতৃৰ দৰে যশোদাই পুত্ৰ অবিহনে “কাকে চাই ৰাখো ই জীৱন”, কাৰ বাবে ৰন্ধা-বঢ়া কৰিব, কাক নিজ হাতে খুৱাব, কাৰ বাবে পদূলিলৈ ওলাই বাট চাব, কোনে তেওঁৰ গৰু চৰাব বুলি ইনাই-বিনাই কান্দিছে। পুত্ৰ-বিচ্ছেদত আতুৰ যশোদাৰ মনোব্যাথা লোককবিয়ে এইদৰে অংকন কৰিছে:

“ৰবি বিনে নোহে দিন জল বিনে নোহে মীন

চান্দ বিনে নশোভে সৰবৰি

আৰ্তৰাৱে যশোমতী কান্দয় ধৰণী লুটি

দশ দিশে দেখে আন্ধিয়াৰী।”

 

এই আলোচনাত বাৎসল্য প্ৰেম সম্পৰ্কীয় কামৰূপীয়া লোকগীতৰ এটি চমু আভাস দিবলৈহে প্ৰয়াস কৰা হৈছে। সেয়েহে আলোচনাটিত মাথোঁ কেইটামান লোকগীতৰহে উদ্ধৃতি দিয়া হৈছে। ভাগৱত আৰু ভাগৱতমূলীয় কাহিনীৰ আধাৰত শ্ৰীকৃষ্ণক মূল বিষয় হিচাপে লৈ চৰ্চা হৈ অহা প্ৰতিটো কামৰূপীয়া লোকগীতেই আলোচনাৰ বিষয় হ’ব পাৰে। এই বিষয়ে অধিক গৱেষণা আৰু আলোচনাৰ প্ৰয়োজন আছে। 

 

মিতালী বৰ্মন

আধুনিক ভাৰতীয় ভাষা আৰু

সাহিত্য অধ্যয়ন বিভাগ

দিল্লী বিশ্ববিদ্যালয়

                                                           **************************

সহায়ক গ্ৰন্থপঞ্জী:

গোস্বামী, লোকনাথ (সম্পা.).অসমীয়া লোকগীত সম্ভাৰ, গুৱাহাটী: ৰেখা প্ৰকাশন, ২০১৬
পাঠক, তৰণী (সম্পা.).কামৰূপী লোকগীত, গুৱাহাটী: চন্দ্ৰ প্ৰকাশ, ২০১৪
শৰ্মা, সত্যেন্দ্ৰনাথ. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, নৱম সংস্কৰণ, গুৱাহাটী: অৰুণোদয় প্ৰেছ, ২০০৬

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!