লাজ

লেখক- ৰশ্মি শৰ্মা বৰঠাকুৰ

জলফাই বৰণৰ দোপাট্টাখনৰে লাজ ঢাকি
সেইদিনা তাই বজাৰলৈ গৈছিল
সপোন কিনাৰ হেঁপাহত৷
সপোন সামৰোতেই
হঠাৎ হেৰাই গেছিল
তাইৰ দোপাট্টাখন৷
আলিমূৰত পৰি থকা দেখিছিল বহুতে
বুটলি নানিলে৷
আজিকালি তাইক বহুতে দেখা পাই
প্ৰতিখন বজাৰত৷
মানুহৰ ভীৰ ফালি
দোকানে দোকানে বিচাৰি ফুৰে লাজ
লাজৰ কিমান দাম?
চাহিদা আছেনে লাজৰ?
লাজ কিনিবলৈ গৈ
লাজৰ ওচৰত লাজ হেৰুৱাই
আকৌ লাজকে বিচাৰে৷
পাৰ্থক্য মাথোঁঁ ৰঙৰ৷
তাইৰ দোপাট্টাখন এতিয়া
ধোঁৱা বৰণৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!