লাওপিঠা

লেখক- জ্যোতিমণি দেৱী

ছবি: মই তৈয়াৰ কৰা ৰন্ধন প্ৰকৰণৰ তিনিটা পৰ্যায়

বহাগ বিহু ৰঙৰ বিহু, কৃষি আৰম্ভণিৰ বিহু। উৰ্বৰা প্ৰকৃতিৰ বুকুত শষ্যই কোঁহ মেলিবলৈ বহাগে লৈ আহে ন-পানী। গছে গছে মেলা ন-কুঁহিৰ লগতে প্ৰাণ পায় উঠে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ কৃষিজীৱী সমাজ। যদিওবা বিহুগীত, হুঁচৰি, বিহুনৃত্যই এই আনন্দ প্ৰকাশৰ সৰ্বোত্তম মাধ্যম, তথাপি ইয়াৰ লগতে আমাৰ সাজ-পাৰ আৰু খোৱা খাদ্যৰ পৰম্পৰাবোৰো জড়িত হৈ থাকে। তাৰে ভিতৰত কিছু পিঠাপনা, দৈ-চিৰা, সান্দহে পূৰ্বৰে পৰাই এই স্থান দখল কৰি আহিছে। পিঠাপনা বুলিলেই আকৌ তিলপিঠা, নাৰিকল পিঠা, তেল পিঠা, ফেনী পিঠা, লাওপিঠা আদিয়ে মুখ্যস্থান অধিকাৰ কৰে। বহাগৰ এই সময়চোৱাত পকা ৰঙালাওৰে বজাৰ ভৰি পৰে, সহজলভ্য হৈ পৰে ন-কৈ পগোৱা গুড়মিঠৈ। সেয়েহে বিহুৰ বতৰত ৰঙালাও ভাজিবলৈ কিম্বা খাবলৈ নাপালে বিহুটোৱেই আধৰুৱা হোৱা যেন লাগে। আমি গাঁৱৰ বাসিন্দা আৰু আমাৰ ঘৰবোৰত এই পিঠা নোখোৱাকৈ কোনো বহাগ এতিয়ালৈকে পাৰ হৈ পোৱা নাই। আগতে আমাৰ নিজৰ খেতিৰ ৰঙালাও আৰু মিঠাই পাইছিলোঁ, সোৱাদত অপূৰ্ব আছিল সেয়া। কিন্তু এতিয়া তেনে খেতিমাটিৰ অভাৱ আৰু বান্দৰৰ উৎপাতৰ বাবে আমি এই সকলো দ্ৰব্য বজাৰৰ পৰাই সংগ্ৰহ কৰিবলগীয়া হয়। এইবাৰ বিহুৰ কেইদিন কিছু অসুস্থ হৈ থকা বাবে মই ৰঙালাও পিঠা তৈয়াৰ কৰিবলৈ নোৱাৰিলোঁ। সেয়ে বিহু যোৱাৰ পিছত হ’লেও যোগাৰ কৰোঁ বুলি আজি স্কুললৈ ওলোৱাৰ আগতেই ভাত খোৱা চাউল কিছু ধুই থৈ মাক কৈ গৈছিলোঁ পিঠাগুড়ি খুন্দি থ’বলৈ। সেইমতে মায়ে খুন্দি যোগাৰ কৰি থৈ দিছে। ৰঙাকৈ পকা ৰঙালাও এফাল কাটি থোৱা আছিল। সেয়া গধূলি বাকলি গুচাই ধুই-ধাই সৰুকৈ কাটি কাটি কুকাৰত দিলোঁ (বাকলিখিনিয়ো মই আকৌ খাৰ ৰান্ধিবলৈ থৈ দিছোঁ)। সৰু এটি নাৰিকলো আছিল, তাকো ৰুকি দি দিলোঁ তাতে (নাৰিকল নোহোৱাকৈও কৰিব পাৰি)। এতিয়া পানী নিদিয়াকৈ গেচৰ জুইকুৰা কমাই দি সিজিবলৈ দিলোঁ। তিনিটামান চিট্‌টি মৰাৰ পিছত সেয়া ঢাকনি পৰিবলৈ ৰখাই থৈ পিঠাগুড়িখিনি ভাজি ল’লোঁ। নভজাকৈ দিলে পিঠাবোৰ সোনকালে টান হোৱাৰ সম্ভাৱনা থাকে। সেয়ে আধা ভাজি ল’ব লাগে। এতিয়া দুয়োখিনি সামগ্ৰী কিছু ঠাণ্ডা হওঁতে অলপ বেকিং পাউডাৰ মিহলাই ভালকৈ সানি পিঠাৰ আকৃতিত গোল গোলকৈ থাপৰিয়ালোঁ(আগতে মাহঁতে বেকিং পাউদাৰৰ ঠাইত কলাখাৰ ব্যৱহাৰ কৰিছিল কোমল কৰি ৰাখিবৰ বাবে)। এই মিশ্ৰণটো তৈয়াৰ কৰোঁতে বেছি টান হ’বলৈ দিব নালাগে। মজলীয়া অৱস্থাত ৰাখিলে পিঠাৰ সোৱাদ ভাল হয়। এতিয়া পিঠাখিনি তেলত জুবুৰিয়াই জুবুৰিয়াই ভাজি এটা চচপেনত থ’লোঁ আৰু জুলীয়া মিঠাই ঢালি সকলো পিঠাতে লগাকৈ লুটিয়াই বগৰাই দিলোঁ। হৈ গ’ল মোৰ লাওপিঠা যিটো অসমীয়া খাদ্যসম্ভাৰৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় পিঠা।

এইখিনিতে কথা এটা কওঁ। আমাৰ চেনি, নিমখ, মিঠাই আদিয়ে খাদ্য সংৰক্ষক দ্ৰব্য( preservative)হিচাপে কাম কৰে, যাৰবাবে এইবোৰ দ্ৰব্য আমি আচাৰত সৰহকৈ ব্যৱহাৰ কৰোঁ। একেদৰে লাওপিঠাখিনিয়ো যদি মিঠাইত ভালদৰে জুবুৰিয়াই ৰখা হয়, তেনেহ’লে এসপ্তাহলৈ এই পিঠা সংৰক্ষণ কৰি খাবলৈ পাৰি। এতিয়াটো ঘৰে ঘৰে ফ্ৰিজ আছে, গতিকে তাত থ’লে আৰু কিছুদিন বেছিকৈ ৰাখিব পৰা যায়।

বহাগৰ গইনা লৈ সেয়ে আজি আগবঢ়াই দিলোঁ লাওপিঠা, মোক কোনোদিনেই আমুৱাবলৈ নোৱাৰা সুগন্ধিময় পিঠা। আপোনালোক কোনোৱে যদি খাই পোৱা নাই, এবাৰ চেষ্টা কৰি চাব পাৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!