আকাশবাণী গুৱাহাটী: গুৱাহাটীৰ গৌৰৱ
লেখক- শেৱালি চৌধুৰী
১৯৭৬ চনৰ জুন মাহৰ কোনোবা এটা দিনত চানমাৰিত থকা আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ গেইটখনৰ ভিতৰত সোমাই কৃষ্ণচূড়া আৰু ৰাধাচূড়া ফুলৰ দুটা লানিয়ে আৱৰি থকা দীঘলীয়া বাটটোৰে সোমাই গৈছিলোঁ। মোৰ হাতত আকাশবাণী গুৱাহাটীৰ ট্ৰেন্সমিচন এক্সিকিউটিভ পদৰ নিযুক্তি পত্ৰ, লগতে বুকুত গৰ্ব আৰু ভয়ৰ কঁপনি!
দীঘলীয়া বাটটি শেষ কৰি গছ গছনিৰে ভৰা টিলা এটাৰ আহল–বহল; কিছু অঁকোৱা পকোৱা পকাৰ খটখটিৰে উঠি গৈ ধুনীয়া দুমহলীয়া আকাশবাণীৰ অফিচত সোমাইছিলোঁ। সেইবছৰ আমি এদল প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ নিযুক্তি পোৱা ট্ৰেন্সমিচন এক্সিকিউটিভ বা সহজতে ডিউটি অফিচাৰ বোলা চাকৰিয়াল আকাশবাণীত সোমাইছিলোঁ। কমল শৰ্মা (প্ৰয়াত), মনোৰঞ্জন দাস, সুভাষ ডেকা (প্ৰয়াত) ধীৰেন ৰাভা (প্ৰয়াত), কমল লোচন দাস, যোগদানৰ কিছুদিনৰ পিছতেই বাছনিত উঠি প্ৰগ্ৰাম এক্সিকিউটিভলৈ প্ৰমোচন পোৱা প্ৰদীপজ্যোতি মহন্ত আৰু আন কেইবাজনো শিলচৰ, গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰত সোমাইছিলোঁ।
আকাশবাণী গুৱাহাটীত যোগ দি চিনাকি কণ্ঠৰ মানুহবোৰ চাৰিওকাষে দেখি কি যে ভাল লাগিছিল! আমাৰ কৰ্মস্থলী আছিল ডিউটি ৰূম, তাৰ কাষতেই বিভিন্ন ষ্টুডিঅ’ কক্ষ, ৰেকৰ্ডিং ৰূম, ডাবিং ৰূম, নিউজ ৰূম আদি। সকলো আহে ডিউটি ৰূমলৈ তেখেতসকলৰ অনুষ্ঠানসমূহৰ ৰেকৰ্ডিং জমা দিবলৈ বা শিল্পীসকলৰ মাননি দিবলৈ। আমিও যাব লাগে সকলোৰে ওচৰলৈ, একোটা ট্ৰেন্সমিচনৰ সকলোবোৰ অনুষ্ঠান ঠিকঠাক কৰি গোটাই–পিটাই ল’বলৈ, নহ’লে যে মূৰকত আমাৰহে দোষ হ’বগৈ! ডিউটিত থকা পৰত ৰেডিঅ’ যোগে প্ৰচাৰ কাৰ্যত কোনো এটা অঘটন হ’বলৈ নিদিয়াকৈ চলাই নিয়াটোৱেই আমাৰ দায়িত্ব। অতি পৰিচিত কণ্ঠৰ ঘোষক–ঘোষিকাসকল, বাতৰি পঢ়োঁতাসকল আৰু নাট বিভাগৰ শিল্পী–প্ৰযোজকসকলৰ লগত একেলগে কাম কৰিবলৈ, কথা–বতৰা পাতি সময় কটাবলৈ পাই অনুভৱ কৰা ৰোমাঞ্চকৰ অনুভৱ যেন নাযাবই! নীৰেন বৰুৱা, ধীৰু ভুঞা, বিবি দেৱী বৰবৰুৱা, কলাপী দত্ত, অসীম দাস, লাবু (তুষাৰ) সেনাপতি, কীৰ্তিকমল ভূঞা আদি ঘোষক–ঘোষিকা, প্ৰমোদ শইকীয়া, অৰুণ দাস, দিল্লীৰ পৰা আহি গুৱাহাটীত থকা নেকিব আহমেদ, নচিউৰ ৰহমান আদি বাতৰি পঢ়োতাসকলে আমাক মুগ্ধ কৰিছিল। ডিউটি ৰূমৰ আড্ডাত তেখেতসকলৰ মাতবোৰ শুনি আচৰিত হৈ ভাবিছিলোঁ, সঁচাকৈয়ে তেওঁলোকৰ লগতেই কথা পাতিছোনে! দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, খগেন মহন্ত, মীৰা দাস, আৰতি দাস বৈৰাগীৰ মাতবোৰ মুখৰ আগতে শুনি ৰ’লাগিছিলো!
অকল জানো তেওঁলোক! পুৰুষোত্তম দাস, নিৰ্মল দত্ত, অৰুণ শৰ্মাৰ দৰে ব্যক্তিসকল যে আকাশবাণী গুৱাহাটীৰ ধৰণী ধৰোঁতা সেয়া গম পাইছিলো। মই যোগ দিয়াৰ পৰত অৱনী দাস, তাৰ পিছতে বীৰেন্দ্ৰ কুমাৰ ফুকন আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক (Station Director) আছিল। উবেইদুল লতিফ বৰুৱা, যাক সকলোৱে ইউ এল বৰুৱা বুলিয়েই উল্লেখ কৰিছিল; যিজন পিছলৈ আকাশবাণীৰ বিদেশ সেৱা বিভাগৰ (Director External Service) সঞ্চালক আৰু তাৰ পিচত আকাশবাণীৰ সঞ্চালক প্ৰধান (Director General) হৈছিলগৈ, তেখেতৰ কথা বৰকৈ ওলাইছিল। সকলো আড্ডাতে শুনিছিলো তেখেতৰ নাম। ১৯৪৮ চনৰ এপ্ৰিলৰ মাজভাগত গুৱাহাটীৰ উজান বজাৰত, ব্ৰহ্মপুত্ৰৰ পাৰত কমিচনাৰৰ বাংলাত পোনপ্ৰথম আকাশবাণীৰ গুৱাহাটী আৰু শ্বিলঙৰ বিধানসভাৰ ভৱনত শ্বিলং কেন্দ্ৰৰ অনানুষ্ঠানিকভাৱে আৰম্ভণি হৈছিল। গুৱাহাটীত প্ৰগ্ৰাম এক্সিকিউটিভ উবেইদুল লতিফ বৰুৱাক আৰু শ্বিলঙত পুৰুষোত্তম দাসক দায়িত্ব দিয়া হৈছিল। ১৯৪৮ ৰ জুলাই মাহৰ এক তাৰিখে দুয়োটা কেন্দ্ৰৰ আনুষ্ঠানিক আৰম্ভণি হয়। শ্বিলঙত তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে আৰু গুৱাহাটীত মহম্মদ তৈয়বুল্লাই শুভ উদ্বোধন কৰা কেন্দ্ৰ দুটাক একেলগে আকাশবাণী শ্বিলং–গুৱাহাটী বোলা হৈছিল।
আমাৰ আকাশবাণীৰ লগত সম্পৰ্ক বিবিধ ভাৰতী আৰু বিনাকা গীতমালাৰ দিনৰ পৰা। আকাশবাণী গুৱাহাটীনো কেতিয়াৰ পৰা শুনিবলৈ লৈছিলোঁ, সঠিককৈ ক’ব নোৱাৰিম। হয়তো দেউতাই ৰাতিপুৱা–গধূলি বাতৰি শুনাৰ পৰা। তেতিয়া “আকাচবাণী”, অৰ্থাৎ হিন্দী ভাষা বা সংস্কৃত তথা অসমৰ বাহিৰৰ প্ৰায়বোৰ ভাষাত ‘আকাশ’ৰ যেনে উচ্চাৰণ হয়, তেনেদৰে। কোৱা শুনিছিলো, সেইটো এটা নাম, গতিকে নামটো বেলেগকৈ উচ্চাৰণ কৰা সংগত নহয়। বহুবছৰৰ পিচতহে অসমীয়া উচ্চাৰণ “আকাশবাণী” গ্ৰহণ কৰা হৈছিল। শৈশৱ আৰু কৈশোৰৰ মনত পৰা দিনবোৰত লিলি দাস মালিক আৰু নেকিব আহমেদৰ বাতৰি শুনা, গধূলি গঞা ৰাইজৰ চ’ৰা শুনা মনত পৰে। “ৰাইজে মোৰ ৰজা ঐ, বুকুৰে বান্ধৈ ঐ, ৰাইজেই মোৰ সেৱাৰে থলী” গীতটি আজিও কাণত বাজে। বহুদিনৰ পিচতহে জানিবলৈ পাইছিলো, সেই জনপ্ৰিয় অনুষ্ঠানটিত আকাশবাণীৰ নিজা বিষয়া–কৰ্মচাৰী, মৃগেন্দ্ৰ ৰায়চৌধুৰী, মুকুল বৰুৱা, দুৰ্গেশ্বৰ বুজৰবৰুৱা আদিয়ে আতৈ, গাওঁবুঢ়া আদি বিভিন্ন চৰিত্ৰত অংশ লৈ অতি ৰস লগাকৈ খেতিয়ক আৰু গঞা ৰাইজৰ উপযোগী বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিছিল! আকাশবাণী গুৱাহাটী আৰু শ্বিলঙৰ দুজন শিল্পীৰ গানে গানে চলা প্ৰেমৰ ৰসাল কাহিনীও অলপতে শুনিবলৈ পাই ৰস পালোঁ!
লাহে লাহে আকাশবাণী গুৱাহাটী আমাৰ জীৱনৰ অংশ হৈ পৰিছিল। দেওবাৰৰ ৰাতিপুৱা অকণিৰ মেল, শনিবাৰে চেমনীয়াৰ মেল, সপ্তাহত দুদিন আইদেউৰ বুলনি হ’লেও দেওবাৰৰ আইদেউৰ বুলনি আমাৰ বাবে অপৰিহাৰ্য হৈছিল নাটকৰ বাবে; তাৰ লগতে বুধবৰীয়া নিশাৰ নাটক, ৰাতিপুৱা গীতিমালিকা, বিশেষ গীতৰ অনুষ্ঠান সুৰৰ শৰাই। খুব সম্ভৱ আকাশবাণী গুৱাহাটীৰ এই বিস্তাৰ আৰু উত্তৰণ ঘটিছিল ক্ৰমান্বয়ে মিডিয়াম ৱেভ আৰু চৰ্টৱেভৰ দুটাকৈ ট্ৰেন্সমিটাৰ স্থাপন আৰু ১৯৫৭ চনত গুৱাহাটীৰ চানমাৰিত নিজা, সম্পূৰ্ণ আধুনিক ব্যৱস্থাপনাৰে নিৰ্মিত বিশাল আৰু সুন্দৰ স্থায়ী কেন্দ্ৰলৈ স্থানান্তৰকৰণৰ লগে লগে। আমাৰ জ্যেষ্ঠ সহকৰ্মীসকলৰ পৰা শুনিছিলো, আকাশবাণী গুৱাহাটী কেন্দ্ৰ চানমাৰিৰ পাহাৰৰ ওপৰলৈ স্থায়ীভাৱে স্থানান্তৰ হোৱা কথাটোৰ বাবে বহুতে কটু সমালোচনা কৰিছিল। তেতিয়াৰ গুৱাহাটী নগৰৰ সীমা শিলপুখুৰীৰ ওচৰৰ নৱগ্ৰহ শ্মশানত শেষ হৈছিল। মৰিশালি পাৰ হৈ বাঘ–ঘোং, সাপ–বেং থকা পাহাৰৰ ওপৰত আকাশবাণী গুৱাহাটীৰ কাৰ্যালয় আৰু ষ্টুডিঅ’ স্থানান্তৰকৰণ বহুতৰে মন:পুত হোৱা নাছিল। পিছলৈ সেই পাহাৰ যেতিয়া কৃষ্ণচূড়া, ৰাধাচূড়া আৰু সোণাৰুৰে আৱৰা সেউজীয়া আৰু বতৰত ৰঙা, হালধীয়া, গুলপীয়াৰে ঢাক খাইছিল, সমতলত দীঘলীয়া বাটৰ কাষত কৃষ্ণচূড়া–ৰাধাচূড়া আৰু তাৰে মাজত সীমিত সংখ্যক বিষয়া কৰ্মচাৰীৰ বাসস্থান, একা–বেঁকা চিমেণ্টৰ চিৰিৰে বগাই গৈ সকলো ব্যৱস্থাৰে সজ্জিত ষ্টুডিঅ’ আৰু কাৰ্যালয়ত পৰিণত হৈছিল; তেতিয়া নিশ্চয় সমালোচনাবোৰ প্ৰশংসালৈ পৰিণত হৈছিল। ওপৰলৈ উঠি যোৱা মটৰ নিব পৰা ভাল একাবেঁকা ৰাস্তাটোৱেও পাহাৰৰ সৌন্দৰ্য্য বঢ়াইছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাৰিওকাষৰ চানমাৰি আৰু চিৰিয়াখানা অঞ্চলত ৰাস্তা–পদূলি, ৰাজহুৱা পৰিবহণ, শিক্ষানুষ্ঠান গঢ় লৈ বহল হৈ পৰা গুৱাহাটী আধুনিক নগৰ হিচাপে মূৰ দাঙি উঠিছিল। আকাশবাণী গুৱাহাটী তাৰ মাজতে নিজ গৰিমা আৰু প্ৰচুৰ জনপ্ৰিয়তাৰ শিখৰত অৱস্থান কৰি গুৱাহাটীক গৰ্বিত কৰি ৰাখিছিল!
নতুনকৈ আৰম্ভ কৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চালে চকু ৰোৱা শীত–তাপ নিয়ন্ত্ৰিত ষ্টুডিঅ’, ৰেকৰ্ডিং ৰূম, আলহী–অতিথি বহা ঠাইৰ আৰামদায়ক চোফাচেট, বেৰত আঁৰি থোৱা সুন্দৰ সুন্দৰ ছবিবোৰৰ সৈতে আকষৰ্ণীয় ভিতৰ ভাগ চাবলৈ প্ৰায় সদায়েই বহুলোক আহিছিল। সেই সময়ত অকণিৰ মেল অনুষ্ঠানটো লাইভ হৈছিল আৰু অভিভাৱকসকলে তেওঁলোকৰ কণমানিহঁতক লৈ ষ্টুডিঅ’লৈ আহিছিল। অনুষ্ঠানৰ অন্তত আমি তেওঁলোকক ভিতৰ চ’ৰাটো দেখুৱাব লগাত পৰিছিলোঁ। দেওবাৰে যথেষ্ট সংখ্যক ‘দৰ্শক’ৰ সমাগম ঘটিছিল। আনহাতে সৈন্য বাহিনীৰ বাবে প্ৰচাৰিত বিশেষ অনুষ্ঠানৰ জনপ্ৰিয় ঘোষিকাসকল (তাপসী দাসগুপ্ত, বিমলা আৰ্য্য, সাধনা ফুকন)ক চাবলৈ সৈন্য বাহিনীৰ ভালেমান জোৱানো আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহিছিল।
১৯৭৬ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত আমি যোগ দিয়াৰ পৰত দেশত অভ্যন্তৰীণ জৰুৰী অৱস্থা চলি আছিল। চৰকাৰৰ প্ৰচাৰ বিভাগৰ অধীনত থাকি আকাশবাণী গুৱাহাটীয়ে চৰকাৰৰ মুখপত্ৰ হৈ কাম কৰিলেও, সেইখিনি সময়ত কেন্দ্ৰটিৰ অসমীয়া ভাষা–সাহিত্য–সংস্কৃতিৰ প্ৰতি অৱদানত বাধা অহা নাছিল। দৈনিক দুঘণ্টাকৈ ব্ৰডকাষ্ট হোৱা যুৱবাণী অনুষ্ঠানটোৰ যোগেদি এচাম যুৱক–যুৱতীৰ প্ৰতিভাৰ সুন্দৰ বিকাশ হোৱা দেখিবলৈ পাইছিলোঁ। তেওঁলোকৰ কিছুৱে পিচৰ সময়ছোৱাত সাহিত্য, নাট, গীত–মাত, কবিতা আবৃত্তি আদিত প্ৰতিষ্ঠা লাভ কৰা দেখিছিলোঁ। তেনেকৈ ৰেডিঅ’ৰ নাটকে জনপ্ৰিয়তাৰ শীৰ্ষলৈ আৰোহণ কৰাও দেখিছিলো। গুৱাহাটী কেন্দ্ৰৰ নাট আৰু আলেখ্য বিভাগে সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰাও দেখিছিলোঁ। সাহিত্য চ’ৰা নামৰ অনুষ্ঠানটোৰ যোগেদি এখন উচ্চমানৰ মঞ্চ লাভ কৰি, অসমৰ কবি–সাহিত্যিকসকলেও এক নতুন পৰিৱেশৰ সৃষ্টি কৰিছিল। নাটক ৰচনা, পৰিৱেশন আৰু গীতৰ; আধুনিক আৰু লোকগীত— দুয়োটা ক্ষেত্ৰতে এক মানবিশিষ্ট ক্ষেত্ৰৰ সৃষ্টি হৈছিল। ১৯৮০ চন মানৰ পৰাহে অসমৰ পৰিৱেশ বহু পৰিমাণে সলনি হৈ দীৰ্ঘদিনৰ বাবে কিছু আহুকালত পৰি আকাশবাণী গুৱাহাটীৰ দূৰ্জেয় গতি কিছু থমকি যোৱা যেন লাগিছিল। একেসময়তে দূৰদৰ্শনে নতুন চমক প্ৰদৰ্শন কৰিবলৈ লৈছিল আৰু আকাশবাণীৰ গৰিমা কিছু ম্লান পৰিছিল। এতিয়া চৰকাৰৰ পোনপটিয়া শাসনৰ পৰা ওলাই আহি প্ৰসাৰ ভাৰতীৰ অধীনত আকাশবাণীয়ে কেন্দ্ৰীয়ভাৱে নতুন যাত্ৰা আৰম্ভ কৰিছে আৰু আকাশবাণী গুৱাহাটীয়েও একেটা পথেৰে আগবাঢ়ি ন ৰূপ লৈছেগৈ। পুনৰ এবাৰ জনপ্ৰিয় হৈ অহাৰ সুযোগ লৈ, লগতে তথ্য প্ৰযুক্তিৰ বিকাশৰ যুগত মবাইল ফোন যোগে উপলব্ধ হোৱা আকাশবাণীয়ে এতিয়া সামাজিক মঞ্চ ফেইচবুকৰ মাজেৰেও উপলব্ধ হৈ শ্ৰোতাৰ সৈতে মুখামুখি ভাবৰ আদান প্ৰদান কৰিব পৰা হৈছে। ৭৩ বছৰ অতিক্ৰম কৰা আকাশবাণী গুৱাহাটী চিৰদিনেই গুৱাহাটীৰ গৌৰৱ হৈ থাকক– আকাশবাণীৰ মুগ্ধ শ্ৰুোতা আৰু একালৰ কৰ্মচাৰী হিচাপে তাকেই কামনা কৰিলোঁ।