অপাৰেচন ডায়মণ্ড

লেখক- প্ৰীতম

মিগ২১ আছিল তদানীন্তন ছোভিয়েট ৰাছিয়াৰ আটাইতকৈ উন্নত প্ৰযুক্তিসম্পন্ন ঘাতক বিমান, আক্ৰমণ আৰু প্ৰতিৰক্ষা দুয়োক্ষেত্ৰতে নিপুণ, নিখুঁত লক্ষ্যভেদৰ ক্ষমতা, তুলনামূলকভাৱে যথেষ্ট কম ওজন আদিৰ ফলতেই মিগ২১ক হৈ পৰিছিল আকাশৰ একচ্ছত্ৰী সম্ৰাটস্বৰূপ। আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ইজৰাইল আদি দেশসমূহ মিগ২১ৰ অভ্যন্তৰীণ কাৰ্যনীতি তথা আনুষংগিক তথ্যপ্ৰযুক্তিসমূহৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ আছিল। আনহাতে আৰবীয় কেবাখনো দেশক ৰাচিয়াই এই মিগ২১ বিক্ৰী কৰিছিল, যিকেইখনৰ আটাইকেইখনেই আছিল ইজৰাইলৰ শত্ৰুদেশ।

গতিকে তদানীন্তন ইজৰাইলীয় সেনাবাহিনীৰ সৰ্বাধিনায়ক হিচাপে এজাৰ ৱিছমেনে ভালদৰে জানিছিল যে যদি কেতিয়াবালৈ আৰৱীয় দেশসমূহৰ সৈতে যুদ্ধত লিপ্ত হবলগীয়া হয় তেতিয়াহলে শত্ৰুপক্ষৰ বাবে মিগ২১য়েই হব ব্ৰহ্মাস্ত্ৰ আৰু ইজৰাইলৰ বাবে ঘাতকস্বৰূপ। (ৱিজমেনৰ এই অনুমান যে মিছা নাছিল সেয়া প্ৰমাণ কৰিছিল এই ঘটনাৰ ঠিক এবছৰ পাছত হোৱা ১৯৬৭ চনৰ যু্দ্ধই, এই যুদ্ধক ছদিনীয়া যুদ্ধ নামেৰেও জনা যায়, এই যুদ্ধত ইজৰাইলে অকলে আৰৱীয় দেশসমূহ, অৰ্থাৎ ইজিপ্ত, ছিৰিয়া, ইৰাক আৰু জৰ্দানক মাত্ৰ ছদিনৰ ভিতৰতে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।)

মিগ২১ চুৰ কৰি অনা এই কামফেৰা পিছে সিমান সহজ নাছিল। মিগ২১ চুৰ কৰিবলৈ চলোৱা প্ৰথম দুয়োটা প্ৰচেষ্টাই বেয়াকৈ বিফল হৈছিল। প্ৰথমবাৰৰ প্ৰচেষ্টাত ইজিপ্তৰ পৰা মিগ২১ চুৰ কৰি অনাৰ দায়িত্ব পৰিছিল মোছাদৰ এজেণ্ট জিয়ান থমাছৰ হাতত, তেওঁলৈ বুলি নিৰ্দেশ আছিল এনে এজন ইজিপ্তীয় পাইলট বিচাৰি উলিয়াবলৈ, যিয়ে ইজিপ্তৰ পৰা ইজৰাইললৈ মিগ২১ উৰুৱাই আনিব পাৰে, বিনিময়ত ইজৰাইলী চৰকাৰে পাইলটজনক ১০লাখ ডলাৰ পৰ্যন্ত দিবলৈ ৰাজী আছিল। কিন্তু লৰালৰিৰ কোবত অভিজ্ঞ মোছাদ এজেণ্ট থমাছেও যেন মানুহ নিৰ্বাচনত ভুল কৰিলে। তেওঁলোকে আদিব হান্না নামৰ যিজন ইজিপ্তীয় পাইলটক এই কামৰ বাবে যোগাযোগ কৰিছিল তেওঁ থমাছকতো কোনোধৰণৰ সহায় নকৰিলেই, বৰঞ্চ নিজৰ ওপৰাৱালাক থমাছৰ এই প্ৰলোভনৰ বিষয়ে জনাইহে দিলে। ফলত সুদক্ষ এজেণ্ট থমাছৰো এইবাৰ শেষ ৰক্ষা নহল। হান্নাৰ অভিযোগৰ ভিত্তিত থমাছ, তেওঁৰ পিতৃকে ধৰি অইন তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে ভিতৰত থমাছ আৰু তেওঁৰ পিতৃকে ধৰি মুঠ তিনিজনক ১৯৬২ চনৰ ডিচেম্বৰত ফাঁচী দিয়া হয় আৰু দলটোৰ বাকী তিনিজন সদস্যক দীৰ্ঘম্যাদী কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।

দ্বিতীয়বাৰৰ প্ৰচেষ্টাতো মানুহ নিৰ্বাচনত মোছাদে ভুল কৰিলে। এইবাৰ নিৰ্বাচন কৰা পাইলট দুজনেও হান্নাৰ পথকে লোৱাৰ সম্ভাৱনা দেখি মোছাদে দুয়োকে সাংঘাতিক ভয়ভাবুকিৰে দমাই ৰাখিবলগীয়া হল।

১৯৬৪ চনত পুনৰ তৃতীয়বাৰৰ বাবে প্ৰচেষ্টা চলোৱাৰ যোজা কৰা হল। এইবাৰ মোছাদৰ তদানীন্তন মুৰব্বী মীৰ আমিৰে এই গোপনীয় অপাৰেচনৰ দায়িত্ব দিলে মোছাদৰ অন্যতম সফল আৰু দুধৰ্ষ এজেণ্ট ৰেহাবিয়া ৱৰ্ডিৰ হাতত। সেই একেটা বছৰতে তেহৰানস্থিত ইজৰাইলী দূতাবাসত ইউচুফ নামধাৰী এজন জিউছপন্থী ইৰাকীয়ে খবৰ দিলে যে তেওঁৰ প্ৰেয়সীৰ বান্ধৱীৰ স্বামী এগৰাকী ইৰাকী মিগ২১ পাইলট, আৰু তেওঁ বিভিন্ন কাৰণত ইৰাক চৰকাৰৰ ওপৰত বিতুস্ত হৈ আছে। এই ইৰাকী পাইলটগৰাকীয়ে আছিল মিউনিৰ ৰেডফা। ৰেডফাৰ ইৰাক চৰকাৰৰ ওপৰত অসন্তুষ্টিৰ কাৰণ আছিল কেইবাটাও

 প্ৰথম, তেওঁৰ খ্ৰীষ্টিয়ান ধৰ্মৰ বাবেই তেওঁ তেওঁৰ ওপৰৱালাৰ বিশ্বাসভাজন হব পৰা নাছিল। আনকি তেওঁৰ নৈমিত্তিক উৰণৰ সময়তো কম পৰিমাণৰ ইন্ধন দিহে বিমান উৰুৱাবলৈ অনুমতি দিয়া হৈছিল। আনহাতে কেৱল খ্ৰীষ্টিয়ান হোৱা বাবেই ইৰাকী সেনাত তেওঁৰ পদোন্নতিৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছিল।

 দ্বিতীয়তে, ইৰাকী কুৰ্দি(Iraqi Kurds)সকলৰ ওপৰত বোমাবৰ্ষণৰ বাবে ৰেডফা মুঠেই ইচ্ছুক নাছিল, কিন্তু ছিনিয়ৰৰ নিৰ্দেশত তেওঁ এই কাম কৰিবলৈ বাধ্য হয়। আৰু ইয়াৰ পাছতেই ৰেডফাই ইৰাক চৰকাৰ আৰু ইৰাকী সৈন্যবাহিনীৰ ওপৰত বেয়াকৈ নাৰাজ হৈ পৰে।

এইবাৰ মোছাদে বুজিলে যে তেওঁলোকে এইবাৰ একেবাৰে সঠিক মানুহকে বিচাৰি পাইছে। জ্বলা জুইত ঘিঁউ ঢালিবলৈ মোছাদে এইবাৰ ৰেডফাৰ পাছত নিয়োগ কৰিলে তেওঁলোকৰ এগৰাকী মহিলা এজেণ্টক। এই এজেণ্টগৰাকীয়ে ৰেডফাক এনেদৰে উচতালে যে ৰেডফাই স্বয়ং ইউৰোপলৈ গৈ ইজৰাইলী উচ্চপদস্থ এজেণ্টৰ সতে কথাবতৰা পাতিবলৈ মান্তি হৈ গল। মিউনিৰ ৰেডফা আৰু ইজৰাইলী ইণ্টেলিজেন্সৰ বিষয়াৰ মাজত হোৱা এই কথোপকথন স্বয়ং মোচাদৰ মুৰব্বী মীৰ আমিতে এটা জলঙাৰ যোগেদি পৰ্যবেক্ষণ কৰি আছিল। মোছাদে মিগ২১ ইৰাকৰ পৰা ইজৰাইললৈ অনাৰ বিনিময়ত ৰেডফাক ১০লাখ মাৰ্কিন ডলাৰ, ইজৰাইলী নাগৰিকত্ব তথা যাৱজ্জীৱন কৰ্মসংস্থান দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। আনহাতে ৰেডফাই বিচৰাৰ দৰেই তেওঁৰ পৰিয়াল তথা আত্মীয়স্বজনক নিৰাপদে ইৰাকৰ বাহিৰলৈ উলিয়াই অনাৰ দায়িত্ব মোছাদে কান্ধ পাতি লয়।

এইখিনি হৈ যোৱাৰ পাছত ৰেডফাক ইজৰাইললৈ লৈ গৈ সেইখন এয়াৰফিল্ড দেখুওৱা হয় যত তেওঁ তেওঁৰ মিগ২১খন অৱতৰণ কৰাব লাগিব। তাতেই তেওঁ ইজৰাইলী বায়ু সেনাৰ মুৰব্বী মেজৰ জেনেৰেল মৰ্ডেচাই হডৰ সতেও মিলিত হয় আৰু উভয়ে আলোচনা কৰি বিমানখন কোনটো পথেৰে কেনেকৈ ইজৰাইললৈ অনা হব তাৰ দিহাপৰামৰ্শ কৰে। ইয়াতেই ৰেডফাক এটা নতুন কোডনেম দিয়া হয় – “য়াহুলাম”, যাৰ অৰ্থ হৈছে হীৰা। সেইকাৰণে এই অপাৰেচনটোকঅপাৰেচন ডায়মণ্ডনামেৰেও জনা যায়।

১৬ আগষ্ট, ১৯৬৬। সেইদিনা পুৱা ৮বজাত ৰেডফাৰ মিগ২১ প্ৰায় ৬৫ মিনিটৰ এটা যাত্ৰাৰ বাবে সাজু হৈ উঠিছিল। সম্পূৰ্ণ পূৰ্বপৰিকল্পিত এই যাত্ৰা আছিল বাগদাদ বিমানঘাটিৰ পৰা উত্তৰ জৰ্দানৰ ওপৰেদি উৰি আহি ইজৰাইলৰ হাটজৰ বিমান ঘাটিলৈ। ইজৰাইলীয় বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত ৰেডফাক দুখন ইজৰাইলী মিৰাজ৩ ছিৰিজৰ বিমানে হাটজৰ বিমান ঘাটিলৈ পথ দেখুৱাই নিয়ে। পাছত এখন প্ৰেছ কনফাৰেন্সত ৰেডফাই কৈছিল যে তেওঁ একেবাৰেশেষৰ টোপইন্ধনৰ দ্বাৰাহে অৱতৰণ কৰিছিল।

ইয়াৰ পাছৰ কাহিনী চমু। ইৰাকে নিজৰ হেৰুওৱা বিমানখন বিচাৰি ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে যদিও ইজৰাইল চৰকাৰে এনে কৰাৰ পৰা পোনপটীয়াকৈ মানা কৰি দিলে। ইয়াৰ পাছত ৰেডফাই লৈ অনা ইৰাকী মিগ২১খন নতুনকৈ ৰং দিয়া হয় আৰু নতুনকৈ নামকৰণ কৰা হয় 007, ঠিক জেমছ বণ্ড নাম্বাৰৰ দৰেই।

ইয়াৰ পাছত এই বিমানখনো ইজৰাইলী বায়ুসেনাৰ অন্তভুৰ্ক্ত কৰা হয় আৰু ইজৰাইলী চালকসকলকো এই বিমান চালনাৰ প্ৰশিক্ষণৰ লগতে বিমানখনৰ খুঁতিনাতি, সবলতাদুৰ্বলতা আদি অধ্যয়নৰ ব্যৱস্থাও কৰোৱা হয়। এই প্ৰশিক্ষণ কাম আহিছিল ১৯৬৭ চনৰ যুদ্ধত। সেই চনৰে ৭ এপ্ৰিলত গোলান নামৰ অঞ্চলত হোৱা আকাশী যুদ্ধত ইজৰাইলী বায়ুসেনাই নিজৰ মিৰাজ৩ৰে ৬খনকৈ ছিৰিয়ান মিগ২১ ভূপতিত কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে এই যুদ্ধত এখনো ইজৰাইলী বিমান ভূপতিত হোৱা নাছিল।

১৯৬৮ চনৰ জানুৱাৰীত ইজৰাইলে এফ৪ ফেণ্টম বিমানৰ বিনিময়ত নিজৰ মিগ২১খন আমেৰিকা যুক্তৰাষ্ট্ৰকধাৰলৈদিয়ে। অৱশ্যে পাছত এই ধাৰৰ ম্যাদ সমাপ্ত হোৱাত ইজৰাইলে পুনৰনিজৰমিগ২১খন ওভতাই লয় আৰু হাটজেৰিয়ানত থকা ইজৰাইলী বায়ুসেনাৰ সংগ্ৰহালয়ত দৰ্শনাৰ্থীৰ বাবে ৰখাৰ ব্যৱস্থা কৰে (সংলগ্ন ফটোত দেখুওৱা হৈছে)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!