পানবজাৰৰ স্মৃতিকাতৰতা

লেখক- চিত্তৰঞ্জন ওজা

ইংৰাজী ভাষাত এটা সুন্দৰ শব্দ আছেনষ্টালজিয়া”;  পুৰণি দিনৰ স্মৃতিয়ে মনলৈ আনি দিয়া আনন্দ, তাৰ লগত বেদনা মিশ্ৰিত অনুভূতি।স্মৃতিকাতৰতাশব্দটো নষ্টালজিয়াৰ লগত বহুখিনি মিলে। 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰ সুবাদতে কটন কলেজৰ মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলত দুটা বছৰ কটালোঁচেপ্তেম্বৰ, ১৯৮৪ ৰ পৰা এপ্ৰিল, ১৯৮৬ লৈ। সময় পালেই পাণবজাৰৰ চুকে কোণে ঘূৰি ফুৰোঁ। ক্লাছ কম, ঘূৰা বেছি। সেইদিনৰ পৰা পাণবজাৰখন কিবা নিজৰ নিজৰ লাগে। সন্ধিয়াৰ আগে আগে ওলাই যাওঁ পাণবজাৰলৈ। চেকেণ্ড মেছৰ আগেৰে ডনবস্কো পাৰ হৈ আহি নাককটা পুখুৰী পাওঁ। প্ৰথমেই পাওঁ গুৱাহাটী ডায়েৰী। ইয়াত গাখীৰ, ৰসমলাই, বা চিঙৰা খাবলৈ ভাল। দুটকাত হৈ যায়। গুৱাহাটী ডায়েৰীৰ কাষতে আছিল কল্যাণী নামৰ চাহ দোকান এখন। ইয়াৰ আলু পৰঠা বিৰাট সোৱাদৰ আছিল। ডেৰ টকা দাম। কল্পনা বুলিও এখন চাহ দোকান আছিল। কম দামত আলুচপ, পৰঠা বা পোলাও পোৱা দোকান আছিল মহামায়া, অশোকা। পাণবজাৰৰ চাৰিআলিত এতিয়াও আছে মহামায়া দোকানখন। ভাল পোলাও পোৱা দোকান আছিল৷ ফিছ ফ্ৰাইৰ দাম আছিল এটকা পঁচিশ পইচা। স্কলাৰশ্বিপ পালে অলপ দামী ৰেষ্টোঁৰাত খাইছিলোঁ। তাৰে এখন আছিল পাণবজাৰৰ পিকাডেলী, আন দুখন মধুমিতা আৰু ফাঁচীবজাৰৰ ৰবীন কেবিন। পিকাডেলীৰ মোগলাই পৰঠা গুৱাহাটীৰ ভিতৰত নাম থকা আছিল। ৰাম্বল, চানফ্লাৱাৰত খাবলৈ যোৱাৰ সাহস নাছিল তেতিয়া, এবাৰতে পকেট খালি হৈ যায়। ছিনিয়ৰবোৰে কৈছিল, প্ৰথমে ছোৱালী পতাবি তাৰ পিছত ডেট মাৰিব যাবি।ডেটিং শব্দটো প্ৰথম শুনিছিলোঁ। ছানফ্লাৱাৰৰ ভিতৰখন অন্ধকাৰ, টেবুলৰ ওপৰত ক্ষীণ পোহৰ, ৰোমান্তিক অনুভৱৰ বাবে যথেষ্ট। কটনৰ দিনবোৰত সোমাই নাপালো পিছে। ৰবীন কেবিনৰ চিকেনকাৰী যিয়ে খাইছে তেওঁ সোৱাদৰ কথা মনত ৰাখি থৈছে। আমি থকা সময়তে গুৱাহাটীত এখন ফাষ্টফুডৰ দোকান নতুনকৈ দিছিল যিয়ে গুৱাহাটীত ৰেষ্টোঁৰা ব্যৱসায়ৰ গতি সলনি কৰি দিছিল। ফীড্‌চ নামৰ দোকানখনত পোনপ্ৰথমে ৰোল খাবলৈ পালোঁ। দুটকাত এগ্‌ ৰোল আৰু দুটকা পঞ্চাছ পইছাত চিকেন ৰোল। কি সোৱাদ আছিল সেই ৰোল কেইটাৰ! আজি গোটেই গুৱাহাটী বিচাৰিলেও সেই সোৱাদ পোৱা নাযায়। কটন কলেজ এৰাৰ পিছত নাককটা পুখুৰীৰ পাৰত ৰেৱতী নামৰ ফাষ্টফুডৰ নতুন দোকান এখন দিয়ে। কম দামত সুস্বাদু চাওমিনৰ বাবে আজিও বিখ্যাত ৰেৱতী। 

জৰ্জ ফিল্ডৰ কাষতে কছমো কেণ্টিন আছিল। দোকানত কাম কৰা লৰা এজন আমাৰ সকলোৰে বন্ধু হৈ পৰিছিল। চাৰি, পাঁচজনে খাই ১৫ টকা হলে সি মালিকক দহ টকা বুলি কয়। পাঁচ টকা কমাই দিব পাৰিলে আমাৰ যে কি স্ফূৰ্তি! সিয়ে দোকানখন ডুবাই থৈ গল। পাণবজাৰৰ ফ্লাই অভাৰৰ কাষত দুখন বেছ জনপ্ৰিয় চাহ দোকান আছিলআনন্দ ভাণ্ডাৰ আৰু মালাবাৰ। আনন্দ ভাণ্ডাৰৰ পুৰিচবজি বা চিঙৰাজিলাপী আমাৰ মাজত খুব জনপ্ৰিয়। বিখ্যাত জীলিকাৰ পুতেকে তেতিয়া বহিছিল দোকানত। প্ৰথমবাৰৰ বাবে মালাবাৰত দোচা খাইছিলোঁ। তিনি টকাৰ ভিতৰত এখন মচলা দোচা আৰু কফি একাপ হৈ যায়। মন গলে কেতিয়াবা ৰেল ষ্টেচন পাৰ হৈ পল্টন বজাৰৰ পিনে গৈ সোমাও যাদৱ ডায়েৰীত। ইয়াৰ মিঠা দৈ বৰ সোৱাদৰ আছিল। সেইসময়ৰ কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষত আছিল মায়া কেবিন বুলি আন এখন ৰেষ্টোঁৰা। কটনৰ হোষ্টেলত ই অতি জনপ্ৰিয় আছিল। 

ফাঁচীবজাৰত কাপোৰ কিনি লক্ষ্মীকেবিনত নোসোমালে কিবা আধৰুৱা যেন নালাগেনে? চিঙৰাজিলাপী নতুবা নিমকিগোল্লাৰ লগত চাহ একাপ খালে হে ভাল লাগে। 

পাণবজাৰত চুটিচাপৰ, শকতকৈ এজন মানুহে বাঁহী বজাই ঘূৰি ফুৰিছিল। বাঁহীৰ সুৰে অন্তৰ চুই গৈছিল। মানুহজনে কথা নাপাতিছিল। কোনোবাই কিবা দিলে লৈ থয়, কাকো একো নোখোজে। বহু বছৰ আগত প্ৰান্তিক আলোচনীত তেওঁৰ বিষয়ে কিছু কথা লিখিছিল। 

কাউৰীৰ উৎপাতত দীঘলী পুখুৰীৰ পাৰেৰে খোজ কঢ়া বৰ টান কাম আছিল। কাউৰীৰ বিষ্ঠা মূৰৰ ওপৰত নহলে চোলাত পৰাটো নিশ্চিত। আজিকালি সেই ঠাইত কাউৰী দেখিবলৈ নোপোৱা হলো। হোষ্টেলত সোমায়েই ৰেগিং আৰম্ভ হৈছিল। ৰেগিঙৰ কেইদিন আমাৰ ৰাতিপুৱাৰ কাৰ্যসুচী আৰম্ভ হৈছিল কটন আৰু সন্দিকৈ কলেজৰ ছোৱালী হোষ্টেলৰ আগেৰে গান গাই গাই দীঘলী পুখুৰী এপাক প্ৰদক্ষিণ কৰি। বৰ সুন্দৰ গান আছিল সেইবোৰ: 

ভোমোৰা উৰিছেৰেণু আহা আহা।

পাণবজাৰৰ আমিয়ে ৰজা, শিয়ালকুকুৰ আমাৰেই প্ৰজা।

এজাক বগলী উৰিলে উৰিলে তাৰে এটি গুলি খাই মৰিলে মৰিলে।ইত্যাদি। 

হোষ্টেলত প্ৰায় প্ৰতিমাহত এবাৰ দায়িত্ব পৰে বজাৰ কৰিবলৈ। মেছত কাম কৰা ককাইসকলে লগতে থাকে। শাকপাচলি, মাছমাংস কিনিবলৈ শিকো তেওঁলোকৰ পৰা। ফাঁচীবজাৰত এখন ডাঙৰ চব্‌জি বজাৰ আছিল। ভাগ্য ভাল থাকিলে কটন বা সন্দিকৈ কলেজৰ হোষ্টেলৰ আমাৰ সম বয়সৰ ছোৱালী লগ পাওঁ। মাতবোল নকৰিলেও এই যে একেলগে বজাৰ কৰিলোঁ সেই ভাৱটো আহিলেই বহু দিনলৈ মনটো ভাল লাগি থাকে। বজাৰ কৰা দিনাখন এটা মাংসৰ বাটি বেছিকৈ পাইছিলোঁ। জোলেৰে ভৰ্তি বাটিৰ ভিতৰত দুটুকুৰা মাংস, আঙুলি খেপিয়াই মাংসডোখৰ উলিয়াই খাওঁ। কি মজা! 

ডি এছ হোষ্টেলৰ সীমাতে লাগি আছিল বন্ধুৰ পাণতামোলৰ দোকান। বন্ধুৰ আচল নাম পাহৰিলোঁ, সকলোৱে তাক বন্ধু বুলি মাতিছিল। বন্ধুৱে আমাক বহুত জ্ঞান দিছিল৷ কিতাপৰ বাহিৰৰ জ্ঞান পিছে সেয়া। 

হোষ্টেলৰ লৰাবোৰে দল বান্ধি কেতিয়াবা চিনেমা চাবলৈ গৈছিলোঁফাঁচীবজাৰত নহলে পল্টনবজাৰত। দীঘলীয়া লাইন পাতি টিকট পোৱাটো ভাগ্যৰ কথা আছিল। চিনেমাহলৰ দুই এটা প্ৰতিষ্ঠিত গুণ্ডা হোষ্টেলৰ লৰাবোৰৰ হাতত মাৰ খাই পলাবলগীয়া অৱস্থা হৈছিল। পিছে উজানবজাৰৰ লৰাবোৰক অলপ সমীহ কৰি চলিছিলোঁ। জানজাৰৰ (উজান বজাৰৰ ছৰ্টকাট) ৰা বোৰেআবে চনবুলি বেলেগ এটা সুৰত যেতিয়া কথা আৰম্ভ কৰে, বেলেগকৈ কব নালাগে উজান বজাৰৰ বুলি। 

১৯৮৪ চনৰ ডিচেম্বৰৰ শেষত প্ৰথমবাৰ জৰ্জফিল্ডত গ্ৰন্থ মেলা অনুষ্ঠিত হৈছিল। হেজাৰ হেজাৰ মানুহ আহিছিল কিতাপ চাবলৈ, কিনিবলৈ। আমিও বহুত কিতাপ কিনিছিলোঁ। মানুহৰ মনত কিতাপ কিনাৰ আগ্ৰহ বহুত বৃদ্ধি পাইছিল এই গ্ৰন্থমেলাত। 

প্ৰতিটো হোষ্টেলত পতা সৰস্বতী পূজা চাবলৈ গুৱাহাটীৰ বহুতে আহি ভিৰ কৰিছিল। কিমান ধুনীয়াকৈ মণ্ডপ সজাব পাৰিলোঁ সেইটো ডাঙৰ কথা নহয়, কটন আৰু সন্দিকৈ কলেজৰ হোষ্টেলৰ কেইজনী ছোৱালীয়ে আমাৰ হোষ্টেলৰ পূজা চাবলৈ আহিল সেইটোৱে আছিল সাফল্যৰ মাপকাঠি। 

মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলত থকা সময়ৰ পাণবজাৰৰ স্মৃতি কাতৰতাত আজিও ডুবি আছোঁ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!