সাক্ষাৎকাৰ: গুৱাহাটী বিশেষ

লেখক- সাহিত্য ডট অৰ্গ

কেৱল অসমৰেই নহয়, সমগ্ৰ ভাৰতৰে ‘পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগ’ৰ সৈতে জড়িত লোকসকলৰ বাবে অতি চিনাকি এটি নাম হৈছে অলকা ফুকন (পিছলৈ, ড° অলকা বুঢ়াগোহাঁই)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগ’ৰ এসময়ৰ মুৰব্বী অধ্যাপিকা ড° অলকা বুঢ়াগোহাঁই গুৱাহাটীৰ এগৰাকী পুৰণি বাসিন্দা। ১৯৩৭ চনত গুৱাহাটীৰ চেনিকুঠীত জন্মলাভ কৰা অলকা বুঢ়াগোহাঁয়ে জীৱনৰ প্ৰায়খিনি সময় গুৱাহাটীতে কটাইছে আৰু সেই অনুযায়ী গুৱাহাটীৰ ভালেমান পৰিৱৰ্তন তেওঁ প্ৰত‍্যক্ষ কৰিছে। গুৱাহাটী সম্পৰ্কে আৰু লগতে তেওঁৰ বৈচিত্ৰপূৰ্ণ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা জানো, আহকচোন!

সাহিত্য ডট অৰ্গ: নমস্কাৰ, বাইদেউ। পোনপ্ৰথমে ‘সাহিত্য ডট অৰ্গ’ৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আমাৰ এই সংখ্যাটিৰ মূল বিষয়বস্তু হৈছে গুৱাহাটী। গুৱাহাটীৰ এগৰাকী স্থায়ী বাসিন্দা হিচাবে সেয়েহে প্ৰথমতে আপোনাৰ শৈশৱৰ গুৱাহাটীখন কেনে আছিল, সেই সম্পৰ্কে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ।

ড° অলকা বুঢ়াগোহাঁই: হয়, নমস্কাৰ। আমাৰ শৈশৱৰ গুৱাহাটীখন আছিল এখন সৰু, সুন্দৰ নগৰ। পাণবজাৰ, পল্টনবজাৰ, চেনিকুঠী, চানমাৰি, ভৰলুমুখ আৰু মালিগাঁৱৰ কিছু অঞ্চল সামৰি লোৱা চল্লিশ-পঞ্চাশৰ দশকৰ সেই গুৱাহাটীখন, সঁচা কথা ক’বলৈ হ’লে, বৰ শান্তিপূৰ্ণ আছিল।

মোৰ জন্ম হৈছিল চেনিকুঠীত। আমি বৰ্তমানে থকা চাৰ্ভে অঞ্চলটো সেই সময়ত এখন খেতিপথাৰহে আছিল। সেই সময়ত গুৱাহাটীৰ বাসিন্দাসকল সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে অতি সচেতন আছিল আৰু অম্বিকাগিৰী ৰায়চৌধুৰী, সূৰ্য‍্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, হেম বৰুৱা, গৌৰীশংকৰ ভট্টাচাৰ্য্য আদিৰ দৰে লোকসকল যেন সেই সময়ৰ গুৱাহাটীবাসীৰ বাবে একোজন পথ-প্ৰদৰ্শক আছিল।

গুৱাহাটীৰ সেই সময়ৰ অসমীয়া মাধ‍্যমৰ বিদ‍্যালয়সমূহৰ শিক্ষা ব‍্যৱস্থাও বৰ উন্নত মানৰ আছিল। গুৱাহাটীৰ বৰ্তমানৰ বিখ‍্যাত আৰু স্বনামধন্য পুৰুষ-মহিলাসকলে সেই বিদ‍্যালয়সমূহতে শিক্ষা গ্ৰহণ কৰিছিল। কটন কলেজিয়েট হাইস্কুল, তাৰিণীচৰণ চৌধুৰী হাইস্কুল (চমুকৈ, টি চি স্কুল), মাণিক চন্দ্ৰ বৰুৱা মধ‍্য ইংৰাজী বিদ‍্যালয় (চমুকৈ, এম চি এম ই) আদি স্কুলবোৰৰ শিক্ষা ব‍্যৱস্থা বহুত উন্নত মানৰ আছিল আৰু তাৰ শিক্ষকসকলো বৰ জ্ঞানী মানুহ আছিল। ইংৰাজী মাধ‍্যমৰ দুখন বিদ‍্যালয় – ডনবস্ক’ আৰু ছেইণ্ট মেৰীজ স্কুল দুখন গুৱাহাটীত তেতিয়াও আছিল যদিও অসমীয়া মাধ‍্যমৰ বিদ‍্যালয়সমূহহে আমাৰ গুৱাহাটীৰ ল’ৰা-ছোৱালীয়ে বেছি পচন্দ কৰিছিল। পিছলৈ কিন্তু ইংৰাজী মাধ্যমৰ বুনিয়াদী বিদ‍্যালয়সমূহ গঢ় লৈ উঠাত, বিশেষকৈ গুৱাহাটীলৈ ৰাজধানী উঠি অহাৰ পিছত অসমীয়া মাধ‍্যমৰ বুনিয়াদী বিদ‍্যালয়সমূহৰ দুৰাৱস্থা হোৱাত গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী মাধ‍্যমৰ স্কুলৰ বিকল্প নাথাকিলগৈ বুলিবই পাৰি। পাছলৈ অন‍্যান‍্য ঠাইৰ লগতে অসমৰ গাঁও-ভূঁইৰ বাসিন্দাসকলে আৰু আনকি অৰুণাচলৰ লোকসকলেও গুৱাহাটীৰ উদাহৰণকে অনুসৰণ কৰিবলৈ ল’লে। এই অৱস্থাই কালক্ৰমত অসমীয়া ভাষাৰ প্ৰতিও এক ভাবুকিৰেই সৃষ্টি কৰিলেহি। চৰকাৰে মাতৃভাষা মাধ‍্যমৰ বুনিয়াদী বিদ‍্যালয়সমূহ স্থাপন কৰাৰ ক্ষেত্ৰত এক সময়োচিত ব‍্যৱস্থা গ্ৰহণ কৰাহেঁতেন এইসমূহ সমস‍্যাৰ উদ্ভৱ কেতিয়াও নহ’লহেঁতেন বুলি ভাবোঁ।

সাহিত্য ডট অৰ্গ: গুৱাহাটীৰ অতীত আৰু বৰ্তমানৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়ে আপোনাৰ মতামত কি?

ড° অলকা বুঢ়াগোহাঁই: আমাৰ দিনৰ গুৱাহাটীখন বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন আছিল। মানুহবোৰৰ ঘৰৰ চৌহদত ওখ ওখ তামোল, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু আদি গছবোৰো আছিল। সময়ে সময়ে সেই গছবোৰত ডালভৰি ফুলা ফুলবোৰে গুৱাহাটী নগৰৰ সৌন্দৰ্য্যত যেন ৰহণহে সানিছিল। সেই সময়ত প্ৰায়বোৰ পৰিয়ালৰে পাচলিৰ বাগিচা একোখনো আছিল। কিছুমানৰ আনকি ধানৰ ভঁৰালো আছিল।

সেই সময়ত, আজিৰ পৰা ৩০/৪০ বছৰৰ আগলৈকে, আমি কৃত্ৰিম বানপানীৰ কথা শুনাই নাছিলোঁ। গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু আৰু বাহিনী নৈৰে পানীবোৰ বৈ গৈ গুৱাহাটীৰ চাৰিওফালে থকা বিলবোৰত পৰাৰ সুবিধা আছিল। বেলতলা, খানাপাৰা আদি অঞ্চলবোৰ তেতিয়া খেতিপথাৰহে আছিল। আজিকালিৰ দৰে তেতিয়া য’তে-ত’তে জাবৰৰ দ’মবোৰ দেখিবলৈ পোৱা নগৈছিল। পাহাৰবোৰ সেউজীয়া গছ-গছনিৰে ভৰি আছিল। তাত কোনো ধৰণৰ বেদখল হোৱা নাছিল। সকলো ফালে মুকলি ঠাই আছিল। বিশাল ব্ৰহ্মপুত্ৰৰে সমৃদ্ধ গুৱাহাটীখন এখন সুন্দৰ নগৰ আছিল। অথচ, চাওঁতে চাওঁতে আমাৰ চকুৰ আগতে গুৱাহাটীখন আজি সলনি হৈ পৰিল। কৃত্ৰিম বানপানী, যানজঁট, খোৱাপানীৰ অভাৱ, ভূমিস্খলন আদি নানা ধৰণৰ সমস‍্যাই মহানগৰখনক আগুৰি ধৰিলেহি। লগতে, চোৰ-ডকাইত, ধৰ্ষণকাৰী আৰু নিচাসক্ত লোক আদিৰে আজিৰ গুৱাহাটীখন ভৰি পৰিলহি। গুৱাহাটী লাহে লাহে এখন ডাঙৰ মহানগৰীলৈ সলনি হ’ল। ইয়াত এতিয়া অসম আৰ্হিৰ ঘৰ বিচাৰি পাবলৈ নাই; সকলোবোৰ ঠাই সুউচ্চ, সুদৃশ‍্য অট্টালিকাৰে ভৰি ফৰিল। কেতিয়াবা নিজৰে এইখন বেলেগ ঠাই যেনহে লাগে। গাড়ীৰ প্ৰকোপত, বিশেষকৈ অফিচৰ সময়ত গাড়ীৰ গতি গৰুগাড়ীৰ দৰেই মন্থৰ হয়।

সাহিত্য ডট অৰ্গ: এই সমস‍্যাসমূহৰ বাবে কোন জগৰীয়া বুলি আপুনি ভাবে?

ড° অলকা বুঢ়াগোহাঁই: মহানগৰীখনৰ পূৰ্বৰ গৰিমা আৰু সৌন্দৰ্য্য হ্ৰাস পোৱাৰ বাবে কোনো কোনো ক্ষেত্ৰত মহানগৰীৰ বাসিন্দাসকল আৰু কিছু পৰিমাণে কৰ্ত্তৃপক্ষকেই জগৰীয়া বুলি ভাবিব লাগিব। অৱশ্যে মানুহক এটা শুদ্ধ পথ দেখুওৱাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰো বহুখিনি দায়িত্ব থাকে।মানুহবোৰে য’তে-ত’তে জাবৰ-জোঁথৰ পেলাবলৈ লৈছে, পাহাৰবোৰৰ মাটি কাটিবলৈ লৈছে, নলা-নৰ্দমাত বেদখল কৰিবলৈ লৈছে…মুঠতে, এইবোৰ কৰি সুন্দৰ মহানগৰীখন এখন সমস‍্যাবহুল মহানগৰীলৈ সলনি কৰি পেলাইছে। অৱশ্যে, এই ক্ষেত্ৰত কৰ্তৃপক্ষও কিছু পৰিমাণে জগৰীয়া বুলি মই অনুভৱ কৰোঁ। এই গুৱাহাটীৰ বাট-পথবোৰৰ কথাকে ধৰা! বছৰৰ পিছত বছৰ ধৰি সেইবোৰ যধে মধে ওখ কৰি থকা হৈছে। ফলত ঘৰবোৰ চাপৰ হৈ গৈ আছে। তাত পানী সোমাবলৈ লৈছে। নতুনকৈ ঘৰ সজাসকলে ভেটিবোৰ ওখকৈ সজাৰ ফলতো সমস‍্যাৰ উদ্ভৱ হৈছে। এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্দিষ্ট নীতি-নিয়ম প্ৰৱৰ্তন কৰা উচিত বুলি মই ভাবোঁ।

আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে, গুৱাহাটীত মুকলি ঠাই আৰু খেলপথাৰৰ অভাৱ। বৃটিছৰ দিনৰ খেলপথাৰকেইখনৰ বাহিৰে গুৱাহাটীত আন কোনো খেলপথাৰ গঢ়ি নুঠিল। অথচ, মহানগৰখনৰ দিনক দিনে সম্প্ৰসাৰণ হৈয়েই আছে। চিলিং উদ্ধৃত মাটি নাইবা চৰকাৰী মাটিতো খেলপথাৰ একোখন স্থাপন কৰাৰ সুবিধা আছিল যদিও ৰাজহ বিভাগৰ অৱহেলাৰ বাবেই চৰকাৰী মাটিবোৰ বেদখলকাৰীৰ কৱলত পৰিল। ৰাজহ বিভাগ সজাগ হোৱা হ’লে এই অৱস্থা নহ’লহেঁতেন। শিশু উদ‍্যানৰ ক্ষেত্ৰতো একেটাই কথা । শিশুসকলৰ শাৰিৰীক আৰু বৌদ্ধিক বিকাশৰ বাবে এনে ধৰণৰ শিশু-উদ্যানৰ অতিকে প্ৰয়োজন৷ তোমালোকক এটা কথা জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে আমাৰ ঘৰৰ ওচৰতে সৰুকৈ এখন শিশু-উদ্যান গঢ়ি উঠিছে। তাৰ লগত ময়ো জড়িত হৈ আছোঁ। অৱশ্যে, এই শিশু-উদ্যানখন স্থাপন কৰাৰ বাবে আমি বৰ যুঁজ-বাগৰ কৰিবলগীয়া হৈছিল৷ শিশু-উদ্যানৰ মাটিখিনি দুজনমানে অধিগ্ৰহণৰ চেষ্টা চলোৱাত আমি আদালতৰ সহায় ল’ব লগাও হৈছিলগৈ৷ পাছলৈ অৱশ্যে সকলোবোৰ সমস্যাৰ ওৰ পৰিল, আমি সুন্দৰকৈ শিশু-উদানখন গঢ়ি তুলিলোঁ৷ লগতে উল্লেখ কৰিব খোজোঁ – এই শিশু-উদ‍্যানখনিৰ মাটিখিনি আমাৰ মাৰ নামত আছিল। চৰকাৰে অৱশ্যে এই উদ‍্যানখন এতিয়া আমাৰ স্বৰ্গীয়া মাতৃৰ নামেৰেই ‘শুভনেশ্বৰী আইদেউ শিশু উদ‍্যান’ নামেৰে নামকৰণ কৰি বৰ্তমানে কিছু আৰ্থিক অনুদানো আগবঢ়াইছে। ইয়ালৈ বহু শিশু গধূলি সময়ত প্ৰায়েই আহি খেলা-ধূলা কৰি থাকে, দেখিলেই ভাল লাগে।

সাহিত্য ডট অৰ্গ: আপোনাৰ শৈশৱৰ গুৱাহাটী আৰু বৰ্তমানৰ গুৱাহাটীৰ সামাজিক ৰীতি-নীতি আদিৰ কেনে ধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছে?

ড° অলকা বুঢ়াগোহাঁই: এই ক্ষেত্ৰত অৱশ্যে বহুখিনিয়েই পাৰ্থক্য আছে। আমি সৰু থাকোঁতে ভালেমান সম্ভ্ৰান্ত ঘৰৰ মহিলাই তাঁত বৈছিল। মই নিজেও গামোচা বোৱাৰ কথা মনত আছে। ঘৰলৈ অহা আলহী-অতিথিসকলৰ সোধ-পোচ গৃহিণীসকলৰ লগতে ঘৰৰ ছোৱালীহঁতেও কৰিছিল। তেতিয়া ব’হাগ বিহুৰ সময়ত কটন কলেজৰ কিছুমান ছাত্ৰই আহল-বহল চোতাল থকা গৃহস্থী ঘৰবোৰত হুঁচৰি গোৱাৰ কথাও মনত পৰে। সেই সময়ৰ সমাজখনত আৰ্থিক বৈষম্য, বস্তবাদী চিন্তাধাৰা আদিৰ প্ৰভাৱ বিশেষ নাছিল ৷ এতিয়াৰ মানুহে বিশ্বাস কৰিবলৈকে টান পাব যে সেই সময়ত, আমি স্কুললৈ যোৱাৰ আগতে কেতিয়াবা ওচৰ-চুবুৰীয়াৰ ঘৰত ভাতো ৰান্ধি দিছিলোঁগৈ৷ সেই সময়ত সঁচাকৈয়ে ধনী-দুখীয়া, উচ্চ-নীচ আদি ভাববোৰে কাৰো মনত ঠাই নাপাইছিল৷ অৱশ্যে, আমাৰ দিনত সমাজখন কিছু ৰক্ষণশীল আছিল। আমাৰ পৰিয়ালটোও কিছু পৰিমাণে ৰক্ষণশীল আছিল যদিও মোৰ পঢ়া-শুনাৰ ক্ষেত্ৰত দেউতা বিশেষভাৱে আগ্ৰহী আছিল। চেনিকুঠীত থাকোঁতে মই লগৰ ছোৱালীৰ লগত গৈ ব্ৰহ্মপুত্ৰ নৈত সাঁতোৰাৰ কথাও এতিয়া মনত পৰে৷ ঘৰত সেইবিলাক ক্ষেত্ৰত বেছি চিন্তা কৰা নাছিল। সেই সময়ত আমি জীৱনৰ মধুৰ ক্ষণবোৰ বৰকৈ উপভোগ কৰিছিলোঁ। তেতিয়া মানুহবোৰৰ ইঘৰৰ লগত সিঘৰৰ ঘনিষ্ঠতা আছিল, আহ-যাহ আছিল আৰু সুখ-দুখৰ কথা পতাৰ অৱকাশ আছিল। আজিকালি পিছে, গুৱাহাটীৰ সেই পুৰণি ৰূপটো সলনি হ’ল। এতিয়া মানুহবোৰ বৰ ব‍্যস্ত হৈ পৰিল। নানা ধৰণৰ কাম-কাজৰ পৰা সময় উলিয়াই চুবুৰীয়া বা আত্মীয়-স্বজনৰ ঘৰলৈ অহা-যোৱা কৰাৰ, ইজনে-সিজনৰ সান্নিধ্য উপভোগ কৰাৰ সময়ৰ যেন অভাৱ হ’ল! আমি সৰু থাকোঁতে গধূলি সময়ত সুন্দৰ বৰদলৈৰ মিউজিক কলেজখনলৈ গৈ গান -বাজনা কৰি সময় কটাইছিলোঁ। স্কুল-কলেজত পঢ়ি থাকোঁতে আমি ছোৱালীবোৰে একগোট হৈ খোজকাঢ়ি অহা-যোৱা কৰিছিলোঁ। বাট-পথত ভীৰ নাছিল, ভয়ো নাছিল, আশংকাও নাছিল। বৰ্তমানে যিদৰে এজনী ছোৱালীক এজনীক বাহিৰলৈ উলিয়াই পঠাব নোৱাৰোঁ, ঠিক তেনেকুৱা ভয় সেই সময়ত একেবাৰেই নাছিল।

সামাজিক ৰীতি নীতিৰ বিষয়ে ক’বলৈ হ’লে, বিয়া-বাৰুলৈ নিমন্ত্ৰণ কৰাৰ কথাটোকে উল্লেখ কৰিব পাৰোঁ। আমি সৰু থাকোঁতে বিয়ালৈ মতাৰ নিয়মটো আজিৰ দৰে নাছিল। সম্বন্ধীয় ডেকা ল’ৰা এজন বা দুজনৰ হাতত তামোল-পাণ আৰু বিয়াৰ চিঠিখন দি বিয়ালৈ মাতিবলৈ পঠোৱা হৈছিল। লগত লৈ যোৱা শৰাইখনতে তামোল-পাণ আৰু চিঠিখন দি নিমন্ত্ৰণ কৰিলেই হ’ল। আজিকালিৰ দৰে মাক-দেউতাকে নিজে গৈ মাতিব নালাগে। বিয়া-বাৰুত পুৰুষ-মহিলা বেলেগে বেলেগে বহিছিল। পুৰুষসকল চকীত আৰু মহিলাসকল ঢাৰিত বহিছিল। পাছলৈ মহিলাসকলৰ বাবেও চকীৰ ব‍্যৱস্থা কৰা হৈছিল। তাৰ পাছত, এসময়ত পুৰুষ আৰু মহিলা একে ঠাইতে বহাটো আৰম্ভ হ’ল। এনে কিছুমান পৰিবৰ্তন হৈছে। আগৰ দিনৰ গুৱাহাটীৰ বিয়াবোৰ আজিৰ তুলনাত একেবাৰেই বাহুল‍্যবৰ্জিত আছিল। সাজ-পোচাক, খোৱা-বোৱা–সকলো ক্ষেত্ৰতে। বিয়াত লুচি, ভাজি, দাইল, দৈ, মিঠাই আদি খুওৱা হৈছিল। আজিকালিৰ দৰে এশ-এবিধ খাদ‍্যবস্তু নাছিল, ভাত খোৱা হোৱা নাছিল। তেতিয়া বিয়াবিলাকত আয়তীসকলে নাম-গুণ গায় আৰু দৰা অহাৰ সময়ত দৰা-কিনা উভয় পক্ষই জোৰা নাম গাই ধেমালি-ধুমুলা কৰে। অৱশ্যে কেতিয়াবা তাৰ কাৰণে কাজিয়াও হৈছিল। ছোৱালী গাভৰু হ’লে ওচৰৰ কেইগৰাকীমান মহিলা আহি কেৱল ৰীতি-নীতিখিনিহে পালন কৰি গৈছিলহি।

সাহিত্য ডট অৰ্গ: গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ভৱনসমূহ সংৰক্ষণ কৰাৰ সম্পৰ্কে আপোনাৰ মতামত কি?

ড° অলকা বুঢ়াগোহাঁই: গুৱাহাটীৰ ঐতিহ‍্যমণ্ডিত গৃহসমূহ সংৰক্ষণ কৰিবই লাগে, এইটো অতি প্ৰয়োজনীয় কথা। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ আৰু কেতিয়াবা জনসাধাৰণৰো সজাগতা কম। অৱশ্যে সকলোকে অসচেতন বুলি মই নকও, সচেতন লোকো আছে। পানবজাৰৰ এটা ঐতিহ্যমণ্ডিত বঙলা ভাঙি পেলোৱা হ’ল। ‘নবীন বৰদলৈ হল এণ্ড লাইব্ৰেৰী’টোৰ ক্ষেত্ৰতো বহুবাৰ তেনে প্ৰচেষ্টা চলোৱা হৈছিল। আমি প্ৰবল প্ৰতিবাদ কৰি সেই প্ৰচেষ্টা প্ৰতিহত কৰি আহিছোঁ। এতিয়াও নবীন বৰদলৈ গ্ৰন্থাগাৰ সম্পূৰ্ণ সুৰক্ষিত বুলি ক’ব নোৱাৰি। ২০২০ চনত গৃহীত The Assam Heritage (Tangible) Protection, Preseevation , Conservation and Maintenance Act ত অধীনত নবীন বৰদলৈ হলকে ধৰি সকলোবোৰ ঐতিহ্যমণ্ডিত স্থান সুৰক্ষিত কৰাটো প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মই ভাবোঁ। প্ৰশাসনে এনেবোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰিছে।

সাহিত্য ডট অৰ্গ: গুৱাহাটীৰ বিষয়ে আমি আপোনাৰ পৰা ভালেখিনি কথা জানিব পাৰিলোঁ। এতিয়া আপোনাৰ বৃত্তিগত জীৱনৰ বিষয়ে কিছু কথা পাতোঁ বুলি ভাবিছোঁ। আপুনি পঢ়ি থকা কালত ‘লাইব্ৰেৰী ছায়েন্স’ বিষয়টো অসমত এটা তেনেই নতুন বিষয় আছিল ৷ তেনেস্থলত আপুনি এই বিষয়টো পঢ়িবলৈ কিয় বাছি ল’লে?

ড° অলকা বুঢ়াগোহাঁই: আচলতে, ঠিক ‘লাইব্ৰেৰী ছায়েন্স’ পঢ়িম বুলি মই ভবা নাছিলোঁ৷ আমাৰ সময়ত ছোৱালীয়ে ভৱিষ্যতৰ লক্ষ্য স্থিৰ কৰাটো সহজ নাছিলেই৷ সেয়ে মই সৰুৰে পৰা ভাবিছিলোঁ- ভৱিষ্যতে যিটো কামকে কৰোঁ, তাকে কাৰো অন্যায় নকৰাকৈ নিষ্ঠা আৰু সততাৰে কৰিম। কিন্তু মই স্বাৱলম্বী হ’মেই–তেনে এটা ভাব মনলৈ আহিছিল।
এম. এ. পঢ়ি থাকোঁতেই মোৰ দেউতাৰ আকস্মিক মৃত্যু হোৱাত মই অত্যন্ত মানসিক আঘাত পালোঁ৷ পৰীক্ষা দিয়াৰ পাছত সম্পৰ্কীয় ককাইদেউ এজনে মোক শ্বিলঙলৈ লৈ গ’ল৷ শ্বিলঙৰ ‘লেডী কিন কলেজ’ৰ তেতিয়া অধ্যক্ষ আছিল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ কন্যা উষা ভট্টাচাৰ্য্য৷ তেখেতেই মোক ‘লেডী কিন কলেজ’ৰ পুথিভঁৰালত কাম কৰিবলৈ ক’লে৷ সেই ঘটনাটোৱেই মোৰ জীৱন পৰিক্ৰমা সলাই পেলাইছিল ।

সাহিত্য ডট অৰ্গ: তাৰ পাছতেই আপুনি ‘লাইব্ৰেৰী ছায়েন্স’ পঢ়িম বুলি সিদ্ধান্ত ল’লে নেকি?

ড° অলকা বুঢ়াগোহাঁই: কথাটো ঠিক তেনেকুৱাও নহয়৷ আচলতে, লাইব্ৰেৰীত কাম কৰি থকা সময়তে বিষয়টোৰ প্ৰতি মোৰ মনত এক আকৰ্ষণৰ জন্ম হৈছিল৷ মই অনুভৱ কৰিছিলোঁ- পুথিভঁৰালৰ উন্নতিয়েহে শিক্ষা আৰু সমাজ-ব্যৱস্থাটোৰ উন্নতি সাধিব পাৰিব৷ তথাপিও কিন্তু এই বিষয়টোক বৃত্তি হিচাপে লোৱাৰ কথা চিন্তা কৰা নাছিলোঁ৷ সেই সময়তে দৰং মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ ‘টিউটৰ’ হিচাপে কাম কৰাৰ বাবে মোলৈ এক প্ৰস্তাৱ আহিছিল৷ তাৰ পিছতে গুৱাহাটীৰ ‘টি চি স্কুল’ৰ এসময়ৰ মোৰে শিক্ষয়িত্ৰী আৰু দৰং কলেজৰ তেতিয়াৰ অধ‍্যক্ষ বিপিনপাল দাস ছাৰৰ পত্নী আৰতি দাস বাইদেৱে মোলৈ এখন ব্যক্তিগত চিঠি লিখি দৰং কলেজত ইংৰাজীৰ অধ্যাপিকাৰূপে যোগ দিবলৈ অনুৰোধ কৰি লিখিছিল- তোমালৈ দৰং কলেজত সাতশ ছাত্ৰ-ছাত্ৰী ৰৈ আছে, তুমি ইয়াত সোনকালে যোগ দিব লাগে৷ কিন্তু, ইচ্ছা থকা সত্ত্বেও সেই কামটোত মই যোগ দিব নোৱাৰিলোঁ৷ হোষ্টেলৰ ব‍্যৱস্থা নথকা বাবে ঘৰৰ মানুহবোৰে মই তালৈ যোৱাটো ভাল পোৱা নাছিল। তেতিয়া মই দিল্লী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যোৱাৰ সিদ্ধান্ত ল’লো। সেই মতেই চৰকাৰী জলপানি লৈ মই দিল্লীলৈ লাইব্ৰেৰী ছায়েন্সৰ ডিপ্লমা ক’ৰ্চ পঢ়িবলৈ গ’লোঁ৷ সেয়াই আছিল মোৰ নতুন জীৱন আৰম্ভণি।

সাহিত্য ডট অৰ্গ: দিল্লীৰ পৰা আহিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰিলে নেকি?

ড° অলকা বুঢ়াগোহাঁই: দিল্লীত থাকোঁতেই ‘ইউনাইটেড ষ্টেটছ ইনফৰ্মেচন ছাৰ্ভিছ’ৰ অধীনত পাটনাত চাকৰি কৰাৰ সুযোগ এটা লাভ কৰিছিলোঁ বিভাগৰ ফালৰ পৰাই৷ কিন্তু, সেই কামটো কৰিবলৈ মই মান্তি নহ’লো৷ মই ঘৰলৈ উভতি আহিবলৈকে ঠিক কৰিলোঁ৷ সেই মতেই মই উভতি আহিলোঁ৷ উভতি আহি কিছুদিন ‘টি চি স্কুল’ত ইংৰাজীৰ শিক্ষক হিচাপে কাম কৰাৰ পাছত ১৯৬২ চনৰ ১৪ নৱেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘ক্লাচিফায়াৰ’ হিচাবে যোগ দিলোঁ৷ তাৰ পাছতে বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগটো আৰম্ভ হ’ল। তাৰ প্ৰথমগৰাকী পূৰ্ণকালীন প্ৰবক্তা হিচাবে ১৯৬৬ চনৰ ১৯ ডিচেম্বৰ তাৰিখে যোগ দিলোঁ৷ শিক্ষকতাৰ জীৱনৰ সেয়াই আছিল আৰম্ভণি।

সাহিত্য ডট অৰ্গ: আপুনি দিল্লী বিশ্ববিদ্যালয়ত লাইব্ৰেৰী ছায়েন্সৰ ‘ডিপ্লমা ক’ৰ্চ’হে কৰা বুলি কৈছে?

ড° অলকা বুঢ়াগোহাঁই: অ, এইটো এটা দৰকাৰী প্ৰশ্নই৷ সেই সময়ৰ নিয়ম অনুসৰি ডিপ্লমা ক’ৰ্চ কৰিলেও অইন এটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থাকিলে ‘পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগ’ত চাকৰি লাভ কৰাৰ ক্ষেত্ৰত ইউ-জি-চিৰ কোনো বাধা-নিষেধ নাছিল৷ কাৰণ বিষয়টো একেবাৰেই নতুন আছিল।

বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰূপে যোগদান কৰাৰ পিছত মোৰ সংগ্ৰাম আৰম্ভ হ’ল। মোক তিনিবাৰকৈ ‘লেকচাৰাৰ’ৰ পৰা ‘ৰিডাৰ’ পদলৈ নিৰ্বাচন কৰা হৈছিল৷

যদিও কেইজনমান স্বাৰ্থান্বেষী ব্যক্তিৰ কুটিল চক্ৰান্তৰ ফলত তিনিওবাৰেই মই নিযুক্তি পোৱা নাছিলোঁ৷ শেষত, মই এই অন্যায়ৰ প্ৰতিবাদ কৰি সেই সময়ৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য্য তথা অসমৰ ৰাজ্যপাললৈ এখন চিঠি লিখিছিলোঁ। সেই চিঠিৰ প্ৰতিলিপি ‘একজিকিউটিভ কাউন্সিল’ৰ সদস্যসকলকো দিলোঁ৷ চিঠিখন পাই ৰাজ্যপাল স্বাভাৱিকতে অলপ ক্ষুন্ন হ’ল৷ ‘একজিকিউটিভ কাউন্সিল’ৰ সভাত মোৰ চিঠিখনৰ আলম লৈ সদস্যসকলে এই অন‍্যায়ৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ওপৰত যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছিল৷ অৱশেষত, সেই একেটা পদৰ বাবে পুনৰ্বাৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ল। পদটো আচলতে নিঃচিহ্নই কৰি পেলোৱা হৈছিল। পাছত নতুনকৈ বিজ্ঞাপন দিয়াত সেই বিজ্ঞাপনৰ বিৰুদ্ধে মই হাইকোৰ্টত কে’চ দিলোঁ– কিয়নো ইতিমধ্যে তিনিবাৰকৈ সেই পদটোৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছিল আৰু তিনিওবাৰেই সেই সাক্ষাৎকাৰত মই উত্তীৰ্ণও হৈছিলোঁ৷ চতুৰ্থবাৰ সাক্ষাৎকাৰৰ আগে আগে সেই কে’চৰ শুনানীত আদালতে এই বুলি ৰায় দিলে – “Without prejudice to your earlier claims, you may appear in the interview.” সেইমতেই পুনৰ্বাৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ল৷ সেইবাৰো ময়েই প্ৰথম হৈ ৰিডাৰ হিচাপে নিযুক্তি পালোঁ৷ অন্যায়ৰ প্ৰতিবাদ কৰিহে মই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলগীয়া হ’ল।।

সাহিত্য ডট অৰ্গ: এনে কৰিবলৈ আপুনি কেনেকৈ অনুপ্ৰাণিত হৈছিল?

ড° অলকা বুঢ়াগোহাঁই: সৰুৰে পৰা মোৰ দেউতা ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ফুকন আছিল মোৰ বাবে অনুপ্ৰেৰণাৰ এক উৎস৷ তেওঁৰ মৃত্যুৱে মোৰ জীৱনৰ গতিয়েই সলাই পেলাইছিল৷ আমাৰ ককাদেউতা আছিল মৌজাদাৰ৷ সেই সময়ত বৃটিছ চৰকাৰে অসমৰ আঢ্যৱন্ত পৰিয়ালবোৰক নিশকতীয়া কৰাৰ উদ্দেশ্যে কূটিল অভিসন্ধি কৰিছিল৷ সেই অভিসন্ধিৰ ফলতেই ককাদেউতাৰ মৌজাত বেমেজালিয়ে দেখা দিলে৷ চাৰিগৰাকী পত্নীৰে সৈতে ককাদেউতাৰ বৃহৎ পৰিয়ালটো আৰ্থিক সংকটে জুৰুলা কৰিলে৷ দেউতাই তেতিয়া ঢাকাত ইঞ্জিনীয়াৰিং পঢ়ি আছিল৷ তেওঁ শিক্ষা সমাপ্ত নকৰাকৈয়ে পুলিচ বিভাগত যোগ দিলে৷ দেউতা অতি মেধাৱী আৰু দুৰ্নীতিমুক্ত লোক আছিল আৰু কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিল।দেউতাৰ কাম-কাজত সন্তুষ্ট হৈ বৃটিছে তেওঁক ৰায়চাহাব উপাধি নিদিয়াকৈয়ে পোনেই ৰায়বাহাদুৰ উপাধিহে দিছিল৷ দেউতাৰ চাকৰিৰ কালতে বৃটিছে ভাৰত ত্যাগ কৰিছিল আৰু অৱসৰৰ পাছত ভাৰত চৰকাৰে তেওঁৰ চাকৰি কাল বৃদ্ধি কৰি দুৰ্নীতি নিবাৰণ শাখাৰ ‘এচিষ্টেন্ট ইনস্পেক্টৰ জেনেৰেল’ হিচাপে নিযুক্তি দিছিল৷ তাৰ আগতে অৱশ্যে কোঁচবিহাৰৰ ৰজাই তেওঁক কোঁচবিহাৰৰ কমিচনাৰ হিচাপে নিযুক্তি দিছিল৷ দেউতাৰ নীতি-আদৰ্শৰ দ্বাৰাই মই অনুপ্ৰাণিত হৈছিলোঁ আৰু এই অনুপ্ৰেৰণাই মোক অন্যায়ৰ বিৰুদ্ধে যুজঁ দিবলৈ প্ৰেৰণা যোগাইছিল।

সাহিত্য ডট অৰ্গ: আপোনাৰ পিতৃদেৱ তথা তেওঁৰ আদৰ্শৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হোৱা বুলি আমি জানিব পাৰিলোঁ। অনুগ্ৰহ কৰি আপোনাৰ মাতৃদেৱী সম্পৰ্কেও আমাক অলপ জনাবনে?

ড° অলকা বুঢ়াগোহাঁই: মোৰ মা শুভনেশ্বৰী আইদেউ নগাঁৱৰ জীয়ৰী আছিল। তেওঁ আছিল অতি মেধাবী ছাত্ৰী৷ তেওঁ প্ৰাথমিক বৃত্তি পৰীক্ষাত নগাঁও জিলাৰ ভিতৰতে প্ৰথম হৈ মিছন স্কুলত নাম লগাইছিল৷ কিন্তু, তাৰ পাছত গাভৰু হোৱাত তেওঁৰ পঢ়াত যতি পৰিছিল৷ আগৰ দিনত সেইটোৱেই নিয়ম আছিল। তেতিয়া তেওঁ ঘৰতে স্কুল খুলি কিছুদিন ছাত্ৰী পঢ়ুৱাইছিল৷ কিতাপ-আলোচনী আদি পঢ়াত মাৰ খুব ৰাপ আছিল৷ ইতিমধ্যে কম বয়সতে তেওঁৰ বিয়া হৈ গৈছিল। ছেক্সপিয়েৰৰ প্ৰায়বোৰ নাটকৰ অনুবাদ তেওঁ পঢ়িছিল। আমাকো পঢ়া-শুনাত খুব উদগণি দিছিল। কিন্তু, ছোৱালী অতি উচ্চ শিক্ষিতা হ’লে আৰু পৰীক্ষাৰ ফল বেছি ভাল ফল লাভ কৰিলে পাছলৈ বিয়া-বাৰুৰ ক্ষেত্ৰত অসুবিধা হ’ব বুলি মাজে মাজে তেওঁ ভয়ো খাইছিল৷ মা অতি সুন্দৰ স্বাস্থ্যৰ গৰাকী আছিল৷ ৯০ বছৰ বয়সত মৃত্যু ঘটা মাৰ মৃত্যুৰ সময়লৈকে কোনো বেমাৰ আজাৰ নাছিল৷

সাহিত্য ডট অৰ্গ: আপোনাৰ পিতৃ-মাতৃ সম্পৰ্কে জানিবৰৈ পাই আমিও সুখ অনুভৱ কৰিছোঁ। এইবাৰ আমি আপোনাৰ বিদ্যাৰম্ভ ক’ত হৈছিল, সেই বিষয়েও কিছু কথা জানিব বিচাৰিম।

ড° অলকা বুঢ়াগোহাঁই: মোৰ বিদ্যাৰম্ভ হৈছিল চেনিকুঠী নিম্ন বুনিয়াদী বিদ্যালয়ত৷ প্ৰথম দিনাই স্কুললৈ গৈ নেওতা মতাত সকলোৱে ভাল হোৱা বুলি ক’লে৷ মোৰ কিন্তু বৰ লাজ লাগিল৷ পাছদিনা পুনৰ মোক নেওতা মাতিবলৈ কওঁতে মই লাজতে নগ’লোঁ। মুখখন ঢাকি ধৰি থিয় হৈ ৰৈহে থাকিলোঁ৷ এগৰাকী শিক্ষয়িত্ৰীয়ে তেতিয়া ক’লে – এহ, কি ছোৱালী! তেনেকৈ কোৱা বাবে পাছদিনাৰ পৰা মই স্কুললৈ যাবলৈকে বাদ দিলোঁ৷ তাৰ কিছুদিনৰ পাছত মই ছেইণ্ট মেৰিজত নাম লিখাই মাত্ৰ কিছুদিনৰ বাবেহে তালৈ গ’লোঁ৷ দেউতাৰ বদলিৰ সূত্ৰে যোৰহাটত থকা সময়ত তাৰে এখন স্কুলতো পঢ়িলোঁ৷ মাজতে এবছৰ নগাঁৱত পঢ়ি অৱশেষত মই গুৱাহাটীৰ টি চি স্কুলত ক্লাছ ফোৰত নাম লগালোঁহি৷ টি চি স্কুলত পঢ়া কালতে মই স্কুলৰ ছাত্ৰী একতা সভাৰ সম্পাদিকাও হৈছিলোঁ৷ মই মেট্ৰিকত অংকত লেটাৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ।

মই উচ্চ শিক্ষা গ্ৰহণ কৰিছিলোঁ সন্দিকৈ কলেজত৷ আমাৰ সময়ত সাধাৰণতে মেডিকেল আদি পঢ়াৰ উদ্দেশ্য নাথাকিলে ছোৱালীবোৰে সন্দিকৈ কলেজতে পঢ়ে৷ মোক অৱশ্যে বাইদেউহঁতে ধমকি দিছিল স মই অটন কলছজতহে পঢ়াটো তেওঁলোকে বিচাৰিছিল। সন্দিকৈ কলেজত পঢ়াৰ সময়তো মই ছাত্ৰী একতা সভাৰ সম্পাদিকা হৈছিলোঁ৷ সি যি কি নহওক, ১৯৫৪ চনত প্ৰথম বিভাগত ‘আই এ’ পাছ কৰাৰ পাছত ইংৰাজীত অনাৰ্চ লৈ পঢ়িবলৈ মোক কলেজৰ ফালৰ পৰা কোৱা হৈছিল৷ কিন্তু দেউতাৰ ইচ্ছানুসৰি মই শিক্ষা বিষয়ত অনাৰ্চ লওঁ৷ অৱশ্যে, ইংৰাজীৰ প্ৰতি মোৰ আগ্ৰহৰ বাবেই মই পিছত ইংৰাজী বিষয়তে এম এ পঢ়োঁ৷ শেষত প্ৰাইভেটকৈ এম এ পৰীক্ষা দি পাছ কৰোঁ।

সাহিত্য ডট অৰ্গ: কলেজত পঢ়ি থকাৰ কালত আপুনি গল্পও লিখিছিল?

ড° অলকা বুঢ়াগোহাঁই: (অলপ হাঁহি) মাত্ৰ দুটা গল্প৷ তাৰে প্ৰথমটো লিখি প্ৰতিযোগিতা এটিত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ৷ দ্বিতীয়টো প্ৰকাশ পাইছিল কলেজৰ আলোচনীত৷ সেইবাৰ আলোচনীত প্ৰকাশ হোৱা গল্পৰ ভিতৰত মোৰটোৱেই সকলোতকৈ ভাল হোৱা বুলি সকলোৱে কোৱা-কুই কৰিছিল৷ কিন্তু, তাৰ পাছৰে পৰা গল্প লিখিবলৈ কিবা এটা সংকোচবোধ হ’ল আৰু মই গল্প লিখাটো চিৰদিনৰ বাবে বন্ধ কৰিলোঁ।

সাহিত্য ডট অৰ্গ: আপুনি এবাৰ বিলাতলৈয়ো গৈছিল…

ডঃ অলকা বুঢ়াগোহাঁই: হয়, ১৯৮৯ চনত৷ ইউ জি চিৰ ‘কালচাৰেল এক্সেঞ্জ প্ৰগ্ৰাম ইন ছোচিয়েল চায়েঞ্চ এণ্ড হিউমেনিটিজ’ কাৰ্যসূচীৰ অধীনত মই এই সুবিধাটি লাভ কৰিছিলোঁ৷ লণ্ডনলৈ গৈ তাত তিনিমাহ আছিলোঁ। ইংলেণ্ডলৈ গৈ তাত শেক্সপীয়েৰৰ জন্মস্থান আদিকে ধৰি বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ অভিজ্ঞতাক মই মোৰ জীৱনৰ আটাইতকৈ মধুময় অভিজ্ঞতা বুলি ক’ব খোজো। এইখিনিতে এটা কথা মনত পৰিছে। লণ্ডন চহৰত ঘূৰি ফুৰোঁতে তাত ডাঙৰ ডাঙৰ পুখুৰীত পানী সংৰক্ষণ কৰি ৰখা দেখিছিলোঁ। গুৱাহাটীৰ দ ঠাইবিলাকত তেনে পুখুৰীৰ ব‍্যৱস্থা কৰিলে কৃত্ৰিম বানপানীৰ সমস‍্যা বহু পৰিমাণে কমিব পাৰে বুলি মই ভাবো।

সাহিত্য ডট অৰ্গ: আপুনি বিশ্ববিদ্যালয়ত চাকৰি কৰোঁতে ছোৱালী হোষ্টেলৰ ৱাৰ্ডেনৰূপেও বহুদিন আছিল৷ সেই অভিজ্ঞতাৰ কথাবোৰ কিছু কওকচোন৷

ড° অলকা বুঢ়াগোহাঁই: সেই সময়ত সঁচাকৈয়ে বহুবোৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ৷ মই ছোৱালীবোৰৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিলোঁ৷ সিহঁতে মোক ভয় কৰিছিল যদিও অত্যন্ত ভালো পাইছিল৷ কেতিয়াবা একোজনী ছোৱালীয়ে মোকে আদৰ্শ হিচাপে লৈ “মই অলকা বাইদেউৰ দৰেই ‘ইণ্ডিপেনডেণ্ট’ হ’ম বুলি কয়। সেইটো মোৰ ভাল লাগিছিল। সকলো ছোৱালী মোৰ বন্ধুৰ দৰেই আছিল যদিও হোষ্টেলৰ নীতি-নিয়মৰ ক্ষেত্ৰত কিছু কঠোৰেই আছিলোঁ৷ মই সদায়েই ভাবিছিলোঁ- এই ছোৱালীবোৰ একোগৰাকী সফল নাগৰিক হওক, ভৱিষ্যতে মূৰ তুলি থাকিব পৰা হওক! মই তেওঁলোকক কৈছিলোঁ- তোমালোকে নিজৰ দেশৰ কথা, নিজৰ ঠাইখনৰ কথা চিন্তা কৰিবই লাগিব৷ সেই সময়ৰ কেইবাটাও ছাত্ৰ সংগঠনৰ কেইবাগৰাকীও নেত্ৰী আমাৰ হোষ্টেলৰ আৱাসী আছিল৷

সাহিত্য ডট অৰ্গ: সেই সময়তে অসম আন্দোলনো আৰম্ভ হোৱা নাছিল জানো?

ড° অলকা বুঢ়াগোহাঁই: হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়খনেই আছিল অসম আন্দোলনৰ অন‍্যতম কেন্দ্ৰবিন্দু৷ আছুৰ আহ্বানত জোৰ সমদলৰ কাৰ্যসূচী ছোৱালীহঁতে বাহিৰলৈ যাব নোৱাৰে বুলি বাবে হোষ্টেলৰ ভিতৰতে অনুষ্ঠিত কৰিছিল। তাকে দেখি হাঁহিও উঠিছিল। ১৯৮৩ চনৰ নিবাৰ্চনৰ সময়ৰ এটা কথা মনত আছে৷ খবৰ আহিল – প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰউদ্দিন আলী আহমেদৰ পত্নী আবেদা আহমেদে মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে জালুকবাৰী হৈ বৰপেটালৈ যাব৷ আমি সকলোৱে সেই পথ অৱৰোধ কৰি এপৰ নিশালৈকে পথৰ ওপৰতে বহি আছিলোঁ৷ আমি হোষ্টেললৈ উভতি অহাৰ কিছু সময়ৰ পাছত দূৰৈত কোনোবাই বৰকৈ চিঞৰা শুনিলোঁ- আহ ঐ আহ! ওলাই আহ! আমি ভয়তে পেঁপুৱা লাগিলোঁ৷ তাৰ পাছতে লগে লগে বিশিষ্ট শিক্ষাবিদ, আন্দোলনৰ সক্ৰিয় সমৰ্থক অজিত কুমাৰ শৰ্মা (পাছলৈ সাংসদ)চাৰক টেলিফোন কৰিলোঁ। তেওঁ ডিচিলৈ ফোন কৰি বিশেষ একো হোৱা নাই বুলি গম পাই আমাক আশঃস্ত কৰি শুই থাকিবলৈ কলে।

পাছদিনা ৰাতিপুৱা খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ খবৰটি আহিল৷ তেওঁৰ মৃতদেহ বিশ্ববিদ্যালয়লৈ অনাৰ সময়ত সৃষ্টি হোৱা পৰিৱেশৰ কথা আজিও মনত আছে৷ আমিও তেতিয়া হস্পিটাললৈ লৈ থিয় হৈ আছিলোঁ।

সাহিত্য ডট অৰ্গ: আমি জনা মতে ‘আছাম কলেজ লাইব্ৰেৰীয়ানছ এছোছিয়েচন’টো শক্তিশালী কৰাত আপোনাৰ যথেষ্ট ভূমিকা আছে। এই সম্পৰ্কে আমাক দুই-এটা কথা জনাবনে?

ড° অলকা বুঢ়াগোহাঁই: আচলতে ‘আছাম কলেজ লাইব্ৰেৰীয়ানছ এছোছিয়েচন’ৰ সভাপতি হৈ থকাৰ সময়ত সংগঠনটোৰ সকলোৰে সহযোগিতা বৰ ভাল লাগিছিল৷ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকসকলে উপযুক্ত মযাৰ্দা পোৱাটো মই সদায়ে বিচাৰিছিলোঁ আৰু তাৰ বাবে প্ৰচেষ্টা চলাইছিলোঁ৷ মই ভাবিছিলোঁ; তেনেকুৱা হ’লে ভাল ভাল ছাত্ৰ-ছাত্ৰীসকল এই বৃত্তিলৈ আহিব আৰু আমাৰ শিক্ষাৰ উন্নতি হ’ব। দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকসকলৰ বাবে ইউ জি চিৰ হাৰত দৰমহা দাবী কৰি ১৯৮৭ চনত আমি সফল হৈছিলোঁ৷ মই লগতে উল্লেখ অৰিব খোজোঁ যে অসম পুথিভঁৰাল সংঘৰ সভানেত্ৰী হৈ থকাৰ সময়তো এই সন্থাৰ মহাৰজত জয়ন্তী উদযাপনৰ সময়ত ২০১৪ চনত আমি ‘কিতাপ পঢ়ো আহক’ শীৰ্ষক আহ্বান জনাই এক শোভাযাত্ৰা কৰিছিলোঁ দীঘলীপুখুৰীৰ পাৰে পাৰে।

সাহিত্য ডট অৰ্গ: আপুনি মিডিয়া ট্ৰাষ্ট, অসমৰ ‘মিডিয়া আকাৰ্ইভছ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীৰ অবৈতনিক সঞ্চালিকা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই প্ৰকল্পটোৰ সৈতে আপুনি কিদৰে জড়িত হৈছিল?

ড° অলকা বুঢ়াগোহাঁই: ১৯৪৬ চনত অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন বাৰ্তালোচনী ‘অৰুণোদই’ৰ ডেৰশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ১৯৯২ চনত অসমৰ সাংবাদিকসকলে ‘অসমৰ বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতি’ গঠন কৰে৷ এই উদ্‌যাপন সমিতিয়ে ১৯৯৭ চনৰ তিনি আগষ্টত অনুষ্ঠিত সভালৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ ফালৰ পৰা মোক আমন্ত্ৰণ জনায়। লগতে জানিবলৈ দিয়ে অসমৰ সংবাদ পত্ৰৰ এক বিশেষ গ্ৰন্থাগাৰ তথা অভিলেখাগাৰ গঢ়ি তুলিবৰ বাবে সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা৷ উল্লেখযোগ্য যে এই প্ৰকল্পৰ কথা পোনতে চিন্তা কৰি উলিয়াইছিল তেতিয়াৰ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক আৰু পাছলৈ মিডিয়া ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী তথা ‘উদ্দীপন’ৰ সম্পাদক, বিশিষ্ট সাংবাদিক, প্ৰফুল্ল চন্দ্ৰ বৰুৱাই৷

সাহিত্য ডট অৰ্গ: মিডিয়া আকাৰ্ইভছত আপোনালোকে কেনে ধৰণৰ কাম হাতত লৈছিল?

ড° অলকা বুঢ়াগোহাঁই: কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনৰ ‘ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেচন (RRRLF)’ ৰ অৰ্থ সাহাৰ্য্যত ২০০৪ চনৰ ২১-২২ ছেপ্তেম্বৰত গণ মাধ্যমৰ সামাজিক ভূমিকা আৰু উত্তৰ-পূব সম্পৰ্কত এক তথ্যকেন্দ্ৰ তথা অভিলেখাগাৰ স্থাপনৰ বিষয়ে গুৱাহাটীত দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুস্থিত কৰোঁ৷ ২০০৭ চনৰ নৱেম্বৰত কলিকতাৰ নেশ্বনেল লাইব্ৰেৰী আৰু ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেচনৰ অৰ্থ সাহাৰ্য্যত আৰু ২০১০ চনৰ মাৰ্চ মাহত নেশ্বনেল লাইব্ৰেৰীৰ অৰ্থ সাহায‍্যত পুৰণি আৰু আপুৰুগীয়া কিতাপ-পত্ৰৰ সংৰক্ষণ সম্পৰ্কীয় আন দুখন কৰ্মশালাও অনুষ্ঠিত কৰা হয়৷

ইতিমধ্যে, প্ৰধান মন্ত্ৰী ড° মনমোহন সিং ডাঙৰীয়াৰ সাংসদ পুঁজিৰ পৰা লাভ কৰা পোন্ধৰ লাখ টকাৰ অৰ্থ সাহায‍্যৰে নিৰ্মিত মিডিয়া আৰ্কাইভছ্‌ৰ প্ৰশাসনীয় ভৱনটো ২০০৮ চনৰ ১৫ জুন তাৰিখে আছাম ট্ৰিবিউন গ্ৰুপৰ সভাপতি তুলসী গোবিন্দ বৰুৱাই উদ্বোধন কৰে আৰু আৰ্কাইভছৰ সংগ্ৰহৰ এটা অংশ তালৈ স্থানান্তৰ কৰা হয়৷ কেবাটাও বৰেণ্য পৰিয়াল আৰু ব্যক্তিয়ে মিডিয়া আৰ্কাইভছলৈ তেওঁলোকে যতনাই ৰখা পুৰণি কাকত-আলোচনীৰ মূল্যবান সংগ্ৰহ আগবঢ়াই আৰ্কাইভছটো সমৃদ্ধ কৰিছে৷ তেনে কেইটামান পৰিয়াল হ’ল অসম কেশৰী প্ৰয়াত অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৰিয়াল, প্ৰাক্তন সাংসদ প্ৰয়াত বিপিন পাল দাসৰ পৰিয়াল, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট বুৰঞ্জীবিদ প্ৰয়াত পদ্মভূষণ বেণুধৰ শৰ্মা আৰু তেওঁৰ পুত্ৰ প্ৰাক্তন সাংসদ, শিক্ষাবিদ প্ৰয়াত অজিত কুমাৰ শৰ্মাৰ পৰিয়াল আদি৷

আনহাতে, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি স্বনামধন্য সাহিত্যিক প্ৰয়াত চৈয়দ আব্দুল মালিকৰ ইচ্ছনুসাৰে মালিকৰ সম্পাদনাত ১৯৮০ চনৰ পৰা প্ৰকাশহোৱা ‘সাদিনীয়া ধনশিৰি’ৰ সকলোবিলাক সংখ্যাও এই ‘মিডিয়া আৰ্কাইভচলৈ’ দান দিয়া হৈছিল৷ পিছে এই সখলোবোৰ থকাৰ পাছতো আমি বৰ্তমানে নিৰাশ হ’বলগীয়া হৈছে।

সাহিত্য ডট অৰ্গ: ‘মিডিয়া আকাৰ্ইভছ’ক পূৰ্ণাংগ ৰূপ দিবলৈ কেনে ধৰণেৰে প্ৰচেষ্টা চলাইছিল?

ড° অলকা বুঢ়াগোহাঁই: ২০০৬ চনৰ ২ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ১৯৮৫ চনৰ অসম চুক্তি ৰূপায়নৰ সম্পৰ্কত অনুস্থিত হোৱা ত্ৰিপাক্ষিক আলোচনাত এই প্ৰকল্প আঁচনিৰ খচৰাটি অসম চুক্তিৰ ষষ্ঠ দফাৰ অধীনত বিবেচনাৰ বাবে ছাত্ৰ সন্থাৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক অৰ্পন কৰা হৈছিল আৰু প্ৰকল্পটোৱে এক পূৰ্ণাংগ ৰূপ পাব বুলি আমি আশা কৰিছিলোঁ।

অসমৰ পৰা প্ৰকাশিত সকলোবোৰ ভাষাৰ বাতৰি কাকত আৰু নিৰ্বাচিত আলোচনী তথা উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কীয় সকলো মূল্যবান নথি-পত্ৰ আৰু গ্ৰন্থৰ সংগ্ৰহ আৰু সংৰক্ষণৰ এই পৰিকল্পনাটি সঠিকভাৱে ৰূপায়িত হ’লে মিডিয়া আকাৰ্ইভছ ভৱিষ্যতে অসমৰ সামাজিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশৰ এক কেন্দ্ৰ হৈ উঠিব বুলি আমি ভাবিছিলোঁ যদিও কথাবোৰ ভবা ধৰণে নহ’ল৷ চৰকাৰৰ পৰামৰ্শ অনুসৰি এখন ছ’চায়িটি গঠন কৰি প্ৰকল্পটোৰ ৰূপায়ণৰ বাবে আগবঢ়াৰ সিদ্ধান্ত লোৱাৰ পাছত প্ৰথমে মিডিয়া ট্ৰাষ্টৰ কাৰ্যবাহী ন‍্যাসৰক্ষী প্ৰফুল্ল চন্দ্ৰ বৰুৱা আৰু পাছত সভাপতি ৰাধিকামোহন ভাগৱতীৰ পৰলোকপ্ৰাপ্তি ঘটে। তাৰ পাছত গঠিত ট্ৰাষ্টৰ নতুন পৰিচালনা সমিতিয়ে আমাৰ সৈতে, অৰ্থাৎ মিডিয়া আৰ্কাইভছৰ অবৈতনিক সঞ্চালিকাৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ ১৯ কোটি টকা ব‍্যয়সাপেক্ষ সেই বৃহৎ প্ৰকল্পটো ছচাইটিৰ পৰিৱৰ্তে নিজাববীয়াকৈ ৰূপায়ণৰ এক অসম্ভৱ সিদ্ধান্ত গ্ৰহণ গ্ৰহণ কৰে। সঞ্চালিকা আৰু ট্ৰাষ্টৰ ট্ৰাষ্টী হিচাপে তেনে সিদ্ধান্তত ব‍্যাথিত হৈ মই তাৎক্ষণিকভাৱে পদত‍্যাগ কৰোঁ।

সাহিত্য ডট অৰ্গ: আপুনি আৰু কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত নেকি?

ড° অলকা বুঢ়াগোহাঁই: হয়, মই ‘ইউনিভাৰচিটি উইমেনছ এছোছিয়েচন’, বেলতলাৰ ‘নাৰীকেন্দ্ৰ’, আদি অনুষ্ঠানৰ সৈতে জড়িত হৈ আছোঁ৷ ‘ইউনিভাৰচিটি উইমেনছ এছোছিয়েচন’ৰ মই প্ৰতিষ্ঠাপক সভানেত্ৰী হোৱাৰ লগতে বৰ্তমানেও সভানেত্ৰী হৈয়ে আছোঁ। ইয়াৰ লগতে নবীন বৰদলৈ হলৰ উন্নতিকৰণৰ বাবে চৰকাৰে গঠন কৰি দিয়া সমিতিৰো মই সদস্য হৈ আছোঁ।

সাহিত্য ডট অৰ্গ: আপুনি ২০০৫ চনত সন্মানজনক ৰংগনাথন-কাউলা বঁটা লাভ কৰিছিল৷ এই সম্পৰ্কে আপোনাৰ অনুভৱ জানিব বিছাৰিছোঁ, বাইদেউ।

ড° অলকা বুঢ়াগোহাঁই: এই বঁটাটো মোৰ ৰাজ্যখনৰ বাবে, পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগটো আৰু এই বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক স্বীকৃতি বুলি অনুভৱ কৰোঁ৷ এই বঁটা লাভ কৰি অতি আনন্দিত হৈছোঁ৷ বিশেষকৈ, নব্বৈৰ উদ্ধৰ্ৰ বয়োজ‍্যেষ্ঠ ব্যক্তি প্ৰফেচাৰ কাউলাৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীৰ হাতৰ পৰা বঁটাটো ল’ব পৰাটোও মোৰ বাবে ভাগ‍্যৰ কথা বুলি ভাবিছিলোঁ৷ ভাৰতৰ পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিষয়ৰ পিতৃপুৰুষ স্বৰূপ ড° এছ.আৰ. ৰংগনাথন আৰু প্ৰফেচাৰ কাউলাৰ নামত প্ৰৱৰ্তিত এই পদকটি লাভ কৰাটো মোৰ বাবে পৰম সৌভাগ্যৰ বিষয়।

সাহিত্য ডট অৰ্গ: আপুনি ‘সাহিত্য অকাডেমী’ৰ প্ৰকল্প এটাও সমাপ্ত কৰিছে। এইবিষয়ে আমাক অলপ জনাবনে?

ড° অলকা বুঢ়াগোহাঁই: ‘সাহিত্য অকাডেমী’ৰ এখন গ্ৰন্থপঞ্জী আছিলেই, ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত সেইখন প্ৰকাশ পাইছিল। তাৰ পিছত ‘সাহিত্য অকাডেমী’য়ে নতুনকৈ এটা প্ৰকল্প আৰম্ভ কৰে। ১৯৫৪ চনৰ পৰা ২০০০ চনলৈকে ভাৰতীয় সাহিত্যৰ গ্ৰন্থপঞ্জী প্ৰকল্পৰ অসমীয়া শাখাটোৰ সম্পাদনা মই সম্পূৰ্ণ কৰিছিলোঁ৷ এই শাখাৰ উপদেষ্টা আছিল বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া৷ ২০১৪ চনত এই গ্ৰন্থপঞ্জী কিতাপৰ আকাৰত প্ৰকাশ হৈছে। এই ক্ষেত্ৰত মোৰ বহুখিনি অসুবিধা হৈছিল; কাৰণ অসমত প্ৰকাশিত কিতাপবোৰ ক’তো সংৰক্ষিত কৰাৰ আইনগত ব‍্যৱস্থা নাই। সেইবাবে কিছুমান লেখকৰ কিতাপ ঘৰতো নাই, কোনো পুথিভঁৰালতো পাবলৈ নাই। সেইবাবে এই গ্ৰন্থপঞ্জীখন সম্পূৰ্ণ বুলি মই নকওঁ।

সাহিত্য ডট অৰ্গ: উত্তৰ পূব পৰিষদৰ আৰ্থিক অনুদানেৰেও আপুনি এটা ‘ডাটাবেছ’ প্ৰস্তুত কৰিছিল?

ড° অলকা বুঢ়াগোহাঁই:
সেইটো হৈছে উত্তৰ -পূবাৰ্ঞ্চলৰ আৰ্থ-সামাজিক বিষয়ক ‘কম্পিউটাৰ ৰিডেবল ডাটাবেছ’। সেই ডাটাবেছত ১৯৯৬ চনলৈকে প্ৰকাশিত উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কীয় গ্ৰন্থ আদিৰ তথ্য আছে। প্ৰকল্পৰ সময়সীমা পাৰ হৈ যোৱাত সেইটোত মই ১৯৯৬ চনৰ পাছৰখিনি সন্নিবিষ্ট কৰিব নোৱাৰিলোঁ। সেইটো বৰ্তমান আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা চমুকৈ ‘আবিলাক’ত আছে। পাৰিলে তেওঁলোকে সেইটোত পাছৰ তথ‍্যবোৰ সন্নিবিষ্ট কৰিব।

সাহিত্য ডট অৰ্গ: আপোনাৰ পাৰিবাৰিক জীৱন সম্পৰ্কে অনুগ্ৰহ কৰি আমাক কিছু কথা জনাবনে?

ড° অলকা বুঢ়াগোহাঁই: মোৰ বিয়া পলমকৈ হৈছিল৷ সেই সময়ত কাৰো কাৰো অসফল বিবাহিত জীৱন দেখি দেখি আৰু সেই সময়ত মহিলাৰ প্ৰতি থকা সামাজিক বৈষম্য প্ৰত্যক্ষ কৰি বিবাহৰ প্ৰতি মোৰ মনত এক দ্বিধাই ঠাই লৈছিল আৰু মই প্ৰথমে স্বাৱলম্বী হোৱাৰ কথাহে চিন্তা কৰিছিলোঁ৷ দেউতায়ো মোক কেতিয়াও বিয়াৰ প্ৰসংগত জোৰ কৰা নাছিল৷ তাৰ পাছত দেউতাৰ মৃত্যু হ’ল, মই পঢ়িবলৈ গ’লোঁ৷ বিশ্ববিদ্যালয়ত চাকৰি কৰিলোঁ। বিয়াৰ কথা তেতিয়ালৈ আৰু চিন্তাই নকৰিলোঁ৷ তাৰ পিছত মোৰ বাইদেউ এগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ এটি আনিলে আৰু ১৯৮০ চনত যজ্ঞেশ্বৰ বুঢ়াগোঁহাইৰ সৈতে মোৰ বিয়া হয়৷ তেওঁ অসম বুৰঞ্জীৰ প্ৰখ‍্যাত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উত্তৰাধিকাৰী।

সাহিত্য ডট অৰ্গ: আপোনাৰ জীৱন পৰিক্ৰমা অতি ব্যস্ততাৰে ভৰা৷ বিভিন্ন বিদ্যায়তনিক তথা সামাজিক কৰ্মৰ সৈতে আপুনি জড়িত হৈ আছে। এনেধৰণৰ ব্যস্ততাই আপোনালোকৰ সংসাৰখনত কিবা প্ৰভাৱ পেলাইছে নেকি?

ড° অলকা বুঢ়াগোহাঁই: ব্যস্ততাৰ মাজতো মই এগৰাকী গৃহিণীয়েই৷ মোৰ ঘৰত প্ৰায়ে ভাগিন-ভতিজাবিলাক থাকেহি৷ দুগৰাকী ভতিজা ছোৱালী মোৰ লগত থাকিয়েই কলেজীয়া পঢ়া-শুনা শেষ কৰি বিয়া-বাৰুও হ’ল৷ ৰাজহুৱা জীৱনৰ ব্যস্ততাৰ মাজতো মই মোৰ ঘৰৰ সমুখৰ ফুলনিখনৰ যতন লওঁ, জুতি লগাই ৰন্ধা-বঢ়া কৰিবলৈ যত্ন কৰোঁ, আচাৰ কৰোঁ, চিলাই কৰোঁ, চুয়েটাৰ গোঠোঁ, ঘৰৰ সমস্ত বজাৰ-সমাৰ কৰোঁ, ওচৰ-চুবুৰীয়া, সম্পৰ্কীয় আৰু পৰিচিত লোকসকলৰ সুখে-দুখে দুআষাৰ কথা পাতোঁ। আনহাতে, মোৰ কাম-কাজত মোৰ স্বামীয়ে কোনোদিনেই হকা-বধা কৰা নাছিল। ময়ো তেওঁৰ কামত কেতিয়াও হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা নাছিলোঁ৷ তেওঁ খেতি-বাতি কৰি বৰ ভাল পাইছিল। সাংসাৰিক জীৱনক লৈ মই সুখী বুলিয়েই ক’ব খোজোঁ৷ অৱশ্যে ২০১৫ চনৰ ৮ নৱেম্বৰত কিছুদিনৰ অসুস্থতাৰ পাছত মোৰ স্বামী যজ্ঞেশ্বৰ বুঢ়াগোঁহাইৰ পৰলোকপ্ৰাপ্তি ঘটে।

সাহিত্য ডট অৰ্গ: আৰু কি কৰি আপুনি ভাল পায়?

ড° অলকা বুঢ়াগোহাঁই: গান শুনি ভাল লাগে আৰু ভ্ৰমণ কৰি ভাল পাওঁ। অলপ কিতাপ-পত্ৰ পঢ়ি, বাতৰিকাকত পঢ়ি ভাল পাওঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমাক অলপমান জনাবনে?

ড° অলকা বুঢ়াগোহাঁই: ইতিমধ্যে মোৰ জীৱনটো প্ৰায় শেষেই হৈছেহি। আমাৰ থকা ঘৰটোৰ এটা অংশত ৰাজহুৱা গ্ৰন্থাগাৰ এটা গঢ়ি তোলাৰ পৰিকল্পনা আছে৷ সেই কামত ইতিমধ্যেই কিছু আগবাঢ়িছোঁ। মোৰ অবৰ্তমানত এই গ্ৰন্থাগাৰটো চোৱা-চিতা কৰাৰ বাবে এটা ট্ৰাষ্ট গঠন কৰাৰ কথাও ভাবিছোঁ৷

সাহিত্য ডট অৰ্গ: সঁচাকৈয়ে সুন্দৰ পৰিকল্পনা বাইদেউ৷ আপোনাৰ সমস্ত পৰিকল্পনাৰ সফল ৰূপায়ন আশা কৰিলোঁ আৰু সাহিত্য ডট অৰ্গক ইমান সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ৷

ড° অলকা বুঢ়াগোহাঁই: তোমালোকৰ ই-আলোচনীখনে মোৰ সাক্ষাৎকাৰ লোৱা কথাটোত মইও বৰ আনন্দিত হৈছোঁ। আলোচনীখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!