ভৱেন দাস- অসমীয়া ছবিজগতৰ অন্যতম যুগদ্ৰষ্টা-

লেখক- পাৰ্থ প্ৰতীম কলিতা

সময় ষাঠিৰ দশক। পটভূমি গাঁৱৰ। গাওঁখনৰ এজন আদৰ্শৱান লোক মধু মাষ্টৰ। মধু মাষ্টৰৰ দুজন ল’ৰা। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত আকৌ এবাৰ বিয়া কৰায় মধু মাষ্টৰে। দ্বিতীয় পত্নী নিঃসন্তান।

মধু মাষ্টৰে ডাঙৰ ল’ৰাৰ বাবে বিয়া কৰাই আনে এজনী মৰমী ছোৱালীক- নাম লখিমী। নামে-কামে সাইলাখ লখিমী। পিছে লখিমীৰ ভাগ্য বেয়া¸ কিছু দিনৰ পিছতে স্বামীহাৰা হয় লখিমী। স্বামীহাৰা হোৱাৰ পিছতো লখিমীয়ে দেওৰেক মাতৃহীন ভৱনাথ আৰু শহুৰেক মধু মাষ্টৰক মৰম আৰু পৰিচৰ্যাৰে উপচাই দিলে। সেইবাবেই লখিমীৰ প্ৰতি ঈৰ্ষাতুৰ হৈ পৰিল মধু মাষ্টৰৰ দ্বিতীয় স্ত্ৰী, অৰ্থাৎ লখিমীৰ মাহীশাহু। ৰচনা কৰে ন-ন ষড়যন্ত্ৰ। তাৰ পিছত কি হয়? ঘটনাই কেনেদৰে গতি লয়?

উপৰ্যুক্ত কাহিনীটো এখন অসমীয়া চিনেমাৰ। চিনেমাখনৰ নাম “লখিমী”। “লখিমী”ৰ সৈতে জড়িত হৈ আছে দক্ষিণ কামৰূপৰ আৱেগ¸ দক্ষিণ কামৰূপৰ অনুভূতি। কিন্তু কেনেকৈ?

”লখিমী” চিনেমাখনৰ পৰিচালক ভৱেন দাস। ছবিখনত কেৱল ভৱেন দাস পৰিচালকে নহয়, কাহিনী আৰু চিত্ৰনাট্যও ভৱেন দাসৰ। ভৱেন দাসৰ ঘৰ দক্ষিণ কামৰূপত। দক্ষিণ কামৰূপৰ ৰামপুৰত।

১৯২২ চনত দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত ৰামপুৰত ভৱেন দাসৰ জন্ম হয়। ভৱেন দাসৰ পিতৃৰ নাম আছিল বিনন্দী দাস আৰু মাতৃ আদৰী দাস। ১৯৪০ চনত শ্বিলং চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন মহাবিদ্যালয়ত বি. এ. ত নামভৰ্তি কৰে ভৱেন দাসে। সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল ভৱেন দাস। গাঁৱত বিভিন্ন সময়ত হোৱা নাটকত অভিনয় কৰি প্ৰশংসা বুটলিছিল ভৱেন দাসে।

ভৱেন দাসে প্ৰথমতে ডিগবৈ অইল ইণ্ডিয়া কোম্পানীৰ চাকৰি কৰে। তেওঁ নিজেই স্বীকাৰ কৰে যে ডিগবৈত থকা সময়ত নটসূৰ্য ফনী শৰ্মাৰ ভাস্বক পণ্ডিতৰ অভিনয় দেখি তেখেত অভিনয়ৰ প্ৰতি বিশেষ টান এটা আহে আৰু নটসূৰ্য ফনী শৰ্মাৰ লগত তেখেতৰ ঘনিষ্ঠতা বৃদ্ধি পায়।
যেতিয়া ফনী শৰ্মা চিৰাজ বোলছবিৰ বাবে কলিকতালৈ যায়¸ লগত ভৱেন দাসকো লৈ যায়। ভৱেন দাসে প্ৰথমে ছিৰাজ ছবিৰ দৃশ্যগ্ৰহণৰ সহযোগী ৰূপে কাম কৰাৰ লগতে বেলছবিখনত সৰু চৰিত্ৰ এটাও ৰূপায়ণ কৰে। ছবিজগতত এয়াই আৰম্ভণি ভৱেন দাসৰ। পিছলৈ চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় কামবোৰ শিকি লয় ভৱেন দাসে। তেনেকৈয়ে চিত্ৰনাট্য ৰচনাৰ পৰা অন্যান্য কাৰিকৰী কামবোৰ শিকি লয়। চিৰাজৰ গোটেই টিমটো অসমলৈ উভতি আহিলেও¸ একমাত্ৰ ভৱেন দাস কলিকতাত থাকি যায়। পিছত তেওঁ কল্যাণ গুপ্তৰ সহকাৰী হয়। কল্যাণ গুপ্তাই তেখেতৰ ছবি ভাইকোনত কাম কৰাৰ সুবিধা দিয়ে ভৱেন দাসক।

ভৱেন দাস আছিল কামত সুদক্ষ। তেওঁৰ কৰ্ম স্পৃহা আৰু দক্ষতাৰ বলতে লাহে লাহে বহু বঙালী ছবিত কাম কৰাৰ সুবিধা পায় ভৱেন দাসে। ভৱেন দাসে মুখ্য পৰিচালক হিচাপে বঙালী ছবি কেইখনমান হ’ল “কানা মাছি” আৰু “অভিশপ্ত সম্বল”। এই দুয়োখন ছবি আছিল হিট। এই দুয়োখনে বঙালী ছবিজগতত আলোড়নৰ সৃষ্টি কৰিছিল।

ভৱেন দাস অসমীয়া। জাতীয় চেতনাৰে সমৃদ্ধ। বঙালী ছবিজগতত পোৱা অভিজ্ঞতাৰে তেওঁ নিৰ্মাণ কৰে এখন নতুন অসমীয়া ছবি। নাম “লখিমী”। “লখিমী” অসমৰ ১৫ সংখ্যক চিনেমা। মুক্তি পাইছিল ১৯৫৬ চনৰ ২৮ চেপ্তেম্বৰত। লখিমীৰ কাহিনী¸ চিত্ৰ নাট্য¸ সংলাপ আৰু পৰিচালনা ভৱেন দাসৰ। অৰ্থাৎ অসমীয়া চিনেমাৰ আৰম্ভণিতে ৰামপুৰৰ দৰে গাওঁ এখনৰ পৰা গৈ অসমীয়া ছবি নিৰ্মাণ কৰা কথাটো এলা-পেছা নহয়। লখিমীৰ লগতে ভৱেন দাসে নিৰ্মাণ কৰে আৰু ৩খন অসমীয়া চিনেমা। উপগ্ৰহ(১৯৭২)¸ ধৰ্মকাই(১৯৭৭)¸ মা (১৯৮৬)।

ভৱেন দাসে যে অসমীয়া ছবি পৰিচালনা কৰিছিল তেনে নহয়। অসমীয়াৰ লগতে তেখেতে বঙালী আৰু ওড়িয়া ভাষাৰ ছবিও নিৰ্মাণ কৰিছিল। প্ৰমথেশ বৰুৱাৰ পিছতে বাংলা ছবি নিৰ্মাণ কৰা ভৱেন দাস দ্বিতীয়জন অসমীয়া। ভৱেন দাসে নিৰ্মাণ কৰা “কানামাছি” বঙালী চিনেমাজগতৰ এক উল্লেখযোগ্য মাইলষ্টোন। য’ত অভিনয় কৰিছিল সাবিত্ৰী চট্টোপাধ্যায়, সুনন্দা বেনাৰ্জী, তপতী ঘোষ, অনুপ কুমাৰ, ভানু বন্দোপাধ্যায়, পাহাৰী সান্যাল, জহৰ ৰয় আদি বঙালী ছবিৰ নামজ্বলা শিল্পীসকলে।

ইয়াৰোপৰি ভৱেন দাসে সহকাৰী পৰিচালক ৰূপে কাম কৰা কেইখনমান ছবি হ’ল –
বাংলা ছবি-
নীল আকাশেৰ নীচে¸ বাঘা যতীন¸ খুদিৰাম¸ ডাইনী¸ জয় মা কালী¸ বোৰ্ডিং¸ ডেইলী¸ পেচেঞ্জাৰ¸ বাঘা যতীন¸ নতুন তীৰ্থ আদি।

হিন্দী ছবি-
মালা কাৰ্টুজ আৰু জনতা ইনচাফ মাংগতী হ্যায়।
ইয়াৰ লগতে ঝংকাৰ নামৰ এখন ছবিৰ নিৰ্মাণ প্ৰায় শেষ হৈছিল যদিও বিশেষ অসুবিধাৰ বাবে সেইখন মুক্তি দিয়া নহ’ল।

ওড়িয়া ছবি-
সপ্তশয্যা, ৰোল নং ২৮, চাকনৈয়া¸ ললিতা আদি।
ইয়াৰে ললিতা ছবিখনত অসময়ৰ ৰাজ্যপাল লোকনাথ মিশ্ৰই নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।

অসমীয়া-
চিৰাজ (১৯৪৮)
পাৰঘাট(১৯৪৯),
পিয়লী ফুকন(১৯৫৫),
স্মৃতিৰ পৰশ(১৯৫৬), চাকনৈয়া(১৯৫৯)
টেক্সি ড্ৰাইভাৰ আদি।

চিনেমাৰ সমান্তৰালকৈ ভৱেন দাস জড়িত আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ নটৰাজৰ সৈতে। পাঠশালাৰ অচ্যুত লহকৰৰ বিখ্যাত নটৰাজ চিনে থিয়েটাৰত তেখেতে কাম কৰিছিল।

ভৱেন দাস অসমৰ গৌৰৱ। দক্ষিণ কামৰূপৰ গৌৰৱ। প্ৰচাৰ বিমুখ এই ব্যক্তিজনক মনত ৰখা মানুহ হয়তো বৰ্তমান আঙুলিৰ মুৰত গণিব পাৰিম। কিন্তু আজিৰ পৰা ৭০ বছৰতকৈ অধিক বছৰ আগতে যেতিয়া অসমীয়া ছবি উদ্যোগ চালুকীয়া অৱস্থাতে আছিল তেতিয়াই ৰামপুৰৰ দৰে জকাই চুকৰ এখন গাঁৱৰ পৰা গৈ ভৱেন দাসে নিৰ্মাণ কৰিছিল চিনেমা।

বৰ্তমান দক্ষিণ কামৰূপৰ গৌৰৱ ৰীমা দাস¸ হিমাংশু প্ৰসাদ দাস আদিয়ে যি বাটৰে বাট বুটলিছে সেই যাত্ৰাৰ দক্ষিণ কামৰূপত শুভাৰম্ভণি কৰিছিল ৰামপুৰৰ ভৱেন দাসে।

আজি আমাৰ মাজত ভৱেন দাস নাই। কিন্তু তেখেতৰ কৃতি আছে আৰু থাকিব। ১৯৮৬ চনৰ মে’ মাহৰ ৮ তাৰিখে ভৱেন দাসৰ মৃত্যু হয়।
দক্ষিণ কামৰূপৰ প্ৰথম ছবি পৰিচালক তথা দ্বিতীয় অসমীয়া বাংলা ছবি পৰিচালক এজন ৰামপুৰৰ সন্তান হিচাপে আমি গৌৰৱান্বিত। আপুনি?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!