এখন সাঁকো
অনুবাদ- পংকজ নেওগ
মূলঃ ডঃ প্ৰশান্ত চক্ৰৱৰ্তী, বাংলা বিভাগ, কটন বিশ্ববিদ্যালয়, গুৱাহাটী, ২৫–০২–২০১৯
ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত প্ৰথমখন চৰকাৰী স্কুল স্থাপিত হয় ১৮৩৪ চনত। এই স্কুলখনেই হৈছে বৰ্তমানৰ কটন কলেজিয়েট স্কুল। প্ৰাতঃস্মৰণীয় ভাৰতৰ পঞ্চমজন চিভিলিয়ান, সংস্কৃত পণ্ডিত, আনন্দৰাম বৰুৱাকে কৰি ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাও এই স্কুলৰে ছাত্ৰ আছিল। ১৯ শতিকাতে বঙ্গদেশৰ পৰা অহা এজন বাঙালী ভদ্ৰলোকে এইখন স্কুলৰ প্ৰধান শিক্ষকৰূপে যোগদান কৰিছিল। তেওঁৰ নাম আছিল জন্মেজয় দাস। তেওঁৰেই অনুপ্ৰেৰণাত আনন্দৰাম বৰুৱা, বলিনাৰায়ণ বৰা, জানলুৰ আলি আহমেদ আৰু শিৱৰাম বৰা বিলাতলৈ গৈছিল। গিলখ্ৰাইস্ট বৃত্তি লাভ কৰা বলিনাৰায়ণ বৰা হ’ল অসমৰ প্ৰথমজন ইঞ্জিনিয়াৰ। তেওঁ বিখ্যাত ‘মৌ’ পত্ৰিকাখনিৰ সম্পাদক আছিল আৰু বিয়া কৰাইছিল বঙ্গৰ স্বনামধন্য চিভিলিয়ান আৰু ঔপন্যাসিক ৰমেশ চন্দ্ৰ দত্তৰ মাজু জীয়ৰী বিমলাক। অসমীয়া ভাষা বাংলাৰ উপভাষা নে স্বতন্ত্ৰ ভাষা, বৃটিছ প্ৰশাসনে ৰমেশ বাবুৰ পৰা জানিব বিচাৰিছিল। তেখেতে এখন দীঘল শব্দ–তালিকা প্ৰস্তুত কৰি অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। মজাৰ কথা যে তেওঁ বঙালী হৈয়ো অসমীয়াক সমৰ্থন কৰিছিল আৰু তেওঁৰ জোঁৱায়েক বলিনাৰায়ণে অসমীয়া হৈয়ো অসমত বাংলা ভাষাৰ প্ৰচলন হোৱাটো বিচাৰিছিল।
বিশিষ্ট অসমীয়া পণ্ডিত ডঃ সূৰ্য্যকুমাৰ ভূঞাই জন্মেজয় দাসক অসমৰ টমাচ আৰ্ন’ল্ড বুলি অভিহিত কৰিছে। ডঃ ভূঞাই উল্লেখ কৰা মতে অসমত ইংৰাজী শিক্ষাৰ আৰম্ভণি আৰু বিস্তাৰ জন্মেজয় দাস নামৰ বাঙালী শিক্ষকজনৰ পৰাই হৈছিল। জন্মেজয় দাসৰ প্ৰথমা পত্নী আছিল বঙ্গদেশীয় আৰু তেওঁৰ অকালতে মৃত্যু হয়। পৰৱৰ্তী সময়ত তেওঁ এগৰাকী অসমীয়া সুন্দৰী তৰুণীক বিয়া কৰাই অসমতে নিগাজীকৈ থাকি যায়। ভাবি চাওকচোন, অসমীয়া–বাঙালীৰ মাজত বৈবাহিক সম্পৰ্ক সেই তাহানিৰ দিনৰ পৰাই চলি আহিছে। সেই সময়ত অসমখন আছিল এখন দুৰ্গম ৰাজ্য। পথ–ঘাট নায়েই। নদীপথেই একমাত্ৰ ভৰসা। বঙ্গীয় পুৰুষসকলে কামাখ্যা দৰ্শন কৰিবলৈ আহিছিল যদিও ইয়ালৈ আহি দুৰ্গম যাতায়ত ব্যৱস্থাৰ কথা ভাবিয়েই অনেককেইজন ইয়াতে থাকি গ’ল আৰু ইয়াৰে স্থানীয় ছোৱালীক বিয়া–বাৰু কৰাই ঘৰ–সংসাৰ ইয়াতে ঘৰ পাতি বহিল। সেই সময়ত সমাজখন আছিল মাতৃতান্ত্ৰিক। খাচীসকলৰ মাজত সেই নিয়মটো এতিয়াও আছে। এই যে বাহিৰৰ পুৰুষসকল কামৰূপলৈ আহিলে ইয়াত ভেড়া হৈ যায়হি বুলি কয়, সেই লোকশ্ৰুতিবোৰ এইকুৱা কাৰণতে সৃষ্টি হোৱা বুলি কটন কলেজৰ বিখ্যাত বাঙালী পণ্ডিত পদ্মনাথ বিদ্যাবিনোদে জনাইছে। এই পদ্মনাথেই হ’ল অসম সাহিত্য সভাৰ মূল প্ৰস্তাৱক। দৰাচলতে, ঢৌ খেলা সেউজীয়া পাহাৰ, প্ৰাণ প্ৰবাহৰ দৰে নদী আৰু বিস্তীৰ্ণ উপত্যাকা, অসমৰ উদাৰ প্ৰকৃতি আৰু সৰল জীৱনৰ টানতে মানুহ ইয়াত থাকি যায় আৰু কোনো এক অদৃশ্য মায়াৰ বশ হৈ পৰে। বোধকৰো, মায়াবিনীৰ দেশলৈ আহি ভেড়ালৈ পৰিৱৰ্তিত হোৱা এই লোকগল্পসমূহৰ মূল কথাটো এনেকুৱাই।
অসমীয়া–বাঙালীৰ বিয়া নতুন কথা নহয়। ৰবীন্দ্ৰনাথৰ সৈতেও এগৰাকী বিদুষী আৰু অতীব সুন্দৰী কন্যাৰ বিয়াৰ কথা চলিছিল। তেওঁ আছিল আসামবন্ধু পত্ৰিকাৰ সম্পাদক গুণাভিৰাম বৰুৱাৰ সুপুত্ৰী স্বৰ্ণলতা। স্বৰ্ণলতাই কলকাতাৰ বেথুন কলেজত পঢ়িছিল আৰু সম্ভৱতঃ তেৱেঁই আছিল অসমৰ প্ৰথমগৰাকী মহিলা স্নাতক। কলকাতাৰ ডাঃ নন্দকুমাৰ ৰায়ৰ সৈতে স্বৰ্ণলতাৰ প্ৰথম বিবাহ হয় আৰু নন্দকুমাৰৰ অকাল প্ৰয়াণৰ পিছত ক্ষীৰোদ চন্দ্ৰ ৰায়চৌধুৰীৰ সৈতে তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়। তেওঁলোক ব্ৰাহ্ম সমাজৰ সদস্য আছিল বাবেই হয়তো তেওঁৰ ক্ষেত্ৰত বিধৱা বিবাহ সম্ভৱ হৈছিল।
মহৰ্ষি দেবেন্দ্ৰনাথৰ কিছু আপত্তিৰ বাবেই হেনো স্বৰ্ণলতাৰ সৈতে ৰবীন্দ্ৰনাথৰ বিয়াখন নহ’লগৈ। বিয়াখন হোৱাহেঁতেন ৰবীন্দ্ৰনাথ অসমৰ জোঁৱাই বুলি অসমৰ মানুহখিনিয়ে গৰ্ব কৰিব পাৰিলেহেঁতেন। কবিগুৰুৰ সৈতে নহ’লেও অসমীয়া পৰিয়ালৰ সৈতে ঠাকুৰবাড়ীৰ বৈবাহিক সম্বন্ধ পিছত ঘটিছিল। তাৰে দুখন বিয়া অতি প্ৰসিদ্ধ। ১৮৯১ চনৰ ১১ মাৰ্চত আধুনিক অসমৰ সকলোতকৈ উল্লেখযোগ্য সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে ৰবীন্দ্ৰনাথৰ ভতিজী (ককায়েক হেমেন্দ্ৰনাথৰ জীয়ৰী) প্ৰজ্ঞাসুন্দৰী দেৱীৰ বিবাহ অনুষ্ঠিত হয়। বিয়াত নতুন অসমীয়া জোঁৱায়েকক ককাশহুৰ দেবেন্দ্ৰনাথে এটি সোণৰ কলম উপহাৰ দিয়ে। ১৯০৬ চনত ৰবীন্দ্ৰনাথৰ ডাঙৰ ককায়েক দ্বিজেন্দ্ৰনাথৰ নাতিনী (পুত্ৰ অৰুণেন্দ্ৰনাথৰ কন্যা) লতিকাৰ সৈতে গুণাভিৰাম বৰুৱাৰ পুত্ৰ আৰু স্বৰ্ণলতাৰ ভায়েক জ্ঞানদাভিৰাম বৰুৱাৰ বিয়া সম্পন্ন হয়। জ্ঞানদাভিৰাম বৰুৱা আৰ্ল ল কলেজৰ প্ৰিন্সিপাল আছিল আৰু এটা চৰকাৰী বাসভৱনত আছিল। গুৱাহাটীৰ এই বাংলোটোত ১৯১৯ চনত ৰবীন্দ্ৰনাথে তিনিদিনৰ বাবে আলহী হিচাবে থাকি গৈছে। বৰ্তমান পিছে এই ঘৰটো কটন বিশ্ববিদ্যালয়ৰ পদ্মশ্ৰী নলিনী বালা দেৱী হোষ্টেলৰ চুপাৰৰ চৰকাৰী বাসগৃহ হিচাপে ব্যৱহৃত হৈ আছে।
জ্ঞানদাভিৰাম আৰু লতিকাৰ জীয়ৰীৰ নাম আছিল ইৰা আৰু এই ইৰাৰে ছোৱালী হ’ল অভিনেত্ৰী শৰ্মিলা ঠাকুৰ। কিছু বছৰৰ আগতে শৰ্মিলাক উইলিয়ামচন মেগৰৰ অনুষ্ঠান এটিত পুৰস্কাৰ দিবলৈ আহিছিল প্ৰাক্তন মহামহিম ৰাষ্ট্ৰপতি প্ৰণৱ মুখোপাধ্যায় ডাঙৰীয়া। অনুষ্ঠানৰ শেষত অলপ সময়ৰ বাবে শৰ্মিলাক লগ পাই জনাইছিলোঁ – ৰবীন্দ্ৰ স্মৃতিধন্য তেওঁৰ ককাকৰ বাংলোটো এতিয়াও আছে। শুনি আশ্চৰ্যচকিত হৈছিল শৰ্মিলা। কৈছিল, ঘৰটো চাবলৈ তেওঁ এদিন আহিব।
আজি কিছুদিনৰ পৰা জাতীয়তাবাদৰ নামত অসমত দিনে–ৰাতিয়ে উগ্ৰ জাতীয়তাবাদ প্ৰচাৰৰ এক চেষ্টা চলিছে। বিদ্বেষ, সন্দেহ আৰু এক চেপা আক্ৰোশে যেন অসমখন চানি ধৰিছে। কেতিয়াবা এনে ভাবো মনলৈ আহিছিল যে অসমৰ হিন্দু বাঙালী মানেই বাংলাদেশী আৰু অসমীয়া বিদ্বেষী। কিন্তু, প্ৰকৃততে তেনে কেতিয়াও নহয়। অসমৰ জাতীয় জীৱনত, অসমীয়া ভাষা–সংস্কৃতিত অসংখ্য হিন্দু বাঙালীৰ অৱদান আছে আৰু আছে সমন্বয়ৰ নানা ধাৰা। অসমীয়া–বাঙালীৰ মাজত সম্পন্ন হোৱা বিবাহসমূহেই ইয়াৰ প্ৰমাণ। এনেবোৰ বিয়া চলি আহিছে আৰু আগয়ো চলি থাকিব। যোৱা ২১ ফেৱ্ৰুৱাৰী তাৰিখে অসমৰ বিশিষ্ট সাহিত্যিক, সম্পাদক অনুৰাধা শৰ্মা পূজাৰীৰ পুত্ৰ দিহাঙে বিয়া কৰায় কলকাতাৰ বঙালী কন্যা শ্ৰীলেখাক। অনুৰাধাবাইদেৱে জনাইছে, শ্ৰীলেখাই এইকেইদিনতে বৰ ধুনীয়াকৈ অসমীয়া ক’বলৈ শিকিছে। কিমান ভাল লগা কথা, ভাবকচোন! মই শ্ৰীলেখাক ক’লোঁ, আমাৰ অসমীয়া–বাঙালীৰ মাজত বিয়া হোৱা পৰিয়ালসমূহে বছৰৰ অন্ততঃ এটা দিনত হ’লেও পৰিয়াল–পৰিজন সহ একেলগ হ’ম। অসমীয়া–বাঙালী সকলোবোৰ একেলগে মিলি খোৱা–বোৱাৰ লগতে গান–বাজনাও কৰিম। তোমালোক নতুন মেম্বাৰ। তোমালোকক স্বাগতম জনাইছোঁ।
যিসকলে হাই–কাজিয়া কৰিব খোজে কৰি থাকক! আমি মিলনৰ পথটি সদায় বচাই ৰাখিম। মোৰ কথা শুনি শ্ৰীলেখাৰ বৰ আনন্দ! লগতে কৈ থওঁ, তেওঁ আক’ ৰবীন্দ্ৰ সঙ্গীত সুন্দৰকৈ গাব জানে।
সেইদিনা তেওঁলোকৰ বিয়াৰ চতুৰ্থমঙ্গল অনুষ্ঠানলৈ গৈছিলোঁ। এক ইলাহী কাৰবাৰ! তাত হয়তো পাঁচহাজাৰমান লোকৰ সমাৱেশ হৈছিল। লগ পালোঁ মোৰ শিক্ষাগুৰু ডঃ উষাৰঞ্জন ভট্টাচাৰ্য আৰু তেওঁৰ সুপত্নী ৰুবী বৌক। দেখা হ’ল অসম বাণীৰ সম্পাদক দিলীপ চন্দন দা আৰু আন বহুতৰ সৈতে। অসমৰ সকলো ধাৰাৰ বিশিষ্ট লোকসকল সেইদিনা তাত উপস্থিতআছিল। উভতি অহাৰ পথত মনত পৰিছিল ৰবীন্দ্ৰনাথৰ সেই বিখ্যাত চিঠিখনৰ বাক্যশাৰী – “আমাৰ বংশৰ কন্যা এদিন যেতিয়া অসমীয়া যুৱকৰ সৈতে বিবাহ বন্ধনযুক্ত হৈছিল মই বিশেষভাৱে আনন্দিত হৈছিলোঁ। এনে ধৰণৰ বিবাহসূত্ৰৰ দ্বাৰা মিলন যদি সম্ভৱপৰ নহয়, তেনেহ’লে ক’ব লাগিব যে ৰাষ্ট্ৰীয় ঐক্য সম্বন্ধে ৰাষ্ট্ৰীয় সভামঞ্চত আমি যি বাগ্মিতা বিস্তাৰ কৰোঁ, সি এটা শোকাবহ প্ৰহসনহে।” – ৫ মে’,১৯৩৫। স্নেহাসক্ত ৰবীন্দ্ৰনাথ ঠাকুৰ।
প্ৰশান্ত চক্ৰৱৰ্তীৰ অসমীয়া – বাঙালীৰ বিবাহৰ ওপৰত লেখাটো উপভোগ্য আৰু তথ্য সমৃদ্ধ। মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে বোধকৰো স্বৰ্ণলতাৰ সৈতে তেওঁৰ পুত্ৰৰ বিবাহত ছোৱালী জনীৰ বৈধব্য যোগ বা তেনে কিবা অমংগল দেখিছিল!