এই সময়, সেই সময়
লেখক- শুভ্ৰকিংকৰ গোস্বামী
(এক)
স্কুলীয়া দিনৰ কথা
সৰস্বতী পূজাৰ এমাহমান আগৰপৰাই আমাৰ খদমদম। নদীৰ পাৰত থকা বিৰিণাৰ গছ কাটি আনি সৰস্বতী পূজাৰ মণ্ডপ বনাব লাগে। লগৰ মজনুৰ কামাল আনচাৰহঁত এইবোৰত আগৰণুৱা। যিদৰে বিজয় আগৰৱালা, ৰিষভ জৈনহঁতো। আমি ৰৈ থাকোঁ সৰস্বতী পূজাৰ দিনটোলৈকে।
কোনোবাবাৰ পুৰি তৰকাৰী, কোনোবাবাৰ দাইল–ভাত আৰু কামৰূপীয়া লাব্ৰা। সেইটোতো একেবাৰেই এৰাব নোৱাৰা এক ব্যঞ্জন। সকলোবোৰ তৰকাৰী মিহলাই কৰা লাব্ৰাৰ সোৱাদ এতিয়াও জিভাৰ আগত লাগি থাকে। তেতিয়া পনীৰ চনীৰ আমাৰ কাৰণে নুশুনা শব্দ। মচ্মচীয়া পাপৰ ভঙাৰ গানবোৰ এতিয়াও কাণত বাজি থাকে। বিলনীয়াৰ দায়িত্বত কামৰুল, ইচমাইল আৰু তেনেকুৱা মদগজ দুজনমান ডেকা, যাতে আঙুলি চেলেকি চেলেকি আৰু অকণমান বিলাহীৰ “টক“ দিয়া বুলি ক’লে চকু টেলেকা কৰি এচামুচতেই দ্বিতীয় অধ্যায় শেষ কৰিব পাৰে! সেই স্পেচিয়েল “টক“ বনোৱাৰ দায়িত্বত বদৰুল ছাৰ। ছাৰে কাজু–কিচ্মিচ, আখৰোট আৰু অন্যন্য কিছুমান শুকান ফলেৰে বনোৱা বিলাহীৰ “টক“ৰ কথা মনত পৰিলে এতিয়াও মনটো সেই দিনবোৰলৈ ঘূৰি যাব খোজে।
খোৱাৰ আগৰ চেপ্তাৰটো হ’ল অঞ্জলি প্ৰদান। চক্ৰৱৰ্তী ছাৰে ডাঙৰ ডাঙৰকৈ মন্ত্ৰ মাতি যায়
ঃ ঔম সৰস্বতৈ নমো নিত্যং ভদ্ৰকালৈ নমো নমঃ..
অকণমান ঘূৰি চাই দেখো কামাল, বদৰুল আৰু মজনুৰহঁতেও হাতত ফুল লৈ মাতি গৈছে
সৰস্বতৈ নমো নিত্যং…
পিছত সিহঁতক সোধো,
ঃ তহতেযে এই পুষ্পাঞ্জলি দিলি, কিবা বুজিলিনে?
ঃ বুজিব লগা কিতো আছে? তহতে দিছ, আমিও দিছোঁ। নহ’লেযে সৰস্বতী মায়ে আমাক বেয়া পাব। তহতি বেচি মাৰ্ক পাবি, আমাক কম মাৰ্ক দিব। গতিকে আমিও অঞ্জলি দিলোঁ।
কিমানযে নিষ্পাপ এক উত্তৰ!
আজি মনত পৰিলে ভাবোঁ।
সৰস্বতীৰ মূৰ্তি বিসৰ্জনৰ সময়তো সিহঁতেই আগৰণুৱা।
স্কুলত ফাতেহা দোৱাজ দহম পাতে। মৌলবী ছাৰে ফাতেহা দোৱাজ দহমৰ তাৎপৰ্য কয়। কিবাকৈ ধৈৰ্য্য ধৰি শুনি থাকোঁ। আমাৰ আকৰ্ষণ চুজিৰ হালোৱা। ঘৰত চুজিহে খাই পাওঁ। ফাতেহাত খাবলৈ পোৱা চুজিৰ হালোৱা বিশেষভাৱে বদৰুল ছাৰেই বনায়। ঘী, কাজু, কিছমিচ আৰু বহুত কিবাকিবি দি ছাৰে একান্তমনে বনোৱা হালোৱা আমি দূৰৰ পৰাই চাই থাকোঁ। মিটিং শেষ হোৱাৰ পিছত আমি শাৰী পাতি বহোঁ। আমাৰ পাতে পাতে হালোৱা আৰু একোটা ৰসগোল্লা দি যায়। কিছুমানে ৰসগোল্লাটো চিকুটি চিকুটি খায় সোনকালে শেষ হৈ যাব বুলি! আমি দুজনমানে গোল্লাটো চিধাই গিলি সিহঁতলৈ চাই থাকো। এচিকুট কেতিয়াবা দিয়ে। জুঠা চুঠা বুলি কথা নাই। কেতিয়াবা কামাল নজৰুলৰ জুঠা ৰসগোল্লাও আমাৰ পেটত পৰে। পেটত পৰি সকলো একাকাৰ হৈ যায়।
এইবোৰ শৈশৱৰ স্মৃতি মাথোঁন সোঁৱৰণীৰ একো একোটা পৃষ্ঠা।
আজিকালি সৰস্বতী পূজাত মুছলমান ল’ৰাই অঞ্জলি দিয়ে নে নাই কাকো নোসোধো। ফাতেহা হয় নে নাই তাকো নোসোধো। আনকি সৰস্বতী পূজা হয়নে নহয় তাকো নোসোধো।
কিছুমান কথা নোসোধাকৈ থকাই ভাল।
কিছুমান কথা নজনাকৈ থকাই ভাল।
(দুই)
খচনুৰ কাৰ ঘৰত ঈদ পাতে। ঈদ নহৈ সেয়া যেন মহামিলনৰ মহাসেঁতু। বামুণ ৰান্ধনীয়ে মাংস–পোলাও বনায়। খচনুৰ কাৰ প্ৰিয় বন্ধু বিবেকা ভট্টাচাৰ্য দাদা খোৱা লোৱাৰ ইনচাৰ্জ। দুশমান মানুহ প্ৰতিবাৰেই হয়। তালৈ নগ’লে বছৰটোৱেই কিবা খালি খালি লাগি থাকে।
আখটাৰ মোৰ ভাইৰ দৰে। তাৰ ঘৰতো ঈদৰ দিনা বৃহৎ আয়োজন চলে। প্ৰায়েই সি ৰাজস্থানৰ পৰা মস্ত ডাঙৰ ছাগলী এটা–দুটা আনে। সেইকেইটা ছাগলীৰ মঙহেৰে ঈদৰ বৰভোজ হয়। পিঠা লাড়ুবোৰ ৰঙীন ৰঙীনকৈ বিভিন্ন ধৰণে ভনীয়েক হ’তে বনায়। মই নোযোৱালৈকে বাটৰ আগলৈ সি ৰৈ থাকে।
এলিজা বাইদেৱে ঈদৰ সময়ত বিৰিয়ানি বনায়। বিৰিয়ানি কি বস্তু এলিজা বাইদেউৰ পৰাই প্ৰথম জানিছিলোঁ। সেয়া কেনেকুৱা সোৱাদভৰা বিৰিয়ানি তাক প্ৰকাশৰ ভাষা নাই। এবাৰ হায়দৰাবাদৰ সবাতোকৈ জনপ্ৰিয় বিৰিয়ানিৰ দোকানবোৰৰ এখনত বিৰিয়ানি খাবলৈ দুঘণ্টা বাহিৰত বোন্দাপৰ দি আছিলোঁ। খাই উঠি দেখিলোঁ এলিজা বাইদেউৰ বিৰিয়ানিৰ লগত সেই হাজাৰটকীয়া বিৰিয়ানিয়ে পাত্তাই নাপাব। বনোৱাৰ ধৰণৰ উপৰিও এলিজা বাইদেউৰ বিৰিয়ানিৰ প্ৰতিটো চাউলৰ মাজে মাজে সোমাই থকা মৰমবোৰতো সেই হাইদৰাবাদৰ বিৰিয়ানিত বিচাৰি পোৱা নাযায়৷ সেয়েহে সোৱাদৰ পাৰ্থক্য!
(তিনি)
এনেকৈ ঈদৰ সময়ত ঘৰে ঘৰে টেটুঁলৈকে খাই কেতিয়াবা নিজেই আত্মদংশনত ভূগোঁ। ক’তা বিহুই পূজাই দেখোন তেওঁলোকলৈ মনতেই নপৰে। মাঘবিহুৰ সময়ত জিভা পুৰি যোৱা কেৰাহিৰ পৰা উঠাই অনা মাংসৰ টুকুৰাটো চোবোৱাৰ সময়ত এলিজা বাইদেউৰ বিৰিয়ানি, আখটাৰৰ ৰাজস্থানী ছাগলীৰ মাংস, খচনুৰ কাৰ খাহীৰ মাংস টুকুৰা কেইটালৈ এবাৰো চোন মনত নপৰে।
সেয়েহে ভাবি–চিন্তি এটা প্লেন কৰিলোঁ। ইফটাৰ এটা পাতিম। তাতেই হেঁপাহ পলুৱাই নিজেও খাম আৰু কেইজনমানক খুৱাম। সেইমতে মহিবৰ, আখটাৰ, মজিদ, হান্নান কা, খছনুৰ কা, তাজেৰ ভাই আদি কেইজনমানক মাতিলোঁ। মই ঋণ পূৰণ কৰিবলৈ বিধে বিধে খাদ্য খানাৰ আয়োজন কৰিলোঁ। মাছ–মাংস, পোলাও, বিৰিয়ানি সকলো। বাহিৰা মানুহ নাই। না মিডিয়া না কেমেৰা৷
সেইমতে তেওঁলোকে নামাজ পঢ়িলে। তাৰ পিচতহে ভেদটো ভাঙিল মোৰ৷ ইফটাৰৰ নামাজৰ পিচত মোৰ ধাৰণা আছিল দিনটো উপবাসে থাকি ব্ৰত কৰা সকলে হেঁপাহ পলুৱাই পেট ভৰাই খায়। পিচে মোৰ আশাত চেঁচাপানী ঢালি তেওঁলোকে ক’লে যে ঈশাৰ আৰু তাৰাবী নামাজৰ পিচতহে তেওঁলোকে ভালকৈ খাব পাৰিব। সামান্য অকণমান বস্তু মুখত লৈয়েই তেওঁলোকে উপবাস ভংগ কৰিলে। দৈৱক্ৰমে সেইদিনা আমাৰ হস্পিটেলত এগৰাকী মৌলবী উপস্থিত আছিল। তেখেতেই পৱিত্ৰ ৰমজানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বহু নজনা কথা জনালে ইফটাৰৰ পিচত।
সেয়া আছিল কেইবছৰ মান আগৰ কথা।
ইফটাৰৰ নামত আমাৰেই সেইদিনা ভুৰি ভোজন হ’ল। সেয়েহে ইফটাৰ পাৰ্টি শব্দটো শুনিলে মোৰ কেনেবা কেনেবা লাগে। ইফটাৰৰ পিচত পাৰ্টি শব্দটো খাপ নাখায় যেন লাগে।
মোৰ জীৱনৰ বহুদিনৰ পৰা পুহি ৰখা হেঁপাহতো কেইবছৰমান আগতে পূৰণ কৰিলোঁ। তেনে অনুষ্টুপীয়া ইফটাৰৰ খবৰ পাই এজনে টিপ্পনি দিছিল,
ঃ কিহে ইলেকচন টিলেকচনৰ ধাণ্ডা নেকি?
হাঁহি হাঁহি উত্তৰ দিছিলোঁ,
ঃ ইফটাৰ মানেই ইলেকচন নেকি বাৰু?
(চাৰি)
এইবছৰ ঈদৰ দিনা ক’লৈকো যোৱা নহ’ল। হয়তো স্বাস্থ্যজনিত কাৰণত ভৱিষ্যতেও নহ’ব যোৱা। কিন্তু মনৰ মাজত ৰৈ যাব সজীৱ সোঁৱৰণীৰ মেটমৰা ভাণ্ডাৰ।
মনৰ মাজত এইবাৰ ঈদৰ ফটোবোৰে ক্ৰিয়া কৰি আছে। বহুতো মধুৰ স্মৃতিৰে বিধৌত এই গধুৰ দস্তাবেজ।
000
সিদিনা মোস্তাফা দাক লগ পাইছিলোঁ। একেই হাঁহি, একেই উচাহ। বহুবছৰ আগতে চিত্ৰ দা এদিন মোৰ ওচৰলৈ আহিছিল। তেওঁলোকে প্ৰেছ এটা খুলিব খুজিছে। নলবাৰীত প্ৰথম ডিটিপি প্ৰেছ। লগত মোস্তাফা দা। দুয়ো একেলগ হৈ প্ৰেছটো খুলিব ওলাইছে । নামটো দিছে মাৰুতি কম্পিউটাৰ প্ৰেছ। মই কৈছিলো কিনো নাম দিলে, মাৰুতি কম্পিউটাৰ প্ৰেছ? চিত্ৰদাই মোস্তাফা দাৰ পিনে আঙুলিয়াই ক’লে,
ঃ পাৰ্টনাৰে দিছে নামটো।
আজি দুকুৰি পাঁচ বছৰ পাৰ হৈ গ’ল। কত ভাই–ককাইৰ পাৰ্টনাৰশ্বিপ মৰি গ’ল। কত জিগ্ৰি দোষ্ট চকুৰ কূটা দাঁতৰ হুল হৈ পৰিল। কিন্তু মোস্তাফা আৰু চিত্ৰদা একেটি সুৰৰ বাঁহী হৈয়েই থাকিল। এৰাএৰি নহ’ল। নলবাৰীৰ মাজ মজিয়াত মাৰুতি কম্পিউটাৰ প্ৰেছে আঁকি আছে হৃদয়ৰ এক অনিৰ্বাণ মানচিত্ৰ। এটা সময়ত আড্ডাৰ এক গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক মাৰুতি–
এখন মাৰুতি হোটেল
আনখন মাৰুতি প্ৰেছ। ।
জীৱনবোৰ কিহৰ কাৰণে ধন্য হয়?
কিছু পৰিৱেশ, কিছু ব্যক্তি আৰু কিছু সুমধুৰ ইতিহাসক লৈয়েই..
মই ধন্য যে মই সেই পৰিৱেশ, ব্যক্তি আৰু ইতিহাসৰ জীৱন্ত সাক্ষী।
জীৱনত ইয়াতকৈ বেলেগ আৰু প্ৰাপ্তি কি লাগে?
নলবাৰীয়েই দিছে মোক সেই স্বৰ্গীয় প্ৰশান্তি!