আৰু কোনটো সাধু ক’বি সখী
লেখক- নূপুৰ হাজৰিকা
আৰু কোনটো সাধু ক‘বি সখী ?
কাঞ্চনী কাঞ্চনী নেযাবি নেযাবি
ধানৰ পাতে কাটিব গা
অথিৰ খোজ অধীৰ খোজ
লাহেকৈ যা
বতাহো উভতি বলে চা !
নক’বি নক’বি আৰু
অন্য এটা ক
কালিৰ সাধু যে বিয়পি আছে __
নৰানিৰ মাজত শতছিন্ন সাজ
তাইৰ দেহ আঁচুৰি পলাতক নৰাধম নৰপিশাচ
চকু মুদাৰ আগতে বিৰবিৰাইছিল তাই
সৱৰে চিনা মুখ তাইৰ
মুখত অচিন মুখা!
উস্ সখী ডিঙি সোপা মাৰি ধৰিছে তোৰ
নৰখাদকৰ নখে বাকুহি নিয়া বুকুৰ বিষ
আজি নতুনকৈ এটা শুনা;
সিদিনাৰ সাধুটো যে
কেচেমা–কেচেম তেজ–মঙহৰ গোন্ধ চৌপাশে,
সাদিন সাতৰাতি ৰাউচিজুৰি থকা তিৰোতা জনী!
বুকুৰ কুটুমে ‘ডাইনী’ বুলি ছিঙি পেলোৱা দীঘল একোছা চুলি,
মাৰৰ কোবত মাটিত তেজৰ কঁৰাল বন্ধা তাইৰ ভিতৰৰ ‘অন্য এজনী’?
এই একেটা অপৰাধ (? )
একেটা অৰ্থ– ছোৱালী, জীয়ৰী, বোৱাৰী, কুলক্ষণী, ডাইনী, বাজী– ইমান শাস্তি!
একেটা পাপৰ মুক্তিৰ বাবে কতটা বিধি
পানীত নাম
অনাহাৰে থাক
উচ্ছিষ্ট খা
চিতাত উঠ
অগ্নিত সোমা
তাৰপিছত কি মুক্তি?
নাৰীমুক্তি?
‘তাই বাজলৈ যাওঁতে কি পিন্ধিছিল–
স্কাৰ্ট
বোৰ্খা
শাৰী
ওৰণি লৈছিল নে
নে বুকুত মেথনি মাৰি নৈত নামিছিল? “
নে তাই সমাজনদীত থাউনি নেপায় পদপথত আশ্ৰয় লোৱাজনী!
একুৰি–দুকুৰিকৈ সাধুৱে পোনা মেলে
ৰাতি নুপুওৱা সাধুৱে হেঁচা মাৰি ধৰে পোহৰক
এন্ধাৰ যেন বলিয়া নৈ এখন
চকুলোৰে জেপজেপীয়া আঁচলবোৰ সামৰি লৈ যাব!
ক সখী আকৌ
কোনজনীৰ কোনটো সাধু আছিল বাৰু
সেইযে এজনী উৰণীয়া পৰী গুছি
বোবা শিল এচটা হ’ল,
এজনী শিলপৰা কপৌ _
এডোঙা তেজৰ মৰাসুঁতি _
ৰাতি দুপৰত চিঞৰা
অশৰীৰি প্ৰেতিনী?
ক’ত বাচি থাকে তাই
নমাহত নৰ্দমাত
সুশোভিত শোৱনিকোঠাত
ৰাজসভাত
বন্দীশালত
ঢেঁকীশালত? জুহালত? বাঁহনিত?
ক’ত তাই উশাহ–নিশাহ সলায়
ক‘ত তাই অৰ্ধচেতন
ক‘ত তাই অৰ্ধনগ্ন
ক’ত তাই অৰ্ধগলিত
ক’ত তাই ক্ষত–বিক্ষত
ক’ত তাইৰ সমস্ত সপোনৰ ৰক্তস্ৰাৱ ?
নুপুওৱা সাধুৰ ৰাতিৰ শেষত
মই তোলৈ চাও
তই মোলৈ চাৱ,
এনেকৈয়ে এদিন আমি আমাৰ সাধুবোৰ ক’ম
চিঞৰি চিঞৰি ক’ম
অৰণ্যক বতাহক উচন যোৱা গাওঁ বোৰক
ক‘ম কালৰ গতিক
আমাৰ অসম্পূৰ্ণ সপোনগাথা !
আমি একেজনী
একেটা আদিম সাধুৰ
ন ন পুনৰাবৃত্তি!
মৰ্মস্পৰ্শী কবিতা৷ ভাল লাগিল৷