গাওঁবোৰ

লেখক- যাদৱ হাজৰিকা

গাওঁবোৰ চহৰীয়া

বনজুইয়ে চানি ধৰিছে

বনজুইৰ পোহৰে আন্ধাৰ খেদিব বুলি

ভ্ৰান্ত ধাৰণাবোৰ ক্ৰমে ক্ৰমে 

মঙহাল হৈ পৰিছে

গাঁৱৰ কাষেদি 

বাৰিষাই, খৰালিয়ে বৈ থকা নৈখন

শুকাই শিলবালিবোৰ ওলাই পৰিছে

মানুহবোৰে শুকান বালিবোৰকে গালেমুখে সানি শৃংগাৰত লিপ্ত হৈছে

মানুহবোৰ ভয়ানক বন্ধ্যাত্বৰ 

চিকাৰ হৈছে 

নিৰ্জতাৰ মাজত 

অকলশৰীয়া হৈ পৰি আছো

এসময়ৰ জীৱন্ত মানুহবোৰ 

লাহে লাহে মৃত আথবা চলন্ত শ লৈ পৰিণত হব ধৰিছে

গাওঁখনৰ চাৰিওফালে

মৃতদেহ পোৰা গোন্ধ বিয়পি পৰিছে

সেয়া মোৰ দেউতা, ককা, 

আজোককাহঁতৰ মৃতদেহ পোৰাৰ গোন্ধ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!