বিনিয়োগ

লেখক- মণ্টু কুমাৰ বৰঠাকুৰ

অলপ আৰামতে যাব পৰা যায় নেকি বুলি ভাবিয়েই হেণ্ডগীয়েৰডাল টানি চিটটো অলপ হাওলাই লৈ গাটো এৰি দিবলৈ ধৰোঁতেই পিছৰ চিটটোৰ পৰা, চাবহেবোলা মাত এষাৰ উফৰি আহি কাণত পৰিলহি। লগে লগেই সাৱধান হলোঁ আৰু মুখখন ঘূৰাই লৈচৰি চৰি, বেয়া নাপাববুলি কৈয়েই চিটটো যিমানকণ হাওলাই ললে তেওঁৰ অসুবিধা নহয়, ঠিক সিমানকণতে ৰাখি গাটো দুবাৰমান কচালি লৈ বহি ললোঁ।

দেখিলোঁ, চিটবোৰ এটা এটাকৈ ভৰ্তি হবলৈ ধৰিছে আৰু দুইএকে লগত অনা ডাঙৰ আকাৰৰ বেগ একোটাক লৈ কিছু সমস্যাতো পৰিছে। পিছচকাটোৰ ওপৰতে বা তাৰো পিছলৈ থকা চিটকেইটাক লৈ দুইএগৰাকী মহিলা সহযাত্ৰীৰ অসন্তুষ্টিবোৰ তেওঁলোকৰ চকুৱেমুখে তীব্ৰভাৱে ফুটি উঠিল আৰু তেওঁলোকলৈ মোৰ বেয়াই লাগিল। 

হঠাৎ দেখিলোঁ, কাপোৰৰ বেগ এটা লৈ কৰিডৰটোৱেদি ৰীণা নবৌ সোমাই আহিছে আৰুত যাবাবুলি কৈ হাঁহি এটা মাৰি মোৰ কাষৰ চিটটোৱেই দখল কৰিলেহি। মই গুৱাহাটীলৈকে যাম বুলি কোৱাতভালেই হল তেন্তেবুলি কৈয়েবেয়া নোপোৱা যদি বেগটো বাংকাৰত তুলি দিয়াচোনবুলি তেওঁ আকৌ হাঁহি এটা মাৰিলে। 

ক্ষন্তেক পিছতে তেওঁৰ ফোনৰ ৰিংটনটো বাজি উঠিল আৰু দেখিলোঁ, ‘কলটোৰিচিভকৰি তেওঁ কাৰোবাৰ লগত হাঁহি হাঁহিয়েই সৰু সৰুকৈ কথা পতাত লাগিল। কথা পাতি হোৱাৰ পিছতে মোলৈ চাইআমাৰ বোৱাৰীৰ ফোনবুলি কৈ তেওঁ আকৌ এবাৰ হঁহাৰ দৰে কৰিলে। 

মই আহিছোঁনে নাই, বাটত কিবা অসুবিধা পাইছোঁ নেকি, তাকে সুধিছে। মোলৈ তাইৰ বৰ হেঁপাহ, জানানে? ইয়াত থকাকেইদিনমা মাবুলি অনবৰতে মোৰ পিছে পিছেই লাগি ফুৰিলে। কোৱাৰ্টাৰলৈ যোৱাৰ পিছতো ইয়াত মই কি খাইছোঁ, কি বইছোঁ বুলি পুৱাগধূলি ফোনৰ উপৰি ফোন। ছোৱালীজনীলৈ কিবা এটা মৰমেই লাগে, জানানে? আমি যেন পূৰ্ব জন্মৰ কিবা পুণ্যৰ বলতহে তাইক বোৱাৰী হিচাপে পাইছোঁ!” 

মই দেখিছোঁ, কিছুমান কথাত আপুনি মুখেৰে একো নকলেও হয়। মাথোঁ, ওঁঠত হাঁহি এটা ফুটাই তুলি আপোনাৰ সমুখৰ বক্তাগৰাকীৰ কথাখিনি বিনাদ্বিধাই মানি লোৱাৰ ভংগীত মাজে মাজে মূৰটো কিছু লৰাই থাকিলেই হয়। তেতিয়া তেওঁ যথেষ্ট উৎসাহ পায়। তেওঁৰ কথাখিনি শুনি থাকোঁতে সেয়ে ময়ো তাকে কৰিলোঁ। 

দাদাৰেও প্ৰায়ে কয়, জানানে, তাই যেন বোৱাৰী নহয়, আমাৰ ছোৱালীহে। তাতে, তাইৰ দেউতাক এওঁৰ একেবাৰে লগৰে নহয়! তাহানি জে.বি.ত দুয়ো বোলে একেলগেই পঢ়া। 

আগতে দুয়ো হেনো ইজনে সিজনক তয়াহয়াকৈয়ে মাতবোল কৰিছিল। এতিয়াহেবিয়ৈহোৱাৰ পিছততুমিতামাখন কৰিবলৈ লৈছে। হলেও কি হ, মাজতে পাহৰি আকৌতইমইয়েই হয়গৈ। সেইবোৰ দেখিশুনি আমাৰ মানে হাঁহিয়েই উঠে, জানানে?” 

কথাষাৰ শেষ কৰাৰ আগতেই তেওঁ অলপ শব্দ কৰিয়েই হাঁহিবলৈ ধৰিলে। 

বুজিলোঁ। মানে, বোৱাৰীৰ পৰা মিতিৰৰ ঘৰখনলৈকে সকলো এওঁলোকৰ মন পচন্দৰেই হৈছে। সেয়েহে এওঁৰ মনত আজি ইমান আনন্দ। 

ঠিকেই আছে তেন্তে। সম্বন্ধবোৰ এনেকুৱা মনপচন্দৰ হোৱাটোৱেই লাগে। নহলে দেখোন বিয়াবাৰুবোৰত কোনোবা নহয় কোনোবা এটা পক্ষই কিবা নহয় কিবা এটা জেং লগায়েই। তাৰ পিছত আৰু ওখোনাওখুনি, কাজিয়াপেচাল, নমতানমতিখন হৈ এটা সময়ত বোলে এটা পক্ষই ঘৰ এৰি ওলায়ে গল আৰু টাউনত ভাৰাঘৰেই ললেগৈ। ঘৰখনত তেনে ধৰণৰ নাটক এখন নোহোৱাকৈ যে এওঁলোকে ইমান জোৰেজোখাৰে মিতিৰঘৰ পাইছে, ভালেই হৈছে। 

 হঠাৎ মন কৰিলোঁ, গাড়ী আহি দেখোন বোকাখাতেই পালেহি। ভাবিলোঁ, চাহ একাপ খাই লোৱাই ভাল হব নেকি! 

চাহ খাবা? লা তেনেহলে। বোকাখাতৰ পেৰাৰে চাহকাপ ভালেই লাগিব। 

বাচখনৰ পৰা নামি কাষতে পোৱাএম. বি.’ বোলা ৰেষ্টুৰাখনতে চাহ একাপ খাই দুয়োৰে চাহমিঠাইৰ দামটো দি লাহেকৈ ওলাই আহোঁতেই তেওঁ আকহঠাতেমোৰ চাহমিঠাইৰ দামটো তুমিনো কিয় দিলাবুলি মোক জবাবদিহীয়েই কৰিলেহি। 

কিনো কওঁ আৰু! অগত্যা, ‘একো নাই, দিয়ক! জখলাবন্ধাত ভাতসাঁজৰ দামটো তেন্তে আপুনিয়েই দিববুলি তেওঁৰ চকুত চকু ৰাখি হাঁহি এটা মাৰিবলৈ চেষ্টা কৰিলোঁ। 

মোৰ কথাষাৰ শুনি তেওঁ হঁহাৰ দৰেই কৰিলে যদিও লগতে কিছু আফ্‌চোচো কৰিলে কাৰণ তেওঁ হেনো সোমবাৰে দুপৰীয়া ভাত নাখায়। সেয়ে, ঘৰৰ পৰাই টিফিন কেৰিয়াৰটোতে ৰুটিচব্জি অলপ লৈয়ে আনিছে। ভোক লাগিলে বোলে তাকে খাব। 

উপায় নাই, তেন্তে। অগত্যা, জখলাবন্ধাত অকলেই ভাতসাঁজ খাই ললোঁগৈ। 

ভাত খালা? এৰা পাই, তোমাক অকলে পঠিয়াই বেয়াই লাগিছিল। পিছে, কি কৰিবা আৰু! ব্ৰতৰ কথা যে! ভংগ কৰিবলৈ ভয় লাগে নহয়!” 

 খাইবৈ আহি চিটটোত বহি লৈ ফেইচবুকটোকে অলপ চাই লওঁ বুলি ফোনটো উলিয়াই লওঁতেই যেনিবা তেওঁৰ আফ্‌চোচ্‌ভৰা কথাষাৰ মোৰ কাণত পৰিলহি। বেয়াই লাগিল। মানে, ভাতসাঁজ একেলগে খাব নোৱাৰা বাবে বেয়া লাগিল। তথাপিও যেনিবা মোৰ এটাই সান্ত্বনা হল যে মই আগবঢ়াই দিয়া তামোলখন তেওঁ আগ্ৰহেৰেই হাত পাতি ললে আৰুতামোলৰো যে আজিকালি ইমান দাম হৈছেবুলি লগতে কিছু খেদ প্ৰকাশো কৰিলে। 

 হঠাৎ দেখিলোঁ, নবৌৰ সমুখৰ চিটটোত বহি থকা যাত্ৰীজনে, কি ভাবি জানো, তেওঁৰ চিটটো ইমানেই বেছিকৈ হাওলাই দিলে যে নবৌৰ প্ৰায় মুখতে লাগো লাগো যেন হলহি। বাধ্য হৈ তেওঁ সিজনক অলপ টানকৈয়ে কলে আৰু সিজনেও চাগে মহিলা এগৰাকীৰ দমটো শুনিয়েই একো নকৈ লগে লগেই চিটটো চিধা কৰি ললে। 

দেখিছানে তেওঁৰ কাৰবাৰটোবুলি মোলৈ চাই নবৌৱে পিছে এইবাৰ ওঁঠযুৰি বেঁকা কৰি তাচ্ছিল্যৰ হাঁহি এটা মাৰি অলপ মজাকেই কৰিলে। 

কথাটো অৱশ্যে হয়ো। জীৱনত কোনেও জোখতকৈ বেছি আৰামৰ কথা ভাবিব নোৱাৰে। এজনৰ আৰামটো আন এজনৰ বাবে অসুবিধাৰ কাৰণো হব পাৰে। 

মাজতে মোৰ কি মন গল জানো, তেওঁক বোলো ৰাজেনদাৰ মাকৰ কি খবৰ! 

বুঢ়ীৰ ভালেই। বৰ্তমান গাঁৱৰ ঘৰতে আছে। উঠি কৰি ফুৰিব পৰাই হৈ আছে। 

বুঢ়ী! কি শুনিছোঁ মই! যিয়েই নহওক, তেওঁক এইবাৰ বোলো, এই বৃদ্ধ বয়সত মানুহগৰাকীক গাঁৱৰ ঘৰখনত অকলে অকলে থাকিবলৈ দিয়াতকৈ তেওঁলোকে দেখোন লগতে ৰাখিব পাৰে। 

! থাকিবহে হয়! আমাৰ টাউনৰ ঘৰত গাঁৱৰ ঘৰখনৰ দৰে আজাদীটো তেওঁ নাপায় যে! পুৱাগধূলি গাঁও ফুৰিবলৈয়োতো ইয়াত নাপায়। গতিকে, ত থাকিব! তথাপিও, আমি এবাৰ কৈ চাইছিলোঁ। কিন্তু, নাই, নুশুনিলেই। বোলে, মই লাগিলে গাঁৱৰ ঘৰতে মৰিম। তথাপি বেলেগ ঠাইলৈ নাযাওঁ। শেষত, এইবোৰ চিন্তা কৰিবলৈ বাদেই দিলোঁ আৰু!” 

কথাকেইষাৰৰ উপৰিও তেওঁৰ মুখভঙ্গীটো দেখিহে আমোদ পালোঁ। বুজিলোঁ। এওঁ মানে ঘৰখন লেতেৰা কৰিবলৈ বুঢ়ীক সুবিধাটো নিদিয়ে। কিন্তু, এৱোঁতো এদিন বুঢ়ী হবগৈ। তেতিয়া এওঁৰ মৰমৰ বোৱাৰীয়েও যদি

আনে কি ভাবে নাজানো। আমি কিন্তু তেওঁক নেগলেক্ট নকৰোঁ, জানানে? সিবাৰেই এতিয়া মাজনীৰ বাৰ্থদেত তেওঁ আহিছিল নহয়! আবেলি এওঁক ময়ে কলোঁ, বোলো মাৰাক গাড়ীৰেই নি ঘৰত থৈ আহাঁগৈ! ঘৰত গাড়ী থাকিও বুঢ়ী মানুহজনীক টেম্পোত পঠিয়াবলৈ বেয়া লাগে নহয়! পিছে, বুঢ়ীয়ে বোলে হব হ, মই টেম্পোতে যাব পাৰিম। একো নহয়। তেওঁ এনেকুৱাখন কৰিলে আমিনো কি কৰিম বাৰু, কোৱাচোন!” 

হঠাৎ মন কৰিলোঁ, বাচখন ইতিমধ্যে খানাপাৰা পালেহি। নামিবৰ সময়ত তেওঁক বোলো, তেওঁ পিছে এতিয়া কিহত যাব! 

সি গাড়ী লৈ আহিবইবুলি সামান্য হঁহাৰ দৰে কৰি তেওঁ গহীনত বহি থাকিল। 

বাচখন ৰখোৱাত বেগটো পিঠিতে লৈ নামি আহিলোঁ আৰু কাষতে পোৱা অট এখনতে জাপ মাৰি উঠিলোঁ। অটখনত উঠি লৈ মুখখন ঘূৰাওঁতেই হঠাৎ দেখিলোঁ, ফোনটো এবাৰ কাণত লগাই আনবাৰ মণিটৰখনলৈ চাই নবৌ দেখোন এইবাৰ যথেষ্ট বিব্ৰত হৈয়ে উঠিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!