পৰিবৃত

লেখক- মনস্বী শৰ্মা

মগু দাইলত বিলাহী, ফুলকবি আৰু আলু দিয়া হবিষান্ন মুঠি খাই বিছনাখনত দীঘল দি পৰি দিলোঁ। দিনটো উপবাসে থাকি পেটত কিবা এটা পৰাতহে ভাল লাগিল। তেওঁ এৰি থৈ যোৱা বছৰেকেই হবৰ হল। কাইলৈ তেওঁৰ বছৰেকীয়া। এই তিনিশ চৌষষ্ঠি দিনৰ এনে এটা দিনো যোৱা নাই যিদিনা তেওঁৰ অনুপস্থিতিয়ে মোক বিষন্ন কৰা নাই। মৃত্যুৰ পিছতহে মানুহৰ গুণৰাজিৰ উপলব্ধি হোৱা কথাটো মোৰ ক্ষেত্ৰত আখৰে আখৰে যেন ফলিয়াইছিল। জীয়াই থাকোঁতে তেওঁৰ মূল্য মই বুজি নুঠিলোঁ। হয়তো সেয়ে, তেওঁ অভিমান কৰি মোক অকলশৰীয়া কৰি এৰি থৈ গল। 

মাদেউতাৰ একমাত্ৰ সন্তান আছিলোঁ। স্বাভাৱিকতেই একমাত্ৰ সন্তানৰ সমস্তখিনি সুবিধা মই পাইছিলোঁ। দেউতামায়ে মোক অতি মৰমেৰে তুলিছিল বাবেই হয়তো বহু কথা মই দকৈ চিন্তা নকৰিছিলোঁ। কৰাৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিলোঁ। কিন্তু, মাদেউতাৰ মই বাধ্য সন্তান আছিলোঁ। দেউতাৰ স্কুলৰ কেৰাণী চাকৰিটোৰে আমাৰ আকালো নাছিল, ভঁৰালো নাছিল। পঢ়াত মই মজলীয়া আছিলোঁ। তথাপিও স্নাতক ডিগ্ৰীটো লৈয়েই কোনো লেনদেন নকৰাকৈ এটা চৰকাৰী চাকৰি পোৱাৰ ভাগ্য মোৰ হৈছিল। চাকৰিটো হোৱাৰ পিছতেই মা দেউতাই মোৰ বিয়াৰ কথা চিন্তা কৰিলে। অকলে থকাটো অসুবিধাৰ কথাই। ভাতচাত ৰান্ধিবলৈয়োটো কোনোবা এজনী লাগে। প্ৰেমত যে মই পৰা নাছিলোঁ, এনে নহয়। কিন্তু, মই প্ৰকাশ কৰিবলৈ লোৱাৰ আগতেই তেওঁ আনৰ হৈ গৈছিল। গতিকে, মা দেউতাই পচন্দ কৰা গৰাকীকে মোৰ জীৱনসঙ্গী কৰাত আপত্তি নাই বুলি মই মোৰ ফালৰ পৰা ইঙ্গিত দিলোঁ। মোৰ জীৱনসঙ্গী কেনেকুৱা হব লাগে, সিমানখিনি চিন্তা কৰিব পৰা বিধৰ মানুহেই নাছিলোঁ। কেবাগৰাকীকো চাইচিতি এদিন মায়ে খবৰ দিলেহি, ৰঙাপাৰাৰ ফালে এজনী ছোৱালীৰ খবৰ ওলাইছে। তেওঁলোকে আলেঙে আলেঙে চোৱাচিতা কৰিলে। এতিয়া মই যদি পচন্দ কৰোঁ, কথা আগবঢ়াব পাৰে। কথামতেই কাম। এদিন ঘৰৰ তিনিওজন গলোঁ। মাৰ মতে, বেছি ধনী ঘৰৰ ছোৱালী চাই লাভ নাই। আমাৰ মধ্যবিত্তৰ জীৱন শৈলীৰ লগত মিলিব নোৱাৰিব নয়না, খেতিয়কৰ ঘৰৰ ছোৱালী। মিলিজুলি খাব পাৰিব। অৱশেষত, ঘৰে পচন্দ কৰা মতেই মই নয়নাক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিলোঁ। একমাত্ৰ লৰাৰ বিয়া বুলি বিয়াখনো বেছ আড়ম্বৰেৰেই পতা হল। জোৰোণত পাটৰ ছেট ন যোৰ, সোণৰ গহনাৰ মেইন ছেট, চেকেণ্ড ছেট। তদুপৰি সোণপানী চৰোৱা ঢোলবিৰি আদি গহনাই মাৰ ভাষাত ছোৱালীয়ে সাতজনমত দেখি নোপোৱা বস্তুৰে ৰভাতলি শুৱনি কৰি তোলা হল। নয়নাই আমাৰ ঘৰখনৰ আদৱকায়দাবোৰ অতি সহজতেই আপোন কৰি ললে। অৱশ্যে, মোৰ তেওঁক কোনোদিন সোধা নহ, তেওঁ কৰবাত অসুবিধা পাইছে নেকি! প্ৰয়োজনবোধ নকৰিলোঁ প্ৰকৃততে। খেতিয়কৰ ঘৰৰ ছোৱালী। গাঁৱৰ ছোৱালী এজনীয়ে টাউনলৈ আহি অসুবিধা পোৱাৰনো কি কথা থাকিব পাৰে, তেনে এক মানসিকতা লৈয়ে থাকিলোঁ। মই মাথোঁ এটাই ভাবিলোঁ, মাদেউতা সুখেৰে থাকিলেই হল। বোৱাৰীৰ পৰা তেওঁলোকে যাতে কোনো কষ্ট নাপায়, এই কথা মই নয়নাক প্ৰকাশ্যে নকৈ প্ৰকাৰন্তৰেই বুজাবলৈ চেষ্টা কৰিলোঁ। তেওঁ বুজিলে নে নুবুজিলে, নাজানিলোঁ। 

বিয়া বুলি লোৱা ছুটী শেষ হোৱাত কৰ্মস্থলীলৈ উভতি আহিলোঁ। মায়ে দুদিনমান মিতিৰকুটুমৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰো ফুৰিব লাগিব বুলি কৈ নয়নাক মোৰ লগত আহিবলৈ নিদিলে। মই মাহে মাহে আগতেও ঘৰলৈ এপাক মাৰোঁ। গতিকে, সেই নিয়মটো চলিয়েই থাকিল। দুদিনৰ ছুটী লৈ যোৱা সেই দুদিনত নয়নাক লৈ কেতিয়াবা টাউনৰ ফালে ওলাই যাওঁ। কেতিয়াবা উলটি অহা পলম হলে মাৰ গোমা মুখখনে মোক বুজাই দিয়ে, মই ভাল কাম কৰা নাই। আজিৰ দৰে সেই সময়ত মোবাইল ফোনৰ ব্যৱস্থাটো নাছিল। লেণ্ডফোনটোও ড্ৰয়িং ৰূমত থকাৰ বাবে বেছি কথা পাতি থাকিবলৈ ভাল নালাগে। সেয়ে নয়নাৰ লগত কথা বতৰা পতাও মোৰ খুব কমেই হয়। এমাহ, দুমাহকৈ প্ৰায় এবছৰেই হৈছিল আমাৰ বিয়াৰ। তথাপিও মায়ে নয়নাক মোৰ লগত পঠিওৱাৰ কথা নকলে। অৱশ্যে, মোৰো সাহস নহল তেওঁক লৈ অহাৰ কথা কবলৈ। তেওঁকো সোধা নহল তেওঁ যাব বিচাৰেনে বুলি।

চাওঁতে চাওঁতে নয়না অন্তঃসত্ত্বা হল। মায়ে ফোনতে খবৰটো দিলে। খবৰটো পাই মই পিছদিনাই ঘৰ ওলালোঁগৈ। মোৰ মন গৈছিল মই যেন নয়নাক সাবটি ধৰি একোলা লম। কিন্তু নোৱাৰিলোঁ। মায়ে কলে, ‘কোনো খবৰ নিদিয়াকৈ হঠাৎ আহিলি যে! আৰু ইমানবোৰ ফলমূল নষ্ট হবলৈ কিয় আনিলি? আমিওতো লৰা জন্ম দি দিছোঁ। ইমানবোৰ দৰকাৰ নাছিল নহয়!’ মাৰ কথাকেইষাৰত মই একো কব নোৱাৰিলোঁ। আচলতে, জীৱনত মাৰ মুখে মুখে উত্তৰেই দি নাপালোঁ। প্ৰথম বাৰৰ বাবে নয়নাৰ হাতত টকা দুহেজাৰ গুজি দি কৈছিলোঁ, কেতিয়াবা দৰকাৰ হব পাৰে, ৰাখি থোৱা। মাজে মাজে গৰমত তাই চটফটাইছিল। মোক কৈছিল, দুটামান মেক্সি আনি দিবলৈ এইকেইদিনৰ বাবে। ইমান গৰম উঠে। ফেনখনে হেনো কামেই নিদিয়ে। অন্ততঃ ৰাতি পিন্ধিব পাৰিব। মাক মেক্সি পিন্ধা কোনোদিনে নেদেখা মই সেই দুটা আনি দিয়াৰ চিন্তা মনলৈ নানিলোঁৱেই। গলেই দিনেৰাতিয়ে পাকঘৰতেই নয়নাক দেখোঁ। এইকেইটা দিনত কাম বন কৰি থাকিলে বোলে নৰ্মেল হওঁতে সুবিধা হয়। এইবোৰ মাৰ মুখত শুনা কথা। নটা মাহ কেনেকৈ পাৰ হ, ধৰিবই নোৱাৰিলোঁ। এদিন অফিচ গৈ পোৱাৰ পিছতেই অফিচৰ ফোনত দেউতাই খবৰ দিলে যে তেওঁ পুৱা চাৰি মান বজাত এটা নাতি পোৱালি পালে। লগে লগে অফিচৰ পৰা ঘৰলৈ বুলি গাড়ীত উঠিলোঁ।

আহিয়েই গা পা ধুই লৰাটো চাবলৈ গলোঁ। লৰাটো ললে প্ৰত্যেকবাৰেই গা ধুব লাগে। গতিকে, পিছলৈ দূৰৈৰ পৰাই চাবলৈ ললোঁ। ৰাতি ৰাতি সি কান্দে। নয়নাই ওমলায়। মই পিছদিনা মায়ে কলেহে গম পাওঁ লৰাটোৱে ৰাতিটো কান্দি আছিল বুলি। লাহে লাহে আমাৰ কণমানিটো ডাঙৰ হয়। নয়নাৰ কামৰ তালিকাখন দীঘল হয়। ঘৰলৈ গলে মন কৰোঁ নয়নাৰ অলপতে খং উঠে। মা দেউতাৰ ওপৰত থকা খংঅভিমানবোৰ, মোৰ দায়িত্বহীনতাৰ এখন দীঘল তালিকা এদিন তাই মোৰ আগত একেলেঠাৰীয়ে গাই গল। তেওঁৰ অন্তৰত যে ইমানবোৰ কথা আছিল আচলতে মই কল্পনাই কৰা নাছিলোঁ। মায়েও কৰা দেখিছিলোঁ যিবোৰ কাম তেৱোঁ কৰিছিল। তাত কিবা ভুল থকা বুলি মোৰ মনে নকৈছিল। মোৰ ধাৰণা আছিল বোৱাৰী হিচাপে মাহঁতে নয়নাক বিয়া পাতি আনিছে। গতিকে, সেই দায়িত্ব পালন কৰাটো তেওঁৰ কৰ্তব্য। মাজে মাজে আমাৰ যুক্তি তৰ্ক চলি থাকিবলৈ ললে। সেই সময়তে মোৰ ঘৰৰ ওচৰলৈকে ট্ৰেন্সফাৰ হল। ভাল পালোঁ। এতিয়া সকলো অন্ততঃ একেলগে থাকিব পাৰিম। নয়নাৰ খংটো লাহে লাহে বাঢ়ি আহে। বেলেগক একো নকলেও ৰূমটোৰ ভিতৰতে তাই ভোৰভোৰাই থাকে। ঘৰলৈ আহি ময়ো বেছি এলেহুৱা হলোঁ। ইমান দিনে নিজে ৰান্ধি বাঢ়ি খোৱা মইটোৰ ভাগৰ লাগিল। পুৱা ন বজাত উঠি নয়নাই বাঢ়ি দিয়া গৰম গৰম ভাতকেইটা খাই সন্ধিয়া পাঁচ মান বজাতহে ঘৰ সোমোৱা হলোঁ। ৰাতিৰ সাজ নোহোৱালৈকে দিনটোৰ ভাগৰ মাৰো। কেতিয়াবা টি ভি চাই চাই, কেতিয়াবা মাৰ লগত কথা পাতি পাতি লৰাটোৰ লগত খেলা ধূলা কৰি। লাহে লাহে নয়নাৰ খংটোৱে মোক আৰু খঙাল কৰি তুলিলে। তাইক মৰমেৰে বুজোৱাৰ সলনি মই এদিন বুজাই দিলোঁ যে তাই গাঁৱৰ সেই ঠাইৰ পৰা আহি যে ইয়াত এনেদৰে মাছেভাতে খাব পাৰিছে সেয়াই কপাল তাইৰ। গতিকে, তাই মনে মনে নিজৰ কামবোৰ কৰি যোৱাটোৱেই শ্ৰেয় হব। তাইক বুজাই দিছিলোঁ যে তাই অনা বিছনা, চোফা চেটৰ মূল্য যে আমাৰ সেই কাপোৰ, গহণাৰ লগত কিমান পৰ্য্যায়ৰ। এনে কাজিয়াৰ কোনোবা এটা দিনত হয়তো মই তেওঁৰ ওপৰত হাতো উঠাইছিলোঁ। লৰাটোৱে দেখি কান্দি কান্দি চিঞৰিছিল, ‘মাক নামাৰিবা, মাক নামাৰিবা।মাক সি কৈছিল, ‘দেউতাই মাক মাৰিছে, আইতা।মাৰ উত্তৰষাৰি এতিয়াও মোৰ কাণত বাজে, ‘মাৰৰ গাত দোষ আছে চাগে!’ নয়নাই মাজে মাজে নিজৰে মৃত্যু কামনা কৰে। মই কথাষাৰ হাঁহি হাঁহি উৰুৱাই দিওঁ। নয়নাই কয়, ‘এতিয়া নুবুজিব মোৰ মূল্য। মই মৰিলেহে বুজিব এইখন ঘৰত মই কি? বাবা ডাঙৰ হলেই নিজৰ ভৰিত নিজে থিয় দিব পাৰিলেই ভগৱানে মোক মাৰি নিলেই হল আৰু।মই হাঁহি হাঁহি উৰুৱাই দিছিলোঁ কিবোৰ যে কোৱা বুলি। মই পানী এগিলাচো নিজে লৈ নোখোৱা মানুহটোৰ লৰাক নয়নাই নিজৰ কাম নিজে কৰিবলৈ শিকাইছিল। মায়ে নাতিয়েকৰ কষ্ট দেখিয়েই নে নিজে অপমানিত হৈয়েই নাজানো, হুলস্থূল লগাইছিল। লগতে ময়ো। মোৰ লৰা মোৰ নিচিনা হব বুলি মই তাক কাম কৰাৰ পৰা বিৰত ৰাখিছিলোঁ। নয়নাই একো কোৱা নাছিল। লাহে লাহে তাই একো নোকোৱা হৈছিল। মাথোঁ কৈছিল, ‘মই মৰাৰ পিছত আত্মা হৈ চামহি আপোনাক।মই কথাষাৰত গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু নয়না যে এইখন ঘৰৰ বোৱাৰী, সেই কথা উপলব্ধি কৰাইছিলোঁ। এদিন মোৰ লগৰীয়া এজনে নয়নাক সুধিছিলহি, ‘আপুনি বিজিত চলিহাৰ পত্নী নহয় জানো?’ তেওঁ কৈছিল, ‘মই উপেন চলিহাৰ ঘৰৰ বোৱাৰীহে।কথাষাৰ পিছত আমি হাঁহি হাঁহি উৰুৱাইছিলোঁ যদিও এতিয়া উপলব্ধি কৰোঁ নয়না প্ৰকৃততে কি আছিল মোৰ বাবে। 

যিবোৰ কথা মই বুজি পোৱা নাছিলোঁ, আচলতে বুজি পায়ো চকু মুদা কুলি হৈ ৰৈছিলোঁ, সেইবোৰ কথা কিন্তু মোৰ লৰা অবিদিতে বুজি উঠিছিল। যিবোৰ কাম মই ছোৱালীয়ে কৰে বুলি ধাৰণা পুহি ৰাখিছিলোঁ সেইবোৰ কামত সি মাকক সহায় কৰিছিল। মায়ে কৈছিল, ‘একেবাৰে মাকৰ পুতেক।নয়নায়ো মাৰ কথাত কেতিয়াবা উত্তৰ দিছিল, ‘নহয় মা, বাপেক চাই পুতেক।মোৰ গালত যেন এটা প্ৰচণ্ড চৰ সোধাইছিল কোনোবাই। নয়নাই মাজে মাজে কৈছিল, মই না ভাল স্বামী হব পাৰিলোঁ, না ভাল দেউতাক। কিন্তু এজন পুত্ৰ হবহে পাৰিলোঁ। অবিদিত লাহে লাহে ডাঙৰ হয়। মা দেউতাও এজন এজনকৈ আমাক এৰি গুচি গল। মা যেন মোৰ বাবে এপাত ক্ষেপনাস্ত্ৰ হৈ আছিল যি পাত অস্ত্ৰই মোক সাহস দি আছিল। কিন্তু মাৰ মৃত্যুৱে মোক এক ভয়ৰ মাজলৈ লৈ গল আৰু সেই ভয় লুকুৱাবলৈ আগতকৈ বেছি কৰ্কশ হৈ পৰিলোঁ। নয়নাৰ কিন্তু এইবোৰ একোলৈকে ভ্ৰূক্ষেপ নাই। আচলতে নয়নাই গোটেই ঘৰখন ইমান নিয়াৰিকৈ চলাই গৈছিল যে মা দেউতাৰ আবৰ্তমানতো তেওঁৰ একো অসুবিধা হোৱা নাছিল। হয়তো মোৰ প্ৰতি তেওঁৰ হৃদয়ত থাকি গৈছিল বিদ্ৰোহ, ঘৃণা আৰু চৰম নিৰাসক্তি। অবিদিতে সদায়েই স্কুলৰ পৰা আহি মাকক দিনপঞ্জী গায়। কাষৰ ৰূমটোৰ পৰা মই শুনি থাকোঁ। নয়নাই কেনেকৈ তাৰ হৃদয়ত ইমান গভীৰলৈ

সোমাই গ, মই তৰ্কিবই নোৱাৰিলোঁ। অৱশ্যে কোনোদিনে সি মোক অৱমাননাও কৰা নাই। হায়াৰছেকেণ্ডেৰী পাছ কৰি সি ইঞ্জিনীয়াৰিং পঢ়িবলৈ গুৱাহাটীলৈ গৈছিল। নয়না আৰু মই তাক জালুকবাৰীত থবলৈ গৈছিলোঁ। উভতি আহিবৰ সময়ত নয়নাই উচুপি উঠিছিল। জীৱনত প্ৰথম বাৰ আমি ইমান দীঘলীয়া যাত্ৰা কৰিছিলোঁ। গুৱাহাটীৰ পৰা লক্ষ্মীমপুৰলৈ এই যাত্ৰাত মাথোঁ আমি দুয়ো আছিলোঁ। বিয়াৰ পিছত নয়নাই অভিযোগ কৰিছিল কলৈকো ফুৰাবলৈ নিনিয়াৰ বাবে। বিয়াৰ ঊনৈশ বছৰৰ পিছত এই যাত্ৰাত মোৰ তেওঁক সুধিবলৈ মন গৈছিল, ভাল লাগিছেনে বুলি? কিন্তু সেই মুহূৰ্তত সেই প্ৰশ্নটোৱেই যেন ভুল হ, মোৰ তেনে এটি অনুভৱ হৈছিল। অপৰাধবোধ এটাই মোক চুই গৈছিল। ঘৰখনত আমি ৰৈ গৈছিলোঁ দুটা প্ৰাণী। লৰাই দিনটোত এবাৰ ফোন কৰি খবৰ লয়। মাজে সময়ে আমিও লওঁ। তেতিয়াও ঘৰখনত মই ৰজাৰ দৰেই আছিলোঁ কাৰণ নয়নাক সহায় কৰা মানেই মই মোৰ পুৰুষত্বক লাঘৱ কৰা। মই মোৰ ভাল লগা বস্তুবোৰ আনি দিছিলোঁ আৰু নয়নাই মোক বনাই বনাই খুৱাইছিল। আগৰ দৰেই নয়নাই মোক আগতে ভাত খাবলৈ দি পাকঘৰৰ কাম সামৰি মোৰ খাই শেষ হোৱাৰ পিছতহে নিজে খাইছিল। এদিন মই কৈছিলোঁ, তোমাৰ ভাতকেইটাও আনা একেলগে খাম দুয়ো। তেওঁ কৈছিল, ভাতমুঠি অন্ততঃ মনৰ শান্তিৰে খাওঁ। ভাজি ভাল নহ, দালি ভাল নহ, আগতে খাই ললে ভাতমুঠি হজম হওঁতে সুবিধা হয়। সেইদিনাও দুষাৰিমান কৈহে মই ভাত শেষ কৰিছিলোঁ কাৰণ পত্নীৰ আগত মুখবন্ধ কৰি থকা মানে তেওঁৰ ওচৰত হাৰ মনা। তেওঁ একো আৰু উত্তৰ নিদিলে। পাকঘৰৰ পৰা বাচন বৰ্তনৰ শব্দবোৰ শুনা গল। এনেদৰেই আমাৰ দিনবোৰ পাৰ হল। মাজতে বন্ধই চন্ধই লৰাটো আহি থাকিল। এদিন আহি সি মোক সুধিলে, ‘দেউতা মাৰ বাৰ্থডে কেতিয়া?’ আচলতে কেতিয়াবা অফিচিয়েল কামত দৰকাৰ হয় যদিও মই কোনোদিনেই তেওঁৰ বাৰ্থডেৰ কথাটো ভাবিয়েই চোৱা নাই। নাজানো বুলি কৈ মই সেই ঠাই ত্যাগ কৰিলোঁ। সি কৰপৰা কেনেকৈ উলিয়ালে নাজানো, এদিন ঘৰলৈ আহি মাকৰ বাবে এটা কেক আনিলে। জীৱনত ময়েই তেতিয়ালৈকে কেক এটা কাটি পোৱা নাছিলোঁ আৰু নয়নাৰ এই ভাগ্য দেখি মই যে ঈৰ্ষান্বিত হৈছিলোঁ, তাত কোনো সন্দেহ নাই। নয়নাই কেক নাকাটে, পুতেকেও নেৰে। শেষত ময়ো নকৰিলে বেয়া হয় দেখিয়েই তেওঁৰদ্বাৰা কেকটো কটালোঁ। অৱশ্যে, ইয়াৰ পিছৰ বাৰত মোৰ বাবেও সি কেক এটা আনিছিল। সেইবাৰ মোৰ লৰালি দিনৰ পৰা চলি অহা লুচি ভাজি পায়সৰ লগতে কেকটোৱেও স্থান পালে। ইঞ্জিনীয়াৰিং কমপ্লিট কৰি সি গুৱাহাটীতেই চাকৰিত জইন কৰিলে। নয়নাই সেইদিনা কৈছিল, এতিয়া যমে নিলেও মোৰ চিন্তা নাই। বিয়াখন পাতি থৈ যাব পাৰিলেতো আৰু নিশ্চিন্ত। মই নিশ্চিত আছিলোঁ, তেওঁতকৈ মই আগতেই পৰলোকলৈ গমন কৰিম কাৰণ আমাৰ থিয়ৰিটোও তেনেকুৱাই। পত্নীতকৈ পুৰুষৰ মৃত্যুহে প্ৰায়ে আগত হয়। গতিকে, মই নিশ্চিন্ত আছিলোঁ যে মোৰ মৃত্যু আগতেই হব। 

চাকৰিত জইন কৰাৰ পিছত নয়না এইবাৰ তাৰ বিয়াৰ চিন্তাত লাগিল। সি ভালপাই থকা ছোৱালীজনীৰ লগত তেওঁ মাজে মাজে কথাও পাতে। আমাৰ ওচৰৰে তাই। এদিন বাবাক মাতি আমি গৈ আঙুঠি পিন্ধাই থৈ আহিলোঁ। প্ৰায় ছমাহমানৰ পিছতে দুয়োটাৰে বিয়াখন পাতি দিয়া হল। বিয়াৰ এসপ্তাহৰ পিছতেই সি যাবলৈ ওলাল। যাবলৈ ওলাই দুয়োটাই মোক সেৱা কৰিলতহে গম পালোঁ বাবাৰ লগত যে মূৰ্চ্ছনাও যাব। আচলতে মই নিশ্চিত আছিলোঁ যে মই নিনিয়াৰ দৰে বাবায়ো মূৰ্চ্ছনাক লগতে লৈ নাযাব। মই আচৰিত হৈছিলোঁ বেছিকৈ এইটো জানি যে পিছৰ সপ্তাহতে সি আহিব বুলি জানিও নয়নাই জোৰ কৰি দুয়োটাকে একেলগেই পঠিয়ালে। তাতোকৈ বেছি আচৰিত হৈছিলোঁ যেতিয়া বিয়াৰ দুদিনৰ পিছতেই নয়নাই বজাৰৰ পৰা দুযোৰ চেলোৱাৰ আৰু নাইটি আনি মূৰ্চ্ছনাক দিছিল। অৱশ্যে মূৰ্চ্ছনাক পিন্ধা মই দেখা নাছিলোঁ তাত। বাবাৰ বিয়াৰ ছমাহ মানৰ পিছতেই নয়নাই প্ৰায় এসপ্তাহ নাৰ্চিংহোমৰ বিছনাত জীৱন মৃত্যুৰ সৈতে যুঁজি যুঁজি আমাক এৰি থৈ গলগৈ। জীৱনটো তেওঁ বিচৰা ধৰণে নাপালে বাবেই হয়তো মৃত্যুৱে তেওঁক তেওঁ বিচৰা ধৰণৰেই আকোঁৱালি ললে। 

নয়না গলগৈ। ওহো, নয়না অকলে নগ, লগতে মোকো লৈ গল। যিজনী মানুহৰ জীৱন্ত অৱস্থাত মই মূল্য বুজি নাপালোঁ, সেইজনী মানুহে মৃত্যুৰ দিন ধৰি আজিলৈকে মোক মৰ্মে মৰ্মে উপলব্ধি কৰোৱাইছে মোৰ জীৱনত তেওঁ কোন আছিল? তেওঁৰ স্থান কি আছিল মোৰ জীৱনত। অথচ তেওঁৰ বিষয়ে একো নজনাকৈয়ে মই পাৰ কৰিলোঁ তেওঁৰ সৈতে সুদীৰ্ঘ পঁচিশটি বছৰ। তেওঁ কোৱা কথাকেইষাৰ যেন আখৰে আখৰে ফলিয়াইছে মোৰ জীৱনত। শ্মশানৰ পৰা ঘূৰি আহি নয়না নথকা ঘৰটোত সোমায়েই মই অনুভৱ কৰিছিলোঁ, সৌৱা নয়নাই মোলৈ চাই যেন অট্টহাস্য কৰিছে। পিণ্ডদানত কি কি লাগিব সুধোতে পুৰিহিতে কৈছিল, ’মৃতকে ভালপোৱা বস্তু গোটাব।মনৰ ভিতৰতে বাৰে বাৰে জুকিয়াইছিলোঁ, কি ভালপাইছিল নয়নাই? মই যে কোনো দিন তেওঁক সোধাই নহল। মাত্ৰ নিজৰ পচণ্ডত বজাৰখন কৰি আনি কোনটো সাজত কি বনাব লাগিব তাৰ অৰ্ডাৰ হে দিছিলোঁ লগতে দাম বঢ়া বস্তু বেছিকৈ খৰচ নকৰিবলৈ সকিয়াই দিছিলোঁ। কিন্তু কোনো দিন মই তেওঁক সোধা নাছিলোঁ, তেওঁৰ প্ৰিয় বস্তুবোৰৰ বিষয়ে। ভিতৰি ভিতৰি এখন লিষ্ট তৈয়াৰ কৰিছিলোঁ, মূৰ্চ্ছনাই নয়নাই কি ভাল পাই বুলি সুধিবলৈ আহিলে উত্তৰ দিবলৈ। পিছদিনা পুৱাই পিণ্ডদানৰ সময়ত মূৰ্চ্ছনাই এপদ এপদকৈ উলিয়াই দিছিল নয়নাৰ প্ৰিয় বস্তুবোৰ। নাৰিকলৰ লাড়ু, ৰচগোল্লা, সন্দেশ। মনতে জুকিয়াই চাইছিলোঁ এইকেইটা বস্তু নয়নাই খাওঁতে কেনেদৰে খাইছিল, পৰম তৃপ্তিৰে? মূৰ্চ্ছনাও সেইকেইদিন ব্যস্ত হৈ পৰিছিল। মনে মনে ভাবিছোঁ নয়না নাইকিয়া হোৱা বাবে মূৰ্চ্ছনাই ভাল পাইছেনেকি বাৰু? এঘাৰ দিন কেনেকৈ পাৰ হৈছিল নাজানো। আদ্যশ্ৰাদ্ধৰ বাবে নয়নাৰ এখন ফটো বন্ধাই অনা হৈছিল। নয়না আৰু মই একেলগে উঠা ফটো নাই বুলিলেও মিছা কোৱা নহয়। বাবাৰ বিয়াতে একপি একেলগে উঠিছিলোঁ। বাবাৰ কেমেৰাত থকা তাৰ বিয়াৰ একপি ফটোকে সি বন্ধাই আনিছিল। মূৰ্চ্ছনাই বকুল ফুলৰ মালা এঢাৰি ফটোখনত আঁৰি চাকিগছি জ্বলাই সেৱা এটি কৰিছিল। বাবাই চিঞৰি চিঞৰি মূৰ্চ্ছনাক কৈছিল, ‘মায়ে ভালপোৱা বৰালি মাছৰ টেঙা জোল, মাটি দাইল, লুচি আৰু বুটৰ দালিখন বনাই হলে মোক খবৰ দিবা। হেল্প লাগিলে মই কৈ থৈ আহিছোঁ। কোনোবা এগৰাকীক কৈ দিলেই হল।বাবাৰ মুখত নয়নাই ভালপোৱা বস্তু দুবিধমানৰ নাম আকৌ শুনি আচৰিত হলো। মাটি দাইল আমাৰ ঘৰত কোনেও ভাল নাপায়। বৰালি মাছ খালে বেমাৰে উকাই বুলিয়েই দেউতাই নিকিনে। গতিকে, খুব কমেইহে খোৱা হয়। তেতিয়াহলে নয়নাই এই পঁচিশটা বছৰে নিজৰ প্ৰিয় খাদ্য খায়েই নাপালে নেকি? হাজাৰ প্ৰশ্নই মোক জুমুৰি দি ধৰিছিল। 

শ্ৰাদ্ধ বিধি শেষ হৈছিল। দুদিনমান পিছত বাবা কামলৈ ওলাইছিল। মূৰ্চ্ছনাক যাবলৈ কোৱা সত্ত্বেও তাই এমাহ মান থকাৰ পিছতহে গৈছিল। মোৰ চাকৰি যিহেতু আৰু কেইবছৰমান আছিল সেয়ে মই ব্যস্ত হলোঁ অফিচৰ কামত। কিন্তু মূৰ্ছনা যোৱাৰ পিছতহে লেঠাটো লাগিল। ঘৰখনৰ কামৰটোও নজনা মই ভাতমুঠি ৰান্ধিবলৈ নোযোৱাও আজি বহু বছৰেই হল। উপায় নাপাই সহায় কৰিবলৈ গাঁৱৰে লৰা এটা লগত ৰাখি ললোঁ। তথাপিও নয়নাৰ নিচিনা পৰিপাটিকৈ ঘৰখন ৰাখিব নোৱাৰা হলোঁ। মাজতে পূজাৰ দুদিনমান বন্ধ থকাত বাবাই গুৱাহাটীলৈকে মোক লৈ গৈছিল। সেই দিনকেইটাই মোক শিকাই গৈছিল নয়নাই বাবাক লৰা হিচাপে গঢ় দিয়া নাই, মানুহ হিচাপেও গঢ়ি থৈ গল। যিবোৰ কামে কাপুৰুষ কৰি তুলিব বুলি মই নকৰিছিলোঁ সেইবোৰ কাম বাবাই সৎপুৰুষৰ দৰেই কৰে। নয়না আৰু মোৰ, মা আৰু দেউতাৰ মাজত যি সম্পৰ্কৰ অভাৱ ৰৈছিল বাবা আৰু মূৰ্চ্ছনাৰ মাজত সেই আত্মাৰ সম্পৰ্ক হৈছিল। দুয়োটাই সমানে হাঁহিছিল, সমানে খিলখিলাইছিল, সমানে কামৰ ভাগ বতোৱাৰা কৰিছিল। বিশেষকৈ, দুয়োৱে দুয়োক বুজিছিল। দুয়োৰে মাজত বৈ গৈছিল প্ৰেমৰ অমিয়া ধাৰা। যাৰ অভাৱ নয়না আৰু মোৰ সম্পৰ্কত হৈছিল। দুদিনমান থাকিয়েই গুচি আহিছিলোঁ। ঘৰটোত সোমায়েই অনুভৱ কৰিছিলোঁ নয়নাই যেন 

মোলৈ চাই তাচ্ছিল্য কৰিছে। তেওঁৰ গালত অঁকা মোৰ সেই পাঁচটা আঙুলিৰ চিন যেন তেওঁ স্পৰ্শ নকৰাকৈয়ে মোৰ গালত বহুৱাইছিল। 

কাইলৈ নয়নাৰ বছৰেকীয়া। বাবাহঁত অহা আজি চাৰিদিন মানেই হল। এইবাৰ নয়নাৰ প্ৰিয় বস্তুবোৰ মই গোটাইছোঁ। হয়তো তেওঁ চাই চাই মোক হাঁহিছে। তেওঁৰ অনুপস্থিতিত মই কেনেদৰে আছোঁ। কেনেকৈ বুজাও তেওঁক জীৱন্ত কালত মই তেওঁৰ বিষয়ে ইমান গুণাগথা কৰা নাছিলোঁ চাগে যিমানখিনি মই তেওঁৰ মৃত্যুৰ পিছত কৰিছোঁ। আজিকালি ময়ো মৃত্যু কামনা কৰোঁ। যাব বিচাৰোঁ তেওঁৰ ওচৰলৈ, ব বিচাৰোঁ বহু কথা, যি কথা নহল কোৱা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!