ৰাধা ৰুক্মিণী আৰু এটা অলিখিত গল্প
লেখক- পুৰবী ৰয়
আজিকালিৰ প্ৰায়বোৰ গল্পৰ দৰেই মোৰ এই অলিখিত গল্পটিও অলপ জেদী, নিজৰ মতে চলিব বিচৰা ধৰণৰ। ই মোৰ সৈতে দিনে–নিশাই কথা পাতি থাকিবলৈ লৈছে। মই যেনেদৰে সজাম বুলি ভাবোঁ, যি ধৰণে শব্দৰ ব্যৱহাৰ কৰিম বুলি ভাবোঁ, সি তাৰ বিপৰীতে যাবলৈ বিচাৰে। নায়িকাক ওভোতগোৰে নাচিবলৈ উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰে। কাগজ উকা হৈ ৰয়, লেপটপৰো একেই অৱস্থা। গল্প এটা গল্পৰ দৰেই হৈ থাকিব লাগে। এইষাৰ কথানো মই বুজাওঁ কেনেকৈ?
মোৰ গল্পৰ নায়িকাগৰাকী এগৰাকী সাধাৰণ মহিলা। মাক–দেউতাকৰ বাধ্য, পঢ়া–শুনা শেষ কৰি ঘৰৰ মতত বিয়া হৈ খুব নিখুঁতভাৱে সংসাৰ এখন চলাই নিয়া এগৰাকী সহজ সৰল তিৰোতা যাৰ নাম ক, খ, গ যিকোনো হ’ব পাৰিলেহেঁতেন। মই যেনিবা নাম দিলোঁ ৰুক্মিণী। আচলতে, কাহিনীটো লিখিম বুলি ভাবি থাকোঁতেই মই আহি থকা বাছখনৰ কণ্ডাক্টৰজনে চিঞৰি আছিল, ‘ৰুক্মিণী গাঁও, ৰুক্মিণী গাঁও, খালী গাড়ী, খালী গাড়ী…’ । বচ, ৰুক্মিণী নামটো মনত থাকি গ’ল। তেতিয়াৰে পৰা গল্পটোৰ প্ৰথমটো অনুযোগ! নামটো ভাল লগা নাই। আৰে বাবা, নামটোতনো কি আছে! পিছে নায়িকাৰো মুখ গোমা, বোলে নামটোতেই চোন সকলোখিনি আছে!
বুজি পাইছোঁ, গল্পটোৱে ইতিমধ্যেই মোৰ নায়িকাক নিজৰ নিয়ন্ত্ৰণলৈ আনি লৈছে। এতিয়া মই হাজাৰ চেষ্টা কৰিলেও তাইক মোৰ মতে সজাই তুলিবলৈ সহজ নহ’ব।
“আই অ’, গোসাঁনীজনী, মই চোন তোমাক কাহিনীৰ নামত একোৱেই কৈ কষ্ট দিয়া নাই। তোমাৰ শৈশৱত অত্যাচাৰ কৰিবলৈ মাহী–আই এজনী দিয়া নাই, প্ৰেমত কষ্ট পাবলৈ প্ৰতাৰক প্ৰেমিক এজন দিয়া নাই, মাছৰ ফিছা বা মাংসৰ নামত মুৰ্গীৰ মূৰ বা ডিঙি খাবলৈ দিয়া পাতকী শাহুআই এজনী দিয়া নাই। মানুহ এজন দিছোঁ যিয়ে তোমাক মৰম কৰে, সন্মান কৰে। এতিয়া, সৰলভাৱে ঘৰখন চলাই নিবহে লাগে। পাঠকক অনুপ্ৰেৰণা দিব পৰা, পাঠকৰ মনটো ভাল লগাকৈ এৰিব পৰা ধুনীয়া সহজ সৰল গল্প এটা হ’ব লাগে!”
তাই পিছে নাচোৰবন্ধা। বোলে, “কেলেই? মানুহজন মোৰ পচন্দৰ কেলেই হ’ব নোৱাৰে? ভালপোৱা মানুহজনৰ সৈতে সংসাৰখন কৰাৰ সপোন এটা মই কিয় চাব নোৱাৰিম?”
“মানুহজনক ভাল পাবাইতো তুমি!”
“একেলগে থকা কুকুৰ, মেকুৰী, গৰু, ছাগলীকো মানুহে ভালেই পায়! দ্বায়িত্ববোধ আৰু প্ৰেমৰ মাজৰ পাৰ্থক্য বুজি নোপোৱা, কিনো লিখক আপুনি!”
আস্ , নায়িকাৰো কি যে প্ৰেম বিলাসীতা!
“তুমি নায়কৰ ঘৰৰ ৰাণী! তোমাৰ অনুমতি অবিহনে ঘৰখনৰ কোনো এটা কামেই নহয়। তোমাৰ ঘৰ, তোমাৰ ফুলনি, তোমাৰ শাকনি সকলো চোন তোমাৰেই! তুমি মানুহজনৰ ভৱিষ্যতৰ স্ৰষ্টা! আৰু কি লাগে তোমাক?” ক্ৰমান্বয়ে অস্থিৰ হৈ উঠিছোঁ যেন মই। এনেকৈ কেনেকে হ’ব। গল্পবোৰে, চৰিত্ৰবোৰে নিজৰ মইমতালি চলাব বিচাৰিলে গল্পকাৰে কেনেকৈ গল্প লিখিব!
“নহ’ব, ৰুক্মিণী! জেদ নধৰিবা! ধুনীয়াকৈ গাখীৰতে বনোৱা কাঢ়া চাহ একাপ মানুহজনলৈ বাকি আনা! অফিচৰ পৰা আহি তেওঁ জানো তোমাৰ হাতৰ চাহকাপৰ বাবে ৰৈ নাথাকে?”
ৰুক্মিণী গৈ ৰোহঘৰত সোমাল।
“নবনাওঁ মই চাহ! নিজেই বনাই খাওক তেওঁ। মই আজি শুই শুই জোনবাইটো চাম। হয়তো কবিতা এটাও লিখিম!”
“ব্লাডী চেলেন’ফাইল!”
মোৰ চিঞৰতো ৰুক্মিণীয়ে কোনো গুৰুত্ব নিদিলে।
দীঘলকৈ উশাহ এটা লৈ মই অলপ ওলাই গ’লোঁ। চিগাৰেট এটা হুঁপি হুঁপি ৰুক্মিণীক কেনেকৈ মনোৱা যায়, কিছু সময় ভাবি থাকিলোঁ। মই উভতি অহালৈ ৰুক্মিণীৰ মনটো ফৰকাল হ’ল। গান এটাও গুণগুণাই আছিলে হ’বলা।
তাইৰ ফালে চাই মিচিকিয়াই হাঁহিলো।
“কোৱাচোন ৰুক্মিণী, তুমি আচলতে কি বিচাৰিছা?”
“প্ৰথমতে, মোক আপুনি এই ‘ভাল’ টেগটোৰ পৰা মুক্তি দিয়ক! ভাল ছোৱালী, ভাল বোৱাৰী, ভাল ঘৈনীৰ ফান্দবোৰত নুসুমুৱাব মোক। মোক মোৰ মতেই গঢ়ি ল’বলৈ দিয়ক! গান গাবলৈ দিয়ক, নাচিবলৈ দিয়ক, চিঞৰিবলৈ দিয়ক, ভাল পাবলৈ দিয়ক! প্ৰচণ্ডভাৱে কাৰোবাৰ প্ৰেমত পৰিবলৈ দিয়ক! প্ৰেমৰ নামত সকলো বাধা–নিষেধ নেফানেফ কৰিব পৰা শক্তি দিয়ক! নিজক ভাল পাব পৰাকৈ আত্মবিশ্বাস দিয়ক! মোক অধিকাৰ নালাগে, অহংকাৰ দিয়ক!”
একেৰাহে কথাবোৰ কৈ কৈ ৰুক্মিণী কিছু ভাগৰি পৰিছিল। অকণমান ৰৈ তাই বৰ কৰুণভাৱে ক’লে, “মোৰ নামটো ৰুক্মিণী দিব নালাগে।”
“তেন্তে, কি দিম?”
“ৰাধা দিয়ক!”
গল্পটোৱে চুপচাপে ৰুক্মিণীৰ কথাবোৰ শুনি আছিল। আৰু এজনী নায়িকা গ’ল! মূৰটো টিংটিঙাই উঠিল। সহজ সৰল জীৱনটো কাৰো দেখোন পচন্দেই নহয়! সকলোৰে কেৱল ৰাধা হোৱাৰে মন! প্ৰেমেই যেনিবা ভাত মোকলাবহি, লজ্জা নিবাৰণ কৰিব আৰু ঘৰ এটাও সাজি দিব!
না:,এইকো ৰাখিব নোৱাৰি। সৰল ৰুক্মিণীজনী বেমাৰ–আজাৰ হৈ মৃত্যুমুখত পৰিব। পিণ্ডদানৰ সময়ত স্বামীয়ে তাইৰ প্ৰিয় খাদ্যৰ তালিকাখন পাহৰি নাযায় বাৰু। পিছে, তেওঁ দ্বিতীয় পত্নীৰ মুখত ৰুক্মিণীৰ ছৱিখন বিচাৰিবনে?
মই গল্পৰ মুখলৈ চালোঁ। অনবৰতে কেপকেপাই থকা মুখখন বন্ধ হৈ আছে। ৰুক্মিণীৰ নিচিনাকৈ তাৰ কাহিনী শেষেই কৰি পেলাম বুলি ভয় এটা সোমাইছে বোধহয়। তাৰ কেঁৰা চকুক আওকাণ কৰি মই শিৰোনাম এটা ভাবিবলৈ ল’লোঁ। মানে, গল্পটো গল্পকাৰৰ হাততে থাকিব লাগিব।
অনন্য!