মাতৃভাষা বনাম ইংৰাজী: কিছু কথা, কিছু চিন্তা
লেখক- জীতেন কলিতা
অসমৰ স্কুলসমূহত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান শিক্ষা প্ৰদানক লৈ আৰম্ভ হোৱা বিতৰ্কৰ অদূৰ ভৱিষ্যতে যে অন্ত পৰিব, তাক খাটাংকৈ কোৱাটো টান। ইলেক্ট্ৰনিক মাধ্যমত সামান্য শাম কটা যেন লাগিলেও সামাজিক মাধ্যম আৰু স্থানীয় বাতৰি কাকতসমূহৰ পৃষ্ঠাত ইয়াৰ অনুৰণন এতিয়াও বাৰুকৈয়ে অনুভূত হয়। বিভিন্নজনে ইয়াৰ সপক্ষে আৰু বিপক্ষে ভিন্ন ভিন্ন মত পোষণ কৰি ৰাইজৰ লগতে এই অভাজনকো সদায়ে নতুন নতুন চিন্তাৰ খোৰাক যোগায়ে আছে। মোৰ মতে ই অতি শুভ লক্ষণ, কাৰণ সততে এলাগী হৈ থকা আমাৰ ‘‘চিৰ চেনেহী মোৰ ভাষা জননী’’য়ে অলপ সময়ৰ বাবে হ’লেও অসমত সৰ্বসাধাৰণৰ সন্মুখত ভূমুকি মাৰিবলৈ অকণমান সুৰুঙা পাইছে। ইয়াৰ মাজতেই কেইদিনমান আগতে আমেৰিকা নিবাসী এগৰাকী অসমীয়া বান্ধৱীয়ে যোৱা ১৭ আগষ্টৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত মোৰ “ইংৰাজীত গণিত আৰু বিজ্ঞান শিক্ষা’’ শীৰ্ষক প্ৰবন্ধটোৰ আঁত ধৰি মোলৈ প্ৰায় ১৩ মিনিট জোৰা এটা ভইচ মেইল প্ৰেৰণ কৰিছিল। অসমীয়া মাধ্যমত স্কুলীয়া শিক্ষা লাভ কৰা বান্ধৱী বৰ্তমান আমেৰিকাৰ নাগৰিক আৰু এটা বহুজাতিক কোম্পানীৰ দায়িত্বশীল উচ্চপদস্থ বিষয়া। তিনি দশকৰো অধিক কাল আমেৰিকাত বসবাস কৰা সত্ত্বেও হাড়ে–হিমজুৱে কিন্তু তেওঁ এতিয়াও অসমীয়া হৈয়েই আছে। তেওঁৰ সাৰুৱা কথাকেইষাৰে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইংৰাজী ভাষাশিক্ষাই মাতৃভাষাক কিদৰে প্ৰভাবিত কৰিছে, তাক এক নতুন দৃষ্টিভংগীৰে চাবলৈ সুযোগ প্ৰদান কৰিলে।
মোৰ প্ৰবন্ধটোৰ সৈতে সম্পূৰ্ণ সহমত প্ৰকাশ কৰি তেওঁ ব্যক্ত কৰিছিল যে, ইংৰাজীতে শিকালেই যে ল’ৰা–ছোৱালীবোৰে গণিত আৰু বিজ্ঞান বেছি ভালকৈ বুজি পোৱা হৈ যাব, সেই ধাৰণাটোৰ কোনো ভিত্তি নাই। যদি কোনোবাই সঁচাকৈয়ে ভাষা এটা ভালকৈ জানে, তেতিয়া হ’লে তেওঁ গণিত আৰু বিজ্ঞান সেইটো ভাষাত শিকিলেই হ’ল; লাগিলে সি ইংৰাজীয়ে হওক বা অসমীয়া। শিক্ষক এজনৰ অসমীয়া আৰু ইংৰাজী, দুয়োটা ভাষাতে দখল নাথাকিলে আৰু আমাৰ ল’ৰা–ছোৱালীখিনিয়ে দুয়োটা ভাষা ভালকৈ নাজানিলে, ইংৰাজীতে গণিত পঢ়িবলৈ যোৱাটো যুক্তিহীন কথা। তেনেক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পাছত গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়িলেই কিবা লাভ হ’ব বা ইংৰাজীত নপঢ়িলেই লাভ নহ’ব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। তেওঁ অতি বিনম্ৰভাৱে জনাইছিল যে, যিহেতু তেওঁ শিক্ষা জগতৰ সৈতে জড়িত নহয়, সেয়েহে অসমত গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা ইংৰাজীতে হ’ব নালাগে বুলি কোৱাৰ ধৃষ্টতা বা অধিকাৰ তেওঁৰ নাই। তথাপি সুদীৰ্ঘ সময়ৰ পাছত চৰকাৰৰ সিদ্ধান্তৰ ফলাফলনো কি হয় তাক জানিবলৈ তেওঁ অতি আগ্ৰহেৰে বাট চাই ৰ’ব।
যোৱা দুই তিনি দশকত অসমৰ চৌদিশে কাঠফুলাৰ দৰে ছানি ধৰা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুল বিলাকৰ ক্ৰমবিকাশলৈ লক্ষ্য কৰিলে স্পষ্টকৈ ওলাই পৰে যে, অসমীয়া ভাষাটোৰ প্ৰতি তেওঁলোক একেবাৰেই উৎসাহী নহয়। আমাৰ স্কুলীয়া কালতো (আঙুলিৰ মূৰত লেখিব পৰা) কনভেণ্ট স্কুলবিলাকত পঢ়া ল’ৰা–ছোৱালীবিলাকে অসমীয়া ভালকৈ নাজানিছিল। অসমৰ লগতে আন প্ৰদেশৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলৰ ছাত্ৰ–ছাত্ৰীসকলক পৰ্যবেক্ষণ কৰিলে এনে অনুভৱ হয় যে, অসমৰ ল’ৰা–ছোৱালীহঁতৰ তুলনাত আন ৰাজ্যৰ ছাত্ৰ–ছাত্ৰীসকলৰ নিজৰ মাতৃভাষাৰ ওপৰত দখল যথেষ্ট বেছি। বোধকৰোঁ সেই স্কুলবিলাকত স্থানীয় ভাষাকো বিশেষ গুৰুত্ব দিয়া হয়, নতুবা ইয়াৰ আঁৰত আছে তেওঁলোকৰ পিতৃ–মাতৃৰ ব্যক্তিগত উদ্যম। মোৰ বহু অনা–অসমীয়া বন্ধু–বান্ধৱীৰ ল’ৰা–ছোৱালীক দিল্লী, মুম্বাই, বেঙ্গালুৰু আদি ঠাইৰ দামী দামী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলত পঢ়া দেখা পাইছোঁ। দিল্লীত পঢ়াসকলৰ হিন্দীভাষাত পটুতাৰ কথা এই আলোচনাৰ আওতালৈ অনাটো বোধকৰোঁ সমীচীন নহ’ব কাৰণ হিন্দীক বহুতে ৰাষ্ট্ৰীয় ভাষা বুলিয়ে কয়। কিন্তু বাকী ৰাজ্যসমূহত অধ্যয়নৰত সকলেও নিজৰ ভাষাটো খুব ভালকৈ জানে। সিহঁতে নিজৰ ভাষাত গান গায়, কবিতা লিখে, আবৃত্তি কৰে। তাৰ বিপৰীতে আমাৰবিলাকে আকৌ নিজৰ ভাষাটো নাজানো বুলি গৌৰৱহে অনুভৱ কৰে। ই অতি আচৰিত কথা নহয়নে?
আজিকালি ইংৰাজী ভাষাক দিয়া গুৰুত্বৰ কাৰণে ভাৰতত থলুৱা ভাষাবিলাকৰ গুৰুত্বটো অলপ কমি যোৱা যেন অনুমান হয়। প্ৰায় দেৰকুৰি বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাই মোক দেশে–বিদেশে সম মেধাসম্পন্ন আৰু একেই আৰ্থ–সামাজিক পটভূমিৰ বহুতো অনা–অসমীয়া ভাৰতীয় মূলৰ ল’ৰা–ছোৱালীক অতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাৰ সুযোগ দিছে। এওঁলোকক দেখি–শুনি মোৰ এনে লাগে, যেন অসমীয়া ল’ৰা–ছোৱালীয়ে নিজৰ মাতৃভাষাটোক আনবিলাকতকৈ কমকৈ গুৰুত্ব দিয়ে। আজিকালি বহুতো অসমীয়াই আকৌ অসমীয়া পঢ়িব আৰু লিখিব নাজানো বুলি কৈ উচাত্মীকাবোধতহে ভোগে। মোৰ বান্ধবীৰ ভনীজোঁৱায়েক অসমৰে এজন বঙালী ভদ্ৰলোক। তেওঁলোকৰ ল’ৰাটোৱে গুৱাহাটীৰে এখন ইংৰাজী মাধ্যমৰ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰ স্কুলখনতো অসমীয়া বিষয়টো ভালকৈ শিকোৱা হোৱা নাছিল। যেতিয়া সিহঁত কলিকতাৰ আত্মীয়ৰ ঘৰলৈ যায়, তাত সি লক্ষ্য কৰে যে অকল তেওঁলোকৰ ল’ৰা–ছোৱালীবিলাকেই নহয়, সিহঁতৰ লগৰ আন অবঙালী বন্ধু–বান্ধবীয়েও বাংলা ভাষাতেই কথা পাতে। এইবিলাক কথা সি খুব উৎসাহেৰে জেঠায়েকৰ আগত বৰ্ণনা কৰে। প্ৰত্যুত্তৰত তেওঁ এবাৰ ভাগিনীয়েকক ক’লে যে, “তহঁতেহে নাপাত। তহঁতেও লগৰ বিলাকৰ লগত অসমীয়াতে কথা পাতিবিচোন। অসমত থকা সকলো মানুহেই অসমীয়া জনা উচিত। ’’ তেতিয়াৰে পৰা সি গুৱাহাটীত অসমীয়া, অনা–অসমীয়া নিৰ্বিশেষে লগৰ সকলো ল’ৰা–ছোৱালীৰ সৈতে কেৱল অসমীয়াতহে কথা পতা আৰম্ভ কৰিলে। এনে ধৰণৰ মানসিকতা পিছে আজিকালি অসমীয়াসকলৰ মাজত এপাঁচি শাকত এটা জালুকৰ লেখীয়া হৈছেগৈ।
যোৱা শতিকাৰ পঞ্চাশ–ষাঠিৰ দশকত অসমত ইংৰাজী মাধ্যমৰ স্কুল বেছি নাছিল বুলিয়েই ক’ব পাৰি। তৎসত্ত্বেও সেই সময়ত হাইস্কুলৰ দেওনা পাৰ হোৱা সকলোৱেই খুব সুন্দৰকৈ ইংৰাজী লিখিব পাৰিছিল। বেছিভাগেই আমি এতিয়া যেনেধৰণৰ ইংৰাজী লিখোঁ, তাতকৈও ভাল ইংৰাজী লিখিছিল। লেখক এনে বহু ব্যক্তিৰ বিষয়ে অৱগত, যিসকলৰ ঘৰুৱা অসুবিধাৰ বাবে হাইস্কুলীয়া শিক্ষা সাং কৰিব নোৱৰা সত্ত্বেও ইংৰাজী ভাষাত অগাধ বুৎপত্তি আছিল। ইয়ে নিশ্চয়কৈ এইটোৱেই সূচায় যে সেই সময়ৰ শিক্ষকসকল আজিৰ শিক্ষকসকলকৈ বহুগুণে বেছি নিষ্ঠাৱান আছিল। মোৰ আগৰ লেখাটোত পূৱ–ইউৰোপৰ দেশবিলাকত ইংৰাজী বিষয়ৰ শিক্ষা তথা শেহতীয়াভাৱে তাৰ ল’ৰা–ছোৱালীখিনিৰ ভাষাটোৰ ওপৰত দখলৰ কথা লিখিছিলোঁ। ইউৰোপৰ বিভিন্ন দেশ আৰু আমেৰিকাৰ অভিজ্ঞতাৰ পৰা অনুভৱ কৰিছোঁ যে, তাৰ লোকসকলৰ মাতৃভাষাৰ বাহিৰে আন বিদেশী ভাষা শিকাৰ যি আগ্ৰহ আৰু উদ্যম, সেয়া আমাৰ ল’ৰা–ছোৱালীহঁতৰ মাজত খুব কমেইহে দেখা যায়। সেইবিলাক দেশত নতুন ভাষা এটা শিকিবলৈ মন কৰা সকলে যথেষ্ট একাগ্ৰতাৰে পঢ়া–শুনা কৰে আৰু ভাষাটো অতি সুন্দৰভাবে আয়ত্ত কৰিবলৈ সক্ষম হয়। এই প্ৰসংগত বান্ধৱীৰ আৰু এটা কথাই মোক যথেষ্ট উৎসাহিত আৰু আপ্লুত কৰিছিল। তেওঁ জানিবলৈ দিছিল যে, তেওঁ এনে বহু আমেৰিকান লগ পাইছে যিসকলে এতিয়া অসম সম্বন্ধে গৱেষণা কৰি আছে। তেওঁৰ চিনাকি শ্বেতাংগ আমেৰিকান কেইজনমানে অসমীয়া ভাষাটো কেৱল যে লিখিব বা পঢ়িবলৈয়ে শিকিছে এনে নহয়, তেওঁলোকে অসমীয়া ভাষাটো একেবাৰে আমাৰ দৰে সলসলীয়াকৈ ক’বও পাৰে। তাৰ বিপৰীতে আমাৰ ল’ৰা–ছোৱালীখিনিৰ ইংৰাজীয়েই নহয়, নিজৰ ভাষাটো শিকাৰ প্ৰতিও যেন আগ্ৰহ নোহোৱা হৈ গৈছে। মধ্যবিত্ত শ্ৰেণীৰ চাকৰিমুখী প্ৰৱণতাৰ বলি হৈ আজিৰ অসমীয়া যুৱচামে নিজৰ ভাষাটোক ভাল পাব শিকিবলৈ বা ইয়াৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ অৱকাশ নোপোৱা হৈছে।
এইখিনিতে আমেৰিকাত বসবাস কৰা (বা অধ্যয়নৰত) চীনা মূলৰ লোকসকলৰ ইংৰাজী কথন সম্পৰ্কে কিছু আলোকপাত কৰা যাওক। ২০০২ চনত মই যেতিয়া অধ্যাপনা কৰিবলৈ গৈ প্ৰথমবাৰৰ বাবে আমেৰিকাত পদাৰ্পণ কৰিছিলোঁ, বজাৰ সমাৰত লগ পোৱা (প্ৰথম প্ৰজন্মৰ প্ৰব্ৰজনকাৰী) বেছিভাগ চীনামূলৰ লোকে ইংৰাজী ক’বলৈ গৈ আকাৰে ইংগিতেৰেহে কাম চলোৱা দেখা গৈছিল। বিশ্ববিদ্যালয়ত দুজনমান চীনা সহকৰ্মীৰ ইংৰাজী উচ্চাৰণৰ পাঠোদ্ধাৰ কৰাটো মোৰ বাবে একপ্ৰকাৰ যুদ্ধ জয়ৰ নিচিনা আছিল। চীনা গ্ৰেজুৱেট ছাত্ৰবিলাকৰ ইংৰাজীৰ প্ৰয়োগ আৰু উচ্চাৰণ দেখি–শুনি মই তবধ মানিছিলোঁ কাৰণ সেইবোৰ আছিল এপাচি ভুলেৰে ভৰা। এই ছেগতে ২০০৪ চনত চীন দেশত অনুষ্ঠিত হোৱা এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত ঘটা এটা আমোদজনক অভিজ্ঞতাৰ কথা ক’বলৈ ওলাইছোঁ। কেইগৰাকীমান চীনা গৱেষক–অধ্যাপকৰ সৈতে লেখকে আলোচনা আৰম্ভ কৰাৰ অলপ পাছতেই ইংৰাজী উচ্চাৰণৰ পাকচক্ৰত তেওঁলোকৰ মুখৰে ফেন ওলাবলৈ আৰম্ভ কৰিলে। এই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কথা ক’বলৈ এৰি উকা কাগজত ইংৰাজীতে বক্তব্য লিখি মত বিনিময় কৰিবলৈ বাধ্য হৈছিল। কিন্তু বৰ্তমান সময়ত চীন দেশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ–ছাত্ৰীখিনিয়ে আৰম্ভণিতেই যথেষ্ট ভালকৈ ইংৰাজী শিকি আহে। অথচ তাৰ পূৰ্ববৰ্তী শিক্ষাখিনি তেওঁলোকে চীনা ভাষাতেই গ্ৰহণ কৰি অহা। চাবলৈ গ’লে অসমীয়া আৰু ইংৰাজী ভাষাৰ কিছুমান (যদিও সামান্যতকৈও সামান্যতম) শব্দৰ মিল থাকিলেও চীনা আৰু ইংৰাজী ভাষাৰ মাজত সেইখিনিও পাবলৈ নাই। তৎসত্ত্বেও নিজৰ ভাষাৰ উপৰিও ইংৰাজী ভাষাটো যে তেওঁলোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছে তাৰবাবে তেওঁলোক সঁচাকৈয়ে শলাগৰ পাত্ৰ।
আমেৰিকাৰ বিশ্ববিদ্যালয়ত অতিবাহিত কৰা সময়ছোৱাত তাৰ স্থানীয় (ইংৰাজীভাষী) সহকৰ্মী তথা ছাত্ৰ–ছাত্ৰীৰ আমাৰ নিচিনা আনদেশৰ পৰা তালৈ পঢ়িবলৈ অহা ছাত্ৰ–ছাত্ৰীখিনিৰ প্ৰতি এটা বিশেষ কৌতূহল আছিল। মোৰ বান্ধৱীয়ো ইয়াৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত একেই অভিজ্ঞতাৰ সন্মুখীন হৈছিল। সেয়া হৈছে, আমাৰ নিচিনা দ্বিভাষিক (bilingual) বোৰে ইংৰাজীতে কোনো ভাব প্ৰকাশ কৰিবলৈ হ’লে তাৎক্ষণিকভাৱে নিজৰ ভাষাত ভাবো নে চিধা–চিধি ইংৰাজীতেই ভাবো? এই অভাজনেও খুব সম্ভৱ প্ৰাক্–বিশ্ববিদ্যালয় পৰ্যন্ত, যেতিয়ালৈকে ইংৰাজী ভাষাত ভাব প্ৰকাশৰ সম্পূৰ্ণ পৰিপক্বতা অহা নাছিল, প্ৰথমতে অসমীয়াতে ভাবি লৈহে তাৰ ইংৰাজী তৰ্জমা কৰিছিলোঁ। এতিয়া পিছে মোৰ মগজুটো এনেভাবে অভ্যস্ত হৈ গৈছে যে, যেতিয়া ইংৰাজীতে বাৰ্তালাপ কৰোঁ, ইংৰাজীতে ভাবো আৰু অসমীয়াত কথা ক’লে অসমীয়াত। মোৰ বোধেৰে অসমীয়া মাধ্যমত স্কুলীয়া শিক্ষা লাভ কৰা যিসকলে পিছলৈ কৰ্মক্ষেত্ৰত ইংৰাজী মাধ্যমৰ বাতাবৰণত কাম কৰিবলগীয়া হয়, তেওঁলোকৰো ইংৰাজী অথবা অসমীয়া কওঁতে ভাবৰ তৰংগ বিলাক সেইটো ক্ৰমতেই অহা–যোৱা কৰে। কিছুমান বিষয় তৎক্ষণাৎ অসমীয়াত আলোচনা কৰিবলৈ অসুবিধা হয়, হয়তো বাক্যত ব্যৱহৃত দুই–এটা শব্দত অতিৰিক্তভাবে জোৰ দিবলগীয়া হয়। আনহাতে আন কিছুমান কথা আকৌ অসমীয়াৰ বাদে ইংৰাজীত ওলায়েই নাহে। দ্বিভাষিক লোকসকলক লৈ ইতিমধ্যেই পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত বহুতো তত্ত্বগধুৰ গৱেষণা আৰম্ভ হৈছে। আগ্ৰহী পাঠকসকলে মন কৰিলে এই বিষয়ৰ ওপৰত ইণ্টাৰনেটত উপলব্ধ ভিন্নস্বাদৰ বহুতো আকৰ্ষণীয় প’ডকাষ্টো (podcast) খুচৰি চাব পাৰে। ইয়াৰ ভিতৰত অন্যতম হ’ল শঙ্কৰ বেদান্তমৰ ‘‘Hidden Brain’’ শীৰ্ষক প’ডকাষ্টটো।
যিহেতু শিক্ষণৰ মূল ভেটিটো ভাব বিনিময়ৰ ওপৰতেই প্ৰতিষ্ঠিত, এই মুহূৰ্তত এটা চিন্তাই মোক বাৰে বাৰে আমনি কৰিছেহি, যাক লৈ মোৰ বান্ধৱীও যথেষ্ট উদ্বিগ্ন। নতুন ব্যৱস্থাৰ অধীনত অসমৰ স্কুলসমূহত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান শিক্ষা প্ৰদান আৰম্ভ হ’লে আগৰ সেই একে কেইগৰাকী শিক্ষকেই বিষয়কেইটা পঢ়ুৱাব। তেওঁলোকৰ ইংৰাজীৰ মানদণ্ড যদি মোৰ পূৰ্বৰ প্ৰবন্ধত উল্লিখিত বিশ্ববিদ্যালয়ৰ গণিতৰ তত্ত্বাৱধায়ক গৰাকীৰ দৰেই হয়, তেতিয়া হ’লে সঁচাকৈয়ে ই এক চিন্তনীয় বিষয়। তেওঁলোকৰ যদি ইংৰাজীতে মনৰ ভাব শুদ্ধকৈ প্ৰকাশ কৰাৰ ক্ষমতাই নাথাকে, ছাত্ৰ–ছাত্ৰীক ইংৰাজীতে গণিত আৰু বিজ্ঞান পঢ়ুৱাবলৈ গৈ এখন ভেকো–ভাওনাৰহে সৃষ্টি হ’ব। পৃথিৱীৰ সৰহসংখ্যক মহান দাৰ্শনিক, চিন্তাবিদ আৰু বৈজ্ঞানিকে তেওঁলোকৰ মনৰ ভাব / আৱিষ্কাৰসমূহ পোনপ্ৰথমে নিজৰ মাতৃভাষাৰ মাধ্যমেৰেই আনসকলৰ আগত দাঙি ধৰিছিল। সেয়া যদি তেখেতসকলে আমাৰ আগত শুদ্ধকৈ প্ৰকাশ/পৰিৱেশন কৰিব নোৱাৰিলেহেঁতেন, তাক হৃদয়ঙ্গম কৰাটো আমাৰ বাবে প্ৰায় অসম্ভৱ হ’লহেঁতেন আৰু কাজেই তাৰ প্ৰয়োগেৰে সৰ্বসাধাৰণ উপকৃত হোৱাৰ পৰাও বঞ্চিত হ’লহেঁতেন। শিক্ষকসকলৰ ক্ষেত্ৰতো এই একে কথাখিনিয়ে প্ৰযোজ্য। তদুপৰি এটা কথা সকলোৱে মনত ৰখা উচিত যে গণিত আৰু বিজ্ঞানৰ এক নিজস্ব ভাষা আছে, যি আন বিষয়ৰ ভাষাতকৈ পৃথক। সেই ভাষাৰে গণিত আৰু বিজ্ঞানৰ অন্তৰ্নিহিত ভাববোৰ ছাত্ৰ–ছাত্ৰীলৈ নিৰ্ভুলভাৱে প্ৰেৰণ কৰাটো শিক্ষক এজনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এই দিশটোৰ ওপৰত অগ্ৰাধিকাৰ নিদিলে গণিত–বিজ্ঞান শিক্ষাৰ মাধ্যমৰ ওপৰত আমাৰ চিঞৰ–বাখৰবোৰ অৰণ্যৰোদনলৈহে যে পৰ্যবসিত হ’ব, সি ধুৰুপ।